বংগ বিভাজ (১৯০৫-১৯১১), স্বদেশী আন্দোলন আৰু ফলাফল । ইতিহাস Lesson 1 | Class 10 Social Science History Lesson 1 Question and Answer | Assamese Medium Class 10 History Lesson 1 Solution |

অতি চমু উত্তৰৰ প্ৰশ্নঃ

বংগ বিভাজ (১৯০৫-১৯১১), স্বদেশী আন্দোলন আৰু ফলাফল

১। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল ?

উত্তৰঃ বংগ বিভাজন লৰ্ড কাৰ্জন ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল।

২। ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?

উত্তৰঃ ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত বংগ বিভাজন কাৰ্যকৰী হৈছিল।

৩। বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সবাত গ্ৰহন কৰা হৈছিল?

উত্তৰঃ ১৯০৫ চনৰ ২০ জুলাইত দিনাাজপুৰৰ মহাৰাজৰ পৈৰোহিত্য়ত দিনাজপুৰত অনুষ্ঠিত এক বিশাল জনসভাত।

৪। স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?

উত্তৰঃ ভূপেন্দ্ৰনাথ দত্ত।

৫। বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ?

উত্তৰঃ ১৯০৬ খ্ৰীষ্টাব্দৰ ১১মাৰ্চত।

৬। ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল?

উত্তৰঃ ‘বেংগল কেমিকেলছ’ নামৰ উদ্য়োগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্য়োক্তা আচাৰ্য প্ৰফুল্ল ৰায় আছিল।

৭। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয় বাবে ‘স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?

উত্তৰঃ দাদাভাই নৌৰজীৰ পৌৰোহিত্য়ত ১৯০৬ চনত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত।

৮। ‘বন্দিনী ভাৰত’ নামৰ নাটকখনৰ ৰচক কোন?

উত্তৰঃ ‘বন্দিনী ভাৰত’ নামৰ নাটকখনৰ ৰচক অম্ৱিকাগিৰী ৰায়চৌধুৰী।

৯। বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল?

উত্তৰঃ ১৯১১ খ্ৰীষ্টাব্দৰ ১১ ডিচেম্বৰত।

চমু উত্তৰৰ প্ৰশ্নঃ

১। বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা বিভাজনৰ ভৌগোলিক সংমণ্ডল উল্লেখ কৰা।

উত্তৰঃ বংগদেশত দ্ৰুতভাৱে উন্মেষ হোৱা জাতীয়তাবাদ ধবংস কৰিবলৈ হিন্দু-মুছলমানৰ মাজত একতা ধবংস কৰিবলৈ ভাইচৰয় লৰ্ড কাৰ্জনৰ প্ৰতিনিধিত্ৱত ব্ৰিটিছ চৰকাৰে দুখন প্ৰদেশত বিভক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। বংগ বিভাজনে সৃষ্টি কৰা’ পূৰ্ববংগ আৰু অসন’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ল হোৱা বংগদেশৰ প্ৰধান তিনিতা ভৌগালিক সংমণ্ডল হ’ল—

(ক) ঢাকা।

(খ) চট্টগ্ৰাম।

(গ) ৰাজশাহী।

২। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা ।

উত্তৰঃ ব্ৰিটিছ চৰকাৰে প্ৰশাসনীয় প্ৰাপ্তিয়েই বংগ বিভাজনৰ প্ৰধান উদ্দেশ্য় বুলি ঘোঘণা কৰিছিল যদিও ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য় বিভিন্ন ধৰনৰ আছিল। বংগ বিভাজনৰ প্ৰধান উদ্দেশ্য়সমূহ হ’ল–

(ক) বংগ প্ৰদেশত দ্ৰুতভাৱে উন্মেষ হোৱা জাতীয়তাবাদৰ ঢৌ প্ৰতিৰোধ কৰা আৰু প্ৰাণকেন্দ্ৰ হিচাপে বিবেচনা কৰা হৈছিল।

