ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল । Chapter 6 | Class 10 Elective Subject Geography Lesson 6 Question and Answer | SEBA Class 10 Elective Subject Geography Chapter 6 Solution | Assamese Medium Class 10 El. Geography Lessom 6 Solution Assam | দশম মান শ্ৰেণীৰ ভূগোল অধ্যায় ৬ ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

ষষ্ঠ অধ্যায়

ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল

১) ভাৰতবৰ্ষৰ এটি চমু পৰিচয় দাঙি ধৰা ।

উত্তৰঃ ভাৰতবৰ্ষ এখন বৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰ ǀ এচিয়া মহাদেশৰ অন্তৰ্গত । পৃথিৱীৰ উত্তৰ গোলার্ধত ভাৰতবৰ্ষ এখন উল্লেখযোগ্য দেশ  ǀএই দেশ বৈচিত্র্যৰে ভৰা । ইয়াৰ জলবায়ু, প্রাকৃতিক পৰিৱেশ আৰু আৰ্থ সামাজিক ভিন্নতাৰ বাবে এই বিচিত্ৰতা পৰিলক্ষিত হয়। দেশখনৰ এফালে যেনেকৈ বৰফেৰে আবৃত হিমালয় অঞ্চলৰ অতি শীতল জলবায়ু অনুভূত হয়, তেনেকৈ ৰাজস্থানৰ দৰে শুকান বালিময় মরু অঞ্চলত অতিপাত গৰম জলবায়ু দেখা যায়। অতিবৃষ্টিৰ ফলত কোনো কোনো অঞ্চলত বানপানী হয় যদিও অন্য কোনো কোনো অঞ্চলত আকৌ অনাবৃষ্টিৰ বাৰে পানীৰ নাটনি হয় ।  দেশখনৰ কিছুমান অঞ্চল চিৰসেউজ গছ-গছনিৰে পৰিপূৰ্ণ হোৱাৰ বিপৰীতে পাত নোহোৱা কাঁইটীয়া জোপোহা গছৰ অঞ্চলো দেশখনত দেখা যায়। সু-উচ্চ পর্বতৰ শিখৰৰ পৰা আৰম্ভ কৰি নিম্ন সমভূমি অঞ্চললৈকে জলবায়ু আৰু উদ্ভিদৰ প্ৰভেদ মন কৰিবলগীয়া। পর্বত, পাহাৰ, মালভূমি, সমভূমি, প্লাৱনভূমি আদি বিভিন্ন ভূ-প্রকৃতিৰে ভাৰতৰ ভূখণ্ড বৈচিত্র্যপূর্ণ। এনে প্রাকৃতিক বৈচিত্র্যই দেশখনত সামাজিক আৰু অর্থনৈতিক পার্থক্যৰো সৃষ্টি কৰিছে ।

২) ভাৰতবৰ্ষৰ অৱস্থিতি আৰু আকাৰ সম্পৰ্কীয় বৈশিষ্ট্যখিনি আলোচনা কৰা।

উত্তৰঃ পৃথিৱীৰ বৃহত্তম মহাদেশ এছিয়াৰ দক্ষিণাংশত ভাৰতবৰ্ষ অৱস্থিত। ইয়াৰ উত্তৰে সু-উচ্চ হিমালয় পৰ্বতমালা আৰু চীন দেশ, দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা, পূবে বঙ্গোপসাগৰ আৰু ম্যানমাৰ আৰু পশ্চিমে আৰৱ সাগৰ আৰু পাৰিস্তান। ভাৰতৰ ভূখণ্ড উত্তৰা-দক্ষিণাকৈ কাশ্মীৰৰ পৰা কুমাৰিকালৈকে আৰু পূবা – পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে বিস্তৃত।

এই দেশ ৮°৪/২৮/ / উত্তৰৰ পৰা ৩৭˚ ১৭/৫৩// উত্তৰ অক্ষৰেখা আৰু ৬৮° ৭/  ৩৩// পূর্বৰ পৰা ৯৭° ২৪/  ৪৭/ পূব দ্রাঘিমাৰেখাৰ মাজত অৱস্থিত। মন কৰিবলগীয়া যে, ২৩১˚২ উত্তৰ অক্ষৰেখা বা কর্কটক্রান্তি ৰেখা ভাৰতৰ সোঁমাজেদি গৈছে। এই ৰেখাই দেশখনক উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত বিভক্ত কৰিছে। ইয়াৰে দক্ষিণৰ ভাগটো পূবে বঙ্গোপসাগৰ আৰু পশ্চিমে আৰব সাগৰৰ মাজত অৱস্থিত।

উত্তৰ-দক্ষিণাকৈ ভাৰতবৰ্ষৰ ভূখণ্ড প্রায় ৩,২১৪ কিল’মিটাৰ আৰু পূর্ব-পশ্চিমাকৈ প্রায় ২, ৯৩৩ কিল’মিটাৰ বিস্তৃত। পূবে বঙ্গোপসাগৰ, পশ্চিমে আৰব সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূ-ভাগে প্রায় ৬,১০০ কিল’মিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে। সুদীর্ঘ উপকূল ৰেখাৰ নিচিনাকৈ ভাৰতৰ ভূখণ্ডই ইয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে স্থলভাগেৰেও সীমাৰেখাৰ সৃষ্টি কৰিছে। পশ্চিমে পাকিস্তান, উত্তৰে চীন, নেপাল আৰু ভুটান, পুবে চীন, দক্ষিণ-পূর্বত ম্যানমাৰ আৰু বাংলাদেশৰ লগত ভাৰতৰ মুঠ স্থলসীমাৰ দৈর্ঘ্য হৈছে ১৫,২০০ কিল’মিটাৰ ǀ

ভাৰতবৰ্ষখন আকাৰত পৃথিৱীৰ দেশসমূহৰ ভিতৰত সপ্তম স্থানত আছে। এই দেশ ব্রিটিছ যুক্তৰাষ্ট্ৰতকৈ ১৩ গুণ আৰু জাপানতকৈ ৪ গুণ ডাঙৰ। ভাৰতবৰ্ষৰ মুঠ মাটিকালি হৈছে ৩২,৮৭,২০০ বর্গ কিল’মিটাৰ। এই দেশে পৃথিৱীৰ মুঠ মাটিকালিৰ ২.২ শতাংশ আগুৰি আছে ǀ

 

৩) ভূ-প্রকৃতিৰ ভিত্তিত ভাৰতক কেইটা অঞ্চলত ভাগ কৰিব পাৰি? চিত্ৰ ৰ সহায়ত বুজাই দিয়া ǀ

উত্তৰঃ ভূ-প্রকৃতিৰ ভিত্তিত ভাৰতক ৪টা  অঞ্চলত ভাগ কৰিব পাৰি ǀ সেই কেইটা হৈছে-

     ১/ উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল

      ২/ উত্তৰ ভাৰতৰ সমভূমি অঞ্চল

       ৩/ দাক্ষিণাত্য মালভূমি অঞ্চল

       ৪/ উপকূল অঞ্চল

৪) ভাৰতৰ ভূ-প্রকৃতিক অঞ্চলসমূহৰ চমু বর্ণনা দিয়া।

উত্তৰঃ ভাৰতৰ ভূ-প্ৰকৃতি অঞ্চলসমূহ হৈছেঃ

(ক) উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চলঃ হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত। এই পৰ্বতৰ বহুতো ঠাল-ঠেঙুলি আছে। হিমালয় আৰু ইয়াৰ ঠাল-ঠেঙুলিবোৰক সামৰি একেলগে হিমালয় পৰ্বতমালা বুলি কোৱা হয়। ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে। ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমা পৰ্যন্ত পূবা-পশ্চিমাকৈ বিস্তৃত হৈ আছে। প্ৰায় ২,৫০০ কিলোমিটাৰ দীঘল আৰু প্ৰায় ২৪০ কি.মি.ৰ পৰা ৫০০ কিলমিটাৰ পৰ্যন্ত বহল এই পাৰ্বত্য অঞ্চলটোৱে প্ৰায় ৫,০০,০০০ বৰ্গ কিলোমিটাৰ মাটিকালি আগুৰি আছে। ইয়াৰউচ্চতা সাগপৃষ্ঠৰ পৰা ৮,০০০ মিটাৰৰো অধিক।

