আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল । Lesson 4 | Class 10 Elective Subject Geography Chapter 4 Solutioon Assam | SEBA Class 10 El. Geography Question and Answer | Assamese Medium Class 10 Elective Subject Geography Answer |

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

১। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থান আৰু ভৌগােলিক বৈশিষ্ট্য চমুকৈ লিখা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল ভূখণ্ড ২৫˚ উত্তৰৰ পৰা ৪৩˚ উত্তৰ অক্ষাংশ আৰু ৬৬˚ পশ্চিমৰ পৰা ১২৫˚ পশ্চিম দ্ৰাঘিমাংশলৈকে বিস্তৃত ǀআমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত ǀ এই দেশখনৰ উত্তৰে কানাডা,পূবে আটলাণ্টিক মহাসাগৰ ,দক্ষিণে মেক্সিকো উপসাগৰ আৰু মেক্সিকো দেশ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ ǀ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভৌগোলিক বৈশিষ্ট্যসমূহ হৈছেঃ

1) আমেৰিকা যুক্তৰাষ্ট্ৰ নাতিশীতোষ্ণ জলবায়ুৰ অন্তৰ্গত ǀ

2)  ইয়াৰ মাটিকালি ৯৬ লাখ বৰ্গ কি মি ǀ ই পৃথিৱীৰ মাটিকালিৰ ৬.৩৭ শতাংশ ǀ আকাৰত ই পৃথিৱীৰ চতুৰ্থ বৃহৎ দেশ ǀ

3) ভূ-প্ৰাকৃতিক গঠন আৰু ভৌগোলিক বৈশিষ্ট্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰক তিনিটা ভাগত ভাগ কৰা হৈছেঃ 

ক) ৰকি পৰ্বত অঞ্চলৰ ভূ-প্ৰকৃতি

পূবে উচ্চ সমভূমি আৰু পশ্চিমে প্ৰশান্ত উপকূলৰ মাজেৰে পৰ্বত, পাহাৰ, মালভূমি, উপত্যকা, হ্ৰদ আদিৰে গঠিত ভূ-খণ্ডটোক ৰকি পৰ্বত অঞ্চল বোলে ǀ এই অঞ্চলত বিখ্যাত লুণীয়া পানীৰ হ্ৰদ গ্ৰেট ছল্ট লেক ৰ উপৰিও পৃথিৱী বিখ্যাত কলাৰাডো নদীৰ –গ্ৰেণ্ড কেনিয়ন আৰু ডেথ ভেলী অৱস্থিত ǀ কয়লা ,পেট্ৰ’লিয়াম, সোণ, ৰূপ, তাম আদি খনিজ পদাৰ্থৰে এই অঞ্চলটো ভৰপূৰ ǀ ইয়াতেই লছ এঞ্জেলচ, চিয়াটল, লাছ-ভেগাছ, চানফ্ৰান্সিকোৰ দৰে মহানগৰসমূহ অৱস্থিত।

খ) মধ্য সমভূমি অঞ্চল  

(আপেলেছিয়ান উচ্চভূমি আৰু ৰকি পৰ্বতশ্ৰেণীৰ মাজত উত্তৰা-দক্ষিণা আৰু পূবা-পশ্চিমাকৈ বিস্তৃত সমভূমি অঞ্চলটোকে মধ্য সমভূমি অঞ্চল বোলে ǀ যুক্তৰাষ্ট্ৰৰ এই অঞ্চলত পৃথিৱী বিখ্যাত মিচিছিপি আৰু মিচৌৰি নদী আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা উপত্যকা আছে, যি কৃষি কাৰ্যৰ বাবে বৰ অনুকূল ǀ মিয়ামি, বাৰ্হিংহাম, ছেন্ট লুইচ, চিকাগোৰ দৰে মহানগৰ এই অঞ্চলতে অৱস্থিত । )

গ) আপেলেছিয়ান উচ্চভূমিৰ ভূ-প্ৰকৃতি 

(আমেৰিকা যুক্তৰাষ্ট্রৰ পূব অংশত আটলান্টিক উপকূলৰ প্রায় সমান্তৰালকৈ বিস্তৃত উচ্চভূমি খণ্ডকে আপেলেছিয়ান উচ্চভূমি বোলে ǀভূখণ্ডৰ বেছিভাগেই আপেলেছিয়ান পর্বত শ্রেণীয়ে আগুৰি আছে। এই অঞ্চলতেই পৃথিৱী বিখ্যাত নিয়াগাৰা জলপ্ৰপাত অৱস্হিত ǀ খনিজ সম্পদত চহকী এই অঞ্চলটোতে ৱাশ্বিংটন, আটলান্টা, নিউয়ৰ্ক আদি মহানগৰ সমূহ অৱস্হিত)

২। আমেৰিকা যুক্তৰাষ্ট্ৰক প্রাকৃতিক বিভাগত ভাগ কৰা । প্রতিটো বিভাগৰে এটি চমু আভাস দিয়া । .

