ভাৰতীয় গণতন্ত্ৰ । Chapter 1 | ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান । অধ্যায় ১ । Class 10 Social Science ( Political Science) Lesson 1 Question And Answer Assam| SEBA Class 10 Social Science ( Political Science) Chapter 1 Solution | দশম মান শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান অধ্যায় ১ ভাৰতীয় গণতন্ত্ৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

ভাৰতীয় গণতন্ত্ৰ

অতি চমু উত্তৰৰ প্রশ্ন

১ । ১৯৪৫ চনত অনুষ্ঠিত হােৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল ?

উত্তৰঃ ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্ৰমিক দল জয়ী হৈছিল।

২। ‘কেবিনেট মিছন’ ভাৰতলৈ কেতিয়া আহিছিল ?

উত্তৰঃ “কেবিনেট মিছন” ১৯৪৬ চনৰ মাৰ্চ মাহত ভাৰতলৈ আহিছিল।

৩। সংবিধান সভাৰ প্রথম সভাপতি কোন আছিল ?

উত্তৰঃ সংবিধান সভাৰ প্ৰথম সভাপতি ড° সচ্ছিদানন্দ সন্হ আছিল।

৪। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি ?

উত্তৰঃ খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম হ’ল ড° বি. আৰ. আম্ৱেদকাৰ।

৫। ‘সমাজবাদী ’ আৰু ‘ ধর্মনিৰপেক্ষ ’ শব্দ দুটা সংবিধানৰ কিমান সংশােধনী মতে প্রস্তাৱনাত সন্নিৱিষ্ট হৈছিল ?

উত্তৰঃ সংবিধানৰ ৪২ নং সংশোধনী আইনৰ জৰিয়তে ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ এই শব্দৰ দুটা সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিল।

৬। ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰপৰা আহিছে ?

উত্তৰঃ ইংৰাজী “Federation” শব্দটো “Foedus”লেটিন শব্দৰ পৰা আহিছে।

৭। ‘ যুক্তৰাষ্ট্ৰৰ গৃহভূমি ’ বুলি কাক কোৱা হয় ।

উত্তৰঃ যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি আমেৰিকা যুক্তৰাষ্ট্ৰক কোৱা হয়।

৮ । ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে ?

উত্তৰঃ নাই।

৯। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰপৰা অনুকৰণ কৰা হৈছে ?

উত্তৰঃ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ড দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে।

চমু উত্তৰৰ প্রশ্নঃ

১ | ব্রিটিছ চৰকাৰে কেবিনেট মিছন’ক কিয় ভাৰতলৈ পঠাইছিল ?

উত্তৰঃ ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু যাৱতীয় প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে ১৯৪৬ চনৰ মাৰ্চ মাহত কেবিনেট মিছ’ক ভাৰতবৰ্ষলৈ পঠালে।

২ । ১৯৪৭ চনৰ ১৫ আগষ্টৰপৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্রস্তুত কৰিছিল ?

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টৰপৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্য়ৱস্তা চলিছিল ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি পৰিচালিত হৈছিল। আৰু আইনখন ইংলেণ্ডৰ সংসদে প্ৰস্তুত কৰিছিল।

৩। প্রস্তাৱনাত ‘ আমি ভাৰতীয় জনসাধাৰণে ’ বুলি কিয় উল্লেখ কৰা হৈছে ?

উত্তৰঃ প্ৰস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি।

৪ । ‘ সার্বভৌম ’ মানে কি বুজা ?

উত্তৰঃ ‘সাৰ্বভৌম’ মানে বাহ্য়িক আৰু আভ্য়ন্তৰীণ ক্ষমতা প্ৰয়োৰগ ৰাষ্ট্ৰয়েই হৈছে ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। সাৰ্বভৌমত্ৱ হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষম তা।

৫। কোন চনৰ কিমান সংখ্যক সংশােধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘ সমাজবাদী ’ আৰু ‘ ধর্মনিৰপেক্ষ ’ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে ।

উত্তৰঃ ১৯৭৬ চনৰ হোৱা সংবিধান ৪২ নং সংখ্য়ক সংশোধনী অনুসৰি সংবিধান প্ৰস্তাৱনাত ‘সমাদবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছিল।

৬। ‘ অর্ধ যুক্তৰাষ্ট্র ’ কাক বােলে ?