(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলঃ উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্ৰায় ২,৪০০ কিলোমিটাৰ বিস্তৃত। ইয়াক প্ৰধানকৈ সিন্ধু-গঙ্গা-ব্ৰক্ষপুত্ৰ সমভূমি বুলি জনা যায়। সিন্ধু-গঙ্হা সমভূমি অঞ্চলৰ প্ৰস্থ ২৪০ কিলোমিটাৰৰ পৰা ৩২০ কিলোমিটাৰ পৰ্যন্ত যদিও ব্ৰক্ষপুত্ৰ সমভূমিৰ প্ৰস্থ গড়ে মাত্ৰ ৮০ কিলোমিটাৰ। উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্ৰায় ৭,০০,০০০ বৰ্গ কিলোমিটাৰ আগুৰি আছে।

(গ) দাক্ষিণাত্য মালভূমি অঞ্চলঃ উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণে আছে দাক্ষিণাত্য মালভূমি। ই আকৃতিত ত্ৰিভূজ এটাৰ দৰে। এই মালভূমি অঞ্চলটো পুৰণি কঠিন শিলাৰে গঠিত। ইয়াৰ উত্তৰৰ মালৱা মালভূমি আৰু বিন্ধ্য পৰ্বত আৰু উত্তৰ-পূবৰ ছোটানাগপুৰ মালভূমিক সামৰি লৈ এই বিস্তৃত মালভূমি অঞ্চলটো গঠিত হৈছে। বিন্ধ্য, সাতপুৰ, মহাদেৱ আৰু মহাকাল পৰ্বতে এই সমগ্ৰ মালভূমি অঞ্চলটোক উত্তৰ আৰু দক্ষিণ এই দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ অংশটোৰ বিস্তৃতি কম আৰু ইয়াৰ ভিতৰত মালৱা মালভূমি আৰু ছোটানাগপুৰ মালভূমি অৱস্থিত। দক্ষিণৰ অংশটো যথেষ্ট ডাঙৰ।

(ঘ) উপকূল অঞ্চলঃ দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বংগোপসাগৰ আৰু আৰৱ সাগৰৰ পাৰে পাৰে ভাৰতৰ উপকূল অঞ্চল অৱস্থিত। সাগৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৩০ মিটাৰৰ পৰা ৫০ মিটাৰৰ ভিতৰত। ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক। পূব উপকূল অঞ্চলটো এফালে বংগোপসাগৰ আৰু আনফালে পূৰ্বঘাট পৰ্বতশ্ৰেণীৰ মাজত অৱস্থিত। ই গংগা নদীৰ মোহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত। প্ৰায় ১,১০০ কিলোমিটাৰ দীঘল এই উপকূল অঞ্চলটো গড়ে ১২০ কিলোমিটাৰ বহল। ই দক্ষিণ ভাৰতৰ আটাইবিলাক প্ৰধান নদীয়ে সৃষ্টি কৰা সমভূমি আৰু ব-দ্বীপৰ দ্বাৰা গঠিত।

৫) ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যবোৰ চমুকৈ লিখা

উত্তৰঃ ভাৰতবৰ্ষ এখন বিশাল দেশ। ইয়াৰ ভূ-প্ৰকৃতিও ভিন ভিন। দেশখনৰ অঞ্চলভেদে জলবায়ুৰ প্ৰধান উপাদন, যেনে – উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আৰ্দ্ৰতাৰ তাৰতম্য ঘটে। সেইবাবে এই দেশত নানা প্ৰকাৰৰ জলবায়ু অনুভূত হয়। প্ৰধানকৈ দেশখনৰ বিশালতা, বিষুৱৰ পৰা দূৰত্ব বিভিন্ন ভূ-প্ৰকৃতি, উচ্চতাৰ পাৰ্থক্য, সাগৰৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰতেই ইয়াৰ জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে।

অক্ষাংশভেদে ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটাৰ বাবেই জলবায়ুও বেলেগ বেলেগ হয়। ভাৰতৰ প্ৰায় সোঁমাজেদি যোৱা কৰ্কটক্ৰান্তিয়ে দেশখনক উত্তৰ আৰু দক্ষিণ দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ অংশটো সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্ৰীষ্মমণ্ডলত পৰিছে। সেয়েহে সাধাৰণতে উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতত গৰম বেছি।

ভাৰতৰ ভূখণ্ড পৰ্বত-পাহাৰ, মালভূমি, মৰুভূমি, সমভূমি আদি ভূ-প্ৰকৃতিৰে গঠিত। এনে ভূ-প্ৰকৃতিয়েই ঠাইবিলাকৰ মাজত উচ্চতাৰ পাৰ্থক্য আনি দিছে। একে অক্ষাংশত অৱস্থিত হলেও উচ্চতাৰ পাৰ্থক্যৰ বাবে ঠাইসমূহত উত্তাপ, বায়ুৰ আৰু আৰ্দ্ৰতাৰ পৰিমাণ কম-বেছি হয়। ফলত জলবায়ুও বেলেগ বেলেগ হয়।

৬) মৌচুমী বায়ুৱে ভাৰতৰ জলবায়ুৰ ওপৰত কিদৰে প্ৰভাৱ পেলায় -বাখ্যা কৰা ǀ

উত্তৰঃ ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। বছৰৰ ভিন ভিন ঋতুত বিশেষকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে। গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্ৰৱাহিত হয়। দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰৱাহিত হৈ ভাৰতত সোমায়। এই বতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ-পশ্চিম মৌচুমী বতাহ বোলে। আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাপ কঢ়িয়াই অনা এই বতাহে প্ৰথমে পশ্চিমঘাট পৰ্বতত বাধা পায়। তেতিয়া ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে। এইদৰে পশ্চিম উপকূল অঞ্চলৰ কংকন আৰু মালাৱাৰ উপকূলত বছৰি ৩০০ চেণ্চিমিটাৰতকৈ অধিক বৰষুণ হয়। মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি প্ৰায় ১,২৫০ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। এই দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয়। উত্তৰ-পূব মৌচুমী বতাহ শীতকালত বলে। এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ-পূব দিশেৰে ভাৰতলৈ প্ৰৱাহিত হয় বাবে ইয়াক উত্তৰ-পূব মৌচুমী বতাহ বোলে।

৭) কি কি প্ৰকাৰৰ উদ্ভিদ ভাৰতবৰ্ষত পোৱা যায় ? চিত্র আঁকি উল্লেখ কৰা ǀ

উত্তৰঃ ভাৰতবৰ্ষত তলত দিয়া উদ্ভিদবোৰৰ পোৱা যায়।

১/ চিৰসেউজীয়া উদ্ভিদ

২/মৌচুমীয় উদ্ভিদ

৩/ কাইটীয়া মৰু উদ্ভিদ

৪/ তৃণজাতীয় উদ্ভিদ

৫/ ব-দ্বীপীয় উদ্ভিদ

৬/ পাৰ্বত্য উদ্ভিদ

৮) ভাৰতত পোৱা উদ্ভিদৰ প্ৰকাৰবোৰ আলোচনা কৰা ।

উত্তৰঃ ভাৰতবৰ্ষৰ উদ্ভিদসমূহক সাধাৰণতে ছয় ভাগত ভগাব পাৰি : চিৰসেউজীয়া উদ্ভিদ, মৌচুমীয় উদ্ভিদ, কাঁইটীয়া মৰু উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, ব-দ্বীপীয় উদ্ভিদ আৰু  পার্বত্য উদ্ভিদ।

চিৰসেউজীয়া উদ্ভিদঃ যি অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ ২০০ চেণ্টিমিটাৰতকৈ অধিক আৰু বাৰ্ষিক গড় উত্তাপ ২৫° চেঃ ৰ পৰা ২৭° চেঃ, তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ দেখা যায়।চিৰ সেউজীয়া বননি সাধাৰণতে ওখ গছ-গছনিৰ সমষ্টি। এনে বনে ডাঠ অৰণ্য সৃষ্টি কৰিছে। ইয়াৰ গছবিলাক ৪৫ মিটাৰ পৰ্যন্ত ওখ হয়। ওখ গছৰ উপৰি, বেত, বাঁহ, ঢেঁকীয়া আৰু লতাজাতীয় চাপৰ উদ্ভিদো দেখা যায়। বছৰৰ কোনো ঋতুতে এইবিলাকৰ পাত নসৰে। সেয়েহে ইহঁতক চিৰসেউজীয়া উদ্ভিদ বোলা হয়।

