অসমৰ ভূগোল । অধ্যায় ৪ (দ্বিতীয় খণ্ড) । Class 9 Social Science Geography Lesson 4 Question and Answer Assam | SEBA Class 9 Social Science Geography Chapter 4 Solution | নৱম মান শ্ৰেণীৰ সমাজ বিজ্ঞান ভূগোল অধ্যায় ৪ অসমৰ ভূগোল পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

অসমৰ ভূগোল

অ নু শী ল নী 
১ । অসমৰ ভূ – প্রাকৃতিক ভাগকেইটা কি কি ? 

উত্তৰঃ  অসমৰ ভূ- প্ৰকৃতিক প্ৰধানকৈ চাৰিটা ভাগত ভগাব পাৰি, সেইকেইটা হল- ক) ব্ৰহ্মপুত্ৰ উপত্যকা, খ) বৰাক উপত্যকা, গ) কাৰ্বি মালভূমি, ঘ) বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি।

২। ব্রহ্মপুত্র উপত্যকাৰ ভূ – প্রাকৃতিক অঞ্চলকেইটা কি কি ? 

উত্তৰঃ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ- প্ৰাকৃতিক অঞ্চল কেইটা হল – উত্তৰ পাদদেশ অঞ্চল, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল, ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ চাপৰি অঞ্চল, দক্ষিণৰ পাদদেশ অঞ্চল।

৩। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্রত্যেকৰে চাৰিখনকৈ প্রধান উপনৈৰ নাম লিখা । 

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চাৰিখন উপনৈ – সোৱণশিৰি, ৰঙানদী, বুৰৈ, বৰগাং।

ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ চাৰিখন উপনৈ – বুঢ়িদিহিং, দিছাং, দিখৌ, জাঁজী।

বা

ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চল চাৰিটা যেনেঃ (ক) উতৰৰ পাদদেশ পদাদেশ অঞ্চল (খ) ব্ৰহ্মপুত্ৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল (গ) ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ-চাপৰি অঞ্চল আৰু (ঘ) দক্ষিণৰ পদাদেশ অঞ্চল।

৪ । ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ চমু বর্ণনা দিয়া । 

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল বুলিলে ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমিকে বুজায়। ইয়াৰে উত্তৰ পাৰৰ সমভূমি অঞ্চলটো উত্তৰ পাদদেশৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ নদীলৈকে আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো দক্ষিণৰ পাদদেশৰ পৰা উত্তৰ ব্ৰহ্মপুত্ৰ নদীলৈকে বিস্তৃত হৈ আছে। ব্ৰহ্মপুত্ৰৰ দুপাৰৰ সমভূমি অঞ্চলটো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অসংখ্য উপনৈয়ে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা শিল বালি বোকাৰ গেদ জমা হৈ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ সমভূমি পলসুৱা মাটিৰে গঠিত আৰু খেতি বাতিৰ বাবে উপযোগী। ইয়াত জনবসতি ঘন আৰু যাতায়ত ব্যৱস্থা উন্নত। উত্তৰ পাৰৰ সমভূমি অঞ্চলটো নামনি অংশত গড়ে প্ৰায় ৩০ কিলোমিটাৰ বহল আৰু উজনি অংশত ঠেক গড়ে প্ৰায় ১০ কিলোমিটাৰ বহল। আনহাতে, দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো মেঘালয় মালভূমিৰ বিস্তৃতিৰ বাবে কামৰূপ, গোৱালপাৰা আৰু ধুবুৰী জিলাত গড় হিচাপে কেৱল প্ৰায় ৫ কিলোমিটাৰ বহল। উত্তৰ পাৰৰ দৰেই দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো জনবসতি ঘন। সাৰুৱা ভূমিৰ বাবে ইয়াত খেতি বাতি ভাল হয় আৰু যাতায়ত ব্যৱস্থাও উন্নত হৈছে।

৫ ৷ ব্ৰহ্মপুত্ৰৰ প্ৰাৱনভূমি অঞ্চলটোৰ চমু বর্ণনা দিয়া । 

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰ মাজত অৱস্থিত মাজে সময়ে অথবা সঘনে বানপানী হোৱা অঞ্চলটোৰ লগতে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ বুকুৰ চৰ চাপৰি অঞ্চলটোক ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি বুলি জনা যায়। এই প্লাৱনভূমি অৱশ্যে সকলো ঠাইতে সমানে বহল নহয়। ব্ৰহ্মপুত্ৰৰ পাৰত ঠায়ে ঠায়ে অৱস্থিত ঢিলা আৰু নদীৰ পাৰত গেদ জমা হৈ সৃষ্টি হোৱা তটবান্ধৰ বাবে কিছুমান ঠাইত প্লাৱনভূমিৰ প্ৰস্হ হ্ৰাস হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিশেষকৈ ধেমাজি আৰু বৰপেটা জিলাৰ প্লাৱনভূমি অঞ্চলত অসংখ্য বিল আৰু জলাশয়ৰ সৃষ্টি হৈছে। আনহাতে দক্ষিণ পাৰৰ প্লাৱনভূমি তুলনামূলকভাৱে ঠেক। ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিবোৰক সামৰি ইয়াৰ মাজৰ চৰ চাপৰি অঞ্চলটোক সক্ৰিয় প্লাৱনভূমি বুলি কোৱা হয়।

