মুদ্ৰা আৰু বেংক ব্যৱস্থা । অধ্যায় ১ । অৰ্থনীতি বিজ্ঞান । Class 10 Social Science Economic Lesson 1 Question and Answer Assam | SEBA Class 10 Economic Lesson 1 Solution | দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞান (অৰ্থনীতি বিজ্ঞান) অধ্যায় ১ মুদ্ৰা আৰু বেংক ব্যৱস্থা প্ৰশ্ন আৰু উত্তৰ ।

মুদ্ৰা আৰু বেংক ব্যৱস্থা

অতি চমু উত্তৰৰ প্রশ্ন ?

১ । বিনিময় প্রথা কি ?

উত্তৰঃ সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্য়ক্ষ বিনিয়ময়েই হ’ল বিনিময় প্ৰথা।

২ । মুদ্রা কি ?

উত্তৰঃ ইংৰাজী অৰ্থনীতিবিদ জিয়ফ্ৰী ক্ৰাউথাৰৰ মতে বিনিময়ৰ মাধ্য়ম হিচাপে সাধাৰণ গ্ৰহণযোগ্য়তা থকা আৰু লগতে সামগ্ৰীৰ মূল্য়ৰ মাপকাঠি আৰু মূল্য়ৰ ভাণ্ডাৰ হিচাপে ৰাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়েই হ’ল মুদ্ৰা।

৩। মুদ্ৰাৰ এটা মুখ্য কার্য উল্লেখ কৰা ।

উত্তৰঃ মুদ্ৰাৰ এটা মুখ্য় কাৰ্য এয়ে যে মুদ্ৰা হৈছে বিনিময়ৰ মাধ্য়ম।

8। অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হ’ল চেক মুদ্ৰা।

৫। প্রতিনিধিত্বমূলক কাগজী মুদ্রা কি ?
উত্তৰঃ কাগজী মুদ্ৰাই ধাতুগত মুদ্ৰাৰ স্থান অধিকাৰ কৰিছে। বিনিময়ৰ মাধ্য়ম হিচাপে কাগজী মুদ্ৰাৰ ব্য়ৱহাৰ হৈছে। পূৰ্বৰ কাগজী মুদ্ৰা সম মূল্য়ৰ সোণ বা ৰূপলৈ পৰিৱৰ্তিত কৰাটো সম্ভৱ।

৬। বেংক কি ?

উত্তৰঃ বেংক হৈছে বেংক এবিধ বিত্তীয় অনুষ্ঠান, যি ঋণৰ ব্য়ৱসায় কৰে।

৭। ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল ?

উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংক ১৯৩৫ চনত স্থাপিত হৈছিল।

৮ । চলিত আমানত কি ?
উত্তৰঃ চলিত আমানতত সঞ্চয় কৰিলে বা জমা ৰাখিলে, সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে উলিয়াই আনিব পাৰে।

চমু উত্তৰৰ প্রশ্নঃ

১ । সংগতিবিহীন অভাৱে বিনিময় প্রথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে ?

উত্তৰঃ বিনিময় প্ৰথাৰ অভাৱৰ সংগতি বা দুয়োপক্ষৰ অভাৱৰ সংগতিৰ ওপৰত নিৰ্ভৰ কৰে। এই প্ৰথাৰ অভাৱসমূহ দুয়োপক্ষৰ মাজতে মিল নাথাকিলে বিনিময় কৰাটো অসম্ভৱ হৈ পৰিব। উদাহণস্ৱৰূপে, যে ‘ক’ য়ে আৰু ‘খ’ য়ে যদি বিনিময় কৰিব বিচাৰে তেন্তে, ‘খ’ য়ে বিচৰা বস্তুটো ‘ক’ ওচৰত থাকিব লাগিব আৰু ‘ক’ য়ে বিচৰা বস্তুটোও ‘খ’ ৰ ওচৰত থাকিব লাগিব। তেতিয়াহে দুয়োৰে মাজত বিনিময় সম্ভৱ হ’ব। যদি ‘ক’ ৰ আৰু ‘খ’ চৰ্ত সমূহ পূৰণ কৰিব নোৱাৰে,তেন্তে ইয়াত সংগতিবিহীন অভাৱে দেখা দিব আৰু এই ক্ষেত্ৰত বিনিময় কৰাটো অসম্ভৱ হৈ পৰিব ।

২ । মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা ?