মৌচুমীয় উদ্ভিদঃ মৌচুমীয় উদ্ভিদ ভাতৰত অধিকাংশ ঠাইত পোৱা যায়। বাৰ্যিক ১০০ চেণ্টিমিটাৰৰ পৰা ২০০ চেণ্টিমিটাৰ বৰষুণ হোৱা আৰু গড়ে প্ৰায় ২৭° চেঃ উত্তাপযুক্ত অঞ্চলত এনেবিধ উদ্ভিদ পোৱা যায়। মৌচুমী অঞ্চলত শীতকালত বৰষুণ কম হয় আৰু উত্তাপো কমি যায়। গতিকে মাটি শুকান হৈ পৰে। সেয়েহে শীতকালত সাধাৰণতে এই গছবিলাকৰ পত সৰি যায়। শাল, চেগুন, চিৰিচ, অৰ্জুন, শিমলু আৰু বিভিন্ন প্ৰজাতিৰ বাঁহ মৌচুমীয় অৰণ্যৰ প্ৰধান উদ্ভিদ।

কাঁইটীয়া মৰু উদ্ভিদঃ সাধাৰণতে বছৰি ৫০ চেণ্টিমিটাৰতকৈ কম বৰষুণ হোৱা মৰুভূমি বা মৰুপ্ৰায় অঞ্চলত কাঁইটীয়া জোপোহা উদ্ভিদ জন্মে। এনে অঞ্চলত উত্তাপ বেছি আৰু ইয়াৰ মাটিভাগ বালিয়া। ইয়াত উদ্ভিদৰ বাবে প্ৰয়োজনীয় পানীৰ অভাৱ। এনে অৱস্থাত বৰ্তি থাকিবলৈ উদ্ভিদৰ পাতবোৰ বহল নহৈ গোটা আৰু কাঁইটীয়া হয়। এই জাতীয় উদ্ভিদ বিশেষকৈ ৰাজস্থানৰ পশ্চিমাংশৰ থৰ মৰুভূমি আৰু পঞ্জাৱৰ দক্ষিণ-পশ্চিম অঞ্চলত পোৱা যায়। একাচিয়া, বিভিনন প্ৰকাৰৰ কেকটাছ, খেজুৰ, বগৰী আদি মৰু অঞ্চলকৰ প্ৰধান উদ্ভিদ।

তৃণজাতীয় উদ্ভিদঃ উত্তৰ আমেৰিকাৰ প্ৰেইৰী আৰু আফ্ৰিকা মহাদেশৰ ছাভানা তৃণভূমিৰ দৰে বিস্তৃত তৃণভূমি ভাৰতত অৱশ্যে পোৱা নাযায়। কিন্ত যিবিলাক অঞ্চলত বছৰি ৫০ চেণ্টিমিটাৰৰ পৰা ১০০ চেণ্টিমিটাৰ বৰষুণ হয় দেশখনৰ তেনে অঞ্চলবিলাকত তৃণজাতীয় উদ্ভিদ দেখা যায়। এনে উদ্ভিদৰ ভিতৰত চাপৰ জোপোহা গছ, ঘাঁহ আৰু কাঁইটীয়া গছ-বনেই প্ৰধান। হিমালয়ৰ নামনিভাগৰ তৰাই অঞ্চলৰ সেমেকা পৰিৱেশতো নল, খাগৰি, ইকৰা আদি ঘাঁহজাতীয় উদ্ভিদ জন্মে। এই ঘাঁহবোৰ ২-৩ মিটাৰমান ওখ হয়। ইহঁতৰ মাজে মাজে অৱশ্যে খয়েৰ, শিমলু আদি গছো দেখা যায়।

ব-দ্বীপীয় উদ্ভিদঃ এই বিধ উদ্ভিদ প্ৰধানকৈ সমুদ্ৰৰ তীৰভূমিৰ ব-দ্বীপ অঞ্চলত পোৱা যায়। সাগৰৰ পানীৰ লৱণতা সত্ত্বেও জোৱাৰৰ ফলত জমা হোৱা গেদ আৰু নদীয়ে জমা কৰা পলসুৱা মাটিৰ বাবেই উপকূল অঞ্চলৰ ঠাইবিশেষে এই উদ্ভিদ জন্মে। এই উদ্ভিদ প্ৰধানকৈ কচ্ছ্ উপসাগৰৰ উপকূল অঞ্চলত, গংগা-ব্ৰক্ষপুত্ৰৰ ব-দ্বীপ অঞ্চলত পোৱা যায়। ব-দ্বীপীয় উদ্ভিদৰ ভিতৰত সুন্দৰী, তাল আৰু নাৰিকল আদি গছেই প্ৰধান।

পাৰ্বত্য উদ্ভিদঃ ভাৰতবৰ্ষত  পাৰ্বত্য এলেকাবোৰত উচ্চতা অনুসৰি বেলেগ বেলেগ উদ্ভিদ দেখিবলৈ পোৱা যায় ǀ বহিঃ হিমালয়ৰ ছিলিক পর্বতকে ধৰি গড়ে ১,০০০ মিটাৰ উচ্চতাৰ চাপৰ পর্বতমালা ডাঠ মৌচুমীয় অৰণেৰে আবৃত। ইয়াত শাল গছকে ধৰি ভালেমান মূল্যবান গছ আছে। এই অঞ্চলত বাঁহজাতীয় উদ্ভিদ বেছিকৈ দেখা যায় ǀ ইয়াৰ ঠিক উত্তৰৰ ১,০০০ মিটাৰৰ পৰা ২,০০০ মিটাৰ উচ্চতাৰ পার্বত্য অঞ্চলত বহল পাতৰ ওক আৰু সৰলজাতীয় চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। উত্তৰ-পূৰ্বাঞ্চলৰ পার্বত্য অঞ্চলত অৱশ্যে সৰল গছ বেছিকৈ দেখা যায়। তাৰোপৰি ১,৬০০ মিটাৰৰ পৰা ৩,০০০ মিটাৰ উচ্চতাত কাশ্মীৰ, হিমাচল প্রদেশ, উত্তৰাঞ্চল, দার্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেবদাৰুকে ধৰি বিভিন্ন প্রজাতিৰ সৰল গছৰ অৰণ্য আছে। ইয়াতকৈ অধিক উচ্চতাৰ পার্বত্য অঞ্চলত কেৱল আল্পীয় উদ্ভিদহে গজে।

৯) ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে এটি টোকা লিখা ǀ

উত্তৰঃ ভাৰত পৃথিৱীৰ ভিতৰতে দ্বিতীয় বৃহৎ জনবহুল দেশ। ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা হৈছে ১,০২,৭০,১৫,২৮৯ জন। এই জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্রায় ১৬ % । সময়ৰ লগে লগে ভাৰতৰ জনসংখ্যাৰ পৰিমাণৰ ক্ষেত্ৰত যথেষ্ঠ পৰিবৰ্তন দেখা গৈছে । যোৱা কুৰি শতিকাৰ আৰম্ভণিৰ পৰা চলিত শতিকাৰ আৰম্ভণিলৈকে অর্থাৎ ১৯০১ চনৰ পৰা ২০০১ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা বহুগুণে বৃদ্ধি পাইছে । ১৯০১ চনত ভাৰতৰ জনসংখ্যা আছিল ২৩.৮৪ কোটি আৰু এই জনসংখ্যা দ্রুতহাৰত বৃদ্ধি হৈ ২০০১ চনত হ’লগৈ ১০২.৭ কোটি । অৱশ্যে, কেৱল ১৯১১–২১ চনৰ দশকটোৰ ভিতৰত জনসংখ্যা বৃদ্ধি হোৱাৰ বিপৰীতে জনসংখ্যা সামান্যভাৱে হ্রাস পাইছিল। জনসংখ্যা হ্রাস- বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে জন্ম-মৃত্যুৰ হাৰ আৰু জনপ্ৰব্ৰজন। সেইদৰে অন্য দেশৰ পৰা ভাৰতলৈ জনপ্ৰব্ৰজন হোৱাৰ ফলতো জনসংখ্যা বৃদ্ধি পায়।  বিশেষকৈ স্বাধীনতাৰ পিছৰ পৰা ভাৰতৰ জনসংখ্যা দ্রুত ঘতিৰে বৃদ্ধি পাইছে। পৃথিৱীৰ উন্নত দেশসমূহৰ তুলনাত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি। জনসংখ্যা দ্রুতিগতিৰে বৃদ্ধি পোৱাৰ ফলতেই ভাৰত পৃথিৱীৰ দ্বিতীয় বৃহৎ জনসংখ্যাৰ দেশ বুলি খ্যাত হৈছে। 

