অৰ্থনৈতিক উন্নয়ন । অধ্যায় ২ । Class 10 Social Science Economic Lesson 2 Question and Answer Assam | SEBA Class 10 Social Science Economic Chapter 2 Solution | দশম মান শ্ৰেণীৰ সমজ বিজ্ঞান তৃতীয় খণ্ড অধ্যায় ২ অৰ্থনৈতিক উন্নয়ন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

অৰ্থনৈতিক উন্নয়ন

অনুশীলনী

অতি চমু উত্তৰৰ প্রশ্ন :

১ । ব্যাখ্যা কৰা (এটা বাক্যত)

(ক) অর্থনৈতিক বিকাশ
উত্তৰঃ অৰ্থনৈতিক বিকাশ হ’ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি। এটা বিত্তিয় বছৰত (অৰ্থাৎ এপ্ৰিলৰপৰা ৩১ মাৰ্চলৈ) দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ সা-সামগ্ৰীৰ মুদ্ৰাগত মূল্য়ই হ’ল জাতীয় আয়।

(খ) অর্থনৈতিক উন্নয়ন
উত্তৰঃ অৰ্থনৈতিক উন্নয়ন হৈছে এটা গুণগত ধাৰণা যিটো অৰ্থনৈতিক বিকাশ আৰু দেশৰ প্ৰাকৃতিক সম্পদ উপযুক্ত ব্য়ৱস্থাৰ পৰিৱৰ্তন কৰি জীৱন ধাৰণৰ উন্নত কৰাকে অৰ্থনৈতিক উন্নয়ন বোলে।

(গ) মানৱ উন্নয়ন
উত্তৰঃ মানৱ উন্নয়ন হৈছে মানৱ উন্নয়নৰ ধাৰণাটোৱে সামূহিক পছন্দৰ বিস্তাৰ সাধনৰ ওপৰত গুৰুত্ৱ আৰোপ কৰে। এই সমষ্টিগত অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দসমূহে সামৰি লয়।

(ঘ) অর্থনৈতিক পৰিকল্পনা
উত্তৰঃ অৰ্থনৈতিক পৰিকল্পনা হৈছে নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্য়ত উপনীত হোৱাৰ উদ্দেশ্য় এক কেন্দীয় কৰ্তৃপক্ষৰ দ্ৱাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদৰ্শনেই হ’ল অৰ্থনৈতিক পৰিকল্পনা।

(ঙ) গণতান্ত্রিক পৰিকল্পনা
উত্তৰঃ গণতান্ত্ৰিক পৰিকল্পনা হ’ল যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাই হ’ল গণতান্ত্ৰিক পৰিকল্পনা।

(চ) উদাৰীকৰণ
উত্তৰঃ উদাৰীকৰণ হৈছে দেশৰ আৰ্থিক ব্য়ৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ’ল উদাৰীকৰণ।

( ছ ) ব্যক্তিগতকৰণ
উত্তৰঃ ব্য়ক্তিগতকৰণ হ’ল চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্য়ৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ’ল ব্য়ক্তিগতকৰণ।

(জ) গােলকীকৰণ বা বিশ্বায়ন
উত্তৰঃগোলকীকৰণ বা বিশ্ৱায়ন হৈছে দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্ৱৰ অন্য়ান্য় দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হ’ল গোলকীকৰণ বা বিশ্ৱায়ন।

চমু উত্তৰৰ প্রশ্ন :

২। অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য উল্লেখ কৰা ।

উত্তৰঃ অৰ্থনৈতিক বিকাশ আৰু মানৱ উন্নয়নৰ মাজত পাৰ্থক্য় হ’ল–
(ক) অৰ্থনৈতিক বিকাশে কেৱল মাত্ৰ এটা পছন্দৰ উল্লেখ কৰিছে আৰু সেইটো হৈছে আয় কিন্তু মানৱ উন্নয়নৰ ধাৰণাটোৱে সামূহিক পছন্দৰ বিস্তাৰ সাধনৰ ওপৰত গুৰুত্ৱ আৰোপ কৰিছে। এই সমষ্টিগত পছন্দই অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দ সামৰি লাছে।
(খ) অৰ্থনৈতিক বিকাশ কোনো প্ৰতিষ্ঠানিক পৰিৱৰ্তনৰ সৈতে জড়িত নহয়।কিন্তু অৰ্থনৈতিক উন্নয়নৰ শিক্ষা, স্ৱাস্থ্য়, বেংক ব্য়ৱস্থা ভুমিৰ ভোগ- দখল আদিত হোৱা পৰিৱৰ্তন ইয়াৰ অংশ বিশেষ।

৩। মানৱ উন্নয়নৰ তিনিটা সূচক কি কি ?