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰাকৃতিক বিভাগক ৩টা ভাগত ভাগ কৰা হৈছেঃ

ক) ৰকি পৰ্বত অঞ্চলৰ ভূ-প্ৰকৃতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূবে উচ্চ সমভূমি আৰু পশ্চিমে প্ৰশান্ত উপকূলৰ মাজেৰে পৰ্বত, পাহাৰ, মালভূমি, উপত্যকা, হ্ৰদ আদিৰে গঠিত ভূ-খণ্ডটোক ৰকি পৰ্বত অঞ্চল বোলে ǀ ৰকি পাৰ্বত্য অঞ্চলটো নবীন ভংগিল পৰ্বতেৰে গঠিত ǀ ঠায়ে ঠায়ে কোনো কোনো পৰ্বতৰ শৃংগৰ উচ্চতা ৪২০০ মিটাৰতকৈও অধিক ǀচিয়েৰা,নেভাডা,কাস্কেড,কষ্টৰেঞ্জ এই অঞ্চলৰ উল্লেখযোগ্য পৰ্বতমালা ǀ তদুপৰি ৰকি পৰ্বত  অঞ্চলটোৰ পূব আৰু পশ্চিম প্রান্ত প্রায় সমান্তৰাল পর্বত দুশাৰীৰ মাজভাগত কেইবাটাও মালভূমি আছে। ইয়াৰ ভিতৰত কলম্বিয়া মালভূমি, গ্রেট বেছিন আৰু কলাৰাডো মালভূমিয়েই প্রধান। গ্ৰেট বেছিনকে ধৰি সমগ্ৰ অঞ্চলটো  প্ৰশান্ত উপকূলীয় পৰ্বতমালাৰ বৃষ্টিছায়া অঞ্চলত পৰে ǀ বৰষুণৰ অভাৱত এই ঠাইবোৰ মৰুভূমিত পৰিণত হৈছে ǀ এই অঞ্চলত বিখ্যাত লুণীয়া পানীৰ হ্ৰদ গ্ৰেট ছল্ট লেক ৰ উপৰিও পৃথিৱী বিখ্যাত কলাৰাডো নদীৰ –গ্ৰেণ্ড কেনিয়ন আৰু ডেথ ভেলী অৱস্হিত ǀ কয়লা ,পেট্ৰ’লিয়াম, সোণ, ৰূপ, তাম আদি খনিজ পদাৰ্থৰে এই অঞ্চলটো ভৰপূৰ ǀ ইয়াতেই লছ এঞ্জেলচ, চিয়াটল, লাছ-ভেগাছ, চানফ্ৰান্সিকোৰ দৰে মহানগৰসমূহ অৱস্হিতǀ)

(খ) আপেলেছিয়ান উচ্চভূমি অঞ্চলঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত আটলাণ্টিক উপকূলৰ প্ৰায় সমান্তৰালকৈ বিস্তৃত উচ্চভূমি খণ্ডকে আপেলেছিয়ান উচ্চভূমি বোলা হয়। আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ থূলমূলকৈ উত্তৰে হাড্ছন উপত্যকা আৰু ইৰি-অণ্টাৰিও হ্ৰদৰ পৰা দক্ষিণে এলাবামালৈকে বিস্তৃত। এই ভূখণ্ড পৰ্বত-পাহাৰ, মালভূমি, সমভূমি – উপত্যকা আদিৰে গঠিত বাবে ইয়াৰ ভূ-প্ৰকৃতি জটিল। এই অঞ্চলৰ পৰ্বত-পাহাৰবোৰ যুক্তৰাষ্ট্ৰৰ পশ্চিম অংশত থকা ৰকি পৰ্বতমালাতকৈ বহু আগেয়ে সৃষ্টি হৈছিল। সাগৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা বৰ্তমানে ২০০০ মিটাৰৰ অধিক নহয়। এই অঞ্চলৰ পৰ্বত- পাহাৰ আৰু মালভূমিৰ মাজেৰে অসংখ্য সৰু-ডাঙৰ নদী বৈ গৈছে। ইয়াৰ ভিতৰত অহিও, চেনিছি, হাড্ছন আৰু এলাবামা নদীয়েই প্ৰধান।

(গ) মধ্য সমভূমি অঞ্চলঃ আপেলেছিয়ান উচ্চভূমি আৰু ৰকি পৰ্বতশ্ৰেণীৰ মাজত উত্তৰা-দক্ষিণা আৰু পূবা-পশ্চিমাকৈ বিস্তৃত সমভূমি অঞ্চলটোক মধ্য সমভূমি বুলি জনা যায়। ই উত্তৰে বৃহৎ সৰোবৰ অঞ্চলৰ পৰা দক্ষিণে মেক্সিকো উপকূললৈ বিস্তৃত। এই সমভূমি অঞ্চলটো মূলতঃ মিছিছিপি-মিছৌৰি অৱবাহিকাৰ অন্তৰ্গত। মধ্য সমভূমি অঞ্চলটোক চাৰি ভাগত ভগাব পাৰি – উচ্চ সমভূমি, বৃহৎ সৰোবৰ অঞ্চল, মিছিছিপি সমভূমি আৰু মেক্সিকো উপকূলীয় সমভূমি।