৬ ৷ মাজুলীৰ ভৌগােলিক অৱস্থান আৰু সৃষ্টি সম্পর্কে লিখা । 

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীখনৰ বিশালতা আৰু ইয়াৰ সক্ৰিয় খনন, পৰিবহন আৰু অৱক্ষেপন প্ৰক্ৰিয়াৰ বাবে ই স্বাভাবিকতে অস্থিৰ আৰু ইয়াৰ সুঁতিবোৰে সঘনে গতি সলাই থাকে। ব্ৰহ্মপুত্ৰ নদীখনে সৃষ্টি কৰা গৰাখহনীয়া আৰু বানপানী অসমৰ জলন্ত সমস্যাৰূপে পৰিগণিত হৈছে। নদীখনৰ বুকুত প্ৰায় ৬০০ ৰো অধিক সৰু বৰ আকাৰৰ বালিচৰ আছে। এই বালিচৰবোৰৰ কিছুমান স্থায়ী আৰু কিছুমান অৰ্ধস্হায়ী আৰু বেছিভাগেই অস্থায়ী। নদীৰ বুকুত চলি থকা খনন, পৰিবহন আৰু অৱক্ষেপন প্ৰক্ৰিয়াৰ উপৰিও বানপানীৰ প্ৰভাৱত এই চৰবোৰৰ আকাৰ, আকৃতি আৰু অৱস্থানৰ সলনি হৈ থাকে। এনেদৰেই ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী নদী দ্বীপৰ সৃষ্টি হৈছে। ই পৃথিৱীৰ ভিতৰতে অন্যতম বৃহৎ নদী দ্বীপ বুলি জনাজাত। ২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰায় ১.৬৮ লাখ জনসংখ্যাৰ বসতিস্থল মাজুলীয়ে প্ৰায় ৪২২ বৰ্গকিলোমিটাৰ মাটিকালি জুৰি আছে আৰু ইয়াক বৰ্তমান এখন জিলা হিচাপে ঘোষণা কৰা হৈছে। বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই মাজুলীৰ জনজীৱন বিপৰ্যস্ত কৰি পেলাইছে। গৰাখহনীয়াৰ ফলত মাজুলীৰ মাটিকালি বছৰি কমি গৈ আছে ।

৭) বৰাক উপত্যকাৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ ব্ৰহ্মপুত্ৰত উপত্যাকাৰ দৰে বৰাক উপত্যকাটোও অসমৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ভূ- প্ৰাকৃতিক অঞ্চল। বৰাক উপত্যকাটো বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন উত্তৰ আৰু দক্ষিণৰ পাদদেশ অঞ্চলৰ দ্বাৰা গঠিত হৈছে। বৰাক নদীখনে অসমত পূবৰ পৰা পশ্চিমলৈ কাছাৰ জিলাৰ মাজেৰে আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ সীমায়েদি প্ৰায় ২২৫ কিলোমিটাৰ বৈ গৈছে। বৰাক আৰু ইয়াৰ উপনৈবোৰে উত্তৰ আৰু দক্ষিণৰ উচ্ছ অঞ্চলৰ পৰা কঢ়িয়াই অনা পলস জমা হৈ বৰাক সমভূমি সৃষ্টি কৰিছে। এই সমভূমিক কাছাৰ সমভূমি বুলিও জনা যায়। ইয়াৰ উত্তৰ, দক্ষিণ আৰু পূব দিশত পৰ্বত- পাহাৰে আগুৰি আছে। উত্তৰ ফালে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰাইল পৰ্বতৰাশি আছে, পূবফালে মণিপুৰৰ পাহাৰীয়া অঞ্চল আৰু দক্ষিণফালে মিজো পৰ্বত অৱস্থিত। অৱেশ্যে পশ্চিমফালে এই সমভূমি বাংলাদেশৰ চিলেট জিলাৰ কুছিয়াৰা- সুৰমা নদীৰ সমভূমিৰ লগত মিলিত হৈছে।