উত্তৰঃ মানৱ উন্নয়নৰ সূচক তিনিটা হ’ল–
(ক) প্ৰত্য়াশিত আয়ুস,
(খ) শিক্ষা বা সাক্ষৰতা,
(গ) জীৱন ধাৰণৰ মানদণ্ড।

8। সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা ?

উত্তৰঃ বাস্তৱিকততে মানৱ উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ সাধন হোৱাটো বুজায়। বিভিন্ন ব্য়ক্তিৰ পছন্দ-অপছন্দ অথবা ভাল-বেয়াৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ সামুহিক পছন্দ নিৰ্ণয় কৰে। জনসাধাৰণৰ পছন্দ হৈছে মানৱ উন্নয়নৰ মধ্য়বিন্দু। এই সমষ্টিগত পছন্দই অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দ সামৰি লয়। জনসাধাৰণৰ সমষ্টিগত পছন্দক তিনিটা কৰকে প্ৰভাৱাম্ৱিত কৰে। সেইকেইটা হৈছে–
(ক) প্ৰত্য়াশিত আয়ুস
(খ) শিক্ষা আৰু
(গ) জীৱন-যাত্ৰাৰ

৫। ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা ।

উত্তৰঃ ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য় উল্লেখ হৈছে–
(ক) অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি কৰা।
(খ) নিয়োগৰ সা-সুবিধা বৃদ্ধি কৰা।
(গ) দৰিদ্ৰতা নিৰ্মূল কৰা।
(ঘ) আঞ্চলিক বৈষম্য় আঁতৰ কৰা।
(ঙ) আৰ্থ-সামাজিক বৈষম্য় দূৰ কৰা।
(চ) পৰিৱেশ অনিষ্ট সাধন নকৰাকৈ বহনক্ষম অৰ্থনৈতিক উন্নয়ন সুনিশ্চিত কৰা।

৬। NITI আয়ােগৰ সদস্যসকল কোন কোন ?

উত্তৰঃ NITI আয়োগৰ সদস্য়সকল হ’ল–
(ক) অধ্য়ক্ষ হিচাপে আছে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী।
(খ) প্ৰধানমন্ত্ৰীৰ দ্ৱাৰা নিযুক্ত এজন উপাধ্য়ক্ষ।
(গ) নিজৰ নিজৰ ক্ষেত্ৰত দক্ষতাসম্পন্ন তিনিগৰাকী পূৰ্ণকালীন সদস্য়।
(ঘ) দুগৰাকী অংশকালীন সদস্য়।
(ঙ) পদেন সদস্য় হিচাপে নিযুক্তি সৰ্বোচ্চ চাৰিজন কেন্দ্ৰীয় মন্ত্ৰী।
(চ) মুখ্য় কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি এজন ভাৰতীয় প্ৰশাসনিক বিষয়া।
(ছ) পৰিচালনা পৰিষদৰ সদস্য় হিচাপে ৰাজ্য়সমূহৰ মুখ্য়মন্ত্ৰীসকলৰ লগতে কেন্দীয় শাসিত অঞ্চলৰ উপ – ৰাজ্য়পালসকল।

দীঘল উত্তৰৰ প্ৰশ্নঃ

৭। ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্রথমছােৱা ( ১৯৫১-১৯৯১ ) আৰু দ্বিতীয়ছােৱা ( ১৯৯১ ৰপৰা । বর্তমানলৈ ) ৰ মাজত থকা এটা মূল পার্থক্য ব্যাখ্যা কৰা ।