৩। মানচিত্র আঁকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রাকৃতিক বিভাগসমূহ দেখুওৱা ।

উত্তৰঃ

৪। আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পর্কে মানচিত্ৰৰ সহায়ত আলােচনা কৰা ।

উত্তৰঃ

৫। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত কৃষিৰ ভূমিকা কেনে চমুকৈ লিখা।

উত্তৰঃ কৃষি উৎপাদনৰ ক্ষেত্ৰত যুক্তৰাষ্ট্ৰৰ স্থান মন কৰিব লগীয়া সমগ্র পৃথিৱীত ই মাকৈ,কপাহ আৰু ধঁপাত  উৎপাদনত প্ৰথম আৰু ঘেঁহু আৰু বাৰ্লি উৎপাদনত দ্বিতীয় স্থান অধিকাৰ কৰিছে। ইয়াৰ মাকৈ আৰু ঘেঁহু উৎপাদনৰ পৰিমাণ পৃথিৱীৰ মুঠ উৎপাদনৰ ৪৬ শতাংশ আৰু ১৮ শতাংশ ǀ সেইবাবে যুক্তৰাষ্ট্ৰই বহু দ্ৰব্য বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে ǀযুক্তৰাষ্ট্ৰৰ জনমুৰি কৃষি উৎপাদনৰ হাৰ অন্য দেশৰ তুলনাত বেছি ǀ

ৰাষ্ট্ৰীয় আয়ৰ কেৱল মাত্ৰ ২ শতাংশহে কৃষিয়ে যোগান ধৰে ǀ ভূমি ব্যৱহাৰৰ ক্ষেত্ৰত দেখা যায় দেশৰ মুঠ মাটিকালিৰ এক-চতুৰ্থাংশ স্হায়ী কৃষিৰ অন্তৰ্গত ǀ অৱশ্যে দেশৰ অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত মুঠ লোকৰ মাত্ৰ ৫ শতাংশহে কৃষি কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে ǀ

৬। কৃষি বলয় বুলিলে কি বুজা ? আমেৰিকা যুক্তৰাষ্ট্ৰত কিমানটা আৰু কি কি কৃষিবলয় চিনাক্ত কৰা হৈছে । মানচিত্রত দেখুওৱা আৰু প্ৰতিটো বলয়ৰ বিষয়ে চমু বর্ণনা দিয়া ।

উত্তৰঃ ভূ-প্ৰকৃতি,মাটি, জলবায়ু  আদিৰ ওপৰত ভিত্তি কৰি অঞ্চল বিশেষে কেতিয়াবা কিছুমান নিৰ্দিষ্ট কৃষিকাৰ্য বা খেতি কৰা হয় ,তেনেকুৱা কৃষি অঞ্চলক কৃষি বলয় বোলে ǀ

আমেৰিকা যুক্তৰাষ্ট্ৰত ৯টা কৃষিবলয় আছে। সেইকেইটা হৈছেঃ

১/ ধান আৰু কুঁহিয়াৰ বলয়

২/ কপাহ বলয়

৩/ শীতকালীন গম আৰু ধপাত বলয়।

৪/ মাকৈ বলয়

৫/ বসন্তকালীন গম বলয়

৬/ উত্তৰ-পূব প্ৰান্তীয় মিশ্ৰকৃষি বলয়

৭/ শুকান কৃষি আৰু পশুপালন বলয়

৮/ ভূমধ্য সাগৰীয় কৃষি বলয়

৯/ উত্তৰ-পশ্চিম প্ৰান্তীয় মিশ্ৰ কৃষি বলয়

(১) ধান আৰু কুঁহিয়াৰ বলয়ঃ মেক্সেকো উপকূলীয় অঞ্চলত অৱস্থিত ফ্লোৰিডা আৰু জৰ্জিয়া, এলাবামা, মিছিছিপি আৰু লুছিয়ানা ৰাজ্যৰ দক্ষিণ অংশ এই কৃষি বলয়ৰ অন্তৰ্গত। ইয়াত ক্ৰান্তীয় অঞ্চলৰ দৰে উষ্ণতা আৰু বৰষুণৰ পৰিমাণ বেছি। এই অঞ্চল পলসুৱা সাৰুৱা মাটিৰে গঠিত। ধান আৰু কুঁহিয়াৰ এই অঞ্চলৰ প্ৰধান শস্য হোৱাৰ কাৰণে ইয়াক ধান-কুঁহিয়াৰ বলয় হিচাপে চিনাক্ত কৰা হৈছে। ইয়াত কল আৰু মাটি-কঁঠালো প্ৰচুৰ পৰিমাণে উৎপন্ন হয়।