৮)কাৰ্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ উৎপত্তি আৰু ভূ- তাত্বিক গঠনৰ ফালৰ পৰা কাৰ্বি মালভূমি মেঘালয় মালভূমিৰ অংশবিশেষ বুলি কব পাৰি। কাৰ্বি মালভূমিক কপিলী উপত্যাকাই পূব আৰু পশ্চিম দুটা খণ্ডত বিভক্ত কৰিছে। ইয়াৰে পূব খণ্ডটোৱে ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু বোকাজান মহকুমাত বিস্তৃত হৈ আছে। এই খণ্ডটো পশ্চিমৰ খণ্ডটোতকৈ আকাৰত প্ৰায় দুগুনে ডাঙৰ। আনহাতে পশ্চিমৰ খণ্ডটোৱে কাৰ্বি আংলং জিলাখনৰ হামৰেণ মহকুমাটো সামৰি লৈছে। দক্ষিণ- পশ্চিমৰ পৰা উত্তৰ- পূবলৈ ঢাল খোৱা এই খণ্ডটোৰ গড় উচ্চতা হৈছে ৯০০ মিটাৰ। কপিলী আৰু বৰাপানী নদী আৰু ইহঁতৰ উপনৈবিলাকৰ  দ্বাৰা এই পশ্চিম খণ্ডটোৰ ভূ- আকৃতি গঢ় লৈ উঠিছে।

৯) বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশিৰ বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি নাগালেণ্ডৰ টুৱেনচাঙৰ পৰা পশ্চিমৰ ফালে বিস্তৃত হোৱা বৰাইল পৰ্বতৰ একাংশ অসমৰ ডিমা হাচাও জিলাত প্ৰসাৰিত হৈ আছে। বৰাইল পৰ্বতে প্ৰকৃততে নগাপৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে আৰু লগতে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলক দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ ফালে ঢাল খোৱা অংশতো ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তগৰ্ত আৰু দক্ষিণৰ ফালে ঢাল খোৱা অংশতো বৰাক উপত্যকাৰ অন্তগৰ্ত হৈছে। উত্তৰ ফালে ঢাল খোৱা অংশতো দক্ষিণৰ ফালে ঢাল খোৱা অংশটোতকৈ তুলনামূলকভাৱে চাপৰ।

১০) অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তগৰ্ত? ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ অসমখন ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তগৰ্ত।

      অসমত বছৰটোৰ গ্ৰীষ্মকালত অতিপাত বৃষ্টি, শীতকালত শুষ্ক অৱস্থা আৰু প্ৰায় সকলো সময়তে অত্যাধিক আৰ্দ্ৰতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে। অসমৰ জলবায়ু মূলতঃ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত যদিও ৰাজ্যখনৰ ভৌগলিক বৈচিত্ৰ্যই ইয়াৰ জলবায়ু যথেষ্ট বৈচিত্ৰ্যময় কৰি তুলিছে। ভৌগলিক অৱস্থান, ভূ- প্ৰকৃতি, আৰৱ সাগৰ, বংগোপসাগৰ, ভাৰত মহাসাগৰৰ জলভাগ আৰু দক্ষিণ- পশ্চিম আৰ্দ্ৰ মৌচুমী বায়ুপ্ৰবাহ আদিৰ তাৰতম্যৰ বাবে ৰাজ্যখনৰ জলবায়ুৰ বৈশিষ্ট্য সকলোতে একে নহয়। ঋতুভেদে উত্তৰ- পশ্চিম ভাৰত ভূ- খণ্ডৰ পৰিৱৰ্তিত বায়ু চাপৰ প্ৰভাৱো অসমৰ জলবায়ুত পৰে। ইয়াৰোপৰি স্থানীয় ভাৱে প্ৰবাহিত পাৰ্বত্য বতাহ, উপত্যকা বতাহ আৰু নদ- নদী তথা অন্যান্য জলভূমিৰ উপস্থিতিয়ে স্থানীয় পৰ্যায়ত জলবায়ুৰ বৈশিষ্ট্যত যথেষ্ট প্ৰভাৱ পেলায়। সাধাৰণতে গ্ৰীষ্ম কালত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলৰ বায়ু ইয়াৰ কাষৰীয়া পাহাৰীয়া অঞ্চলৰ তুলনাত কিছু উষ্ণ হৈ থাকে।

১১) গ্ৰীষ্মকালত অসমত বৰষুণ হোৱাৰ মূল কাৰণ কি?

