অম্ল, ক্ষাৰক আৰু লৱণ । অধ্যায় ৫ । Class 7 General Science Lesson 5 Question and Answer | SCERT Class 7 G.Science Chapter 5 Solution | Assam Class 7 General Science Lesson 5 Answer | সপ্তম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৫ অম্ল, ক্ষাৰক আৰু লৱণ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

অম্ল, ক্ষাৰক আৰু লৱণ

১) অম্ল আৰু ক্ষাৰকৰ মাজৰ পার্থক্য লিখা। 

উত্তৰঃ অম্ল আৰু ক্ষাৰকৰ মাজৰ পার্থক্য হল –

১) অম্লৰ সোৱাদ টেঙা আনহাতে ক্ষাৰৰ সোৱাদ তিতা। আৰু ক্ষাৰ চুলে চাবোন পানীৰ দৰে লাগে।

২) অম্লই নীলা লিটমাছ ৰঙা কৰে আনহাতে ক্ষাৰে ৰঙা লিটমাছ নীলা কৰে।

২। খিৰিকী পৰিষ্কাৰকৰ নিচিনা বহুতাে ঘৰুৱা বস্তুত এম’নিয়া থাকে ।ই ৰঙা লিটমাছ নীলা কৰে । ই কি প্রকৃতিৰ

উত্তৰঃ  ইয়াৰ প্ৰকৃতি হল – ক্ষাৰকীয়।

৩। লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম লিখা । এই দ্ৰৱৰ ব্যৱহাৰ কি? 

উত্তৰঃ  লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম ছত্ৰক শৈৱাল। কোনো এটা দ্ৰৱ অম্ল, ক্ষাৰক নে লৱণ পৰীক্ষাৰ বাবে এই দ্ৰৱ ব্য়ৱহাৰ কৰিব পাৰি।

৪ ) পাতিত পানী আম্লিক, ক্ষাৰকীয় নে প্রশম? তুমি এইটো কেনেকৈ প্ৰমাণ কৰিবা?

উত্তৰঃ- পাতিত পানীত আম্লিক দ্ৰৱ মিহলালে ইয়াৰ ৰং ৰঙা হয় আৰু ক্ষাৰকীয় দ্ৰৱত মিহলালে ইয়াৰ ৰং নীলা হয় আৰু যদি ৰঙা বা নীলা লিটমাছৰ ৰং সলনি নকৰে তেতিয়া তাক প্ৰশম বোলে।

৫। এটা উদাহৰণসহ প্রশমন প্রক্রিয়া বর্ণনা কৰা ।

উত্তৰঃ- এছিড আৰু ক্ষাৰকৰ ৰাসায়নিক বিক্ৰিয়াক প্ৰশম বোলে। এই প্ৰক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় ।

৬। তলৰ বাক্যটো শুদ্ধ হলে শু আৰু অশুদ্ধ হলে অ চিন দিবা।

(ক) নাইট্রিক এছিডে ৰঙা লিটমাছ কাগজ নীলা কৰে । ( শু / অ ) 

উত্তৰঃ-  অ

(খ) ছডিয়াম হাইড্রক্সাইডে নীল লিটমাছ ৰঙা কৰে । ( শু / অ ) 

উত্তৰঃ-  অ

(গ) ছ’ডিয়াম হাইড্রক্সাইড আৰু হাইড্র’ক্লৰিক এচিডে পৰস্পৰে পৰস্পৰক প্রশমিত কৰে আৰু পানী আৰু লৱণ উৎপন্ন কৰে । ( শু / অ )

উত্তৰঃ- শু

(ঘ) সূচক হ’ল এটা দ্রব্য যিয়ে ক্ষাৰকীয় আৰু আম্লিক দ্ৰৱত বেলেগ বেলেগ বৰণ দেখুৱায় । ( শু/ অ ) 

উত্তৰঃ- শু

ঙ ) ক্ষাৰকৰ উপস্থিতিৰ বাবে দন্তক্ষয় ৰােগ হয় ।

উত্তৰঃ- অ 

৭। ডেকাৰ ৰেষ্টুৰেণ্টত কিছু মৃদু পানীয় বটল আছে । কিন্তু দুর্ভাগ্যবশতঃ এইবােৰত লেবেল নাই। এই পানীয় বিলাক তেওঁ গ্রাহকৰ চাহিদা অনুযায়ী যােগান ধৰিব লাগে। এজন গ্রাহকক আম্লিক, আন এজনক ক্ষাৰকীয় আৰু তৃতীয়জনক প্রশম পানীয় লাগে। কোনজনক কোনটো পানীয় দিব লাগিব কেনেকৈ থিৰাং কৰিব?