উত্তৰঃ মূল্য়ৰ ভাণ্ডাৰ হৈছে এগৰাকী ব্য়ক্তি সঞ্চয় নিজৰ লগত নাৰাখি বেংকত জমা থ’ব পাৰে। যেতিয়াই প্ৰয়োজন হয় তেতিয়াই সঞ্চয় কৰি থোৱা ধনৰ বিপৰীতে লাগতিয়াল সামগ্ৰীসমূহ সংগ্ৰহ কৰি ল’ব পাৰি। মুদ্ৰা হ’ল সা- সামগ্ৰীৰ মূল্য়ৰ ভাণ্ডাৰ।

৩। মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতােকৈ গুৰুত্বপূৰ্ণ আৰু কিয় ?

উত্তৰঃ মুদ্ৰাৰ সবাতোকৈ গুৰুত্ৱপূৰ্ণ বৈশিষ্ট্য় হৈছে সাধাৰণ গ্ৰহণযোগ্য়তাঃ ইয়াৰ বিনিময়ৰ মাধ্য়ম হিচাপে সেৱা আগবঢ়োৱা যিকোনো সোমগ্ৰীতেই সাধাৰণ গ্ৰহণযোগ্য়তা থাকিব লাগিব। নহ’লে মুদ্ৰা বিনিময়ৰ মাধ্য়ম হ’ব নোৱাৰে।

৪ । মুদ্ৰাৰ তাৰল্য গুণ কি ?

উত্তৰঃ মুদ্ৰাৰ তাৰল্য় গুণ হৈছে যিকোনো মুদ্ৰা সমমূল্য়ৰ সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্য়ক্ষভাৱে ৰূপান্তৰিত হ’লেই মুদ্ৰাৰ তাৰল্য় গুণ আছে বুলি ক’ব লাগিব। মুদ্ৰা সামগ্ৰীলৈ তৎকালীনভাৱে আৰু প্ৰত্য়ক্ষভাৱে ৰূপান্তৰিত হয়। মুদ্ৰাৰ উপৰিও অন্য়ান্য় সম্পদসমূহ হৈছে সোণ, ৰূপ মাটি- বাৰী ইত্য়াদি।

৫। ‘ মুদ্রা সা – সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী’– ব্যাখ্যা কৰা ।

উত্তৰঃ আমি জনাত সকলোবোৰ আৰ্থিক সামগ্ৰীৰ মূল্য় আছে। যিবোৰ সামগ্ৰীৰ বজাৰত বেচা-কিনা হয়, সেইবোৰ সামগ্ৰীৰ মূল্য় আছে। মুদ্ৰা সামগ্ৰীৰ মুল্য়ৰ উমৈহতীয়া মাপকাঠি, কাৰণ সকলো আৰ্থিক সামগ্ৰীৰ মূল্য় মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। যিহেতু মুদ্ৰা হৈছে সামগ্ৰীৰ উমৈহতীয়া মাপকাঠী সেয়ে ইয়াৰ দ্ৱাৰা যিকোনো সা-সামগ্ৰীৰ মুল্য় নিৰ্ধাৰণ কৰাটো অতি সহজ হয়।

৬। সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পার্থক্য কি ?

উত্তৰঃ সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য় হ’ল- ১। যি বিহিত মুদ্ৰাৰ এটা ৰূপ যাৰ দ্ৱাৰা সীমিত মূল্য়ৰ লেনদেনহে সম্পন্ন কৰিব পাৰি সেই মুদ্ৰা সসীম বিহিত মুদ্ৰা হ’ব। আৰু বিহিত মুদ্ৰাৰ অন্য় এটা ৰূপ যাৰ দ্ৱাৰা যিকোনো মূল্য়ৰ লেনদেন সম্পন্ন কৰিব পাৰি সেই মুদ্ৰা অসীম বিহিত মুদ্ৰা হ’ব।
২। অধিক মূল্য়ৰ লেনদেনৰ বাবে ধাতু মুদ্ৰা বা কম মূল্য়ৰ কাগজী মুদ্ৰাৰ ব্য়ৱহাৰ কৰিব নোৱাৰি সসীম বিহিত মুদ্ৰাত আৰু অধিক মূল্য়ৰ কাগজী মুদ্ৰা অসীম বিহিত মুদ্ৰাত।

৭। আঞ্চলিক গ্রাম্য বেংকে কি কার্য সম্পাদন কৰে ?