(খ) কমগ্ৰেছ দলৰ ব্ৰিটিছ বিৰোধী চৰমন্থীসকলক নিয়ন্তণ কৰা।

(গ) মুছলমান নেতাসকলক সন্তুষ্ট কৰা আৰ জাতীয়তাবাদ বিকাশত অগ্ৰণী ভূমীকা লোৱা হিন্দু বঙানীসকলক দুৰ্বল কৰা।

(ঘ) ব্ৰিটিছ সাম্ৰাজ্য়ৰ সুস্থিৰতাৰ ক্ষেত্ৰত ভাবুকিৰ অৱতাৰণা কৰিব পৰা হিন্দু- মুছলমানৰ মাজৰ একতা ভাঙি দিয়া।

(ঙ) প্ৰদেশৰ এখনত হিন্দুসকল সংখ্য়ালঘুত পৰিণত হয় আৰু আনখন প্ৰদেশত মুছলমানসকল সংখ্য়ালঘুত পৰিণত হয়। এই পদক্ষেপে দুয়োটা গোটৰ চৰকাৰৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা নাইকিয়া কৰিব।

৩। বংগ বিভাজনবিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা।

উত্তৰঃ খ্ৰীষ্টাব্দৰ ৬ ডিচেম্বৰত বিট্ৰিছ কৰ্তৃপক্ষই বিভাজনৰ প্ৰস্তাৱ উত্থাপন কৰে। অতিসোনকালে সুৰেন্দ্ৰনাথ বেনাৰ্জী, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ,ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰাসবিহাৰী বসু আদি নেতাসকলে বংগ প্ৰদেশত তীব্ৰভাৱে বংগ বিভাজনবিৰোধী আন্দোলন গঢ়ি তোলে।তেওঁলোকে তীব্ৰ জনমত গঠনৰ উদ্দেশ্য়ে স্ৱাক্ষৰ সমগ্ৰহৰ অভিযান আৰম্ভ কৰিছিল। আৰু ভাৰত ওচৰত ৭০,০০০ স্ৱাক্ষৰ থকা প্ৰতিবাদপত্ৰ অৰ্পণ কৰিছিল যদিও ব্ৰিটিছ চৰকাৰ আঁকোৰগোজ হৈ থাকিল। জনসাধাৰণে ব্ৰিটিছ চৰকাৰৰ এই পৰিকল্পনাৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদী কাৰ্যসূচী আৰু বিক্ষোভ গঢ়ি তুলিছিল।

ব্ৰিচিছ চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে বংগদেশত তীব্ৰ জনসংগ্ৰামৰ অৱতাৰণা হয়। জাতীয় কংগ্ৰেছৰ নেতাসকলে এই নতুন গণ আন্দোলনৰ ডাঙৰ সম্ভাৱনা উপলব্ধি কৰি ইয়াক জাতীয় আন্দোলনলৈ ৰূপান্তৰিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ১৯০৫ চনৰ ডিচেম্ৱৰত বাৰাণসীত অনুষ্ঠিত অধিৱেশনত তেওঁলোকে বিভাজন বিষয়টোৰ উধৰ্বলৈ গতি কৰিবলৈ গতি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।কিয়নো ই বংগৰ সীমা অতিক্ৰম কৰিছিল আৰু সমগ্ৰ দেশৰ মানুহে বিদেশী বস্তু বৰ্জন, স্ৱদেশী বস্তু গ্ৰহণ আৰু চৰকাৰ প্ৰদত্ত খিতাপ আৰু পদবী প্ৰত্য়াহাৰৰ ধাৰণা আকোঁৱালি লৈছিল। ছাত্ৰসকলক চৰকাৰী বিদ্য়ালয়- মহাবিদ্য়ালয় পৰা আঁতৰি আহি জাতীয় প্ৰতিষ্ঠানসমূহত যোগদান কৰিবলৈ আহ্ৱান জনোৱা হ’ল। এনেদৰে,ব্ৰিটিছৰ বিৰুদ্ধে হোৱা এই আন্দোলনৰ পৰ্যায়টোক স্ৱদেশী আন্দোলন’ বুলি অভিহিত কৰা হৈছিল আৰু এই আন্দোলন ১৯০৫ খ্ৰীষ্টাব্দৰ পৰা ১৯১১ খ্ৰীষ্টাব্দলৈ চলিছিল।