(২) কপাহ বলয়ঃ ধান-কুঁহিয়াৰ বলয়ৰ ঠিক উত্তৰে মিছিছিপি অৱবাহিকাৰ দক্ষিণ অংশক সামৰি পূবা-পশ্চিমাকৈ থকা যুক্তৰাষ্ট্ৰৰ এই বিশাল অংশটোতে কপাহ খেতি কৰা হয়। ৩৬˚ উত্তৰ অক্ষাংশই এই কপাহ বলয়ৰ উত্তৰ সীমা নিৰ্ধাৰণ কৰিছে। টেক্সাছ, মিছিছিপি আৰু আৰকান্ছাছ ৰাজ্যত দেশৰ মুঠ উৎপাদনৰ ৫০ শতাংশতকৈও অধিক কপাহ উৎপন্ন হয়।

(৩) শীতকালীন গম আৰু ধপাত বলয়ঃ কপাহ বলয়ৰ উত্তৰে আটলাণ্টিক উপকূলৰ পৰা পশ্চিমে কলোৰাডো পৰ্যন্ত এই কৃষি বলয় বিস্তৃত। উত্তৰ কেৰোলিনা, কেণ্টুকি, ভাৰ্জিনিয়া আৰু মেৰিলেণ্ডক সামৰি এই অঞ্চলৰ পূব অংশত প্ৰচুৰ পৰিমাণে ধপাত উৎপন্ন হয়। ইয়াৰ পশ্চিম অংশত থকা নেব্ৰাস্কা, কেন্ছাছ, পূব কলোৰাডো, ওক্ লাহামা আৰু টেক্সাছ ৰাজ্যত শীতকালীন গমখেতি কৰা হয়। এই শীতকালীন গম বলয়ৰ পৰাই যুক্তৰাষ্ট্ৰই টাইতকৈ বেছি গম ৰপ্তানি কৰে।

(৪) মাকৈ বলয়ঃ শীতকালীন গম বলয়ৰ উত্তৰে মধ্য অহিওৰ পৰা মধ্য নেব্ৰাস্কালৈ বিস্তৃত অঞ্চলটোক মাকৈ বলয় বোলা হয়। এই অঞ্চলৰ অন্তৰ্গত আইওৱা, ইলিনইছ, ইণ্ডিয়ানা, মিনেছটা, পেঞ্চিলভেনিয়া আৰু নেব্ৰাস্কা ৰাজ্যৰ পৰাই যুক্তৰাষ্ট্ৰৰ বেছিভাগ মাকৈ উৎপন্ন হয়।

(৫) বসন্তকালীন গম বলয়ঃ প্ৰেইৰী অঞ্চলৰ উত্তৰ অংশত এই গম বলয় অৱস্থিত। যুক্তৰাষ্ট্ৰৰ প্ৰধানকৈ মণ্টানা, উত্তৰ ডাকোটা, দক্ষিণ ডাকোটা আৰু পশ্চিম মিনেছটা ৰাজ্যত শীতৰ প্ৰকোপৰ বাবে বসন্তকালতহে গম উৎপাদন কৰা সম্ভৱ। এই অঞ্চলত উৎপাদিত অতি উৎকৃষ্ট মানৰ প্ৰচুৰ পৰিমাণৰ গম বিদশলৈ ৰপ্তানি কৰা হয়।

(৬) উত্তৰ-পূব প্ৰান্তীয় মিশ্ৰকৃষি বলয়ঃ গ্ৰেট লেকৰ দক্ষিণ আৰু পূবত থকা মিনেছটা,উইচ্কনচিন, মিচিগান, পেঞ্চিলভেনিয়া আৰু নিউ ইংলেণ্ড ৰাজ্যক লৈ যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব প্ৰান্তীয় মিশ্ৰ কৃষি বলয় গঠিত হৈছে। এই অঞ্চলত ৰাই, বাৰ্লি আদিৰ কৃষিৰ উপৰি কোমল ঘাঁহৰ প্ৰাচুৰ্যৰ ওপৰত ভিত্তি কৰি একেলগে পশুপালনো কৰা হয়। এই বলটোক দুগ্ধপাম বলয় বুলিও জনা যায়।

