অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি । অধ্যায় ১১ । Chapter 11 | Class 8 Social Science History Lesson 11 Question and Answer | SCERT Class 8 S.Science History Chapter 11 Solution | অষ্টম মান শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস অধ্যায় ১১ অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি

১) চমুকৈ উত্তৰ লিখা- 

ক) অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি কি আছিল?

উত্তৰ- কামৰূপ-কমতা, লচুটিয়া, বাৰভূঞা, কছাৰী আৰু আহোম ǀ

খ) দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে ?

উত্তৰ- বড়ো মহিলা ǀ

গ) আহোমসকলৰ ৰাজত্বকালত ভূ-সম্পত্তিৰ গৰাকী কোন আছিল ? 

উত্তৰ-ৰজা ǀ

ঘ) মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল ?

উত্তৰ-বিনিময় প্রথা ǀ

ঙ) কপিলীৰ পাৰত অলীপুখুৰীৰ বৰদোৱাত কোনে টোল পাতি জ্ঞান চৰ্চা কৰিছিল ?

উত্তৰ- 

২)‘ক’ অংশৰ কথাখিনিৰ লগত ‘খ’ অংশৰ কথাখিনি মিলোৱা-

‘ক’ অংশ‘খ’ অংশ
মাধৱ কন্দলি
সুকুমাৰ বৰকাইথ
পুৰুষোত্তম বিদ্যাবাগীশ
ভট্টদেৱ
বলদেৱ সূৰ্যখৰি দৈৱ্জ্ঞ
ৰত্নমালা
দৰং ৰাজবংশাবলী
ৰামায়ণ
হস্তীবিদ্যাৰ্ণৱ
কথাগীতা

উত্তৰ- 

‘ক’ অংশ‘খ’ অংশ
মাধৱ কন্দলি
সুকুমাৰ বৰকাইথ
পুৰুষোত্তম বিদ্যাবাগীশ
ভট্টদেৱ
বলদেৱ সূৰ্যখৰি দৈৱ্জ্ঞ
ৰামায়ণ
হস্তীবিদ্যাৰ্ণৱ
ৰত্নমালা
কথা গীতা
দৰং ৰাজবংশাবলী

৩) খালী ঠাই পূৰ কৰা-
ক) নৰনাৰায়ণে হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰিছিল

খ) মধ্যযুগত মহিলাৰ উচ্চ স্হান আছিল ǀ

গ) জনজাতীয় লোকসকলৰ মাজত জুম খেতিৰ প্ৰচলন আছিল ǀ

ঘ) অনন্ত কন্দলীয়ে  ভাগৱত অসমীয়ালৈ অনুবাদ কৰিছিল ǀ

ঙ) আত্মনিৰ্ভৰশীলতা মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল   

৪) শুদ্ধ উত্তৰটোত √চিন দিয়া-

ক) মধ্য যুগৰ শাসন আছিল গণতান্ত্ৰিক/ৰাজতান্ত্ৰিক ǀ

উত্তৰ-ৰাজতান্ত্ৰিক

খ) পাইক প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকলে/কোচসকলে ǀ

উত্তৰ- আহোমসকলে

গ) টঙালি,হাঁচতি বড়োসকলৰ /বাৰভূঞাসকলৰ অৱদান আছিল ǀ

উত্তৰ-বাৰভূঞাসকলৰ

ঘ) কছাৰীসকল/কোচসকল নলা-নৰ্দমা নিৰ্মাণ ব্যৱস্হাত আগৰণুৱা আছিল ǀ

উত্তৰ-কছাৰীসকল

ঙ) স্বৰ্গদেউ ৰুদ্ৰসিংহ/স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰা আহোমৰ স্হাপত্যত মোগল,পাৰ্চী নিদৰ্শনৰ ছাঁ পৰে ǀ

উত্তৰ-ৰুদ্ৰসিংহ

৫) উত্তৰ লিখা (৫০ টা মান শব্দৰ ভিতৰত)ক)

(ক) আহোমসকলৰ পাইক প্ৰথা 

উত্তৰ- আহোমসকলৰ নিচিনা কোচ শাসন ব্যৱস্থাত আছিল সুসংগঠিত । কোচসকলে আহোম শাসন ব্যৱস্থাৰ অনুকৰণত প্ৰজাসকলক গোটত বিভক্তকৰি নিৰ্দিষ্ট সংখ্যক গোটৰ ওপৰত বিষয়া নিযুক্তি দিছিল । কোচ ৰজা নৰনাৰায়ণে আহোম শাসনৰ বহুতো উপাজান কোচ শাসনতো প্ৰৱৰ্তন কৰিছিল । এই বোৰৰ ভিতৰত উল্লেখযোগ্য আছিল পাইক প্ৰথাৰ প্ৰচলন ।

