আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য । Lesson 2 | ৰাজনীতি বিজ্ঞান । SEBA Class 10 Social Science (Political Science) Lesson 2 Answer | Assamese Medium Class 10 Political Science Chapter 2 Solution | দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞান তৃতীয় খণ্ড অধ্যায় ১ আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

অনুশীলনী

অতি চমু প্ৰশ্নঃ

১। ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল?

উত্তৰঃ ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু শৃংখলা প্ৰতিষ্ঠা কৰা লগতে অন্য় বিশ্ৱযুদ্ধৰ পৰা পৃথিৱীক বিৰত ৰাখিবলৈ ৰাষ্ট্ৰসংঘ গঠন হৈছিল।

২। ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য় হৈছেঃ
(১) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্ৱপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা।
(২) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

৩। ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা।

উত্তৰঃ ৰাষ্ট্ৰয়সংঘৰ অংগকেইটাৰ নাম হ’ল—
(১) সাধাৰণ শভা, (২) নিৰাপত্তা পৰিষদ, (৩) অৰ্থনৈতিক আৰু সমাজিক পৰিষদ, (৪) ন্য়াসৰক্ষী পৰিষদ, (৫) আন্তৰ্জাতিক ন্য়ায়ালয় আৰু (৬) সচিবালয়।

৪। ৰাষ্ট্ৰসংঘঙৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম হ’লঃ
(১) আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ(ILO)
(২) বিশ্ৱ স্ৱস্থ্য় সংস্থা(WHO)।

৫। নিৰস্ত্ৰকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা।

উত্তৰঃ নিৰস্ত্ৰকৰণৰ সম্পৰ্কেত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম হ’ল—
(১) আংশিক অণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি (১৯৬৩)
(২) পাৰমাণৱিক অস্ত্ৰ – সংকোচন চুক্তি (১৯৬৩)।

৬। মানৱ অধিকাৰ মানে কি বুজা?

উত্তৰঃ বিশ্ৱৰ প্ৰত্য়েকজন ব্য়ক্তিয়ে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা কিছুমান অধিকাৰক মানৱ অধিকাৰ বোলে।

দীঘল উত্তৰৰ প্ৰশ্নঃ

১। ৰাষ্টসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য়সমূহ হৈছে—-
(১) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
(২) উল্লিখিত উদ্দেশ্য়সমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাৰ্য সম্পাদন কৰা।
(৩) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্ৱপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা।
(৪) আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্য়াসমূহৰ সমাধান কৰা আৰু প্ৰত্য়েকজন ব্য়ক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে বাৰ ব্য়ৱস্থা কৰা।
ৰাষ্ট্ৰসংঘ প্ৰধান নীতিসমূহ হ’ল—-
(১) ৰাষ্ট্ৰসংঘই সদস্য় ৰাষ্ট্ৰসমূহৰ আভ্য়ন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।
(২) আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্ৱাৰ্থত কোনো সদস্য় ৰাষ্ট্ৰই শক্তি প্ৰয়োগ কৰিব নোৱাৰিব।
(৩) চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্য়ৱস্থা গ্ৰহণ কৰিলে সদস্য় ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমীলক ব্য়ৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব।
(৪) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য় ৰাষ্ট্ৰই নিজা দায়িত্ৱ পালন কৰিব লাগিব।
(৫) আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্য়ায়ত কোমো আঘাত নোহোৱাকৈ সকলো সদস্য় ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব।
(৬) সকলো সদস্য় ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ’ব।

২। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ গুৰুত্ৱপূৰ্ণ অংগটোৱেই হৈছে নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য় পাঁচজন আৰু অস্থায়ী সদস্য় ছয়জন আছিল। স্থায়ী সদস্য় ৰাষ্ট্ৰকেইখন হ’ল—আমেৰিকা, গ্ৰেট বৃটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। কোনো গুৰুত্ৱপূৰ্ণ বিষয়ত সিদ্ধান্ত ল’বলৈ স্থায়ী পাঁচজন সদস্য়সহ মুঠ ৯ জন সদস্য়ৰ সন্মতি থাকিব লাগিব। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্য় সংখ্য়া দহজনলৈ বৃদ্ধি কৰা হৈছিল। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য়সকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। স্থায়ী সদস্য়সকলকৰ ‘ভেটো’ প্ৰয়োগৰ ক্ষমতা আছে। সেইবাবে কোনো বিষয়ত স্থায়ী সদস্য়ই ‘ভেটো’ দিলে ,সিদ্ধান্ত গ্ৰহণ নহয়। আৰু কোনো গুৰুত্ৱপূৰ্ণ বিষয়ত সিদ্ধান্ত ল’বলৈ স্থায়ী পাঁচজন সদ্য়সহ মুঠ ৯ জন সদস্য়ৰ সন্মতি থাকিব লাগিব।

৩। বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা।

উত্তৰঃ নিৰস্ত্ৰীকৰণঃ নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্ৱৰ ৰাষ্ট্ৰসমূৰ মাজত যুদ্ধৰ পৰিৱেশ নোহোৱা কৰিবলৈ ৰাষ্ট্ৰসংঘই ১০৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰিছিল।