(৭) শুকান কৃষি আৰু পশুপালন বলয়ঃ মধ্যসমভূমিৰ পশ্চিম অংশ আৰু কৰ্ডিলেৰা অঞ্চলৰ পূব অংশক লৈ এই বিশাল কৃষি বলয় গঠিত হৈছে। এই অঞ্চলত বৰষুণ কম হয় বাবে ঘাঁহনিৰে ভৰা। টেক্সাছৰ পশ্চিম অংশ, নিউ মেক্সিকো, উটাহ, কলোৰাডো, নেভাডা, ৱাইয়োমিং, ইডাহো আৰু মণ্টানা আদি ৰাজ্য এই অঞ্চলৰ অন্তৰ্গত। ইয়াত শুকান কৃষিৰ জৰিয়তে জোৱাৰ-বজৰাজাতীয় শস্য, কিছু পৰিমাণে জলসিঞ্চনৰ যোগেদি বাৰ্লি, মাকৈ আদি শস্য, আৰু পশুপালনৰ যোগেদি গাখীৰ, মাংস আৰু ঊল উৎপাদন কৰা হয়।

(৮) ভূমধ্য সাগৰীয় কৃষি বলয়ঃ যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত থকা কেলিফোৰ্নিয়া অঞ্চলত ভূমধ্য সাগৰীয় জলবায়ুৰ বিৰাজ কৰে। সেয়ে এই অঞ্চলটোক ভূমধ্য সাগৰীয় কৃষি বলয় বোলা হয়। এই অঞ্চলত গম আৰু কপাহৰ উপৰি সুমথিৰা, আপেল, আঙুৰ আদি ফল-মূল প্ৰচুৰ পৰিমাণে উৎপন্ন হয়।

(৯) উত্তৰ-পশ্চিম প্ৰান্তীয় মিশ্ৰ কৃষি বলয়ঃ যুক্তৰাষ্ট্ৰৰ উত্তৰ-পশ্চিম প্ৰান্তত থকা ৱাশ্বিংট,, ওৰিগন আৰু ইডাহো ৰাজ্যত গম আৰু মাকৈ উৎপাদনৰ লগতে গাখীৰ আৰু মাংস উৎপাদনৰ উদ্দেশ্যে পশুপালনো কৰা হয়। সেয়ে এই অঞ্চলটোক মিশ্ৰ কৃষি বলয় বোলা হয়।

৭। আমেৰিকা যুক্তৰাষ্ট্রৰ প্রধান উদ্যোগ অঞ্চলকেইটাৰ নাম লিখা আৰু মানচিত্রত দেখুওৱা । তাৰে এটা অঞ্চলৰ বিতং বিৱৰণ দিয়া।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান উদ্যোগ অঞ্চলকেইটা হৈছেঃ

১/ উত্তৰ-পূব উদ্যোগ অঞ্চল

(a) পিট্ছবাৰ্গ হুইলিং-ক্লিভলেণ্ড উদ্যোগ কেন্দ্ৰ

(b) নিউ ইয়ৰ্ক-ফিলাডেলফিয়া-বাল্টিমোৰ উদ্যোগ কেন্দ্ৰ

(c) দক্ষিণ নিউ ইংলেণ্ড উদ্যোগ কেন্দ্ৰ

(d) ডেট্ৰইট উদ্যোগ কেন্দ্ৰ

(e) দক্ষিণ মিচিগান উদ্যোগ কেন্দ্ৰ

২/ দক্ষিণ ঔদ্যোগিক অঞ্চল

৩/ প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চল

প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চলঃ প্ৰশান্ত মহাসাগৰৰ উপকূলত অৱস্থিত ৱাশ্বিংটন, অৰিগন আৰু কেলিফোৰ্নিয়া ৰাজ্যক লৈ এই ঔদ্যোগিক অঞ্চলটো গঢ়ি উঠিছে। ই যুক্তৰাষ্ট্ৰৰ আটাইতকৈ সৰু আৰু নতুনকৈ গঢ়ি উঠা ঔদ্যোগিক অঞ্চল। দেশৰ প্ৰায় ১০ শতাংশ বনুৱাই এই অঞ্চলৰ উদ্যোগসমূহত কাম কৰে। জলবিদ্যুৎ শক্তি আৰু পেট্ৰলিয়াম ব্যৱহাৰ কৰি এই অঞ্চলত লো-তীখা, উৰাজাহাজ নিৰ্মাণ, কাগজ উৎপাদন আদি শিল্প গঢ়ি উঠিছে। ইয়াৰ কেলিফোৰ্নিয়া অঞ্চলত গঢ়ি উঠা চিনেমা শিল্প পৃথিৱীৰ ভিতৰত বিখ্যাত।

৮। চমুটোকা লিখা ?