৪। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ স্ৱদেশী আন্দোলনৰ এটা বৃহৎ অৱদান এয়ে আছিল যে ই জাতীয় শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছিল।বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব আৰু ডব্লিউ কাৰ্লাইলে ১৯০৫ চনৰ ১০ এক্টোবৰত এক জাননীৰ জৰিয়তে চৰকাৰবিৰোধী আন্দোলনত অংশ গ্ৰহণ নকৰিবলৈ ছাত্ৰসকলক সকীয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে ছাত্ৰসকলে তীব্ৰভাৱে প্ৰতিবাদ সাব্য়স্ত কৰিলে আৰু শ্ৰশ্ৰেণীকোঠা ত্য়াগৰ কাৰ্যসূচী গ্ৰহণ কৰিলে। ১৯০৫ চনৰ ৪ নৱেম্ৱৰত চৰকাৰৰ অন্য়াৰ্য জাননীৰ বিৰুদ্ধে ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ পটলডাঙা মল্লিকবাৰীত ছাত্ৰসকলকৰ এক বিশাল সমাৱেশ সংগঠিত কৰিলে আৰু ইয়াতেই চৰকাৰৰ নিৰ্দেশনা অমান্য় কৰিবলৈ ‘এণ্টি- চাৰ্কুলাৰ ছ’চাইটি’ গঠন কৰিলে।সতীশ চন্দ্ৰ মুখাৰ্জীয়ে ‘ডন ছ’চাইটি’ নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দিয়ে।এই ছ’চাইটিয়ে কাৰ্জনৰ বিশ্ৱবিদ্য়ালয় আইন (১৯০৪) আৰু কাৰ্লাইলৰ জাননী (১৯০৫) সন্দৰ্ভত অসন্তুষ্টি ব্য়ক্ত কৰিছিল। এই বিশিষ্ট নেতাসকলে জাতীয় আধাৰত শিক্ষাৰ ধাৰণা উত্তৰণ কৰিছিল। ১৯০৫ খ্ৰীষ্টাব্দত ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতা আৰু ৰংপুৰত ‘বংগ জাতীয় বিদ্য়ালয়’ নামেৰে দুখন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰে।

ৰবীন্দ্ৰনাথ ঠাকুৰক অনুসৰণ কৰি সমগ্ৰ বংগ প্ৰদেশত বহুতো বিশিষ্ট ব্য়ক্তিয়ে বিভিন্ন বিদ্য়ালয় স্থাপল কৰে। ৰাসবিহাৰী বসুৰ নেতৃত্ৱত ১৯০৬ খ্ৰীষ্টাব্দত কলিকতাৰ টাউন হলত ‘জাতীয় শিক্ষা পৰিষদ’ গঠন হয়। ১৯০৬ খ্ৰীষ্টাব্দৰ ১৫ আগষ্টত বংগ জাতীয় মহাবিদ্য়ালয় স্থাপিত হয়। এনেদৰে স্ৱদেশী আন্দোলনৰ সময়ছোৱাত সৰ্বমুঠ ৬২ খন মাধ্য়মিক আৰু ৩,০০০ খন প্ৰাথমিক বিদ্য়ালয় স্থাপন হয়।

৫। স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল?