খ) কি কাৰণে আহোমসকলে পচা প্ৰথা প্ৰৱৰ্তন কৰিছিল ǀ

উত্তৰ- আহোম শাসন ব্যৱস্থাৰ আন এটি উল্লেখযোগ্য তথা অনুৰকণীয় দিশ হ’ল সীমান্তৱৰ্তী পাহাৰীয়া জাতিসমূহৰ লগত কৰা বিশেষ বন্দোবস্ত । আহোম স্বৰ্গদেউসকলে উদ্ভাৱন কৰা এই ব্যৱস্থাটো হ’ল পচা প্ৰথা । পাহাৰৰ দাঁতিত থকা আহোম প্ৰদাবোৰত পৰ্বতীয়া জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই আছিল এই পচা প্ৰথাৰ মূল উদ্দেশ্য ।

গ) মধ্যযুগত অসমীয়া সমাজত নাৰীৰ ভূমিকা কেনে আছিল ?

উত্তৰ- মধ্যযুগত মহিলাসকলক সন্মানৰ চকুৰে চোৱা হৈছিল । আহোম বুৰঞ্জীৰ পাত লুটিয়ালে এই কথা স্পষ্ট হয় । ক্ষেত্ৰ বিশেষে মহিলাসকলে দৌল-দেৱালয়ত নৰ্তকীৰ কাম কৰিছি, বোৱা কটা আৰু চোৰাংচোৱাৰ কামো কৰিছিল । মধ্য যুগৰ মহিলাসকলে কেৱল ঘৰুৱা কাম-কাজতে আৱদ্ধ নাছিল তেওঁলোকে সময় সাপেক্ষে যুদ্ধত অংশ গ্ৰহণ কৰাৰ উপৰি ৰাজ সিংহাসনত বহি ৰাজ্য শাসনো কৰিছিল । ৰুচি সম্পন্ন স্বকীয় সাজ-পাৰ আৰু আ-অলংকাৰ পৰিধান কৰা সেই সময়ৰ ৰমণীসকলক সমাজত যথেষ্ট সন্মান কৰা হৈছিল । সৰ্বভাৰতীয় দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে তুলনামূলকভাৱে অসমীয়া সমাজত মহিলাক সন্মানৰ চকুৰে চোৱা হয় । অসমীয়া সমাজত ‘মহিলাৰ স্থান উচ্চ’ এই পৰম্পৰা তাহানিৰ পৰাই আৰম্ভ হৈছিল ।

ঘ) মধ্যযুগৰ কৃষি ব্যৱস্থা।

উত্তৰ- মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি । জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি । ঋতুভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল । দধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাঁহ, বিভিন্ন ধৰণৰ ফল-মূল, শাক-পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল । পাহাৰ অঞ্চলত প্ৰধানত খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল-মূলৰ খেতি কৰিছিল । জনজাতীয় লোকসকলৰ মাজত জুম খেতিৰ প্ৰচলন আছিল । ডোং বান্ধি বৰষুণনৰ পানী জমা কৰি ৰাখি খেতি পথাৰত পানী দিয়াৰ ব্যৱস্থা আছিল ।

ঙ) কছাৰীসকল স্হাপত্য বিদ্যাৰ উল্লেখযোগ্য দিশবোৰ কি কি আছিল ?

উত্তৰ- 

৬) মধ্যযুগত অসমৰ অৰ্থনৈতিক কামকাজৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা ǀ

উত্তৰ- 

৭) আহোমসকলৰ ভূমি নীতিৰ ওপৰত মতামত আগবঢ়োৱা ǀ

উত্তৰ- আহোমৰ আমোলত ৰজা আছিল ভূ-সম্পত্তিৰ গৰাকী । কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিছিল । অৱশ্যে প্ৰতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল । আহোম ৰজাসকলে ব্ৰাহ্মণ, দেৱ-দেৱালয়, সত্ৰ-মন্দিৰ আদিক কৰ মুক্ত মাটি দান কৰিছিল । পৰৱৰ্তী সময়ত মছ্জিদ, কবৰ আদিৰ মেৰামতি আৰু সংৰক্ষণৰ বাবেও মাটি দান কৰিছিল ।

৮) মধ্যযুগত নিৰ্মিত মঠ মন্দিৰসমূহৰ ছৱি সংগ্ৰহ কৰি এটি এলবাম তৈয়াৰ কৰা ǀ

উত্তৰ- 

৯) মধ্যযুগত ৰচিত বিভিন্ন পুথিসমূহৰ  লগতে তাৰ ৰচকলকলৰএখন তালিকা প্ৰস্তুত কৰা ǀ

উত্তৰ- 

১০) সাম্প্ৰতিক অসমৰ ভাষা, সাহিত্য-সংস্কৃতি প্ৰতিটো জাতি জনগোষ্ঠীৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি – বাক্যশাৰীৰ তাৎপৰ্য বাখ্যা কৰা ǀ

উত্তৰ-