( ক ) ৰকি পর্বত অঞ্চলৰ ভূ – প্রকৃতি।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূবে উচ্চ সমভূমি আৰু পশ্চিমে প্ৰশান্ত উপকূলৰ মাজেৰে পৰ্বত, পাহাৰ, মালভূমি, উপত্যকা, হ্ৰদ আদিৰে গঠিত ভূ-খণ্ডটোক ৰকি পৰ্বত অঞ্চল বোলে ǀ ৰকি পাৰ্বত্য অঞ্চলটো নবীন ভংগিল পৰ্বতেৰে গঠিত ǀ ঠায়ে ঠায়ে কোনো কোনো পৰ্বতৰ শৃংগৰ উচ্চতা ৪২০০ মিটাৰতকৈও অধিক ǀচিয়েৰা, নেভাডা, কাস্কেড, কষ্টৰেঞ্জ এই অঞ্চলৰ উল্লেখযোগ্য পৰ্বতমালা ǀ তদুপৰি ৰকি পৰ্বত  অঞ্চলটোৰ পূব আৰু পশ্চিম প্রান্ত প্রায় সমান্তৰাল পর্বত দুশাৰীৰ মাজভাগত কেইবাটাও মালভূমি আছে। ইয়াৰ ভিতৰত কলম্বিয়া মালভূমি, গ্রেট বেছিন আৰু কলাৰাডো মালভূমিয়েই প্রধান।

( খ ) আপেলেছিয়ান উচ্চভূমিৰ ভূ – প্রকৃতি।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত আটালাণ্টিক উপকূলৰ প্ৰায় সমান্তৰালকৈ বিস্তৃত উচ্চভূমি খণ্ডকে আপেলেছিয়ান উচ্চভূমি বোলা হয়। আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ থূলমূলকৈ উত্তৰে হাড্ছন উপত্যকা আৰু ইৰি-অণ্টাৰিও হ্ৰদৰ পৰা দক্ষিণে এলাবামালৈকে বিস্তৃত। এই অঞ্চলৰ পৰ্বত-পাহাৰবোৰ যুক্তৰাষ্ট্ৰৰ পশ্চিম অংশত থকা ৰকি পৰ্তমালাতকৈ বহু আগেয়ে সৃষ্টি হৈছিল। সাগৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা বৰ্তমানে ২০০০ মিটাৰৰ অধিক নহয়। এই অঞ্চলৰ পৰ্বত-পাহাৰ আৰু মালভূমিৰ মাজেৰে অসংখ্য সৰু-ডাঙৰ নদী বৈ গৈছে।

( গ ) মধ্য সমভূমি অঞ্চলৰ নদ – নদী

উত্তৰঃ মধ্য সমভূমি অঞ্চলটো মূলঃত মিছিছিপি মিচৌৰি অৱবাহিকাৰ অন্তৰ্গত ǀ অঞ্চলটোৰ মাজে মাজে প্ৰবাহিত প্ৰধান নদী মিছিছিপি আৰু মিচৌৰি আৰু ইয়াৰ উপনৈ সমূহে সমগ্ৰ অঞ্চলটোক এক সাৰুৱা পলসুৱা সমতল ভূমিত পৰিণত কৰিছে ǀ নদী উপত্যকাৰ সাৰুৱা মাটিৰ বাবে এই অঞ্চটো কৃষিৰ বাবে বিখ্যাত ǀ ইয়াৰ উপৰিও এই অঞ্চলটোৰ উল্লেখযোগ্য নদীসমূহ হৈছে- কলাৰাডো, আৰকানছাছ,য়ুকন, ছেণ্ট লৰেন্স ইত্যাদি ǀ

( ঘ ) আমেৰিকা যুক্তৰাষ্ট্রৰ নগৰীকৰণ আৰু প্রধান নগৰসমূহ ।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক পৰিবেশ জনবসতিৰ বাবে সিমান অনুকূল নহয় ǀ ভৌগোলিক দিশৰ পৰা ইয়াক তিনিটা ভাগত ক্ৰমে- ৰকি পৰ্বত অঞ্চল, আপেলেছিয়ান উচ্চভূমি আৰু মধ্য সমভূমি অঞ্চলত ভাগ কৰা হৈছে ǀ সামগ্রিকভাবে দেশখনৰ পূবত থকা আপেলেছিয়ান উচ্চভূমি আৰু আটলান্টিক উপকূলীয় অঞ্চলৰ জনবসতি ঘন আৰু ইয়াৰ পশ্চিমে থকা মধ্যভাগৰ সমযভূমি আৰু কাৰ্ডিলেৰা অঞ্চলত বসতি সেৰেঙা। খনিজ সম্পদৰ প্ৰাচুৰ্যতা, উদ্যোগীকৰণ তথা যাতায়ত আৰু বাণিজ্যৰ সুবিধাৰ বাবে ঘন জনবসতিপূৰ্ণ এলেকাবোৰত নগৰীকৰণ হোৱা দেখা যায় ǀআমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান নগৰসমূহ হৈছে- ৱাশ্বিংটন (ৰাজধানী), আটলান্টা, নিউয়ৰ্ক,মিয়ামি, বাৰ্হিংহাম, ছেন্ট লুইচ, চিকাগো, লছ এঞ্জেলচ, চিয়াটল, লাছ-ভেগাছ, চানফ্ৰান্সিকো ইত্যাদি ǀ