উত্তৰঃস্ৱদেশী আন্দোলনে আত্মশক্তি বিকাশৰ উদ্য়ম বৃদ্ধি কৰাৰ ফলত ভাৰতীয় উদ্য়োগৰ বিকাশৰ পথ প্ৰশস্ত হৈছিল। বিদেশী বস্তু বৰ্জনৰ মানসিকতা গঢ়ি উঠাত মানুহে স্থানীয়ভাৱে নিৰ্মিত বস্তৰ প্ৰতি হাবিয়াহ কৰিলে। ইয়াৰ ফলত দেশৰ বিভিন্ন অংশত কেইবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান আৰু বহুতো ক্ষুদ্ৰ উদ্য়োগ গঢ়ি উঠিছিল।এই সময়ছোৱাত প্ৰতিষ্ঠা হোৱা এটা প্ৰতিষ্ঠান আছিল। ‘স্ৱদেশী ভাণ্ডাৰ’ যি পৰৱৰ্তী পৰ্যায়ত এক উল্লেখযোগ্য় বস্ত্ৰ প্ৰতিষ্ঠানত পৰিণত হৈছিল। ইয়াক ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰিছিল। কলিকতাৰ কৰ্ণৱালিছ ষ্ট্ৰীটত সৰল দেৱী চৌধুৰীনিয়ে লক্ষী ভাণ্ডাৰ স্থাপন কৰিছিল। এই সময়ছোৱাতে ‘ইউনাইটেড বেংগল ষ্টোৰছ’ স্থাপিত হৈছিল।

এই সময়ছোৱাত গধুৰ উদ্য়োগ খণ্ডতো কিছুমান পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ১৯০৬ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত নীলৰতন চৰকাৰে ‘বংগলক্ষী কটন মিল’ আৰু আনহাতে ১৯০৬ খ্ৰীষ্টাব্দৰ জুলাই মাহত আচাৰ্য প্ৰফুল্ল ৰায়ে ‘বেংগল কেমিকেলছ’ নামৰ উদ্য়োগটো স্থাপন কৰে। ১৯০৭ খ্ৰীষ্টাব্দত জামছেদপুৰত জামছেদজী টাটাৰ দ্ৱাৰা লৈহ শিল্প কাৰখানাৰ স্থাপন এই ক্ষেত্ৰত অন্য় এক উল্লেখনীয় পদক্ষেপ। ১৯০৫ খ্ৰীষ্টাব্দৰ ১৭ ডিচেম্ৱৰত আৰ চি দাসৰ পৌৰোহিত্য়ত বাৰাণসীত ভাৰতীয় উদ্য়োগ সন্মিলন অনুষ্ঠিত হয়। এনেদৰে, স্ৱদেশী আন্দোলনে দেশৰ ঔদ্য়োগিক বিকাশক অনুপ্ৰাণিত কৰিছিল।

৬। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কাৰ্যসূচী গ্ৰহন কৰিছিল ?

উত্তৰঃ স্ৱদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্য়ে ব্ৰিটিছ চৰকাৰে গ্ৰহণ কৰা আন্দোলনবিৰোধী কাৰ্যসূচীসমূহ হ’ল–

ব্ৰিটিছ চৰকাৰে মুছলমান নেতাসকলক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছিল যাতে তেওঁলোকে ভাৰতীয় কংগ্ৰছৰ পৰা ফালৰি কাটি আহে। কংগ্ৰেছৰ প্ৰতি বিৰোধ কৰাৰ মুছলমানসকলৰ এটা ৰাজনৈতিক দল গঠন কৰিবলৈ তেওঁলোকক উৎসাহিত কৰে। আৰু তেওঁলোকে যথেষ্ট সফল হয়।

ব্ৰিটিছ চৰকাৰে জাতীয় কংগ্ৰছৰ উদাৰপন্থী নেতাসকলক এই আশাতেই বিভিন্ন উপাধি, পদক আৰু পদ যাচিছিল। উদাৰপন্থী কংগ্ৰেছ নেতাসকলক উচ্চ ন্য়ায়ালয়ৰ বিচাৰপতিৰ পদ, ভাইচৰয় পৰিষদৰ সদস্য় পদ, ব্ৰিটিছ সংসদৰ সদস্য়পদ যচা হৈছিল। সুৰেন্দ্ৰ বেনাৰ্জী, গোপাল কৃষ্ণ গোখলে,বিপিন চন্দ্ৰ পাল প্ৰমুখ্য়ে কংগ্ৰেছ নেতাসকলৰ স্থিতি দৃঢ় আছিল আৰু চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ প্ৰাত্য়াখ্য়ান কৰিছিল।