উত্তৰঃ আঞ্চলিক গ্ৰাম্য় বেংকে সম্পাদন কৰা কাৰ্য সমূহ হ’ ল-
১। গ্ৰাম্য় সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্য়য় কৰা।
২। বেপাৰী, মহাজনসকলৰপৰা অত্যধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া।

৮ । অনা – বেংক প্রতিষ্ঠানসমূহ বেংকতকৈ কি অর্থত বেলেগ ?

উত্তৰঃ ১। অনা- বেংক প্ৰতিষ্ঠানসমূহে চেকৰ যোগান নধৰে আৰু সেয়ে চেকৰ জৰিয়তে সঞ্চয়কাৰীয়ে নিজৰ জমা ধন উনিয়াই আনিব নোৱাৰে। কিন্তু বেংকৰ ক্ষেত্ৰত চেকৰ জৰিয়তে সঞ্চয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই আনিব পাৰে।
২। বেংকত জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে কিন্তু অনা – বেংক প্ৰতিষ্ঠানসমূহত এনে বীমাকৰণৰ ব্য়ৱস্থা নাথাকে।

দীঘল উত্তৰৰ প্রশ্নঃ

১। বিনিময় প্রথাৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা ।

উত্তৰঃবিনিময় প্ৰথাৰ চাৰিটা অসুবিধা ব্য়াখ্য়া হৈছে–
(ক) সংগতিবিহীন অভাৱঃ প্ৰথম, ‘ক’ই ধান উৎপাদন কৰিছে আৰু ‘ক’ৰ কুঁহিয়াৰৰ প্ৰয়োজন হৈছে। দ্ৱিতীয়তে, ;খ’ই কুঁহিয়াৰ উৎপাদন কৰিছে আৰু ‘খ’ৰ ধানৰ প্ৰয়োজন হৈছে। দুয়োৰে অভাৱৰ সংগতি থকা বাবে দুয়োৰে মাজত বিনিময় সম্ভৱ হৈছে। ধৰি লোৱা ‘খ’ৰ ধানৰ প্ৰয়োজন হোৱা নাই; ‘খ’ই মাছহে বিচাৰিছে। তেনে অৱস্থাত ‘ক’ আৰু ‘খ’ৰ মাজত বিনিময় হ’ব নোৱাৰে।
(খ) হিচাপ- নিকাচৰ উমৈহতীয়া এককৰ অভাৱঃ বিনিময়যোগ্য় সামগ্ৰীৰ সংখ্য়া বহুত। প্ৰতিটো সামগ্ৰীৰ মূল্য় আন সামগ্ৰীৰ মাধ্য়মেৰে প্ৰকাশ কৰিব লাগিব। এনেদৰে প্ৰতিটো সামগ্ৰীৰ বিপৰীতে বিনিময় হাৰ মনত ৰখাটো অসম্ভৱ।
(গ) বিভাজনীয়তা অসুবিধাঃ কিছুমান সামগ্ৰী আছে যিবোৰ সৰু সৰু অংশলৈ ভাগ কৰিব নোৱাৰি। বিনিময় প্ৰথাত এনেবোৰ সামগ্ৰীয়ে আহুকালৰ সৃষ্টি কৰে যেনে হাতীটোৰ গৰাকীক এক কিলোগ্ৰাম চাউলৰ প্ৰয়োজন হৈছে। এক কিলোগ্ৰাম চাউল আৰু হাতী এটাৰ মূল্য় একে নহয়। কিন্তু হাতীটো অবিভাজনীয়, অৰ্থা হাতীটো সৰু সৰু অংশলৈ ভাগ কৰি চাউলৰ লগত বিনিময় কৰাটো অসম্ভৱ।
(ঘ) মূল্য়ৰ ভাণ্ডাৰৰ অভাৱঃ মূল্য় বুলিলে সা-সামগ্ৰী মূল্য় বুজিব লাগিব। সামগ্ৰীবোৰ বেছি দিন নিটিকে। বিনিময় প্ৰথাত মূল্য়ৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লাগিব। কিন্তু সামগ্ৰীৰ ৰূপত মূল্য় ভণ্ডাৰ সঞ্চয় কৰিলে নিৰ্দিষ্ট কিছুমীন সমস্য়াৰ সৃষ্টি হ’ব। সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয়ৰ খৰছ। মাছ, কণী, গাখীৰ আদিৰ দৰে দ্ৰব্য়সমূহত মূল্য়ৰ হানি।