১০) জনসংখ্যাৰ বিতৰণ ভাৰতৰ সকলো ঠাইতে কিয় সমান নহয়— ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতত ৰাজ্যভেদে জনসংখ্যাৰ বিতৰণ বেলেগ বেলেগ। যিবিলাক ৰাজ্য যাতায়াত, ব্যৱসায়-বাণিজ্য আৰু শিল্প উদ্যোগত আগবঢ়া সেইবিলাকত জনসংখ্যা ঘনত্ব সাধাৰণতে বেছি। উদাহৰণস্বৰূপে – ভাৰতৰ পশ্চিমাংশত অৱস্থিত ৰাজস্থানৰ খৰাং মৰুভূমি অঞ্চল বসবাসৰ অনুপযোগী হোৱা বাবে তাত জনবসতি তেনেই পাতল। সেইদৰে উত্তৰৰ বৰফাবৃত হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণ ভাৰতৰ পশ্চিমঘাট পর্বৰ্তৰ মধ্য আৰু দক্ষিণাংশত প্রতিকূল প্রাকৃতিক অৱস্থাৰ কাৰণে জনসংখ্যাৰ ঘনত্ব যথেষ্ট কম। গংগা-ব্রহ্মপুত্র উপত্যকাকে ধৰি দেশৰ আন আন নদী উপত্যকাসমূহত স্বাভাৱিকতে জনসংখ্যা ঘনত্ব বেছি। এই নদী- উপত্যকাসমূহত বিশেষকৈ সাৰুৱা সমতলভূমি সুচল যাতায়াত ব্যৱস্থা আৰু উন্নত অর্থনৈতিক অৱস্থাৰ বাবে জনসাধাৰণে জীৱন ধাৰণৰ প্ৰয়োজনীয়। সা-সুবিধাবোৰ সহজে লাভ কৰিব পাৰিছে।সেইদৰে উত্তৰৰ বৰফাবৃত হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণ ভাৰতৰ পশ্চিমঘাট পর্বৰ্তৰ মধ্য আৰু দক্ষিণাংশত প্রতিকূল প্রাকৃতিক অৱস্থাৰ কাৰণে জনসংখ্যাৰ ঘনত্ব যথেষ্ট কম। ১৯৯১ চনৰ লোকপিয়ল মতে দেশখনৰ জনসংখ্যাৰ ২৫.৭ শতাংশ লোক নগৰত আৰু ৭৪.৩ শতাংশ লোক গাওঁত বাস কৰে ǀ ২০০১ চনৰ লোকপিয়ল মতে  ভাৰতৰ উত্তৰ প্ৰদেশ (১৬.৬ কোটি) ভাৰতৰ  সৰ্বাধিক জনবহুল ৰাজ্য হোৱাৰ বিপৰীতে ৬০ হাজাৰ জনসংখ্যাৰে লাক্ষা দ্বীপেই কম জনসংখ্যাৰ ৰাজ্য ǀ

১১) ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিদৰে ভিন ভিন হৈছে আলোচনা কৰা ǀ

উত্তৰঃ ভাৰতবৰ্ষৰ সকলো ঠাইতে জনবসতি সমান নহয়। কোনো অঞ্চলত জনবসতি ঘন অর্থাৎ জনসংখ্যা বেছি আৰু কোনো ঠাইত জনবসতি সেৰেঙা, অর্থাৎ জনসংখ্যা কম।  ২০০১ চনৰ লোকপিয়ল অনুযায়ী গড় হিচাপে ভাৰতবৰ্ষৰ জনসংখ্যা ঘনত্ব হৈছে প্রতি বর্গ কিল’মিটাৰত ৩২৪ জন অর্থাৎ প্রতি বর্গ কি. মি. মাটিকালিত গড়ে ৩২৪ জন লোকে বাস কৰে। দেশৰ জনসংখ্যা সকলো ঠাইতে সমান নহয় বাবে জনসংখ্যা ঘনত্বৰে তাৰতম্য হোৱা দেখা যায়। সাধাৰণতে যিবিলাক অঞ্চলৰ প্রাকৃতিক পৰিৱেশ অনুকূল নহয় অথবা অর্থনৈতিক আৰু যাতায়াত ব্যৱস্থা উন্নত নহয় সেইবিলাক অঞ্চলতে জনবসতি সেৰেঙা হয়। ভাৰতৰ পশ্চিমাংশত অৱস্থিত ৰাজস্থানৰ খৰাং মৰুভূমি অঞ্চল বসবাসৰ অনুপযোগী হোৱা বাবে তাত জনবসতি তেনেই পাতল। সেইদৰে উত্তৰৰ বৰফাবৃত হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণ ভাৰতৰ পশ্চিমঘাট পর্বৰ্তৰ মধ্য আৰু দক্ষিণাংশত প্রতিকূল প্রাকৃতিক অৱস্থাৰ কাৰণে জনসংখ্যাৰ ঘনত্ব যথেষ্ট কম। কিন্তু ইয়াৰ বিপৰীতে সাৰুৱা সমতল অঞ্চলত প্ৰধানকৈ সুচল যাতায়াত ব্যৱস্থা আৰু কৃষিকাৰ্যৰ সুবিধাৰ বাবে জনবসতি ঘন। সেয়েহে গংগা-ব্রহ্মপুত্র উপত্যকাকে ধৰি দেশৰ আন আন নদী উপত্যকাসমূহত স্বাভাৱিকতে জনসংখ্যা ঘনত্ব বেছি। 

১২) ভাৰতৰ নগৰীয়া জনসংখ্যাৰ এটি চমু আভাষ দিয়া আৰু লগতে কেইখনমান প্রধান চহৰৰ নগরীয়া জনসংখ্যা বৃদ্ধিৰ তথ্য দাঙি ধৰা।উত্তৰঃ 

উত্তৰঃ যিকোনো দেশ বা ৰাজ্যত নগৰ আৰু চহৰ অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব বিশেষভাৱে বৃদ্ধি পোৱা দেখা যায় আৰু ইয়াৰ কাৰণ সুচল যাতায়াতৰ ব্যৱস্থা, ঔদ্যোগিক উন্নয়ন আৰু নগৰীকৰণকেই বুলিব পাৰি ǀ ভাৰতৰ নগৰীয়া জনসংখ্যা (১৯৯১ চনত) মুঠ জনসংখ্যাৰ ২৫.৭ শতাংশ আছিল। অর্থাৎ দেশখনৰ জনসংখ্যাৰ ২৫.৭ শতাংশ লোকে নগৰত আৰু বাকী ৭৪.৩ শতাংশ লোকে গাঁৱত বাস কৰে। মন কৰিবলগীয়া যে, প্রতি বছৰে ভাৰতত নগৰীয়া লোকৰ সংখ্যা বাঢ়ি যোৱাৰ ফলত নগৰ চহৰৰ সংখ্যাও বাঢ়ি গৈছে। যোৱা ১৯৮১ চনত ভাৰতত নগৰ-চহৰৰ সংখ্যা আছিল ৩,২৪৫ খন আৰু ১৯৯১ চনতএই সংখ্যা বাঢ়ি গৈ ৩,৭৬৮ খন হয়। ইয়াৰ ভিতৰত ১ নিযুত বা ততোধিক জনসংখ্যা থকা বৃহৎ চহৰৰ সংখ্যা হৈছে ২৩ খন। ভাৰতৰ বৃহৎ চহৰসমূহৰ ভিতৰত আকৌ মুম্বাই, কলকতা, দিল্লী আৰু চেন্নাই অতি জনবহুল মহানগৰী। ২ নং তালিকাত জনসংখ্যাৰ হিচাপত দেশৰ প্ৰথম দহখন। 

১৩) ভাৰতৰ প্ৰধান কৃষি অঞ্চলকেইটাৰ বৈশিষ্ট আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ প্ৰধান কৃষি অঞ্চলকেইটাক ৭টা ভাগত ভাগ কৰিব পাৰি ǀ সেই কেইটা হৈছে-

(ক) ফলমূল আৰু শাক-পাচলি কৃষি অঞ্চলঃ এই অঞ্চলটো কাশ্মীৰৰ পৰা উত্ত-পূব পৰ্যন্ত বিস্তৃত। ইয়াৰ উত্তৰ পশ্চিম অংশত বাৰ্ষিক বৃষ্টিপাত ৬০ ছে. মিটাৰৰো কম হয় আৰু পূব অংশত ২০০ ছে. মিটাৰ পৰ্যন্ত হয়। পশ্চিম হিমালয়ৰ পাহাৰীয়া অঞ্চলত নাতিশীতোষ্ণ ফলমূল যেনে-আপেল, নৰা বগৰী, চেৰী বগৰী, এপ্ৰিকট আদিৰ খেতি হয়। পূব হিমালয় অঞ্চলত ফলৰ ভিতৰত প্ৰধানকৈ সুমথিৰা আৰু শাক-পাচলিৰ ভিতৰত আলু, জলকীয়া আৰু ভিন ভিন শাক-পাচলি উৎপন্ন হয়।

