ভূ-আকৃতিৰ প্ৰক্ৰিয়া । Lesson 1 | Chapter 1 | Class 10 Elective Subject Geography Lesson 1 Question and Answer Assam | Assamese Medium Class 10 Elective Subject Geography Lesson 1 Solution | Class X Geography Lesson 1 Answer | ভূ-আকৃতিৰ প্ৰক্ৰিয়া পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ

প্ৰথম- অধ্যায়

ভূ-আকৃতিৰ প্ৰক্ৰিয়া 

অনুশীলনীঃ ১

১)স্থলাকৃতি বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগ সমান নহয়। মহাদেশ কেইখনত যেনেকৈ পাহাৰ- পৰ্বত, মালভূমি, নদী উপত্যকা আদি অৱয়ৱ আছে, ঠিক তেনেকৈ মহাসাগৰতো পানীত বুৰ গৈ থকা অৱস্থাত বিভিন্ন আকাৰ – আকৃতিৰ উচ্চভূমি আৰু নিম্নভূমি আছে। এইদৰে নানা আকাৰ-আকৃতিৰ অৱয়ৱে পৃথিৱীৰ উপৰিভাগক বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিছে। ভূ-পৃষ্ঠৰ এই অৱয়ৱবোৰকে স্থলাকৃতি বুলি কোৱা হয়।

২) ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া।

উত্তৰঃ ভূগোলৰ এটি বিশেষ শাখাই স্থলাকৃতিবোৰৰ উৎপত্তি, ক্ৰম বিকাশ, আকাৰ-আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে। এই শাখাটোক ভূ-আকৃতিক বিজ্ঞান বোলা হয়। 

৩)  ভু-আকৃতিক প্রক্রিয়াৰ অৰ্থ লিখা।

উত্তৰঃ স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত এই প্ৰক্ৰিয়াবোৰক ভূ-আকৃতিক প্ৰক্ৰিয়া বোলা হয়। বতাহ আৰু হিমবাহ ভূ-আকৃতিক প্ৰক্ৰিয়াবোৰৰ ভিতৰৰ দুটা প্ৰধান প্ৰক্ৰিয়া, যিয়ে ভূপৃষ্ঠৰ বিশেষ কেতবোৰ অঞ্চলত অহৰহ প্ৰৱৰ্তন সাধন কৰি আছে।

৪) বাহ্যিক প্রক্রিয়া বা কাৰকৰ ভিতৰত কি কি পৰে লিখা।

উত্তৰঃ বাহ্যিক প্রক্রিয়া বা কাৰকবোৰৰ ভিতৰত বতাহ, বৰষুণ, নদ-নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্রধান। 

৫) অবনমন বুলিলে কি বুজা ?

উত্তৰঃ কোনো এক অংশৰ পৰা ধূলি – বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াকে অবনমন বোলা হয়।

৬)  ইনছেলবার্গ কি ছবি আঁকি দেখুওৱা।

উত্তৰঃ ইনছেলৰ্বাগ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ

৭। মৰুদ্যান কাক বোলে? ইয়াৰ তাৎপর্য কি ?

উত্তৰঃ অবনমনৰ ফলত মৰুভূমিৰ একো-একোটা অংশৰ উচ্চতা কমি ভূগর্ভস্থ জলপৃষ্ঠৰ ওচৰ পাব পাৰে। তেনে অৱস্থাত অৱনমিত অংশটোক মৰুদ্যান  বোলে ǀ মৰুদ্যান প্ৰকৃততে মৰুভূমিৰ মাজৰ একোটা সেউজীয়া অংশ ǀ মৰুদ্যানবোৰত কিছু পৰিমাণে পানী আৰু উদ্ভিদ থাকে ǀ মৰুভূমিৰ এই অঞ্চল বিলাকত কিছু পৰিমাণে খেতিবাতিও কৰা হয় ǀ 

