আঁহৰ পৰা কাপোৰলৈ । Class 7 General Science Lesson 3 Question and Answer Assam | SCERT Class 7 G.Science Chapter 3 Solution | Assamese Medium Class 7 Science Chapter 3 Answer | সপ্তম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৩ আঁহৰ পৰা কাপোৰলৈ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

আঁহৰ পৰা কাপোৰলৈ

অনুশীলনী:

১) তোমালোকে তলত দিয়া প্রাক-প্রাথমিক শ্রেনীৰ পদ্যটোৰ লগত বোধ হয় পৰিচিত।

i) Baa-Baa black sheep, have you any wool.

ii) Mary had a little lamb, whose fleece was white as snow.

তলত দিয়া সমূহৰ উত্তৰ দিয়া।

ক) Black sheep ৰ কোনটো অংশত ঊন আছে?

উত্তৰঃ Black sheep ৰ ছালখনত ঊন আছে।

খ) ভেড়াৰ পোৱালিৰ বগা নোমবোৰে কি বুজায়?

উত্তৰঃ ভেড়াৰ পোৱালিৰ নোমবোৰক  ঊন  বুজায়।

(২) পাটপলু মানে এটা (ক) কেটাৰপিলাৰ (খ) লাৰভা । এতিয়া তলৰ কোনটো শুদ্ধ?

i) ক

ii) খ

iii) ক আৰু খ দুয়োটা

iv) ক আৰু খ এটাও নহয়।

উত্তৰঃ iii) ক আৰু খ দুয়োটা

৩) তলত দিয়া কোনটোৱে ঊন নিদিয়ে।

i) য়াক

ii) উট

iii) ছাগলী

iv) নোমাল কুকুৰ।

উত্তৰঃ নোমাল কুকুৰ।

৪) তলত দিয়া শব্দবোৰ লি বুজায়?

i) ৰিয়েৰিং বা পালন

ii) শ্ৱীয়েৰিং বা নোম খুৰোৱা

iii)ৰেচম বা পাট শিল্প

উত্তৰঃ i)  ৰিয়েৰিং বা পালন- আহাৰ খোৱা, চৰণ, প্রজনন আদিকে ধৰি তাৰে উপৰিও মাংস  আৰু অন্যান্য উপযোগী সামগ্রীৰ বাবে জন্তুৰ যত্ন লোৱা হয়।

    ii) শ্ৱীয়েৰিং বা নোম খুৰোৱা – ভেড়াৰ শৰীৰৰ পৰা পাতল এতৰপ ছালৰ সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয়। এই পদ্ধতিটোক মুণ্ডন বা প্রাণীৰ নোম খুৰোৱা বুলি কোৱা হয়।

    iii) )ৰেচম বা পাট শিল্প- পাট সূতা পাবলৈ পাটপলু প্রতিপালন কৰা বা পোহাক ৰেচম বা পাটশিল্প বোলে।

৫) তলত দিয়া সমূহ হৈছে ঊন তৈয়াৰ কৰা প্রণালীৰ স্তৰবোৰ। নথকা স্তৰবোৰ বাছি লিখা।

স্বীয়েৰিং বা নোম খুৰোৱা, ________, চৰ্টিং বা ভাগ কৰা, ___________, ___________, _____________

উত্তৰ: স্বীয়েৰিং বা নোম খুৰোৱা, নির্ঘর্ষণ বা পৰিষ্কাৰকৰণ, চৰ্টিং বা ভাগ কৰা, ৰং কৰা, ফণিওৱা

৬) পাট চকৰীৰ জীৱন চক্রৰ দুটা অৱস্থাৰ চিত্র আঁকা যিবোৰ পাট উৎপাদনত পোনপটীয়াকৈ জড়িত।

উত্তৰঃ

৭) তলত দিয়াবোৰৰ কোন দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত।

ৰেচম শিল্প, পুষ্পোদ্যান বিজ্ঞান, নুনীগছৰ খেতি, মৌ- পালন, বৃক্ষবিজ্ঞান।

উত্তৰঃ ৰেচম শিল্প, আৰু নুনীগছৰ খেতি  এই দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত।

৮) ‘ক’ অংশৰ সৈতে ‘খ’ অংশ মিলোৱা

ক অংশ                              খ অংশ

১) স্কাউৰিং বা নির্ঘর্ষণ            ক) পাটৰ সূতা উৎপাদন কৰে।

২) নুনী গছৰ পাত                 খ) ঊন উৎপাদন কৰা প্ৰাণী।

৩) য়াক                                গ) পাট পলুৰ খাদ্য।

৪) লেটাগুটি                         ঘ) মহুৰা ফুৰা

                                           ঙ) ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰকৰণ

উত্তৰঃ

    ১) স্কাউৰিং বা নির্ঘর্ষণ- ঙ) ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰকৰণ

    ২) নুনী গছৰ পাত- গ) পাট পলুৰ খাদ্য।

    ৩) য়াক – ঊন উৎপাদন কৰা প্ৰাণী।

    ৪) লেটাগুটি-    ক) পাটৰ সূতা উৎপাদন কৰে।

(৯) পাটৰ ওপৰত ভিত্তি কৰি তলত এটা শব্দ শৃংখল দিয়া হৈছে। শব্দবোৰৰ কাৰণে ইংগিতৰ সহায়ত খালী ঠাইবোৰ বৰ্ণৰে পূৰণ কৰা।
তললৈ
২) এখন ঠাই য’ত য়াকৰ ঊণ যথেষ্ট পৰিমাণে পোৱা যায় আৰু সাধাৰণতে ব্যৱহৃত হয়।-লাডাখত
৩) ৰেচম বা পাট উদ্যোগ আৰম্ভ কৰা প্ৰথমখন দেশ।-চীন
৫) পাটৰ আন এটি নাম- ৰেচম

পথালিকৈ
১) পাট পলুৰ জীৱন চক্ৰত কণীৰ পিছৰ স্তৰ। – কেটাৰপিলাৰ
৪) কেটাৰপিলাৰে লেটালৈ ৰূপান্তৰ হোৱাৰ সময়ত নিঃসৰণ কৰা উপাদান।- প্র’টিন
৬) পাট পলুৰ জীৱন চক্ৰত লেটাৰ পিছৰ স্তৰ।- চকৰী
৭) ভেড়া, য়াক আদি জণ্ডৰ ছালৰ এক অংশ য’ৰ পৰা আঁহ পোৱা যায়। – নোম