উত্তৰঃ ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ ব্য়াখ্য়া দুটা ভাগত আগবঢ়াব পাৰিঃ প্ৰথমছোৱা ১৯৫০-৫১ চনৰপৰা ১৯৯০-৯১ চনলৈ আৰু দ্ৱিতীয়তে ১৯৯১-৯১ চনৰপৰা বৰ্তমানলৈ।
১৯৫০-৫১ চনৰপৰা ১৯৯০-৯১ চনৰ সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ গুৰিবঠা ধৰিছিল ৰাজহুৱা খণ্ডই; ব্য়ক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ। উল্লেখযোগ্য় যে গুৰিৰেপৰা ভাৰতবৰ্ষৰ আৰ্থিক ব্য়ৱস্থা হৈছে মিশ্ৰিত আৰ্থিক ব্য়ৱস্থা। যি আৰ্থিক ব্য়ৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্য়ক্তিগত খণ্ডৰ সহাৱস্থান হয়, সেই আৰ্থিক ব্য়ৱস্থাই হ’ল মিশ্ৰিত আৰ্থিক ব্য়ৱস্থা। স্ৱাভাৱিকতেই অৰ্থনৈতিক উন্নয়নত ৰাষ্ট্ৰৰ ভূমিকাই প্ৰাধান্য় লাভ কৰিছিল।
এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ মূল লক্ষ্য়সমূহ হৈছেঃ
(ক) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰি তোলা,
(খ) আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা,
(গ) আধুনিক প্ৰযুক্তিবিদ্য়া প্ৰয়োগৰ ওপৰত গুৰুত্ৱ প্ৰদান কৰা আৰু
(ঘ) সৈমৈজিক ন্য়ায় প্ৰতিষ্ঠা কৰা।
ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ দ্ৱিতীয়ছোৱাই ১৯৯১-৯২ চনৰপৰা বৰ্তমানলৈ সামৰি লৈছে। এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ এক গুৰুত্ৱপূৰ্ণ পৰিৱৰ্তন সাধিত হ’ল। উদাৰীকৰণ, ব্য়ক্তিগতকৰণ আৰু গোলকীকৰণ বা বিশ্ৱায়নৰ গুৰুত্ৱ বৃদ্ধি পালে আৰু ৰাজহুৱা খণ্ডৰ গুৰুত্ৱ হ্ৰাস পালে।

৮। ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্রৱর্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা ।

উত্তৰঃ ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্য়াখ্য়া হৈছে–
(ক) বিত্তীয় ঘাটিঃ চৰকাৰী ব্য়য় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হোৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। ৰাজহুৱা খণ্ডৰ উদ্য়োগসমূহত চৰকাৰী বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্য়োগে লোকচান ভৰিবলগীয়া হৈছিল।
(খ) মুদ্ৰাস্ফীতিঃ প্ৰধানকৈ সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মুদ্ৰাস্ফীতি বা সা- সামগ্ৰীৰ নেৰানেপেৰা মূল্য়বৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক বাৰুকৈয়ে জুৰুলা কৰিছিল।
(গ) পৰিশোধেয় ধনৰ ভাৰসাম্য়তাঃ ১৯৯০- ৯১ চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্য়ৰ ছবিখন ভয়াৱহ হৈ পৰিছিল। নিম্নগামী ভাৰতীয় অৰ্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। আনহাতে, ভাৰতীয় অৰ্থনীতিৰপৰা মূলধনৰ বহিৰ্গমণ হৈছিল। ফলস্ৱৰূপে ভাৰতবৰ্ষৰ বৈদেশিক বৈণিজ্য়ৰ ঘাটিৰ পৰিমাণ উদ্ৱেগজনক হৈ পৰিছিল