৮। বালিয়াৰি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰঃ বতাহে কঢ়িয়াই নিয়া ধূলি – বালিবোৰ যত জমা হয়গৈ, সেই অংশটো ক্ৰমে ওখ হবলৈ ধৰে। এনেদৰে জমা হোৱা ধূলি-বালিবোৰে শেহলৈ পাহাৰৰ ৰূপ লব পাৰে। প্ৰধানকৈ বালিৰে গঠিত হোৱাৰ কাৰণে এনে পাহাৰক বালিয়াৰি বা বালিৰ পাহাৰ বোলা হয়। স্থান-কাল ভেদে এই পাহাৰবোৰৰ আকাৰ-আকৃতি বেলেগ হোৱা দেখা যায়। কিছুমান বালিয়াৰি বতাহৰ দিশত দীঘলীয়াকৈ গঠিত হয়। ইয়াক অনুদৈৰ্ঘ্য বালিয়াৰি বোলা হয়। কিছুমান আকৌ পথালিকৈ বতাহৰ দিশৰ লগত প্ৰায় লম্বভাবে গঠিত হব পাৰে। তেনে বালিয়াৰিক অনুপ্ৰস্থ বালিয়াৰি বোলা হয়। কোনো কোনো ঠাইত আকৌ পৰিস্থিতি সাপেক্ষে অৰ্ধ চন্দ্ৰাকৃতিৰ বালিয়াৰিৰো সৃষ্টি হয়। এইবোৰক বাৰখান বোলে।

৯। অপঘর্ষণ কি? ইয়াৰ ফলত কি ধৰণৰ অৱয়বৰ সৃষ্টি হয়?

উত্তৰঃ মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল-বালিয়ে গতিপথত থকা উচ্চভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায়। ঘৰ্ষণৰ যোগেদি কৰা এই ধৰণৰ ক্ষয়কাৰ্যক অপঘৰ্ষণ বোলা হয়। অপঘৰ্ষণ প্ৰক্ৰিয়াই মৰুভূমিত ইনছেলবাৰ্গ ইয়াৰদাং আদি অৱক্ষয়জনিত অবয়ৱৰ সৃষ্টি কৰে।

১০) সংনিঘৰ্ষণৰ অর্থ লিখা ।

উত্তৰঃ মৰুভূমিত বতাহে সৃষ্টি কৰা আন এটা ঘৰ্ষণজনিত প্ৰক্ৰিয়া হল সংনিঘৰ্ষণ। বতাহৰ দ্বাৰা পৰিবাহিত শিল-বালিবোৰৰ মাজতো পাৰস্পৰিক ঘৰ্ষণৰ সৃষ্টি হয়, অৰ্থাৎ পৰিবাহিত হৈ থকা অৱস্থাতে সেইবোৰৰ মাজত খুন্দা-খুন্দি লাগে। ইয়াৰ ফলত শিলবোৰ ভাঙি সৰু সৰু টুকুৰাত পৰিণত হয় বা ক্ষয় গৈ ক্ৰমে আকাৰত সৰু হৈ আহে। এই দৰে পাৰস্পৰিক ঘৰ্ষণৰ ফলত শিলবোৰ ভাঙি-চিঙি টুকুৰা-টুকুৰ হোৱা প্ৰক্ৰিয়াকে সংনিঘৰ্ষণ বোলা হয়।

১১) হিমবাহ কাক বোলে ? ইয়াৰ গতি অতি ধীৰ হোৱাৰ কাৰণ কি?

উত্তৰঃ ভূ-পৃষ্ঠত জমা হৈ থকা বৰফস্তূপবোৰ মাটিৰ ঢাল অনুসৰি ক্ৰমে তললৈ নামি আহে। নামি অহাৰ গতিবেগ অৱশ্যে অতি ধীৰ। দিনটোৰ ভিতৰত কেই মিলিমিটাৰমানৰ পৰা কেইমিটাৰমানহে অতিক্ৰম কৰে। এনেকৈ ধীৰ গতিৰে নামি অহা বৰফকে হিমবাহ বোলা হয়। হিমবাহবোৰ এফালে জমা হৈ থকা বৰফস্তূপৰ প্ৰবল হেঁচা আৰু আনফালে মধ্যাকৰ্ষণ শক্তিৰ ক্ৰিয়াৰ ফলত তললৈ নামি আহে। বৰ্তমান পৃথিৱীৰ স্থলভাগৰ প্ৰায় ১১ শতাংশত ধীৰ গতিৰে নামি অহা হিমবাহবোৰে ক্ৰিয়া কৰি আছে।

১২। হিমবাহ কেই প্ৰকাৰৰ? প্রত্যেকৰে বিষয়ে চমুকৈ লিখা।

উত্তৰঃ হিমবাহ তিনি প্ৰকাৰৰ।

(ক) মহাদেশীয় হিমবাহ।

(খ) পাৰ্বত্য হিমবাহ বা আল্পীয় হিমবাহ বা উপত্যকা হিমবাহ।

(গ) গিৰিপদ বা শৈলপদী হিমবাহ।

মহাদেশীয় হিমবাহঃ এই হিমবাহবোৰ মেৰু অঞ্চলৰ বৃহৎ এলেকাজুৰি বিস্তৃত হৈ আছে। উত্তৰ কানাডা, গ্ৰীণলেণ্ড, স্কান্দিনেভিয়া, এণ্টাৰ্কটিকা আদিত মহাদেশীয় হিমবাহবোৰ বিয়পি আছে। এই হিমবাহবোৰে ভূপৃষ্ঠৰ ঢাল অনুসৰি অতি ধীৰ গতিৰে নামি আহে।