(খ) ধান-মৰাপাট-চাহ কৃষি অঞ্চলঃ এই অঞ্চলটোৱে অসম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মেঘালয়, পশ্চিম বংগ, উৰিষ্যা, বিহাৰৰ উত্তৰ আৰু পূব অংশ আৰু উত্তৰ প্ৰদেশৰ তৰাই অঞ্চলক সামৰি লৈছে। এই সমগ্ৰ অঞ্চলটোত বিস্তৃৰ্ণ নিম্ন সমভূমি, নদীৰ ব-দ্বীপ আৰু উপত্যকাসমূহ আছে, যত কৃষিৰ উপযোগী পলসুৱা মাটি পোৱা যায়। ইয়াত বৰষুণ প্ৰায় ১৮০ ছে, মিটাৰৰ পৰা ২৫০ ছে, মিটাৰ পৰ্যন্ত হয়। মূলতঃ ইয়াত দক্ষিণ-পশ্চিম মৌচুমীৰ ফলত বৰষুণ হয়। পলসুৱা মাটি, প্ৰচুৰ বৃষ্টিপাত আৰু গ্ৰীষ্মকালৰ উচ্চ উত্তাপৰ বাবে এই অঞ্চলটোত প্ৰচুৰ ধান উৎপাদন হয়।

(গ) ঘেহু আৰু কুঁহিয়াৰ কৃষি অঞ্চলঃ বিহাৰৰ উত্তৰ অংশ, উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, মধ্যপ্ৰদেশৰ পশ্চিমাঞ্চল, আৰু ৰাজস্থানৰ উত্তৰ পূৰ্বাঞ্চল এই কৃষি অঞ্চলটোৰ অন্তৰ্গত। এই অঞ্চলৰ মাটি পলসুৱা যদিও ঠায়ে ঠায়ে কলা আৰু ৰঙা মাটিও পোৱা যায়। মধ্যম পৰিমাণৰ বৰষুণ হয় যদিও এই অঞ্চলৰ শুকান ঠাইবোৰত জলসিঞ্চনৰ সহায়ত কৃষিকাৰ্য কৰা হয়। এই কৃষি অঞ্চলটোৰ প্ৰধান শস্য হৈছে ঘেহু আৰু কুঁহিয়াৰ। অৱশ্যে ইয়াত ধানৰ খেতিও হয়। ঘেহু আৰু কুঁহিয়াৰৰ উপৰি এই কৃষি অঞ্চলটোত মাকৈ আৰু বিভিন্ন মাহজাতীয় শস্যৰ খেতি হয়।

(ঘ) মিলেট আৰু তেলগুটি শস্য অঞ্চলঃ এই কৃষি অঞ্চলটোৱে কৰ্ণাটক মালভূমি, তামিলনাডুৰ কিছু অংশ, অন্ধ্ৰপ্ৰদেশৰ দক্ষিণাঞ্চল আৰু কেৰেলাৰ পূব অংশ সামৰি লৈছে। এই অঞ্চলটোত তুলনামূলকভাৱে কম সাৰুৱা মাটি আৰু ভগ্ন ভূপ্ৰকৃতি আছে। তাৰোপৰি ইয়াত বৰষুণৰ পৰিমাণ কম, প্ৰায় ৭৫ ছে, মিটাৰৰ পৰা ১২৫ ছে. মিটাৰ বৰষুণ হয়। ইয়াৰ উৎপন্ন হোৱা মিলেটৰ ভিতৰত আছে বজ্ ৰা, ৰাগী আৰু জোৱাৰ। আনহাতে তেল গুটি শস্যৰ ভিতৰত বাদাম, সৰিয়হ আৰু অন্যান্য মাহজাতীয় শস্যই প্ৰধান। অৱশ্যে এই অঞ্চলত আম আৰু কলৰ খেতিও ব্যাপকভাবে কৰা হয়।

(ঙ) মাকৈ আৰু মোটা দানাযুক্ত শস্য-অঞ্চলঃ এই কৃষি অঞ্চলটোৰ ভিতৰত আছে পশ্চিম ৰাজস্থান আৰু উত্তৰ গুজৰাটৰ অৰ্দ্ধ-মৰু আৰু মৰু অঞ্চলবোৰ। এই অঞ্চলৰ পূব অংশত কিছু পলসুৱা মাটি পোৱা যায় যদিও পশ্চিম অংশ বালিময়। বৰষুণ ৫০ ছে. মিটাৰৰো কম হয়। জলসিঞ্চনৰ সহায়ত কৃষিকাৰ্য্য কৰা হয়। ইয়াৰ মেৱাৰ মালভূমিত প্ৰধানকৈ মাকৈৰ খেতি হয় যদিও ঘেহু আৰু ৰাগী শস্যৰ খেতিও কৰা হয়। আনহাতে অঞ্চলটোৰ দক্ষিণ অংশত কপাহ, কুঁহিয়াৰ আৰু লগতে ধানৰ খেতি কৰা হয়।

(চ) কপাহ কৃষি অঞ্চলঃ ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ উত্তৰ-পশ্চিম অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত। ইয়াৰ নদী-উপত্যকা অঞ্চলবোৰ কলা মাটিৰে আবৃত হৈ আছে আৰু এই কলা মাটি কপাহ খেতিৰ বাবে অতি উত্তম। এই কৃষি অঞ্চলটোৱে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ অঞ্চল বিশেষক সামৰি লৈছে। এই অঞ্চলটো এটা বৃষ্টিছায়া অঞ্চল যত বাৰ্ষিক বৃষ্টিপাত ৭৫ ছে. মিটাৰৰ পৰা ১০০ ছে. মিটাৰ হয়। এই অঞ্চলটোক কপাহ খেতিৰ অঞ্চল বুলি কোৱা হয় যদিও ইয়াত জোৱাৰ, বজ্ ৰা, বুটমাহ, কুঁহিয়াৰ আৰু ঘেহু আদি শস্যৰ খেতিও ঠায়ে ঠায়ে কৰা হয়।

(ছ) মছলাজাতীয় আৰু ৰোপন শস্য অঞ্চলঃ এই কৃষি অঞ্চলটোৱে পূব আৰু পশ্চিম উপকূলীয় সমভূমি, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপক সামৰি লৈছে। অঞ্চলটোত প্ৰচুৰ বৃষ্টিপাত হয়। বাৰ্ষিক গড়ে ২৫০ ছে. মিটাৰৰো অধিক। ইয়াত উৎপন্ন হোৱা মছলাজাতীয় আৰু ৰোপণ শস্যৰ ভিতৰত কফি, ৰবৰ, টপিঅকো, জালুক আৰু ইলাছি প্ৰধান।

১৪) ভাৰতৰ প্ৰধান শিল্প অঞ্চলকেইটা মানচিত্ৰত চিহ্নিত কৰি প্ৰত্যেকটো অঞ্চলৰে চমু বৰ্ণনা দিয়া

উত্তৰঃ 

(ক) হুগলী শিল্প অঞ্চলঃ হুগলী শিল্প অঞ্চলটো হুগলী নদীৰ পাৰত গঢ় লৈ উঠিছে। ইয়াত কলকতা আৰু ইয়াত সংলগ্ন হাওৰা চহৰ অন্তৰ্ভুক্ত হৈছে। অঞ্চলটোৰ প্ৰধান উদ্যোগ কেন্দ্ৰবোৰ হৈছে – নয়াহাটী, জগতদল, চামনগৰ, ত্ৰিবেণী, বেলুৰ, লিলুৱাহ, আনদুল ইত্যাদি। এই শিল্প অঞ্চলটো বৃটিছ শাসনৰ সময়ৰ পৰাই গঢ়ি উঠিছে। ইয়াৰ মৰাপাট আৰু ইঞ্জিনিয়াৰিং উদ্যোগবোৰ কেঁচামালৰ অভাৱৰ সন্মুখীন হয়। লগতে শ্ৰমিক আন্দোলন, শক্তি যোগানৰ সমস্যা আৰু মূলধনৰ অভাৱৰ ফলত এই শিল্প অঞ্চলটোৰ উন্নতি আশা কৰা মতে হোৱা নাই।