উত্তৰঃ অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ- পশ্চিম মৌচুমী বতাহৰ শৈলোৎক্ষেপন আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়। এয়ে হল অসমত বৰষুণ হোৱাৰ মূল কাৰণ।

১২) অসমৰ জলবায়ুৰ প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ অসম ভৌগোলিক ভাৱে উপক্ৰান্তীয় মৌচুমী  জলবায়ুৰ অন্তগৰ্ত ।ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ উত্তৰ আৰু পূবে বিস্তৃত হিমালয় পৰ্বতশ্ৰেণী আৰু ইয়াৰ ঠাল- ঠেঙুলিয়ে গ্ৰীষ্মকালত দক্ষিণ- পশ্চিম দিশৰ পৰা প্ৰবাহিত উষ্ণ তথা আৰ্দ্ৰ মৌচুমী বতাহক বাধা প্ৰদান কৰে। লগতে এই পৰ্বতশ্ৰেণীয়ে শীতকালত তীব্বত মালভূমি দিশৰ পৰা ভাৰতবৰ্ষৰ ফালে প্ৰবাহিত অতি ঠাণ্ডা বতাহৰ বিপদৰ পৰাও ৰাজ্যখনক ৰক্ষা কৰে। আনহাতে গ্ৰীষ্ম কালত দক্ষিণ- পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ- পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে। ইয়াৰোপৰি বৰাক উপত্যকাৰ প্ৰায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ-পশ্চিম মৌচুমী বতাহে বাধাপ্ৰাপ্ত হৈ বৰাক সমভূমি অঞ্চলতো যথেষ্ট পৰিমাণে বৰষুণ দিয়ে। পাহাৰৰ অনুবাত ঢালত বিশেষকৈ কাৰ্বি পাহাৰৰ পূবফালে তথা ডিমা হাছাও পাহাৰৰ উত্তৰ আৰু পূবফালে বৰষুণৰ পৰিমাণ যথেষ্ট হ্ৰাস পায়। একে কাৰণতে নগাঁও জিলাৰ দক্ষিণ অংশতো বৰষুণ যথেষ্ট কম হয়। অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ- পশ্চিম মৌচুমী বতাহৰ শৈলোৎক্ষেপন আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়। শুষ্ক উত্তৰ- পূব মৌচুমী বতাহে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈ সমূহৰ পৰা কিছু জলীয়বাষ্প গ্ৰহণ কৰি শীতকালত কেতিয়াবা অসমৰ দক্ষিণ- পশ্চিম অংশত কিছু পৰিমাণে বৰষুণ দিয়ে। ৰাজ্যখনৰ এক সুকীয়া ভূ- প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্য ভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয়।

১৩) অসমৰ প্ৰধান  ঋতু কেইটা কি কি? ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ অসমৰ প্ৰধান ঋতু কেইটা হ’লঃ প্ৰাক মৌচুমী, মৌচুমী, প্ৰত্যাৱৰ্তিত মৌচুমী আৰু শুষ্ক শীতকাল।

    প্ৰাক মৌচুমী কালৰ সময়ছোৱাত পুৱাৰ ভাগ আবাদময়ক, উষ্ণ দুপৰীয়া, পৰিশ্ৰান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতিকম সময়ৰ বাবে বিজুলী ঢেৰেকণীৰে বৰষুণ হয়। সময় অতিক্ৰম কৰাৰ লগে লগে এই কালছোৱাত কিছু সঘনে বেছি মাত্ৰাত বৰষুণ হবলৈ ধৰে ।

শীতকালৰ পিছতেই প্ৰাক মৌচুমী কাল আহে বাবে আৰম্ভণিৰে পৰা লাহে লাহে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে। অসমত এই প্ৰাক মৌচুমীকালৰ সময়ত বসন্ত ঋতু বিৰাজ কৰে।

    মৌচুমীকাল জুন মাহৰ আৰম্ভণিৰ পৰা ছেপ্তেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে। এই সময়ছোৱাত দক্ষিণ- পশ্চিম মৌচুমী বায়ুপ্ৰবাহৰ প্ৰভাৱত ৰাজ্যখনৰ (অসম) বিভিন্ন ঠাইত প্ৰায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয়। এই কালছোৱাত জুন, জুলাই আৰু আগষ্ট মাহত সৰ্বাধিক বৃষ্টিপাত হয়।

      প্ৰত্যাৱৰ্তিত মৌচুমী কালত বৰ্ষাকাল শেষ হোৱাৰ ফলত উষ্ণতা আৰু বৃষ্টিপাত হ্ৰাস পায়। উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাজ্যখনৰ বায়ুৰ চাপ বৃদ্ধি পাবলৈ ধৰে আৰু সেয়ে বায়ুৰ প্ৰবাহ সম্পূৰ্ণ ওলোটা হৈ উত্তৰ- পূবৰ পৰা দক্ষিণ- পশ্চিম দিশলৈ হয়। এই সময়ছোৱাত উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাতি আৰু পোৱাৰ ভাগত কুঁৱলী পৰে।