( ঙ ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ অর্থনৈতিক বৈশিষ্ট্য ।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বৈশিষ্ট্যসমূহ হৈছে এনেধৰণৰঃ

a) ৰাষ্ট্ৰীয় আয়ৰ ৬৮ শতাংশ যোগান ধৰে বাণিজ্য ,যোগাযোগ ,পৰিবহন আৰু পৰিবহন সেৱাই, ৩০ শতাংশ যোগান ধৰে উদ্যোগে আৰু কেৱল মাত্ৰ ২ শতাংশহে কৃষিয়ে যোগান ধৰে ǀ

b) দেশৰ ১৫-৬৪ বছৰ বয়সৰ মুঠ জনসংখ্যখাৰ ৭৯ শতাংশই বিভিন্ন অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত ǀ অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত মাত্ৰ ৫ শতাংশ লোকহে কৃষিৰ ওপৰত নিৰ্ভৰশীল ǀকৃষি,উদ্যোগ,ব্যৱসায়,বাণিজ্য,পৰিবহন আৰু বিভিন্ন সেৱাৰ উপৰিও বহু লোক মাছধৰা, পশুপালন, খনিজ দ্ৰব্য উদঘাটন আদি কাৰ্যৰ লগত জড়িত ǀ

c) আমেৰিকা যুক্তৰাষ্ট্ৰ খনিজ সম্পদ উদ্ঘাটনৰ ক্ষেত্ৰটো বিশ্বৰ ভিতৰতে অগ্ৰণী ǀ কয়লা,তাম,পেট্ৰলিয়ামৰ উৎপাদন পৃথিৱীৰ মুঠ উৎপাদনৰ ২০ শতাংশ ǀ

d) কৃষি উৎপাদনৰ ক্ষেত্ৰত যুক্তৰাষ্ট্ৰৰ স্থান মন কৰিব লগীয়া সমগ্র পৃথিৱীত ই মাকৈ,কপাহ আৰু ধঁপাত  উৎপাদনত প্ৰথম আৰু ঘেঁহু আৰু বাৰ্লি উৎপাদনত দ্বিতীয় স্থান অধিকাৰ কৰিছে। ইয়াৰ মাকৈ আৰু ঘেঁহু উৎপাদনৰ পৰিমাণ পৃথিৱীৰ মুঠ উৎপাদনৰ ৪৬ শতাংশ আৰু ১৮ শতাংশ ǀ সেইবাবে যুক্তৰাষ্ট্ৰই বহু দ্ৰব্য বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে ǀযুক্তৰাষ্ট্ৰৰ জনমুৰি কৃষি উৎপাদনৰ হাৰ অন্য দেশৰ তুলনাত বেছি ǀ

( চ ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়।

উত্তৰঃ যুক্তৰাষ্ট্ৰৰ কৃষিৰ প্ৰধান বৈশিষ্ট্য হল ইয়াৰ কৃষি বলসমূহ। ভূ-প্ৰকৃতি, জলবায়ু, মাটি আদিৰ ওপৰত নিৰ্ভৰ কৰি যুক্তৰাষ্ট্ৰক পূবৰ পৰা পশ্চিমলৈ কেইবাটাও বলয় বা অঞ্চলত ভাগ কৰা হৈছে। জনবসতি সেৰেঙা হোৱাৰ বাবে বাণিজ্যিকভিত্তিত যান্ত্ৰিক পদ্ধতিৰে বিস্তৃতভাৱে কৃষিকাৰ্য সম্পন্ন কৰা হয়। যুক্তৰাষ্ট্ৰৰ মুখ্য কৃষি বলয়সমূহ আটলাণ্টিক উপকূলৰ পৰা পশ্চিমে ১০০ শতাংশ দ্ৰাঘিমা পৰ্যন্ত পূবা-পশ্চিমাকৈ বিস্তৃত। দক্ষিণৰ পৰা উত্তৰলৈ সমগ্ৰ দেশখনক মুঠতে ৯ টা কৃষি বলয়ত ভাগ কৰিব পাৰি।

( ছ ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব উদ্যোগ অঞ্চল ।

উত্তৰঃ কয়লা, লো, পেট্ৰলিয়ামকে ধৰি বিভিন্ন খননিজ সম্পদৰ ভঁৰাল হোৱাৰ লগতে উন্নত যোগাযোগ ব্যৱস্থাৰ বাবে যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব অংশত এক বৃহৎ ঔদ্যোগিক অঞ্চল গঢ়ি উঠিছে। ইয়াকে উত্তৰ পূব উদ্যোগ অঞ্চল বোলা হয়। যুক্তৰাষ্ট্ৰৰ ছুপেৰিওৰ হ্ৰদৰ দক্ষিণলৈ ছেণ্ট লুইছ আৰু পূবলৈ আটলাণ্টিক উপকূলত অৱস্থিত বাল্টিমোৰ পৰ্যন্ত এই ঔদ্যোগিক অঞ্চল বিস্তৃত। যুক্তৰাষ্ট্ৰৰ মাটিকালিৰ মাত্ৰ ১০ শতাংশ জুৰি থকা এই অঞ্চলটোত দেশখনৰ প্ৰায় ৫০ শতাংশ লোক বাস কৰে। ইয়াতে দেশৰ প্ৰায় ৭৫ শতাংশ উদ্যোগ থূপ খাই আছে।