উত্তৰঃ- 

 ৮। কাৰণ ব্যাখ্যা কৰা । 

(ক) এছিডিটিত ভুগিলে তুমি অম্লনাশক টেবলেট খােবা ।

উত্তৰঃ- আমাৰ পাকস্থলিত হাইড্ৰ’ক্লৰিক এছিড থাকে। পাকস্থলিত অম্লৰ পৰিমান বেছি হ’লে বদহজম হয়। বদহজমত ভুগিলে  আমি অম্লনাশক টেবলেট খাওঁ – কাৰণ ই অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰে আৰু কষ্টৰ  পৰা ৰক্ষা কৰে।

(খ) পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰৱ ঘঁহা হয় ।

উত্তৰঃ-   পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰৱ ঘঁহা হয় কাৰণ পৰুৱাৰ শুঙত ফৰ্মিক এছিড থাকে। যেতিয়া পৰুৱাই কামুৰে তেতিয়া এই এছিড ভিতৰলৈ শুমোৱাই দিয়ে আৰু যেতিয়া কেলামাইন দ্ৰৱ ঘঁহি দিয়া হয় এছিদৰ প্ৰভাৱ প্ৰশমিত কৰিব পাৰি।

গ)  কাৰখানাৰ আৱৰ্জনাবােৰ জলাশয়ত পেলােৱাৰ আগতে প্রশমিত কৰা হয় ।

উত্তৰঃ- বহুতো কাৰখানাৰ আৱৰ্জনাত অম্ল থাকে। যদিএই আৱৰ্জনাসমূহ জলাশয়লৈ বৈ যাব দিয়া হয় তেনেহ’লে এই অম্লই পানীত থকা মাছ আৰু অন্য় জীৱ ধ্বংস কৰি দিব। সেয়েহে, কাৰখানাৰ আৱৰ্জনাসমূহ ক্ষাৰকীয় দ্ৰৱ মিহলাই প্ৰশমিত কৰা হয়।

৯। তােমাক তিনিটা জুলীয়া পদার্থ দিয়া হৈছে । এটা হাইড্র’ক্ল’ৰিক এছিড, আনটো ছডিয়াম হাইড্রক্সাইড আৰু তৃতীয়টো হ’ল চেনিৰ দ্ৰৱ। তুমি এইবােৰক কেনেকৈ চিনাক্ত কৰিবা ? তােমাৰ কেবল হালধিৰ সূচকহে আছে।

১০। এখন নীলা লিটমাছ কাগজ এটা দ্রৱত ডুবাই দিয়া হ’ল । কাগজখন নীলা হৈয়ে থাকিল । দ্ৰৱটোৰ প্রকৃতি কেনেকুৱা ব্যাখ্যা কৰা।

উত্তৰঃ এখন নীলা লিটমাছ কাগজ এটা দ্রৱত ডুবাই দিয়া হ’ল । কাগজখন নীলা হৈয়ে থাকে যদি দ্ৰৱটাৰ প্ৰকূতি প্ৰশম দ্ৰৱ হ’ব।

১১। তলৰ বাক্যকেইটা পঢ়ি চোৱা ।

(ক) অম্ল আৰু ক্ষাৰক দুয়ােটাই সকলােবােৰ সূচকৰ ৰং সলনি কৰে । 

(খ) যদি এটা সূচকৰ ৰং অম্লত সলনি হয়, তেনেহ’লে ইয়াৰ ৰং ক্ষাৰকত সলনি নহয় । 
 
(গ) যদি এটা সূচকৰ ৰং ক্ষাৰকত সলনি হয়, তেনেহ’লে ইয়াৰ ৰং অম্লত সলনি নহয়।

(ঘ) অম্ল আৰু ক্ষাৰকত ৰং সলনি হােৱাটো সূচকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। উক্তিবােৰৰ কোনবােৰ শুদ্ধ ?
(i) চাৰিওটা    (ii) ‘ক’আৰু ‘ঘ’(iii) ‘খ’ আৰু ‘গ’ (iv) কেৱল ‘ঘ’।

উত্তৰঃ-  (ii) ‘ ক’আৰু ‘ঘ’ ।