     অসমত শীতকালৰ বৈশিষ্ট্য হল নিম্ন উষ্ণতা, পুৱাৰ ভাগত ঘন কুঁৱলী আৰু বৰষুণৰ অভাৱত এক অতি শুষ্ক অৱস্থা। সেয়ে বছৰটোৰ ডিচেম্বৰ আৰু জানুৱাৰী এই দুমাহ অতি শুকান আৰু জানুৱাৰী মাহটো অতিপাত ঠাণ্ডা হয়।

১৪) অসমৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম আৰু বৰষুণৰ পৰিমাণ লিখা।

উত্তৰঃ অসমৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাই আৰু বৰষুণৰ পৰিমাণ – উত্তৰ লখিমপুৰ, প্ৰতি ছেন্টিমিটাৰত ৩৩৫।

অসমৰ সৰ্বনিম্ন বৰষুণ হোৱা ঠাই আৰু বৰষুণৰ পৰিমাণঃ লামডিং, প্ৰতি ছেন্টিমিটাৰত ১২৯।

১৫) অসমৰ সকলো ঠাইত সমান পৰিমাণে কিয় বৰষুণ নহয়?

উত্তৰঃ অসমৰ এক সুকীয়া ভূ- প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্য ভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সেইবাবে অসমৰ সকলো ঠাইতে সমান বৰষুণ নহয়।

১৬) অসম বৰষুণৰ স্থানিক বিতৰণ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ অসমৰ বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য উল্লেখনীয়। ৰাজ্যখনৰ এক সুকীয়া ভূ- প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্যভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয়। ইয়াৰোপৰি উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ আৰু শিৱসাগৰ জিলা, নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বছৰি ২৫০ ছেন্টিমিটাৰতকৈ অধিক বৰষুণ হয়। আনহাতে মধ্য অসমৰ নগাওঁ আৰু কাৰ্বি আংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম। উল্লেখযোগ্য যে নগাওঁ জিলাৰ লংকা – লামডিং অঞ্চলত বছৰি কেৱল ১২৯ ছেন্টিমিটাৰ পৰ্যন্ত হয়।

১৭) অসমত পোৱা মৃওিকাৰ প্ৰকাৰসমূহ চমু বৰ্ণনা দিয়া।

উত্তৰঃ অসমত পোৱা মৃওিকাবোৰক চাৰিপ্ৰকাৰে ভগাব পাৰি। যেনে –

১) পলসুৱা মৃওিকা, 

২) গিৰিপদ মৃওিকা, 

৩) পাহাৰীয়া মৃওিকা, 

৪) কংকৰ মৃওিকা ।

১) পলসুৱা মৃওিকাঃ এই মৃওিকা মধ্যমীয়া ভাৱে ডাঠ আৰু দেখাত ধোৱা বৰণীয়া। মূলতঃ বালি আৰু পলস বোকাৰে গঠিত এই মৃওিকা সামান্যভাৱে অম্লীয়। এই মৃওিকা সাধাৰণতে ফছ্ফৰিক এচিড, নাইট্ৰজেন আৰু হিউমাচ প্ৰায় নাথাকে বুলিয়ে কব পাৰি।

২) গিৰিপদ মৃওিকাঃ গিৰিপদ মৃওিকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ হিমালয় পাদদেশৰ ঠেক গিৰিপদ অঞ্চলত পোৱা যায়। গিৰিপদ অঞ্চলতো ডাৱৰ আৰু তৰাই অঞ্চলৰ দ্বাৰা গঠিত। এই মৃওিকাৰ ডাঠ স্তৰ আছে। আনহাতে ডাৱৰ অঞ্চলৰ দক্ষিণৰ তৰাই অঞ্চলৰ মৃওিকা পানীৰে সংপৃক্ত হৈ থাকে আৰু ইয়াত ওখ ঘাঁহ জাতীয় উদ্ভিদ দেখা যায়।

৩) পাহাৰীয়া মৃওিকাঃ পাহাৰীয়া মৃওিকা সাধাৰণতে অসমৰ দক্ষিণাংশৰ পাহাৰীয়া অঞ্চলত পোৱা যায়। এই মৃওিকাৰ উৰ্বৰতা ঠাইভেদে বেলেগ বেলেগ। নাইট্ৰজেন আৰু জৈৱিক পদাৰ্থ এই মৃওিকাত যথেষ্ট পৰিমাণে থাকে। প্ৰাকৃতিক গঠন আৰু ৰাসায়নিক গুণাগুণৰ ভিত্তিত এই মৃওিকাক দুই প্ৰকাৰে ভগাব পাৰি – ৰঙা বালিয়া মৃওিকা আৰু ৰঙাপলসুৱা মৃওিকা।