(খ) মুম্বাই – পুণা শিল্প অঞ্চলঃ এই শিল্প অঞ্চলটো বস্ত্ৰ শিল্পক কেন্দ্ৰ কৰি গঠি উঠিছে। বস্ত্ৰ শিল্পৰ প্ৰধান কেন্দ্ৰসমূহ, যেনে-মুম্বাই, ভিলে পাৰলে, থানে, ভানদুপ আৰু পুণা এই অঞ্চলত অৱস্থিত। এই অঞ্চলৰ উদ্যোগসমূহ ভাৰত বিভাজনৰ পিছত কেঁচা মাল কপাহৰ অভাৱত পৰে। কিন্ত অঞ্চলটোত পেট্ৰোলিয়াম থকাৰ বাবে ইয়াত পেট্ৰোলিয়াম ভিত্তিক ৰাসায়নিক উদ্যোগ, কৃত্ৰিম সুতা প্ৰস্তত কৰা উদ্যোগ আদি গঢ় লৈ উঠিব পাৰিছে। পুণা বৰ্তমান ৰাসায়নিক আৰু যন্ত্ৰপাতি নিৰ্মাণকাৰী উদ্যোগৰ প্ৰধান কেন্দ্ৰ হৈ পৰিছে। মূলধনৰ অভাব আৰু শ্ৰমিকৰ সমস্যা নথকা হেতুকে অঞ্চলটোত ভিন্নমুখী অভাব আৰু শ্ৰমিকৰ সমস্যা নথকা হেতুকে অঞ্চলটোত ভিন্নমুখী উদ্যোগ গঢ়ি উঠিব পাৰিছে।

(গ) আহমেদাবাদ-চুৰাট শিল্প অঞ্চলঃ আহমেদাবাদ-চুৰাট শিল্প অঞ্চলটোৱে দ্ৰুত বিকাশ লাভ কৰিছে। ইয়াত পেট্ৰো-কেমিকেল, ৰাসায়নিক সাৰ, কৃত্ৰিম আঁহজাতীয় বস্ত, অন্যান্য ৰাসায়নিক দ্ৰব্য আৰু বস্ত্ৰ তৈয়াৰ কৰা উদ্যোগেই প্ৰধান। আদিতে এই শিল্প অঞ্চলটো বস্ত্ৰ উদ্যোগৰ ালমতে গঢ় লৈ উঠিছিল যদিও পিছলৈ ইয়াত পোৱা প্ৰাকৃতিক গেছ আৰু তেলৰ বাবে ভালেমান ৰাসায়নিক কল-কাৰখানা স্থাপন কৰা হয়।

(ঘ) মাদুৰাই-কইম্বাতোৰ-বাংগালোৰ শিল্প অঞ্চলঃ এই অঞ্চলটোও বস্ত্ৰ উদ্যোগৰ বাবে বিখ্যাত। কিন্ত বস্ত্ৰ উদ্যোগসমূহৰ উপৰি চৰকাৰী পৃষ্ঠপোষকতাত গঢ়ি উঠা যন্ত্ৰপাতি উদ্যোগ, ভাৰতীয় টেলিফোন উদ্যোগ, বিমান উদ্যোগ আদিৰ বাবে অঞ্চলটো শিল্পৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিছে।

(ঙ) চোটানাগপুৰ শিল্প অঞ্চলঃ চোটানাগপুৰ মালভূমি অঞ্চলত পোৱা খনিজ পৰ্দাথসূহৰ ভিত্তিত ভালেমান উদ্যোগ এই অঞ্চলটোত গঢ় লৈ উঠিছে। খনিজ পদাৰ্থৰ খনন উদ্যোগ, ধাতু উদ্যোগ, ইঞ্জিনিয়াৰিং উদ্যোগ আৰু ৰাসায়নিক উদ্যোগ আদি এই অঞ্চলৰ প্ৰধান উদ্যোগ।

১৫) চমু টোকা লিখা ǀ

(ক) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল  

উত্তৰঃ উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্ৰায় ২,৪০০ কিলোমিটাৰ বিস্তৃত। ইয়াক প্ৰধানকৈ সিন্ধু-গঙ্গা-ব্ৰক্ষপুত্ৰ সমভূমি বুলি জনা যায়। এই সমভূমি অঞ্চলৰ প্ৰস্থ ঠাইভেদে বেলেগ বেলেগ হোৱা দেখা যায়। সিন্ধু-গঙ্গা সমভূমি অঞ্চলৰ প্ৰস্থ ২৪০ কিলোমিটাৰ পৰা ৩২০ কিলোমিটাৰ পৰ্যন্ত যদিও ব্ৰক্ষপুত্ৰ সমভূমিৰ প্ৰস্থ গড়ে মাত্ৰ ৮০ কিলোমিটাৰ। উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্ৰায় ৭,০০,০০০ বৰ্গ কিলোমিটাৰ আগুৰি আছে।

(খ) ভাৰতীয় অৰ্থনীতিত কৃষিৰ গুৰুত্ব 

উত্তৰঃ ভাৰতবর্ষ এখন কৃষি প্রধান দেশ। এইদেশৰ বিস্তৃত সমভূমি অঞ্চল, সাৰুৱা মাটি আৰু অনুকূল জলবায়ু কৃষিৰ বাবে উপযোগী। সেয়েহে কৃষি ভাৰতীয়সকলৰ প্রধান জীৱিকা হৈ পৰিছে। ভাৰতৰ অর্থনীতি মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল। দেশখনৰ দুই-তৃতীয়াংশৰো অধিক লোকে কৃষিকে প্রধান জীৱিকা হিচাপে লৈ জীৱন নির্বাহ কৰি আছে। দেশৰ জাতীয় আয়ৰ ক্ষেত্ৰত কৃষিয়ে উল্লেখযোগ্য অৰিহণা যোগাইছে। কৃষিয়ে দেশৰ বৰ্দ্ধিত জনসংখ্যাৰ বাবে খাদ্য-শস্য যোগান ধৰাৰ উপৰিও উদ্যোগসমূহৰ বাবে কেঁচামালৰো যোগান ধৰি আহিছে। তাৰোপৰি কৃষিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা উদ্যোগসমূহত ভালেসংখ্যক নিবনুৱাই নিয়োগ লাভ কৰিব পাৰিছে। কৃষিজাত সামগ্ৰীসমূহৰ ৰপ্তানিৰ যোগেদিও দেশখনে বিদেশী মুদ্রা অর্জন কৰিবলৈ সক্ষম হৈছে। কৃষিখণ্ডৰ উন্নতিৰ লগে লগে উদ্যোগখণ্ড, পৰিবহন খণ্ড, বাণিজ্য খণ্ড আদি অন্যান্য খণ্ডত উন্নতি হৈছে। সেয়েহে কৃষিক ভাৰতীয় অর্থনীতিৰ মূল ভেটি বুলি ক’ব পাৰি।

(গ) মৌচুমী উদ্ভিদ 

উত্তৰঃ মৌচুমীয় উদ্ভিদ ভাৰতৰ অধিকাংশ ঠাইত পোৱা যায়। বাৰ্ষিক ১০০ চেণ্টিমিটাৰৰ পৰা ২০০ চেণ্টিমিটাৰ বৰষুণ হোৱা আৰু গড়ে প্ৰায় ২৭° চেঃ উত্তাপযুক্ত অঞ্চলত এনেবিধ উদ্ভিদ পোৱা যায়। মৌচুমী ঋতুত হোৱা বৰষুণৰ ওপৰত এই উদ্ভিদ নিৰ্ভৰশীল। মৌচুমী অঞ্চলত শীতকালত বৰষুণ কম হয় আৰু উত্তাপো কমি যায়। গতিকে মাটি শুকান হৈ পৰে। সেয়েহে শীতকালত সাধাৰণতে এই গছবিলাকৰ পাত সৰি যায়। শাল, চেগুন, চিৰিচ, অৰ্জন, শিমলু আৰু বিভিন্ন প্ৰজাতিৰ বাঁহ মৌচুমীয় অৰণ্যৰ প্ৰধান উদ্ভিদ। এই অৰণ্য অসম, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদ্শ আৰু হাৰিয়ানাৰ একাংশ, মধ্যপ্ৰদেশ, তামিলনাডু, পশ্চিমঘাট, পূৰ্বঘাট পৰ্বতকে ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশ আৰু দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনৰ সেমেকা অঞ্চলত পোৱা যায়। আন্দামান-নিকোবৰ দ্বীপপুঞ্জতো মৌচুমী উদ্ভিদ দেখা যায়।