উত্তৰঃ অৰ্ধ যুক্তৰাষ্ট্ৰ হৈছে এখন যুক্তৰাষ্ট্ৰত থাকিব লগা কেইবাটাও বৈশিষ্ট থকা সত্ত্ৱেও আমাৰ ব্য়ৱস্থাটো প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্য়ৱস্থা নহয়। ইয়াত এককেন্দিক চৰকাৰৰ বহুতো বৈশিষ্ট্য় একাত্ম হৈ আছে। সেইবাবেই সংবিধান প্ৰণতা পণ্ডিতসকলে আমাৰ ব্য়ৱস্থাটোক ‘অৰ্ধ – যুক্তৰাষ্ট্ৰ’, ‘ব্য়তিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ’, ‘কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ’, ‘গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এককেন্দ্ৰিক’ বুলি অভিহিত কৰিছে।

৭। কোনকেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল ?

উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছল।

দীঘল উত্তৰৰ প্রশ্নঃ

১ । ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদর্শ কেনেদৰে প্ৰকাশ পাইছে আলােচনা কৰা ।

উত্তৰঃ প্ৰস্তাৱনা হ’ল সংবিধানৰ পাতনি। কোনো এখন গ্ৰন্থৰ পাতনিত যেনেকৈ গ্ৰন্থখনৰ বিষয়ে চমুকৈ সকলো কথা উল্লেখ থাকে, ঠিক, একেদৰে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাতো সংবিধানৰ মুল বিষয়বস্তু ( আদৰ্শ আৰু লক্ষ্য়) সম্পৰ্কে বিৱৰণ আছে। সেই বাবেই বহুতে প্ৰস্তাৱনাক ভাৰতৰ সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি আৰু চাবি-কাঠি বুলি অভিহিত কৰে। কাৰণ প্ৰস্তাৱলাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদৰ্শ, দৰ্শন আৰু লক্ষ্য়। আমি ভাৰতীয় জনসাধাৰণে’ (we the people of India ) বুলি আৰম্ভ হোৱা প্ৰস্তাৱনাত থকা প্ৰতিটো শব্দত নিহিত হৈ আছে নিৰ্দিষ্ট আদৰ্শ। উল্লেখযোগ্য় যে সংবিধান প্ৰণেতাসকলে প্ৰস্তুতকালত প্ৰাচীন ভাৰতীয় সভ্য়তা আৰু সংস্কৃতিৰ দিশটোৰ প্ৰতিও গুৰুত্ৱ দিছিল আৰু তেনে আদৰ্শ সংবিধানৰ পাতত প্ৰস্ফুটি হোৱাটো বিচাৰিছিল।ভাৰতীয় লোকসকলে প্ৰস্তাৱনাক আমি ভাৰতীয় জনসাধাৰণে’ বুলি উল্লেখ কৰি সংবিধান প্ৰণেতালকলে স্পষ্ট তকৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই আঁৰত থকা বৃহৎ শক্তি। প্ৰস্তাৱনাত স্পষ্ট কোৱা হৈছে যে ভাৰতবৰ্ষ এখন ‘সাৰ্বভৌম’ ,’সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’, ‘গণতান্ত্ৰিক’, আৰু ‘প্ৰজাতন্ত্ৰ’ দেশ। এই আটাইকেইটা শব্দৰ মাজতে সংবিধানৰ আদৰ্শ প্ৰতিফলিত হৈছে।

২। ‘ সার্বভৌম ’ , ‘ সমাজবাদী ’ , ‘ ধর্মনিৰপেক্ষ ’ , ‘ গণতান্ত্রিক ’ আৰু ‘ গণৰাজ্য ’ বুলিলে কি বুজা বহলাই লিখা ।