২। মুদ্ৰাৰ যিকোনাে চাৰিটা প্রধান বৈশিষ্ট্য ব্যাখ্যা কৰা ।

উত্তৰঃ মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য় হৈছেঃ–
(ক) সাধাৰণ গ্ৰহণযোগ্য়তাঃ মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্য়তা থাকিব লাগিব নহ’লে মুদ্ৰা বিনিময়ৰ মাধ্য়ম হ’ব নোৱাৰে। মুদ্ৰাৰ বৈশিষ্ট্য়সমূহৰ ভিতৰত এইটোৱেই সবাতোকৈ গুৰুত্ৱপূৰ্ণ বৈশিষ্ট্য়।
(খ) মুদ্ৰাৰ সহজ চিনাক্তকৰণঃ মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ’ব লাগিব। আন সকলোবোৰ সামগ্ৰীতকৈ ই বেলেগ হ’ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ নহ’লে সামগ্ৰী বেচা-কিনাৰ সময়ত জটিলতাই দেখা দিব।
(গ) দীৰ্ঘস্থায়িত্ৱঃ মুদ্ৰা সহজেই নষ্ট হৈ যোৱা সামগ্ৰী হ’ব নোৱাৰে। মাছ, কণী, গাখীৰ ইত্য়াদিৰ কোনোটোৱেই মুদ্ৰা হ’ব নোৱাৰে। মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ’ব লাগিলে মুদ্ৰা বেছি দিনলৈ টিকিব লাগিব।
(ঘ) তল্য়তাঃ মুদ্ৰাৰ তাৰল্য় গুণ আছে। যিকোনো মুদ্ৰা সমমূল্য়ৰ সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্য়ক্ষভাৱে ৰূপান্তৰিত হ’লেই মুদ্ৰাৰ তাৰল্য় গুণ আছে বুলি ক’ব লাগিব।

৩। মুদ্রাই সম্পাদন কৰা চাৰিটা প্রধান কার্য ব্যাখ্যা কৰা।

উত্তৰঃ মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য ব্য়াখ্য়া হৈছে—
(ক) বিনিময়ৰ মাধ্য়মঃ বিনিময় প্ৰথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্য়ক্ষ বিনিময় হৈছিল। মুদ্ৰা ব্য়ৱস্থাত সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ পৰোক্ষ বিনিময় হয়। মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্য়তা থকাৰ বাবে সকলো ধৰণৰ সা-সামগ্ৰীৰ বিনিময় সম্ভৱ হয়।
(খ) সা-সামগ্ৰীৰ মূল্য়ৰ মাপকাঠীঃ মুদ্ৰাই সা-সামগ্ৰীৰ মূল্য়ৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। সকলো আৰ্থিক সামগ্ৰীৰ মূল্য় আছে। মুক্ত সামগ্ৰীৰহে মূল্য় নাথাকে। আমি সেৱন কৰা বতাহ, সূৰ্যৰ ৰশ্মি, নৈৰ পানী ইত্য়াদিৰবোৰ মূল্য় দিব নালাগে। যিবোৰ সামগ্ৰীৰ বজাৰত বেচা-কিনা হয় সেইবোৰহে মূল্য় আছে। মুদ্ৰা সামগ্ৰীৰ মূল্য়ৰ উমৈহতীয়া মাপকাঠি, কাৰণ সকলো আৰ্থিক সামগ্ৰীৰ মূল্য় মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়।
(গ) স্থগিত দেনা – পাওনাৰ মানদণ্ডঃ কিছুমান সামগ্ৰী আৰু পৰিসম্পদ বেচা-কিনাৰ সময়ত দামটো লগে লগে পৰিশোধ কৰা নহয়। ঋণৰ ক্ষেত্ৰতো ঋণ লওঁতাই ঋণদাতাক ঋণ পৰিশোধ কৰোতে সময় লয়। মুদ্ৰাই কেৱল চলন্ত লেনদেনতে সহায় নকৰে, বৰঞ্চ স্থগিত দেনা-পাওনাৰ মানদণ্ড হিচাপে সম্পাদন কৰা কাৰ্যৰ জৰিয়তে বাকী বা স্থগিত লেনদেনো সম্পন্ন কৰাত সহায় কৰে।
(ঘ) মূল্য়ৰ ভাণ্ডাৰঃ সামগ্ৰী সঞ্চয় কৰি ৰাখিব নোৱাৰি। সামগ্ৰীবোৰ সোনকালে নষ্ট হৈ যায়। বিনিময় প্ৰথাত সেয়ে সঞ্চয়ৰ ভাণ্ডাৰ নাছিল। মূল্য়ৰ তৰল ভাণ্ডাৰ আৰু ইয়াক ভৱষ্য়তৰ ব্য়ৱহাৰৰ বাবে সাঁচি ৰাখিব পাৰা যায়। আৰু ই নিজৰ মূল্য় দ্ৰুতভাৱে হ্ৰাস নোহোৱালৈকে মূল্য়ৰ ভাণ্ডা হিচাপে কাৰ্য সম্পাদন কৰিব পাৰে।