৪) কংকৰ মৃওিকাঃ প্ৰায় সমগ্ৰ ডিমা হাছাও জিলা আৰু কাৰ্বি মালভূমিৰ দক্ষিণৰ কিছুমান ঠাইত পোৱা যায়। তাৰোপৰি কাৰ্বি আংলং জিলাৰ হামৰেণ মহকুমাৰ পূব সীমান্তত, গোলাঘাট জিলাৰ দক্ষিণ সীমান্তত আৰু বৰাক সমভূমিৰ উত্তৰ অংশত থকা বৰাইল পৰ্বতৰ পাদদেশত এই মৃওিকা পোৱা যায়। এই মৃওিকা সাধাৰণতে কলা বৰণীয়া আৰু ইয়াৰ গঠন প্ৰধানকৈ বালিঅঁহীয়া। ইয়াত নাইট্ৰজেন, পচাছ, ফঠফৰিক এছিড আৰু চূণ কম পৰিমাণে থাকে।

১৮) অসমত মৃওিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি কি?

উত্তৰঃ অসমত মৃওিকা কিছুমান প্ৰাকৃতিক আৰু মানৱ সৃষ্ট কাৰকৰ দ্বাৰা আক্ৰান্ত হৈছে। প্ৰাকৃতিক কাৰক বিলাকৰ ভিতৰত পাহাৰৰ ঢালত প্ৰাকৃতিক কাৰণত হোৱা ভূমিক্ষয়, সমভূমি আৰু নিম্নভূমি অঞ্চলত সৃষ্টি হোৱা জলবন্ধন সমস্যাই প্ৰধান। মানৱসৃষ্ট কাৰকবোৰৰ ভিতৰত হ’লঃ 

ক) গছ- গছনি কটাৰ ফলত বৃদ্ধি পোৱা পৃষ্ঠ জলপ্ৰবাহৰ দ্বাৰা হোৱা পৃষ্ঠ মৃওিকা ক্ষয়।

খ) এঢলীয়া ভূমিত অবৈজ্ঞানিক ভাৱে মাটি চহাই খেতি কৰা।

গ) পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতি।

ঘ) মানুহৰ বসতি তথা অন্যান্য কাৰ্যৰ দ্বাৰা উদ্ভৱ হোৱা কৃত্ৰিম জলবন্ধন সমস্যা।

ঙ) অধিক শস্য উৎপাদনৰ বাবে খেতি পথাৰত অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগ আদিয়ে প্ৰধান।

১৯)বৰ্তমান অসমৰ জনসংখ্যা কিমান?

উত্তৰঃ বৰ্তমান অসমৰ জনসংখ্যা ৩১.১৬ নিযুত।

২০) অসমৰ অৰণ্যসমূহক কি কি ভাগত ভগাব পাৰি?

উত্তৰঃ অসমৰ অৰণ্যক পাচঁটা প্ৰধান ভাগত ভাগ কৰিব পাৰি –

ক) ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য, 

খ) ক্ৰান্তীয় আৰ্দ্ৰপৰ্ণপাতী অৰণ্য, 

গ) ক্ৰান্তীয় অৰ্ধচিৰসেউজীয়া অৰণ্য, 

ঘ) নৈপৰীয়া অৰণ্য, 

ঙ) ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য।

২১) বৰ্ষাৰণ্য কাক বোলে? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ ৰাজ্যখনৰ অতি বেছি বৰষুণ হোৱা ঠাইবোৰত এই অৰণ্য দেখা যায়। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ৩০০ ছেন্টিমিটাৰ বা তাতোকৈ বেছি হোৱা ঠাইত এই অৰণ্য পোৱা যায় বাবে ইয়াক বৰ্ষাৰণ্য বুলিও কোৱা হয়।

       বৰ্ষাৰণ্য অৰণ্য তিনি তৰপীয়া হোৱাটো পৰিলক্ষিত হয়। প্ৰথমে তৰপটো অতি ওখ গছৰ দ্বাৰা গঠিত। অসমৰ বৰ্ষাৰণ্য অৰণ্যত হোলোং, মেকাই আদি অতি ওখ গছ পোৱা যায়। ইয়াতকৈ কিছু কম ওখ গছে দ্বিতীয়টো তৰপ গঠন কৰে। এই তৰপত সাধাৰণতে নাহৰ, চিয়া নাহৰ, আমাৰি আদি গছ দেখা যায়। একেবাৰে তলৰ তৰপত চাপৰ গছ- বন আদি থাকে। বৰ্ষাৰণ্য অৰণ্যত গছৰ উপৰি নানাবিধ লতা, তৰা, বাঁহ- বেত, কপৌফুল আদিও থাকে।