(ঘ) ভাৰতৰ মৌচুমী বতাহ আৰু বৰষুণ

উত্তৰঃ ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। বছৰৰ ভিন ভিন ঋতুত বিশেষকৈ গ্রীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে । গ্রীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্রৱাহিত হয় । দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰৱাহিত হৈ ভাৰতত সোমায় । এই বতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ-পশ্চিম মৌচুমী বতাহ বোলে। আৰব সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাপ কঢ়িয়াই অনা এই বতাহে প্রথমে পশ্চিমঘাট পর্বতত বাধা পায়। তেতিয়া ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে। এইদৰে পশ্চিম উপকূল অঞ্চলৰ কংকন আৰু মালাৱাৰ উপকূলত বছৰি ৩০০ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয় । এই বায়ুৰে এটা অংশ পশ্চিমঘাট পর্বত পাৰ হৈ বংগোপসাগৰৰ ফালে আগবাঢ়ে। বংগোপসাগৰৰ ওপৰেদি আহোঁতে পুনৰ অধিক জলীয় ভাপ আহৰণ কৰি ই অসম তথা উত্তৰ- পূর্বাঞ্চলত প্ৰৱেশ কৰে। এই বতাহে মেঘালয় মালভূমিত বাধাপ্রাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে। এনেকৈয়ে মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি প্ৰায় ১,২৫০ চেণ্টিমিটাৰ পর্যন্ত বৰষুণ হয়। এই দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয়। আনহাতে, উত্তৰ-পূব মৌচুমী বতাহ শীতকালত বলে। এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ-পূব দিশেৰে ভাৰতলৈ প্ৰৱাহিত হয় বাবে ইয়াক উত্তৰ-পূব মৌচুমী বতাহ বোলে।

(ঙ) ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ 

উত্তৰঃ জনসংখ্যা হ্রাস- বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে জন্ম-মৃত্যুৰ হাৰ আৰু জনপ্ৰব্ৰজন। জন্ম হাৰ মৃত্যু হাৰতকৈ বেছি হলে জনসংখ্যা বৃদ্ধি পায় ǀ  ব্যক্তিগত পৰ্যায়ত জন্ম নিয়ন্ত্ৰণ , চৰকাৰৰ বিভিন্ন আঁচনি ৰ জৰিয়তে জনসাধাৰণৰ মাজত জনসংখ্যা বিস্ফোৰণৰ সন্দৰ্ভত সজাগতা আনি চেষ্টা কৰা হৈছে যদিও সি বাস্তৱত পৰিস্ফুত হোৱা নাই ǀবিশেষকৈ স্বাধীনতাৰ পিছৰ পৰা ভাৰতৰ জনসংখ্যা দ্রুত গতিৰে বৃদ্ধি পাইছে। সেইদৰে অন্য দেশৰ পৰা ভাৰতলৈ জনপ্ৰব্ৰজন হোৱাৰ ফলত দেশখনৰ জনসংখ্যা বৃদ্ধি পাইছে। বিশেষকৈ ভাৰতৰ ওচৰ চুবুৰীয়া নেপাল,বাংলাদেশ, শ্ৰী লংকা আদি দেশৰ পৰা প্ৰবজনে ভাৰতৰ অৰ্থনীতিটো দূৰগামী প্ৰভাৱ পেলাইছে ǀ পৃথিৱীৰ উন্নত দেশসমূহৰ তুলনাত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বহুত বেছি। জনসংখ্যা দ্রুতিগতিৰে বৃদ্ধি পোৱাৰ ফলতেই ভাৰত পৃথিৱীৰ দ্বিতীয় বৃহৎ জনসংখ্যাৰ দেশ বুলি খ্যাত হৈছে। 

(চ) ভাৰতত জনসংখ্যা বিতৰণৰ অসমতাৰ কাৰণসমূহ 

উত্তৰঃ ভাৰতত ৰাজ্যভেদে জনসংখ্যাৰ বিতৰণ বেলেগ বেলেগ। যিবিলাক ৰাজ্য যাতায়াত, ব্যৱসায়-বাণিজ্য আৰু শিল্প উদ্যোগত আগবঢ়া সেইবিলাকত জনসংখ্যা ঘনত্ব সাধাৰণতে বেছি। উদাহৰণস্বৰূপে – ভাৰতৰ পশ্চিমাংশত অৱস্থিত ৰাজস্থানৰ খৰাং মৰুভূমি অঞ্চল বসবাসৰ অনুপযোগী হোৱা বাবে তাত জনবসতি তেনেই পাতল। সেইদৰে উত্তৰৰ বৰফাবৃত হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণ ভাৰতৰ পশ্চিমঘাট পর্বৰ্তৰ মধ্য আৰু দক্ষিণাংশত প্রতিকূল প্রাকৃতিক অৱস্থাৰ কাৰণে জনসংখ্যাৰ ঘনত্ব যথেষ্ট কম। গংগা-ব্রহ্মপুত্র উপত্যকাকে ধৰি দেশৰ আন আন নদী উপত্যকাসমূহত স্বাভাৱিকতে জনসংখ্যা ঘনত্ব বেছি। এই নদী- উপত্যকাসমূহত বিশেষকৈ সাৰুৱা সমতলভূমি সুচল যাতায়াত ব্যৱস্থা আৰু উন্নত অর্থনৈতিক অৱস্থাৰ বাবে জনসাধাৰণে জীৱন ধাৰণৰ প্ৰয়োজনীয়। সা-সুবিধাবোৰ সহজে লাভ কৰিব পাৰিছে।সেইদৰে উত্তৰৰ বৰফাবৃত হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণ ভাৰতৰ পশ্চিমঘাট পর্বৰ্তৰ মধ্য আৰু দক্ষিণাংশত প্রতিকূল প্রাকৃতিক অৱস্থাৰ কাৰণে জনসংখ্যাৰ ঘনত্ব যথেষ্ট কম।

(ছ) লাভা মৃত্তিকা

উত্তৰঃ লাভা অৱক্ষেপনৰ পৰা গঠিত হোৱা মৃত্তিকাক লাভা মৃত্তিকা বোলা হয়। লাভা মৃত্তিকাক সাধাৰণতে কৃষ্ণ (কলা) মৃত্তিকা বুলি জনা যায়। মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশৰ পশ্চিমাঞ্চল, গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশৰ কাৰ্ষৰীয়া অঞ্চলৰ লাভা অৱক্ষেপন বিচূৰ্ণীকৃত হৈ কৃষ্ণ মৃতিকা গঠন হৈছে। কলা বোকাময় আৰু এঠাজাতীয় এনে মাটিয়ে জলকণা ধৰি ৰাখিব পাৰে আৰু সেয়েহে খেতিৰ বাবে উপযোগী। বিশেষকৈ এনে মাটিত কপাহ খেতি অতি ভাল হয় বাবে এই মাটিক কপাহ মাটি বোলে।

(জ) হুগলী শিল্প অঞ্চল

উত্তৰঃ হুগলী শিল্প অঞ্চলটো হুগলী নদীৰ পাৰত গঢ় লৈ উঠিছে। ইয়াত কলকতা আৰু ইয়াত সংলগ্ন হাওৰা চহৰ অন্তৰ্ভুক্ত হৈছে। অঞ্চলটোৰ প্ৰধান উদ্যোগ কেন্দ্ৰবোৰ হৈছে – নয়াহাটী, জগতদল, চামনগৰ, ত্ৰিবেণী, বেলুৰ, লিলুৱাহ, আনদুল ইত্যাদি। এই শিল্প অঞ্চলটো বৃটিছ শাসনৰ সময়ৰ পৰাই গঢ়ি উঠিছে। ইয়াৰ মৰাপাট আৰু ইঞ্জিনিয়াৰিং উদ্যোগবোৰ কেঁচামালৰ অভাৱৰ সন্মুখীন হয়। লগতে শ্ৰমিক আন্দোলন, শক্তি যোগানৰ সমস্যা আৰু মূলধনৰ অভাৱৰ ফলত এই শিল্প অঞ্চলটোৰ উন্নতি আশা কৰা মতে হোৱা নাই।

ঝ) উত্তৰ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্য

উত্তৰঃ (ক) উত্তৰ ভাৰতৰ নদীবোৰ বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা ওলাই অহাৰ বাবে এইবিলাকত গোটেই বছৰ জুৰি পানীৰ সোঁত থাকে।

(খ) উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চগতি, মধ্যগতি আৰু নিম্নগতি এই তিনিটা গতি স্পষ্টকৈ চকুত পৰে,