৪। চেক এখন মুদ্রা নে ? তােমাৰ উত্তৰৰ সপক্ষে যুক্তি দর্শোৱা ।

উত্তৰঃ প্ৰকৃততে চেক মুদ্ৰা নহয়; মুদ্ৰা পৰিশোধৰ এটা আদেশহে মাথোন। নিম্নোল্লিখিত কাৰণসমূহৰ বাবে চেক এখনক মুদ্ৰা হিছাপে বিৱেচনা কৰা নহয়। চেক এখনৰ বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্য়তা গুণ নাই। আৰু ধন পৰিশোধৰ এক প্ৰতিশ্ৰুতি – পত্ৰ। চেক এখনক তৎক্ষণাত মুদ্ৰালৈ ৰূপান্তৰিত কৰিব নোৱাৰে কাৰণ ইয়াৰ তাৰল্য় গুণৰ অভাৱ ঘটিছে। চেক সহজে চিনাক্ত কৰণ কৰিব নোৱাৰি । চেক সহজবোধগম্য় নহয় আৰু বাউন্স হ’লে লেনদেনত সমস্য়াৰ উদ্ভৱ হয়। যদিহে চেক এখন বেংকৰ দৃষ্টিত মূল্য়হীন হৈ পৰে তেন্তে লেনদেন প্ৰক্ৰিয়াত সমস্য়া হ’ব পাৰে।

৫। মুদ্রাই সৃষ্টি কৰিব পৰা চাৰিটা প্রধান অসুবিধা ব্যাখ্যা কৰা ।

উত্তৰঃমুদ্ৰাই সৃষ্টি কৰিব পৰা চাৰিটা প্ৰধান অসুবিধা হ’ল–
১। মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্য়বোধকৰ অৱক্ষয়ৰ কাৰণ হ’ব পাৰে। দুৰ্নীতি, অনিয়ম, অবিচাৰৰ গুৰিতেই মুদ্ৰা বুলি ক’লে অত্য়ুক্তি কৰা নহ’ব।
২। মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ’ব পাৰে। মুদ্ৰা সৰ্বস্ৱ অৰ্থনীতিত মুদ্ৰা অনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে। ই সামাজিক বৈষম্য় সৃষ্টি কৰিছে।
৩।মুদ্ৰাৰ এটা প্ৰধান অসুবিধা এয়ে যে মুদ্ৰাৰ মূল্য় হ্য়াস হোৱাৰ পৰিপ্ৰেক্ষিতত মুদ্ৰাস্ফীতি বা মুদ্ৰা-সংকোচন সংঘটিত হৈ দেশত অস্থিৰতাৰ সৃষ্টি হ’ব পাৰে।
৪। মুদ্ৰাৰপৰা ক’লা মুদ্ৰাৰ সৃষ্টি হয়। ক’ল মুদ্ৰা অৰ্থনৈতিক অপৰাধ( যেনে আয়কৰ ফাঁকি)ৰ সৈতে জড়িত। এনেবোৰ অপৰাধৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাব লগা হয়।