উত্তৰঃ সৈৰ্বভৌমঃ ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। সাৰ্বভৌম হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা।অৰ্থাৎ বাহ্য়িক আৰু আভ্য়ন্তৰী ভাৰতবৰ্ষ কোনো বিষেশ শক্তি দ্ৱাৰা পৰিচালিত নহয়।
সমাজবাদীঃ ভাৰবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। সংবিধানৰ ৪২ নং সংশোধনী আইনৰ জৰিয়তে ১৯৭৬ চনত এই শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল। ভাৰতবৰ্ষ সানুহৰ সাজত আয়, মৰ্যাদা আৰু জীৱনধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষয়ত অথবা অসমতা নাথাকিব।
ধৰ্মনিৰপেক্ষঃ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হ’ব। ইয়াত চৰকাৰী ধৰ্ম বুলি কোনো ধৰ্ম নাথাকিব। লগতে চৰকাৰে কোনা ধৰ্মৰ প্ৰতি বিশেষ অনুগ্ৰহ প্ৰদৰ্শন নকৰিব। উল্লেখ্য় যোগ্য় যে এই শব্দটো প্ৰস্তাৱনাত ৪২নং সংশোধনী মতে সন্নিবিষ্ট হৈছে।
গণৰাজ্য়ঃ ভাৰতবৰ্ষ এখন গণৰাজ্য়। ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো কোনোবাই বাছনি কৰা ব্য়ক্তি নহ’ব। দেশখনৰ ৰাষ্ট্ৰপ্ৰধানজন জনসাধাৰণৰ দ্ৱাৰা নিৰ্বাচিত ব্য়ক্তি হ’ব।
গণতান্ত্ৰিকঃ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ. দেশৰ শাসন ব্য়ৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্ৱাৰা পৰিচালিত হ’ব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্ৰশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ’ব।

৩। নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্রস্তাৱকেইটা আলােচনা কৰা ।

উত্তৰঃ নেহেৰুৰ উদ্দেশ্য় সম্পৰ্কিত প্ৰস্তাৱকেইটা তলত উল্লেখ কৰা হৈছে——
(ক) সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্য়সমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্ৱায়ত্তশানৰ মাজেৰে অংগৰাজ্য়ৰ মৰ্যাদা লাভ কৰিব।
(খ) সংবিধানৰ সভাই ভাৰতবৰ্ষক স্ৱাধীন, সাৰ্বভৌম, গণৰাজ্য়( Independent Sovereign Republic) হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ ( পিছলৈ স্ৱাধীন শব্দটা বাদ দিয়া হয়।
(গ) আন্তৰ্জাতিক সু – সম্পৰ্ক, বিশ্ৱ শান্তি ৰক্ষা আৰু জনগণৰ কল্য়াণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব।
(ঘ) অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্য়ালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্য়ৱস্থা থাকিব।
(ঙ) ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ’ব বিচৰা দেশীয় ৰাজ্য়বিলাকক লৈ ৰাজ্য়সমূহৰ সংঘ (Union of states) হ’ব।
(চ)দেশৰ স্ৱাধীনতা, সাৰ্বভৌমত্ৱ আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ৱ প্ৰদান কৰা হ’ব।
(ছ) জনসাধাৰণেই হ’ব সকলো ক্ষমতাৰ উৎ স। সাৰ্বভৌম দেশখনৰ চৰকাৰ আৰু সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব।
(জ) ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্য়ায়, সমতা, ধৰ্মীয় স্ৱাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ সাৱাধীনতাক স্ৱীকৃতি প্ৰদান কৰা হ’ব।