২২) নৈপৰীয়া অৰণ্যৰ গুৰুত্ব আৰু বৰ্তমান সংকট সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ অসমৰ বহু ঠাইত নৈপৰীয়া অৰণ্যই আগুৰি আছিল এসময়ত। এনে অৰণ্যত সাধাৰণতে কিছু ওখ গছৰ লগতে ঘাঁহ জাতীয় উদ্ভিদৰ প্ৰাধান্য বেছি। গছৰ ভিতৰত চোম, সোৱালু, উৰিয়াম, মজ, ঔ, আজাৰ আদি প্ৰধান। নল, সাগৰি, তৰা, কৌপাত, বেত, ঝাঁও, কহুৱা আদি চাপৰ গছ বা ঘাঁহ জাতীয় উদ্ভিদৰ বাবে নৈপৰীয়া এলেকাবোৰ বিশেষ উপযোগী। কাজিৰঙা, ডিব্ৰু- ছৈখোৱা, পবিতৰা, ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য প্ৰধানকৈ নৈপৰীয়া অঞ্চলতে অৱস্থিত।

    সাম্প্ৰতিক কালত জনবসতি ক্ৰমে নৈপৰীয়া এলেকাবোৰলৈ সম্প্ৰসাৰিত হোৱাৰ ফলত নৈপৰীয়া অৰণ্য দ্ৰুতগতিত সংকুচিত হৈছে।

২৩) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি লিখা।

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান – গোলাঘাট, নগাওঁ আৰু শোণিতপুৰ আৰু মাটিকালি ৮৫৮.৯৮ বৰ্গ কিলোমিটাৰ।

২৪) অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আৰু অৱস্থান লিখা।

উত্তৰঃ ৰাষ্ট্ৰীয় উদ্যানৰ নামঃ    অৱস্থান (জিলা)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঃ গোলাঘাট, নগাওঁ আৰু শোণিতপুৰ

মানস ৰাষ্ট্ৰীয় উদ্যানঃ  চিৰাং আৰু বাক্সা

ওৰাং ৰাষ্ট্ৰীয় উদ্যানঃ  ওদালগুৰি আৰু শোণিতপুৰ

নামেৰি ৰাষ্ট্ৰীয় উদ্যানঃ শোণিতপুৰ

ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানঃ ডিব্ৰুগড় আৰু তিনিচুকীয়া

২৫) অভয়াৰণ্যসমূহে কেনেকৈ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে লিখা।

উত্তৰঃ প্ৰাকৃতিক সংৰক্ষণৰ ক্ষেত্ৰত অভয়াৰণ্যসমূহৰ ভূমিকা সুদূৰপ্ৰসাৰী। এইবোৰ মানুহৰ ধ্বংসাত্মক প্ৰভাৱৰ পৰা সুৰক্ষিত। এইবোৰে মুঠতে ৩,৫৯২.৯৪ বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে। এই সুৰক্ষিত বনাঞ্চলবোৰত হাতী, বাঘ, গঁড়, বনৰীয়া মহ, নানাবিধ হৰিণা আৰু কেইবাটাও প্ৰজাতিৰ বান্দৰৰ লগতে বহুতো বন্যপ্ৰাণী আছে। ঘাঁহনি, গছ- গছনি আৰু আৰ্দ্ৰভূমিৰে ভৰা এই সুৰক্ষিত বনাঞ্চলবোৰে দেশ- বিদেশৰ বহুতো পৰ্যটকক আকৰ্ষিত কৰে। এইবোৰক ভালদৰে সুৰক্ষিত দিয়াৰ ওপৰতে আমাৰ ৰাজ্যখনৰ জৈৱ- বৈচিত্ৰৰ ভৱিষ্যৎ বহু পৰিমাণে নিৰ্ভৰ কৰিব।

২৬) স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্ৰশাসনিক বিভাগৰ পৰিৱৰ্তন সম্পৰ্কে লিখা।

উত্তৰঃ ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত চিলেট অংশতো অসমৰ পৰা বিছিন্ন হৈ পূব পাকিস্তানৰ (বৰ্তমানৰ বাংলাদেশ) লগ লাগিছিল। ফলত সেই সময়ত ১১ খন জিলা আছিল আৰু শ্বিলং অসমৰ ৰাজধানী। পিছলৈ ১৯৬৩ চনত নাগালেণ্ড, ১৯৭০ চনত মেঘালয় আৰু ১৯৭১ চনত মিজোৰাম অসম ৰাজ্যৰ পৰা পৃথক হয়। ১৯৭৩ চনতে গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয়। বৰ্তমান অসমৰ সৰ্বমুঠ ৩৩ খন জিলা আছে। এই জিলা কেইখনৰ ভিতৰত ৭ খন ২০১৫- ১৬ বৰ্ষত নতুনকৈ গঠন কৰা হৈছে। এই ৩৩ খন জিলাৰ ভিতৰত ৪ খন জিলা বি টি এ ডিৰ অন্তগৰ্ত।