চুক্তি তথা সন্ধিঃ ৰাষ্ট্ৰসংঘই সম্পাদনা কৰা চুক্তিসমূহ হৈছে আংশিক আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি (১৯৬৩), পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি(১৯৬৮), সমুদ্ৰতলি নিয়ন্ত্ৰণ চুক্তি(১৯৭১), ‘ছল্ট-১’ চুক্তি(১৯৭২), ‘ছল্ট-২'(১৯৭৯), পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি(১৯৯৩), START-1(১৯৯১) আৰু START-2(১৯৯৩), আৰু পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি'(১৯৯৬)।

প্ৰতিৰোধমূলক কূটনীতিঃ আলোচনাৰ মাধ্য়মেৰে বিবাদ মীমাংসাৰে বিশ্ৱশান্তিৰ পৰিৱেশ অনাত ৰাষ্ট্ৰসংঘই ২০০৭ চনৰ জুন মাহত প্ৰতিৰোধমূলক কূটনীতি অৱলম্ৱন কৰিছিল।

৪। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰিয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা।

উত্তৰঃ ভাৰৰ্তবৰ্ষত ১৯৯৩ চনত ২৮ ছেপ্টেম্ৱৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে এখন অধ্য়াদেশ জাৰি কৰে আৰু সেইমৰ্মে ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। ১৯৯৪ চনৰ ৮ জানুৱাৰী তাৰিখে বিধেয়কখনে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰি আইনত পৰিণত হয়। এই আইনখনক ‘মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩’ নামে জনা যায়।
আয়োগৰ সদস্য়সকলৰ থাকিবলগীয়া অৰ্হতাসমূহ হৈছেঃ
(ক) আয়োগৰ সভাপতিজন উচ্চতম ন্য়ায়লয়ৰ প্ৰাক্তন নুখ্য় ন্য়ায়াধীশ হ’ব লাগিব।
(খ) এজন সদস্য় উচ্চতম ন্য়ায়ালয়ৰ ন্য়ায়াধীশ অথবা প্ৰাক্তন ন্য়ায়াধীক হ’ব লাগিব।
(গ) এজন সদস্য় কোনো উচ্চ ন্য়ায়ালয়ৰ মুখ্য় ন্য়ায়াধীশ অয়থবা প্ৰাক্তন মুখ্য় ন্য়ায়াধীশ হ’ব লাগিব।
(ঘ) দুজন ,সদস্য় মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্য়ক্তি হ’ব লাগিব।
(ঙ) ৰাষ্ট্ৰীয় সংখ্য়ালঘু আয়োগে সভাপতি, অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিও আয়োগৰ সদস্য় পদত থাকিব।
সকলো সদস্য়কে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৫ বছৰৰ বাবে নিযুক্ত দিয়ে। ভাৰতবৰ্ষত মানৱ অধিকাৰ উলংঘনৰ সকলো দিশ পৰ্যালোচনা কৰি তাৰ বিহিত ব্য়ৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব লাগে।

৫। মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ আলোচনা কৰা।

উত্তৰঃ বিশ্ৱৰ প্ৰত্য়েকজন ব্য়ক্তিয়ে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা কিছুমান অধিকাৰক সুৰক্ষা দিয়াৰ অৰ্থে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্ৱৰ তাৰিখে ৪৮খন সদস্য় ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে। সেইবাবেই আজিও ১০ ডিচেম্ৱৰৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। এটা প্ৰস্তাৱনা আৰু ৩০টা অনুচ্ছেদ সম্ৱলিত এই ঘোষণাপত্ৰই মূলতঃ দুটা উদ্দেশ্য় সাধন কৰিছে।
এই উদ্দেশ্য় দুটা হ’ল–
(ক) বিশ্ৱৰ জনগণৰ বাবে প্ৰয়োজনীয় বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণাপত্ৰত সন্নিৱিষ্ট হৈছে।
(খ) এই ঘোষাপত্ৰত উল্লেখিত অধিকাৰসমূহক সদস্য় ৰাষ্ট্ৰসমূহে স্ৱীকৃতি দিছে।
এই ঘোষণাপত্ৰত উল্লেখ থকা অধিকাৰসমূহে ৰাষ্ট্ৰসংঘৰ সদস্য় ৰাষ্ট্ৰসমূহৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ ওপৰত কিছু সীমাবদ্ধতা আনিছে। বিশ্ৱৰ নাগৰিকৰ জীৱনযাত্ৰাৰ মানদণ্ড উন্নত কৰা আৰু এটা মৰ্যাদাপৰ্ণ জীৱন-যাপনৰ বাট মুকলি কৰাৰ লগতে দেশৰ নাগৰিকসকলক এই অধিকাৰৰপৰা বঞ্চিত কৰি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাটো যে সম্ভৱ নহয় তাক ৰাষ্ট্ৰসংঘই এই ঘোষণাপত্ৰৰ জিৰিয়তে স্পষ্ট কৰে।