৬। কেন্দ্রীয় বেংকৰ চাৰিটা প্রধান কার্য ব্যাখ্যা কৰা ।

উত্তৰঃ কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য ব্য়াখ্য়া হ’ল–
(ক) কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা মুদ্ৰা ছপা কৰেঃ কেন্দ্ৰীয় বেংকৰ এইটো একচেটীয়া অধিকাৰ। বাকী কোনো বেংকৰ এই অধিকাৰটো নাই।
(খ) কেন্দ্ৰীয় বেংক হ’ল দেশৰ বৈদেশিক বিনিময়যোগ্য় মুদ্ৰাৰ ৰক্ষকঃ কেন্দ্ৰীয় বেংকে দেশৰ বৈদেশিক বিনিময়যোগ্য় মুদ্ৰাৰ ৰক্ষক হিচাপে কাম কৰে। বিভিন্ন দেশৰ মুদ্ৰাৰ বিপৰীতে ভাৰতীয় টকাৰ বিনিময় হাৰ বেলেগ বেলেগ হয়। ই ভাৰতৰ বৈদেশিক বিনিময়ৰ আনুষ্ঠীনিক হাৰ নিৰ্ধাৰণ কৰি দিয়ে।
(গ) কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰিব লাগেঃ কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাম কৰে। গোটেইবোৰ বেংকৰ হিচাপে-নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে। আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকেই বেংকসমূহৰ বাবে শেষ আশ্ৰয়স্থল।
(ঘ) কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰেঃ এই মুদ্ৰা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ।কেন্দ্ৰীয় বেংকে দেশৰ ঋণ মুদ্ৰাৰ মুঠ পৰিমান নিয়ন্ত্ৰণ কৰে। কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণ ব্য়ৱস্থাৱলী গ্ৰহণ কৰি বাণিজ্য়িক বেংকসমূহৰ ঋণ প্ৰদান ক্ষমতা নিয়ন্ত্ৰণ কৰিব পাৰে।

৭। বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কার্য ব্যাখ্যা কৰা ।

উত্তৰঃ বাণিজ্য়ক বেংকে সম্পাদন কৰা দুটা প্ৰধান কাৰ্য ব্য়াখ্য়া হ’ল—
(১) বাণিজ্য়িক বেংকে সঞ্চয় সংগ্ৰহ কৰেঃ এই সঞ্চয় তিনি প্ৰকাৰৰ সেইকেইতা হ’ল-
(ক) চলিত আমানতঃ চলিত অমানতত সঞ্চয় কৰিলে বা জমা ৰাখিলে, সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে।
(খ) স্থিৰ আমানত বা কাল আমানতঃ স্থিৰ বা কাল আমানতৰ ক্ষেত্ৰত এনে কৰিব লোৱাৰি। এই আমানত উলিয়াই আনিবলৈ হ’লে আমানতকাৰীয়ে বেংকক আগতীয়াকৈ জনাব লাগে।
(গ) সঞ্চয় আমানতঃ সঞ্চয় আমানতৰ ক্ষেত্ৰত জমাৰ এটা অংশ আমানতকাৰীয়ে প্ৰয়োজন অনুসৰি উলিয়াই আনিব পাৰিব কিন্তু আনটো অংশ উলিয়াবলৈ হ’লে বেংকৰ আগতীয়া অনুমতিৰ প্ৰয়োজন ল’ব লাগিব।

(২) বাণিজ্য়ক বেংকসমূহে ঋণৰ যোগান ধৰেঃ বাণিজ্য়িক বেংকসমূহে কৃষক, উদ্য়োগপতি, কাৰিকৰ, ঠেলাচলক, ৰিক্সাচালককে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক বাণিজ্য়িক বেংকে ঋণ যোগান ধৰে। ঋণৰ উচিত ব্য়ৱহাৰৰ ফলত ঋণ লওতাৰ আৰ্থিক স্থিতি কিছু সবল হয়।
সাধাৰণতে বাণিজ্য়িক বেংকে দীৰ্ঘকালীন ঋণ আগ নবঢ়ায়। ইয়াৰ কাৰণ হ’ল এয়ে যে দীৰ্ঘকালৰ বাবে (ধৰি লোৱা ৫, ১০, ১৫ বছৰৰ বাবে) বেংকে ঋণ আগবঢ়ালে ঋণ পৰিশোধ নকৰা পৰ্যন্ত বেংকে সঞ্চয় ঘূৰাই নাপাব। এনে হ’লে বেংকৰ ওপৰত ৰাইজৰ আস্থা হেৰাই যাব আৰু আনকি সময়ৰ মূৰকত বেংকটো বন্ধ হৈয়ো যাব পাৰে।

৮ । তলত উল্লেখ কৰা প্রতিষ্ঠানসমূহে কি কার্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা ?