(গ) উত্তৰ ভাৰতৰ নদীবোৰৰ উপত্যকা বহল আৰু এই নদীবোৰ বহুদূৰ সমতলৰ মাজেদি বৈ যোৱাৰ কাৰণে ইহঁতৰ গতি ধীৰ আৰু সেয়ে নাব্য।

(ঘ) উত্তৰ ভাৰতৰ নদীবোৰ সৃষ্টিৰ ফালৰ পৰা তুলনামূলকভাৱে নতুন আৰু এই নদীবোৰে সঘনে সুতি সলাই থাকে। সেয়েহে ইহঁতৰ প্লাৱনভূমি বহল।

(ঙ) উত্তৰ ভাৰতৰ নদীবোৰ বিশেষ খৰস্ৰোতা নহয় যদিও ইহঁতে বেছি গেদ পৰিবহণ কৰে। সেয়ে এই নদীবিলাক জলবিদ্যুৎ উৎপাদনৰ বাবে সুবিধাজনক নহয়।

(চ) উত্তৰ ভাৰতৰ নদী-অৱবাহিকাসমূহ পলসুৱা আৰু সাৰুৱা হোৱাৰ বাবে ঘনবসতিপূৰ্ণ।

(ছ) উত্তৰ ভাৰতৰ নদীবোৰ নাব্য হোৱাৰ কাৰণে এইবোৰৰ পাৰত বহুতো ডাঙৰ চহৰ-নগৰ গঢ়ি উঠিছে।

(জ) উত্তৰ ভাৰতৰ নদীবিলাকৰ দৈৰ্ঘ্য বেছি আৰু ইহঁতৰ মোহনাত বিস্তৃত বদ্বীপ অঞ্চলৰ সৃষ্টি হৈছে।

ঞ) দক্ষিণ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্য

উত্তৰঃ (ক) দক্ষিণ ভাৰতৰ নদীবোৰ তুলনামূলকভাৱে চাপৰ পৰ্বত অথবা মালভূমিৰ পৰা বৈ অহাৰ কাৰণে এইবিলাক খৰালি কালত প্ৰায়েই শুকাই যায়।

(খ) দক্ষিণ ভাৰতৰ নদীবোৰৰ ক্ষেত্ৰত এই তিনিটা গতি স্পষ্টকৈ দেখা নেযায়।

(গ) দক্ষিণ ভাৰতৰ নদীবোৰৰ উপত্যকা কিছু ঠেক আৰু সাধাৰণতে খৰস্ৰোতা। সেয়েহে এই নদীবোৰ নাব্য নহয়।

(ঘ) দক্ষিণ ভাৰতৰ নদীবোৰ বহু যুগৰ আগতে সৃষ্টি হৈছিল আৰু সেইবোৰ দাক্ষিণাত্য মালভূমিৰ কঠিন শিলাৰ মাজেৰে নিৰ্দিষ্ট গতিপথেৰে বৈ আছে। গতিকে এই নদীবোৰে সঘনে সুঁতি নসলায় আৰু ইহঁতৰ প্লাৱনভূমিও ঠেক।

(ঙ) দক্ষিণ ভাৰতৰ নদীবিলাক খৰস্ৰোতা হোৱাৰ লগতে ইহঁতে কম পৰিমাণে গেদ পৰিবহণ কৰে বাবে জলবিদ্যুৎ উৎপাদনৰ কাৰণে উপযোগী।

(চ) দক্ষিণ ভাৰতৰ নদী-অৱবাহিকাসমূহ সিমান সাৰুৱা নহয়। সেয়ে তাত জনবসতি সেৰেঙা হোৱা দেখা যায়।

(ছ) দক্ষিণ ভাৰতৰ নদীবিলাক নাব্য নহয় কাৰণে এইবিলাকৰ পাৰত ডাঙৰ চহৰ-নগৰ গঢ়ি উঠা নাই।

(জ) দক্ষিণ ভাৰতৰ নদীবিলাক তুলনামূলকভাৱে চুটি আৰু ইহঁতৰ কিছুমানৰ মোহনা অঞ্চলত সৰু সৰু ব-দ্বীপ গঠিত হৈছে।

(ট) ভাৰতীয় দ্বীপসমূহঃ

উত্তৰঃ ভাৰতীয় দ্বীপসমূহ দুটা গোট বা দ্বীপপুঞ্জত বিভক্ত। ইয়াৰে এটাক লাক্ষা দ্বীপপুঞ্জ আৰু আনটোক আন্দামান-নিকোবৰ দ্বীপপুঞ্জ নামেৰে জনা যায়। এই দুয়োটা দ্বীপপুঞ্জই ভাৰতৰ দুটা কেন্দ্রীয় শাসিত অঞ্চল। লাক্ষা দ্বীপপুঞ্জ আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী ক্ৰমে কৱাৰাতি আৰু পর্ট ব্লেয়াৰ। লাক্ষা দ্বীপপুঞ্জ মালাৱৰ উপকূলৰ পশ্চিমে আৰব সাগৰত অৱস্থিত। এই দ্বীপপুঞ্জ লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদ্বীপ নামেৰে তিনিটা প্রধান দ্বীপেৰে গঠিত যদিও ই দৰাচলতে ২৫ টা সৰু-বৰ দ্বীপৰ সমষ্টি। এই দ্বীপসমূহৰ সাগৰপৃষ্ঠৰ পৰা গড় উচ্চতা হৈছে ৩-৫ মিটাৰ। কেন্দ্রীয় শাসিত ৰাজ্য হিচাপে লাক্ষা দ্বীপপুঞ্জৰ মাটিকালি ৩২ বর্গ কিল’মিটাৰ। আনহাতে আন্দামান-নিকোবৰ দ্বীপপুঞ্জ কৰমণ্ডল উপকূলৰ পৰা যথেষ্ট দূৰৈত বংগোপসাগৰত অৱস্থিত। আন্দামান অঞ্চলৰ ২০৪ টা আৰু নিকোবৰ অঞ্চলৰ ১১ টা সৰু-বৰ দ্বীপক লৈ মুঠ ২১৫ টা দ্বীপৰ সমষ্টিৰে গঠিত হৈছে আন্দামান-নিকোবৰ দ্বীপপুঞ্জ। এই দ্বীপপুঞ্জটো দীঘলে প্রায় ৫৯০ কিল’মিটাৰ আৰু বহলে প্রায় ৫৮ কিল’মিটাৰ। ইয়াৰ মাটিকালি ৮, ২৪ বর্গকিল’মিটাৰ। সাগৰপৃষ্ঠৰ পৰা দ্বীপসমূহৰ উচ্চতা ৫ মিটাৰৰ বেছি নহয়।

(ঠ) হিমালয় পার্বত্য অঞ্চলঃ

উত্তৰঃ হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত। এই পৰ্বতৰ বহুতো ঠাল-ঠেঙুলি আছে। হিমালয় আৰু ইয়াৰ ঠাল-ঠেঙুলিবোৰক সামৰি একেলগে হিমালয় পৰ্বতমালা বুলি কোৱা হয়। ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে। ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমা পৰ্যন্ত পূবা-পশ্চিমাকৈ বিস্তৃত হৈ আছে। প্ৰায় ২,৫০০ কিলোমিটাৰ দীঘল আৰু প্ৰায় ২৪০ কি.মি.ৰ পৰা ৫০০ কিলমিটাৰ পৰ্যন্ত বহল এই পাৰ্বত্য অঞ্চলটোৱে প্ৰায় ৫,০০,০০০ বৰ্গ কিলোমিটাৰ মাটিকালি আগুৰি আছে। ইয়াৰউচ্চতা সাগপৃষ্ঠৰ পৰা ৮,০০০ মিটাৰৰো অধিক। হিমালয় পৰ্বতমালা টাৰচিয়েৰি যুগত সৃষ্টি হৈছিল বুলি ভূ-বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। হিমালয় পৰ্বতশ্ৰেণীয়ে যি ঠাই আগুৰি আছে, বহু নিযুত বছৰৰ আগতে সেই ঠাইত এখন সাগৰ আছিল। এই সাগৰখনৰ নাম হৈছে টেথিছ সাগৰ। এই টেথিছ সাগৰৰ উত্তৰ আৰু দক্ষিণফালে দুটা পুৰণি ভূখণ্ড আছিল। উত্তৰ ভূখণ্ডক ‘আঙ্গাৰালেণ্ড’ আৰু দক্ষিণৰ ভূখণ্ডক ‘গণ্ডোৱানালেণ্ড’ বুলি জনা যায়।