৯। অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা ।

উত্তৰঃ অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ হ’ল-
(ক) অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধিঃ অৰ্থনৈতিক সংস্কাৰৰ প্ৰৱৰ্তনৰ পূৰ্ব ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ বাৰ্ষিক হাৰ আছিল ৩.৫ শতাংশ। কিন্তু নতুন সংস্কাৰৰ প্ৰৱৰ্তনৰ পিছত অৰ্থনৈতিক বাৰ্ষিক উন্নয়নৰ হাৰ ২০০৫-২০০৮ বৰ্ষত ৯.৫শতাংশ, ৯.৭শতাংশ, আৰু ৯.২শতাংশ। আৰু ২০০৯-২০১৪ বৰ্ষত প্ৰায় ৭.২ শতাংশলৈ বৃদ্ধি হয়।
(খ) পাইকাৰি মূল্য়সূচী পূৰ্বৰ তুলনাত হ্ৰাসঃ পাইকাৰি মূল্য়সূচী পূৰিবৰ তুলনাত হ্ৰাস হৈছে। অৱশ্য়ে খুচুৰা মূল্য়সূচী সেই একে হাৰত কমি অহা নাই।
(গ) বৈদেশিক বিনিময়যোগ্য় মুদ্ৰাৰ পৰিমাণ বৃদ্ধিঃ ভাৰতবৰ্ষৰ কেন্দীয় বেংক ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য় মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে। ভাৰতত ১৯৯০-৯১ বৰ্ষত ৰিজাৰ্ভ বেংকত জমা থকা বৈদেশিক বিনিময়যোগ্য় মুদ্ৰাৰ পৰিমাণ তেনেই কম যাৰ দ্ৱৰা কেৱল ১৫ দিনৰ আমদানি কাৰ্যহে সম্পাদন কৰা সম্ভৱ আছিল। কিন্তু ২০১৫ চনৰ মাৰ্চত এই পৰিমাণ বৃদ্ধি হৈ ৩২৮.৭ বিনিয়ন ডলাৰ হৈছে, যিয়ে পৰৱৰ্তী ৭ মাহৰ আমদানিৰ মূল্য় সামৰি লৈছে।

১০। অর্থনৈতিক সংস্কাৰ প্রৱর্তনৰ ফলত সৃষ্টি হােৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা ।

উত্তৰঃঅৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্য়াখ্য়া হৈছেঃ
(ক) সীমিত ক্ৰয় ক্ষমতাঃ এই সংস্কাৰ নীতিয়ে প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা দুয়োটাই বৃদ্ধি কৰিছে। বিভিন্ন ধৰণৰ সা-সামগ্ৰী বজাৰলৈ আহিব ধৰিছে।এই প্ৰতিযোগিতাৰ সুস্থ হ’ব লাগিলে জনসাধাৰণৰ ক্ৰয় ক্ষমতাৰ পৰিমান বৃদ্ধি হ’ব লাগিব।
(খ) অত্য়াধিক ভোগবাদী আসক্তঃ পণ্য়ৰ প্ৰতি অত্য়াধিক আসক্তিয়ে ভোগবাদী অৰ্থনীতিৰ সৃষ্টি কৰিলে সি নৈতিকতাৰ প্ৰতি এক ভাবুকি হ’ব পাৰে।
(গ) গোলকীকৰণ ব্য়ৱস্থাপনাঃ গোলকীকৰণৰ ফলত দেশখনে বা সমূহ জনসাধাৰণে লনিজৰ পৰিচয় হেৰুৱাব নালাগিব।
(ঘ) সুপ্ৰশাসন প্ৰয়োজনঃ বজাৰকেন্দিক অৰ্থনীতিয়ে যাতে দৰিদ্ৰসকলক বঞ্চিত কৰিব নোৱাৰে সেইটো নিশ্চিত কৰিবলৈ হ’লে সুপ্ৰশাসন ব্য়ৱস্থা এটা বাহাল থকাটো প্ৰয়োজনীয়।

১১। অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ ছটা প্রধান লক্ষ্য উল্লেখ কৰা ।

উত্তৰঃ অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য় হৈছেঃ
(ক) দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য় হ্ৰাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ;
(খ) দেশৰ উন্নতি উন্নত ৰাজ্য়সমূহৰ সম-পৰ্যায়লৈ আহিবলৈ অহা দুই – তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি কৰা;
(গ) জৈৱ-বৈচিত্ৰ্য় ৰক্ষা কৰি জলবায়ু পৰিৱৰ্তনৰ সমস্য়াটোৰ মোকাবিলা কৰা ।
(ঘ) কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ ৬ৰপৰা ৮ শতাংশলৈ বৃদ্ধি;
(ঙ) শেহতীয়া প্ৰযুক্তিবিদ্য়া আৰু বিজ্ঞানসন্মত ব্য়ৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্য়াটোৰ সমাধান কৰা;
(চ) শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু শক্তি পৰিবহণ আৰু বিতৰণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্য়া প্ৰয়োগ কৰা।