২৭) অসমৰ বৰ্তমান জিলা কেইখন আৰু সদৰ ঠাইৰ নাম লিখা।

উত্তৰঃ 

জিলাৰ  নামজিলা সদৰমাটিকালি(বৰ্গ কিঃ মিঃ )জনসংখ্যা ২০১১ বৰ্ষৰ লোকপিয়ল  অনুসৰি
১। ধুবুৰীধুবুৰী২,১৭৬১৯,৪৯,২৫৮
২। কোকৰাঝাৰকোকৰাঝাৰ৩,২৯৬৮,৮৭,১৪২
৩। গোৱালপাৰাগোৱালপাৰা১,৮২৪১০,০৮,১৮৩
৪। বঙাইগাওঁবঙাইগাওঁ১,০৯৩৭,৩৮,৮০৪
৫। চিৰাংকাজলগাওঁ১,৯২৩৪,৮২,১৬২
৬। বৰপেটাবৰপেটা২,২৮২১৬,৯৩,৬২২
৭। নলবাৰীনলবাৰী১,০৫২৭,৭১,৬৩৯
৮।বাক্সামছলপুৰ২,৪৫৭৯,৫০,০৭৫
৯। কামৰূপআমিনগাওঁ৩,১০৫১৫,১৭,৫৪২
১০। কামৰূপ মহানগৰগুৱাহাটী৯৫৫১২,৫৩,৯৩৮
১১। দৰংমঙলদৈ১,৫৮৫৯,২৮,৫০০
১২। ওদালগুৰিওদালগুৰি২,০১২৮,৩১,৬৬৮
১৩। শোণিতপুৰতেজপুৰ৫,২০৪১,৯২৪,১১০
১৪। লখিমপুৰলখিমপুৰ২,২৭৭১০,৪২,১৩৭
১৫। ধেমাজিধেমাজি৩,২৩৭৬,৮৬,১৩৩
১৬। নগাওঁনগাওঁ৩,৯৭৩২৮,২৩,৭৬৮
১৭। মৰিগাওঁমৰিগাওঁ১,৫৫১৯,৫৭,৪২৩
১৮। গোলাঘাটগোলাঘাট৩৫০২১,০৬৬,৮৮৮
১৯।যোৰহাটযোৰহাট২৮৫১১০,৯২,২৫৬
২০। শিৱসাগৰশিৱসাগৰ২৬৬৮১১,৫১,০৫০
২১। ডিব্ৰুগড়ডিব্ৰুগড়৩৩৮১১৩,২৬,৩৩৫
২২। তিনিচুকীয়াতিনিচুকীয়া৩৭৯০১৩,২৭,৯২৯
২৩। কাৰ্বি আংলংডিফু১০,৪৩৪৯,৫৬,৩১৩
২৪। ডিমা-হাছাওহাফলং৪,৮৮৮২,১৪,১০২
২৫। কৰিমগঞ্জকৰিমগঞ্জ১,৮০৯১২,২৮,৬৮৬
২৬। কাছাৰশিচলৰ৩,৭৮৬১৭,৩৬,৬১৭
২৭। হাইলাকান্দিহাইলাকান্দি১,৩২৭৬,৫৯,২৯৬
২৮। বিশ্বনাথবিশ্বনাথ চাৰিআলি ১৯,১৪৫
২৯। চৰাইদেউসোমাৰি ৪৭১,৪১৮
৩০। হোজাইশঙ্কৰদেৱ নগৰ ৯.৩১
৩১। মাজুলীগৰমূড় ৬৩,৫৭২
৩২।দক্ষিণ শালমাৰা -মানকাছাৰহাটশিঙিমাৰি  
৩৩। পশ্চিম কাৰ্বিআংলংহামৰেং  
   
   

২৮) অসমৰ মাটিকালি কিমান? ৰাজ্যখনৰ ৰাজধানী কত অৱস্থিত? ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা।

উত্তৰঃ অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ।ৰাজ্যখনৰ ৰাজধানী গুৱাহাটীৰ দিছপুৰত অৱস্থিত। ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হ’লঃ কাৰ্বি আংলং (১০,৪৩৪ বৰ্গ কিলোমিটাৰ) আৰু সৰু জিলাখনৰ নাম হল- কামৰূপ মহানগৰ (৯৫৫ বৰ্গ কিঃ মিঃ)

২৯) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ আৰু সৰু জিলাখনৰ নাম লিখা।

উত্তৰঃ অসমৰ জনসংখ্যা ৩১.২০ নিযুত। জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম নগাওঁ (২.৮২ নিযুত) আৰু সৰু জিলাখনৰ নাম ডিমা হাছাও (২.১৪ লাখ)।

Answer Type – Boby Bora