পাৰ্বত্য হিমবাহঃ সুউচ্চ পৰ্বতৰ উচ্ছাংশত এই প্ৰকাৰৰ হিমবাহ দেখা যায়। প্ৰধানকৈ ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি আৰু এছিয়া মহাদেশৰ হিমালয় পাৰ্বত্য অঞ্চলত পাৰ্বত্য হিমবাহ বিদ্যমান। সাধাৰণতে পাৰ্বত্য বা উপত্যকা হিমবাহ দুশাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে বৈ আহে। ইয়াৰ গতিবেগ মহাদেশীয় হিমবাহতকৈ যথেষ্ট বেছি।

গিৰিপদ হিমবাহঃ কেতিয়াবা কেইবাটাও উপত্যকা হিমবাহ পাৰ্বত্য অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতিকাষৰীয়া নিম্নভূমিত বিয়পি পৰে। গিৰিমালা বা শৈলপদী হিমবাহ বোলে। উত্তৰ আমেৰিকাৰ আলাস্কাত এি প্ৰকাৰৰ হিমবাহ দেখা যায়।

১৩/ হিমবাহ উপত্যকা আকৃতি ছবি আঁকি দেখুওৱা।

উত্তৰঃ

১৪) ওলোমা উপত্যকা কি লিখা।

উত্তৰঃ হিমবাহে সৃষ্টি কৰা অন্য এক ক্ষয়জনিত অৱয়ব হৈছে ওলোমা উপত্যকা। মূল হিমবাহৰ উপত্যকা তুলনামূলকভাৱে ডাভৰ আৰু দ। উপহিমবাহৰ উপত্যকা সৰু আৰু কম দ। যত আহি উপহিমবাহ মূল হিমবাহৰ লগ লাগে, তাতে স্বাভাৱিক কাৰণতে উপহিমবাহৰ উপত্যকাটো মূল হিমবাহৰ উপত্যকাৰ ওপৰত ওলমি থকা যেন লাগে। সেয়ে উপহিমবাহৰ উপত্যকাটোক ওলোমা উপত্যকা বুলি কোৱা হয়।

১৫) গ্রাব কি? ই কেইপ্ৰকাৰৰ? চিত্র আঁকি গ্রাবৰ অৱস্থান দেখুওৱা ।

উত্তৰঃ পাহাৰ বা পৰ্বতৰ ঢালেদি বৈ আহোতে হিমবাহে বৰফৰ উপৰিও অন্য পদাৰ্থ কঢ়িয়াই আনে ǀ এইবোৰকেই সামগ্ৰিকভাৱে গ্ৰাব বোলে ǀ

ই চাৰি প্ৰকাৰৰঃ১)পাৰ্শ্ব গ্ৰাৱ

২)মধ্য গ্ৰাব

৩)ভূমি গ্ৰাব

৪)প্ৰান্ত গ্ৰাব 

১৬) গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত কি ধৰণৰ প্রভাব পেলাব সাধাৰণ জ্ঞানৰ ভিত্তিত তাৰ এটি আভাস দিয়া ।

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ তলত উল্লেখ কৰা ধৰণৰ প্রভাব পেলাবঃ

ক) হিমবাহবোৰ গলিবলৈ ধৰিব আৰু তাৰ ফলত সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব ǀ

খ) সাগৰ- মহাসাগৰৰ উপকূলৰ  বহুতো অঞ্চল তথা নিম্নভূমি সমূহ পানীৰ তলত দুব যাব ǀ 

গ) সেইবোৰ অঞ্চলত উপলব্ধ মানৱ সভ্যতা আৰু জৈৱ বৈচিত্ৰ নিচিহ্ন হব ǀ

ঘ) সাগৰ মহাসাগৰ তথা বিশ্বৰ পাৰিপাৰ্শ্বিক  অৱস্হাত ব্যাঘাত জন্মিব ǀ

ঙ) জলবায়ু সলনি হব ǀ ঠাই বিশেষে বৰষুণ কম-বেছি হব ǀ