৭। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।

উত্তৰঃস্ৱদেশী আন্দোলনৰ তিনিতা ফলাফল হ’ল—

(ক) জাতীয় সাহিত্য়ৰঃ এই সময়ছোৱাত জাতীয়তাবাদ আৰু দেশভক্তিৰ উদ্য়ম জাগ্ৰত কৰা বহুতো আলোচনী, সংবাদপত্ৰ, গ্ৰন্থ, নাটক, গীত আৰু প্ৰবন্ধ প্ৰকাশিত হৈছিল। এই বিলাকে জাতীয় আন্দোলনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল।অবনীন্দ্ৰনাথ ঠাকুৰৰ উদ্য়োগত ‘বংগীয় কলা সংসদ’ নামৰ জাতীয় অনুষ্ঠানটো স্থাপিত হৈছিল। এই অনুষ্ঠানটোৱে পাশ্চাত্য় প্ৰভাৱমুক্ত ভাৰতীয় চিত্ৰকলাৰ আধাৰ নিৰ্মাণৰ লক্ষ্য় স্থিৰ কৰিছিল।

(খ) মুছলিম লীগৰ প্ৰতিষ্ঠাঃ ব্ৰিটিছ চৰকাৰে ধৰ্ম, জাতি আদিৰ ভিত্তিত ভাৰতীয়সকলৰ মাজত বিভাজন আনিবলৈ প্ৰয়াস কৰিছিল যাতে তেওঁলোকৰ সাম্ৰাজ্য়বাদ অক্ষুণ্ণ থাকে। লৰ্ড কাৰ্জনৰ দ্ৱাৰা প্ৰভাৱান্ৱিত হৈ ভালেসংখ্য়ক মুছলমান নেতাই চৰকাৰৰ বংগ বিভাজনৰ পৰিকল্পনাক আদৰণি জনাইছিল। এই মুছলিম লীগ পৰৱৰ্তী পৰ্যায়ত এক বৃহৎ শক্তিত পৰিণত হয় কিয়নো ভাৰতীয় জাতীয় কংগ্ৰছক দৰ্বল কৰাত ই উল্লেখযোগ্য় ভূমিকা পালন কৰিছিল।

(গ) স্ৱদেশী আন্দোলনত মহিলাৰ অংশগ্ৰহণঃ স্ৱদেশী আন্দোলনত মহিলাসকলক সামাজিক প্ৰতিবন্ধকতা অতিক্ৰম কৰি আন্দোলনত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণীত কৰা হৈছিল। এগৰাকী অগ্ৰণী নাৰী সৰলা দেৱী চৌধুৰানীয়ে বীৰষ্টমী ব্ৰত, প্ৰতাপাদিত্য় উৎসৱ, উদয়াদিত্য় উৎসৱ, ব্য়ায়াম সমিতি আদিতি আদি উৎসৱ – অনুষ্ঠান আয়োজন কৰিছিল। তেওঁ যুৱত – যুৱতীসকলক লাঠীখেল আৰু কুস্তিৰ প্ৰশিক্ষণ দিয়াইছিল আৰু ‘ভাৰতী’ নামৰ এখন পত্ৰিকাৰ সম্পাদনা কৰিছিল অন্য় এক অগ্ৰণী নাৰী ভাগিনী নিবেদিতাই বিভিন্ন সমিতিৰ সৈতে জড়িত হৈ যুৱক – যুৱতীক দেশীয় শিল্পৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ’বলৈ অনুপ্ৰাণিত কৰিছিল।

৮। স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা ।

উত্তৰঃ স্ৱদেশী আন্দোলনৰ তিনিটা অৱদান হৈছেঃ-

(ক) স্ৱদেশী আন্দোলনে ভাৰতবাসীক গণ – আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। দেশৰ বেছিভাগ মানুহেই আনেদোলনত সমৱেত হ’লে যে গণ – আন্দোলনত জয়যুক্ত হোৱাটো সুনিশ্চিত, কথা ভাৰতীযই স্ৱদেশী আন্দোলনৰ যোগেদি আয়ত্ত কৰিব পাৰিছিল.