৪। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা ।

উত্তৰঃ ভাৰতবৰ্ষ স্ৱাধীন হোৱাৰ পূৰ্বে ইংলেণ্ডৰ সংসদে প্ৰণয়ন কৰা ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে আমাৰ দেশত যুক্তৰৈষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। পৃথিৱীত যুক্তিৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। সেইবাবেই আমেৰিকাক ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কোৱা হয়। আমাৰ সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্য়ৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধানখন অনুসৰণ কৰিছিল। আচলতে আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো আছিল প্ৰকৃত যুক্তৰাষ্ট্ৰীয় পদ্ধতি। য’ত অংগৰাজ্য়বিলাকক অধিক স্ৱতন্ত্ৰতা দিয়াৰ লগতে সুকীয়া সংবিধান আৰু দ্ৱৈত নাগৰিকত্ৱৰ ব্য়ৱস্থা কৰা হৈছে। আমেৰিকাৰ সংবিধানৰ পৰিৱৰ্তে কানাডাৰ সংবিধানত থকা ‘ঢিলা যুক্তৰাষ্ট্ৰ’ যুক্তৰাষ্ট্ৰ’ ব্য়ৱস্থাৰ অনুকৰণত ভাৰতবৰ্ষত এক ব্য়তিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন কৰিছিল। এখন যুক্তৰাষ্ট্ৰত থাকিব লগা কেবাটাও বৈশিষ্ট থকা সস্ৱেও আমাৰ ব্য়ৱস্থাটো প্ৰকৃত যুক্তৰাষ্ট্ৰয় ব্য়ৱস্থা নহয়। ইয়াত এককেন্দিক চৰকাৰৰ বহুতো বৈশিষ্ট্য় একাত্ম হৈ আছে। সেইবাবেই সংবিধান প্ৰণেতা পণ্ডিতসকলে আমাৰ ব্য়ৱস্থাটোক ‘অৰ্ধ- যুক্তৰাষ্ট্ৰ’ ব্য়তিক্ৰমধৰ্মী ‘যুক্তৰাষ্ট্ৰ’ ‘কেন্দীভূত যুক্তৰাষ্ট্ৰী’ বুলি অভিহিত কৰিছিল। উল্লেখ কৰা এনে ব্য়তিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰীয় ব্য়ৱস্থা ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰাৰ মূল কাৰণটো আছিল– দেশৰ সাৰ্বভৌম আৰু অখণ্ডতাক সুৰক্ষিত কৰা। ভাৰতবৰ্ষৰ দৰে যুক্তৰাষ্ট্ৰক ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলে নামকৰণ কৰিব বিচাৰিছিল। তেওঁলোকৰ মতে যুক্তৰাষ্ট্ৰীয় কেন্দ্ৰ – ৰাজ্য়ৰ সহযোগিতাৰ ওপৰত মূলতঃ নিৰ্ভৰশীল। সেইবাবে এনে যুক্তৰাষ্ট্ৰ হ’ল ‘সহযোগিতামূলক যুক্তৰাষ্ট্ৰ’।

৫। ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযােগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা ।

উত্তৰঃ সংসদীয় গণতন্ত্ৰ হ’ল এবিধ শাসন ব্য়ৱস্থা য’ত জনপ্ৰতিনিধিৰ দ্ৱাৰা গঠিত এটা সন্থাৰ ওপৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়। ৰাষ্ট্ৰৰ মূৰব্বীজন হৈছে ইয়াত জনগণৰ দ্ৱাৰা নিৰ্বাচিত প্ৰতিনিধি।ভাৰতব সংসদীয় ব্য়ৱস্থাটো বা সংসদ দুখন সদনেৰে গঠিত। এই সদন দুখন হৈছে লোকসভাৰ ৰাজ্য়সভা।ভাৰতৰ ৰাষ্ট্ৰপতিজন ভাৰতীয় সংসদৰ এটা অবিচ্ছেদ্য় অংগ।ভাৰতীয় সংসদীয় পদ্ধতিৰ চৰকাৰ জনগণৰ দ্ৱাৰা সৃষ্ট আৰু ই জনগণৰ ওচৰত দায়বদ্ধ। সংবিধান প্ৰণেতাসকলে আমাৰ দেশৰ সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন বিশেষভাৱে অনুকৰণ কৰিছিল। অৱশ্য়ে ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনেও সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি আৰম্ভ কৰা হৈছিল।