( জ ) আমেৰিকা যুক্তৰাষ্ট্রৰ প্রশান্ত উপকূলীয় উদ্যোগ

উত্তৰঃ প্ৰশান্ত মহাসাগৰৰ উপকূলত অৱস্থিত ৱাশ্বিংটন, অৰিগন আৰু কেলিফোৰ্নিয়া ৰাজ্যক লৈ এই ঔদ্যোগিক অঞ্চলটো গঢ়ি উঠিছে। ই যুক্তৰাষ্ট্ৰৰ আটাইতকৈ সৰু আৰু নতুনকৈ গঢ়ি উঠা ঔদ্যোগিক অঞ্চল। দেশৰ প্ৰায় ১০ শতাংশ বনুৱাই এই অঞ্চলৰ উদ্যোগসমূহত কাম কৰে। জলবিদ্যুৎ শক্তি আৰু পেট্ৰলিয়াম ব্যৱহাৰ কৰি এই অঞ্চলত লো-তীখা, উৰাজাহাজ নিৰ্মাণ, কাগজ উৎপাদন আদি শিল্প গঢ়ি উঠিছে। ইয়াৰ কেলিফোৰ্নিয়া অঞ্চলত গঢ়ি উঠা চিনেমা শিল্প পৃথিৱীৰ ভিতৰত বিখ্যাত।

( ঝ ) আমেৰিকা যুক্তৰাষ্ট্রৰ শুকান কৃষি আৰু পশুপালন বলয়

উত্তৰঃ মধ্য সমভূমিৰ পশ্চিম অংশ আৰু কৰ্ডিলেৰা অঞ্চলৰ পূব অংশক লৈ এই বিশাল কৃষি বলয় গঠিত হৈছে। এই অঞ্চলত বৰষুণ কম হয় বাবে ঘাঁহনিৰে ভৰা। টেক্সাছৰ পশ্চিম, নিউ মেক্সিকো, উটাহ, কলোৰাডো, নেভাডা, ৱাইয়োমিং, ইডাহো আৰু মণ্টানা আদি ৰাজ্য এই অঞ্চলৰ অন্তৰ্গত। ইয়াত শুকান কৃষিৰ জৰিয়তে জোৱাৰ-বজৰাজাতীয় শস্য, কিছু পৰিমাণে জলসিঞ্চনৰ যোগেদি বাৰ্লি, মাকৈ আদি শস্য, আৰু পশুপালনৰ যোগেদি গাখীৰ, মাংস আৰু ঊল উৎপাদন কৰা হয়।

( ঞ ) আমেৰিকা যুক্তৰাষ্ট্রৰ খনিজ সম্পদ ।

উত্তৰঃ  আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূবে উচ্চ সমভূমি আৰু পশ্চিমে প্ৰশান্ত উপকূলৰ মাজেৰে পৰ্বত, পাহাৰ, মালভূমি, উপত্যকা, হ্ৰদ আদিৰে গঠিত ভূ-খণ্ডটোক ৰকি পৰ্বত অঞ্চল ǀ এই অঞ্চলটো জলবিদ্যুতৰ উপৰিও কয়লা ,পেট্ৰ’লিয়াম, সোণ, ৰূপ, তাম,  আদি খনিজ পদাৰ্থৰে ভৰপূৰ ǀঠিক তেনেদৰে আপেলেছিয়ান উচ্চভূমি অঞ্চলটো  লোৰ আকৰ, পেট্রলিয়াম,কঠিন কাঠ ৰ দৰে খনিজ পদাৰ্থৰ সহজ লভ্যতাৰ বাবে উদ্যোগৰ প্ৰধান কেন্দ্ৰৰূপে পৰিগণিত হৈছে ǀ মধ্য সমভূমি অঞ্চলটো মিছিচিপি আৰু মিচৌৰি নৈ আৰু ইয়াৰ উপনৈবোৰে সৃষ্টি কৰা অৱবাহিকাৰ দ্বাৰা গঠিত যি কৃষিৰ বাবে উৎকৃষ্ট সাৰুৱা ভূমি সৃষ্টি কৰিছে ǀ এই অঞ্চলটো খনিজ পদাৰ্থ সিমান সুলভ নহয় ,সেয়েহে ইয়াত জনবসতি আৰু উদ্যোগ একেবাৰে কম ǀ

Type* Jyotish kakati /জ্যোতিষ কাকতি