(খ) স্ৱদেশী আন্দোলনে ভাৰতীয় নাৰীসকলক গণ – আন্দোলনৰ দিশত সবলীকৰণ কৰে। প্ৰফুল্ল চাকীক ফাঁচী দিয়া দিনটোত বংগদেশৰ প্ৰতিটো পৰিয়ালে উপবাস কৰিছিল। তাৰ উপৰিও ‘যুগান্তৰ’ পত্ৰিকাৰ সম্পাদক ভূপেন্দ্ৰনাথ দত্তক পুলিছে কঠোৰ শাস্তি বিহাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ মাতৃ ভুবনেশ্ৱৰী দেৱীয়ে সকলো নাৰীক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্ৱাডন জনাইছিল।

(গ) স্ৱদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্ৱৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। স্ৱদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰোহিত্য়ত অনুষ্ঠিত কলিকতা অধিৱেশনত (১৯০৬) পোনপ্ৰথমে ভাৰতীয়ৰ বাবে স্ৱৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য় কৰিছিল।

চমু টোকা লিখাঃ

(১) কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।

উত্তৰঃ- ৰবীন্দ্ৰনাথ ঠাকুৰক আমাৰ দেশৰ বাবে বংগদেশে যচা এক অন্য়তম ব্য়ক্তি হিচাপে বিবেচনা কৰা হয়। তেওঁ এগৰাকী বিখ্য়াত গীতিকাৰ, নাট্য়কাৰ, কবি, গল্প লেখক, চিত্ৰকৰ, শিক্ষাবিদ, দাৰ্শনিক আৰু বিপ্লৱী ব্য়ক্তি আছিল। যুৱ অৱস্থাত তেওঁ বংগদেশত বিভাজন বিৰোধী আন্দোলন আৰু স্ৱদেশী আন্দোলনৰ সময়ছোৱাত জাতীয়তাবাদৰ উত্থানত যথেষ্ট বৰঙণি আগবঢ়াইছিল। স্ৱদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনাকৰা ২৩ টি গীত ভাৰতীয় সংস্কৃতিৰ সম্পদ হৈ থাকিব। স্ৱদেশী আন্দোলনৰ পটভূমিত ৰবীন্দ্ৰনাথে ৰচনা কৰা এটা বিখ্য়াত প্ৰবন্ধ আছিল ‘ভাই ভাই এক ঠাই’। ‘আমাৰ সোনাৰ বাংলা আমি তোমাকে ভালবাসি’ শীৰ্ষক গীতটিয়ে পৰৱৰ্তী সময়ত স্ৱাধীন বাংলাদেশৰ (১৯৭২) ৰাষ্ট্ৰীয় সংগীত মৰ্যাদা লাভ কৰিছিল।’যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে…..’ৰ দৰে তীব্ৰ জাতীয় আৱেদনময়ী গীতে চিৰকালে জনপ্ৰিয়তা লাভ কৰি থাকিব।

(২) মাৰ্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা)।

উত্তৰঃ-ভাগিনী নিবেদিতা হিচাপে জ্ঞাত মাৰ্গাৰেট এলিজাবেথ নবোলক স্ৱদেশী আন্দোলনৰ সময়ছোৱাৰ এগৰাকী মহিয়সী দাতীয় হিচাপে গণ্য় কৰা হয়। নাৰী আৰু যুৱক – যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙুণি যোগোৱা আন এগৰাকী নাৰী আছিল ভগিনী নিবেদিতা। আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা এইগৰাকী মহীয়সী এইগৰাকী নাৰী আছিল মাৰ্গাৰেট এলিজাবেথ নবোল আৰু হিন্দু ধৰ্মক নিজ ধৰ্ম হিচাপে গ্ৰহণ কৰিছিল। কলিকতাত থকা সময়ত তেওঁ ইয়ংমেন্ছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্ৰতে প্ৰত্য়ক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক – যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্ৱনিৰ্ভৰশীল হ’বলৈ আহ্ৱান জনাইছিল।তেওঁৰ সৰ্বোত্তম অৰিহণাতো এয়ে যে তেওঁ বংগ মাতা’ক ‘ভাৰত মাতা’ৰ ৰূপ প্ৰদান কৰিছিল। এনে প্ৰেক্ষাপটত ভগিনী নিবেদিতা আমাৰ দেশৰ জাতীয় আন্দোলনৰ এগৰাকী চিৰস্মৰণীয় ব্য়ক্তি হিচাপে জ্ঞাত হৈ থাকিব।