(ক) আই ডি বি আই

(খ) আঞ্চলিক গ্রাম্য বেংক

(গ) ৰাষ্ট্রীয় কৃষি আৰু গ্ৰামেন্নয়ন বেংক

( ঘ ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক ।

উত্তৰঃ(ক) আই ডি বি আইঃ ১৯৬৪ চনত এই বেংক স্থাপন কৰা হয়। ইয়াৰ মূল কাৰ্যসমূহ হ’ল—
মূখ্য় কাৰ্যঃ
(i) ঔদ্য়োগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য় প্ৰদান কৰা।
(ii) ঔদ্য়োগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰা।
গৌণ কাৰ্যঃ
(i) অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্য়োগলৈ ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়ায়।
(ii) বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্য়োগবিহীন জিলাসমূহত ঔদ্য়োগিক উদ্য়ম বৃদ্ধিৰ বাবে আগভাগ লয়।
(খ) আঞ্চলিক গ্ৰাম্য় বেংকঃ ১৯৭৫ চনত প্ৰথমতে ৫টা আঞ্চলিক গ্ৰাম্য় বেংক স্থাপন কৰা হয়। এই বেংকে সম্পাদন কৰা মূল কাম দুটা হ’ল—-(i) বেপাৰী, মহাজনসকলৰপৰা অত্য়ধিক সুদ কি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া আৰু (ii) গ্ৰাম্য় সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্য়য় কৰা।
(গ) ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰান্নয়ন বেংকঃ ১৯৮২ চনত নাবাৰ্ড (NABARD)স্থাপন কৰা হয়। নাবাৰ্ডে সম্পাদন কৰা মূল কাৰ্যবোৰ হ’ল—(i) গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবোৰৰ শীৰ্ষ বিত্তি যোগানকাৰী প্ৰতিষ্ঠান হ’ল নাবাৰ্ড।
(ii) ঋণ প্ৰদান প্ৰক্ৰিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা, প্ৰশিক্ষণ আদিৰ সুদৃঢ়কৰণকল্পে নাবাৰ্ডে ব্য়ৱস্থা গ্ৰহম কৰে।
(iii) সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান, ভাৰত চৰকাৰ, ৰাজ্য় চৰকাৰ, ৰিজাৰ্ভ বেংক ইত্য়াদিৰ সৈতে নাবাৰ্ডে সমন্ৱয় ৰক্ষা কৰে।
(ঘ) ভাৰতীয় ক্ষুদ্ৰ উদ্ৰোগ উন্নয়ন বেংকঃ ভাৰতী ক্ষুদ্ৰ উদ্য়োগ উন্নয়ন বেংকৰ প্ৰধান কাৰ্যসমূহ হ’লঃ
(i) ক্ষুদ্ৰ উদ্য়োগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্য়া আৰু আধুনিকীকৰণৰ ব্য়ৱস্থা কৰা;
(ii) ক্ষুদ্ৰ উদ্য়োগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়া।
(iii) অৰ্ধ-নগৰ এলেকাত ক্ষুদ্ৰ উদ্য়োগসমূহত অধিক নিয়োগৰ ব্য়ৱস্থা কৰি গাঁও আৰু অৰ্ধ-নগৰ এলেকাৰপৰা চহৰলৈ জনসংখ্য়াৰ বহিৰ্গমণ ৰোধ কৰা ।
(iv) ৰাজ্য়িক বিত্তি নিগম, ঔদ্য়োগিক নিগম, ব্য়ৱসায়িক বেংক, সমবায় বেংক আৰু আঞ্চলিক গ্ৰাম্য় বেমকসমূহলৈ অৰ্থ সাহায্য় আগবঢ়োৱা আৰু এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্ৰ উদ্ৰোগলৈ ঋণ আগবঢ়োৱা।