(৩) নাবাব ছলিমউল্লা।

উত্তৰঃ- নবাব ছলিমউলাল খানক দেশৰ মুছলমানসকলৰ স্ৱাৰ্থ ৰক্ষাৰ উদ্দেশ্য় ১৯০৬ চলত প্ৰতিষ্ঠা হোৱা মুছলিম লীগৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়। ১৯০৬ খ্ৰীষ্টাব্দৰ ৩০ ডিচেম্বৰ তাৰিখে ঢাকাৰ নবাব ছলিমউল্লাৰ আহবান ক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াই নবাব বিকৰউল মূলকৰ পৌৰোহিত্য়ত ঢাকা ৰাজদৰবাৰত আয়োজিত সভাত অংশগ্ৰহণ কৰিছিল। এই সভাতে ‘সৰ্বভাৰতীয় মুছলিম লীগ’ নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হয়। নবাব ছলিমউল্লাই এই নতুন ৰাজনৈতিক দলটোৰ লক্ষ্য় আৰু উদ্দেশ্য়সমূহ উক্ত সভাতেই ঘোষণা কৰিছিল।ভাৰতীয় সকলে স্ৱদেশী আন্দোলনৰ মাধ্য়মেৰে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰি থকা বাতাবৰণত মুছলমানসকলৰ হৈ নবাব চলিমউল্লাই ব্ৰিটিছসকলৰ প্ৰতি আনুগত্য় প্ৰকাশ কৰাত ভাৰতীয় জাতীয় কংগ্ৰেছ দুৰ্বল হৈ পৰে। ১৯১৫ খ্ৰীষ্টাব্দত ছলিমউল্লাৰ মৃত্য়ুৰ পিছত লীগৰ ৰক্ষণশীল চৰিত্ৰ বৃহৎ পৰিৱৰ্তন সাধন হয়।

(৪) অম্বিকাগিৰি ৰায়চৌধুৰী।

উত্তৰঃ- অম্ৱিকাগিৰি ৰায়চৌধুৰাৰ জন্ম হৈছিল ১৮৮৫ চনত বৰপেটাত। তেখেতে তৃতীয় শ্ৰেণীলৈ পঢ়ি দেশৰ স্ৱাধীনতা আন্দোলত জঁপিয়াই পৰে। ১৯২১ চনত তেওঁক সশ্ৰম কাৰাদণ্ড দিয়া হয়। ১৯৫০ তনত তেখেতে অসম সাহিত্য় সভাৰ মৈৰ্ঘাৰিট অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰে।

ৰায়চৌধুৰীদেৱৰ সাহিত্য় সম্ভাৰ হ’ল— ‘বীণা’, তুমি, ‘আহুতি’, ‘অনুভূতি বেদনাৰ উল্কা’, ‘জয়দ্ৰথ বধ’, ‘ডেকা – ডেকেৰীৰ বেদ’, ‘বন্দো কি ছন্দেৰে’, ‘স্থাপন কৰ’, ‘দেশেই ভগৱান’ ইত্য়াদি। অসম কেশৰী আখ্য়াৰে বিভূষিত এইগৰাকী বিপ্লৱী অম্ৱিকাগিৰি ৰায়চৌধুৰীৰ ১৯৬৭ চনত গুৱাহাটীত মৃত্য়ু হয়।

Answer by Chumi Das