আমাৰ চাৰিওকাষৰ বস্তুবোৰ । অধ্যায় ১ । Chapter 1 | Class 9 General Science Lesson 1 Question and Answer | SEBA Class 9 Science Lesson 1 Solution | Assamese Medium Class 9 General Science Lesson 1 Notes and Suggestion |

Lesson 1

আমাৰ চাৰিওকাষৰ বস্তুবোৰ

(Matter in our Surroundings)

প্ৰশ্নাৱলীঃ

1. তলৰ কোনবোৰ পদাৰ্থ ?

চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম চিন্তা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰব্যৰ সুবাস।

উত্তৰঃ পদাৰ্থবোৰ হ’ল – চকী, বায়ু, বাদাম, ঠাণ্ডা পনীয়, সুগন্ধী দ্ৰব্যৰ সুবাস।

( যিবোৰ পদাৰ্থ নহয় – প্ৰেম, ঘৃণা, চিন্তা )

2. তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা।

উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।

উত্তৰঃ কাৰণ উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ বেগ বাঢ়ে, ফলত গতিশক্তিও বৃদ্ধি পায়। উষ্ণতা বৃদ্ধি হলে পদাৰ্থৰ কণিকাৰ গতি শক্তিৰ লগতে ব্যাপনৰ মাত্ৰাও বৃদ্ধি পায়, সেইবাবে গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়।

বা

আমি জানাে যে সকলাে পদার্থ ক্ষুদ্র ক্ষুদ্র কণিকাৰে গঠিত আৰু এই কণিকাবােৰ অনবৰতে গতি কৰি থাকে। পদার্থৰ কণিকাবােৰে তাপ পালে গতিশক্তি বাঢ়ি যায়। ফলত ই বহু  দূৰলৈকে বিয়পি পৰে। যাৰ বাবে কঢ়াকৈ ভজা গৰম বস্তুৰ গােন্ধ বহু দূৰলৈ যায়।
আনহাতে, ঠাণ্ডা বস্তুৰ কণিকাবােৰে বেছি দূৰ অতিক্রম নকৰে বাবে ইয়াৰ গােন্ধ পাবলৈ ওচৰলৈ। যাব লাগে।

3. এজন  ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ ?

উত্তৰঃ পানীৰ কণিকাবোৰৰ আকৰ্ষণ বল আছে যদিও এই আকৰ্ষণ বল কম হোৱাৰ বাবে এজন ডুবাৰুৱে সাতোঁৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে।

4. পদাৰ্থৰ কণিকা বোৰৰ বৈশিষ্ট্য বিলাক কি কি ?

উত্তৰঃ বৈশিষ্ট্য বোৰ হ’ল-

1) পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে।

2) পদাৰ্থৰ কণিকাবোৰ অনাবৰতে গতি কৰি থাকে।

3) পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে।

প্ৰশ্নাৱলীঃ

উত্তৰঃ বায়ু < চিমনিৰ পৰা ওলোৱা ধোঁৱা < কপাহ < পানী < মৌ < চকমাটি ।

2. a) পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেকুৱাই এখন তালিকা কৰা।

উত্তৰঃ

b) তলৰ বিষয় বিলাকৰ ওপৰত মন্তব্য দিয়া- দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility), প্ৰবাহীতা (fluidity), আকাৰ (shape), গতিশক্তি (kinetic energy) আৰু ঘনত্ব (density)।

উত্তৰঃ দৃঢ়তাঃ বাহ্যিক বল প্ৰয়োগ কৰিলেও পদাৰ্থই নিজৰ আকৃতি সলনি নকৰা ধৰ্মকে দৃঢ়তা বোলে।

সংকোচনশীলতাঃ চাপ প্ৰয়োগ কৰি পদাৰ্থৰ কণিকাবোৰৰ ব্যৱধান কম কৰিব পৰা ধৰ্মটোক সংকোচনশীলতা বোলে। টজুলীয়া আৰু গেছীয় পদাৰ্থই সংকোচনশীলতা দেখুৱাই।

প্ৰবাহীতাঃ জুলীয়া পদাৰ্থবোৰ বৈ যাব পাৰে, আকাৰ সলাব পাৰে ইয়াকে প্ৰবাহীতা বোলে।

আকাৰঃ স্পষ্ট পৰিসীমাত নিৰ্দিষ্ট আকৃতি আৰু আয়তন কেই আকাৰ।

গতিশক্তিঃ গতিশীল অৱস্থাত কণিকাৰ সৈতে জড়িত শক্তিক গতিশক্তি বোলে। উষ্ণতা বৃদ্ধিৰ লগে লগে গতিশক্তিও বৃদ্ধি হয়।

ঘনত্বঃ প্ৰতি একক আয়তন থকা ভৰক পদাৰ্থৰ ঘনত্ব বোলে।

7. কাৰণ দৰ্শোৱাঃ

a) কোনে এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে।

উত্তৰঃ ইয়াৰ কাৰণ হ’লঃ গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ শক্তি নিম্নতম (একেবাৰে কম) হোৱা বাবে পাত্ৰ এটাত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে।

b) ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে।

উত্তৰঃ  গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিক ভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে। এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে আৰু খুন্দাৰ ফলত ধাৰক পাত্ৰৰ বেৰত চাপৰ সৃষ্টি হয়। এইয়ে গেছৰ চাপ।

c) কাঠৰ টেবুল এখন কঠিন পদাৰ্থ বুলিব পাৰি।

উত্তৰঃ কাৰণ কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে। লগতে টেবুল খন দৃঢ় আৰু সংকোচনও নঘটে।

d) বায়ুত আমাৰ হাতখন সহজতে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন।

উত্তৰঃ কাৰণ বায়ু কণিকাৰ মাজত আকৰ্ষণ বল কম লগতে  কণিকাবোৰৰ মাজত ব্যৱধানও বেছি সেইকাৰণে সহজতে হাত ঘূৰাব পাৰো।

আনহাতে কাঠ এডোখৰৰ মাজেৰে হাতখন ঘূৰাবলৈ এজন কেৰাটে বিশষজ্ঞৰ প্ৰয়োজন কাৰণ কাঠৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বেছি আৰু কণিকাবোৰ টানকৈ বান্ধ খাই থাকে বাবে।

8. কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে বৰপ পানীত ওপঙে, কিয় বাৰু ?

উত্তৰঃ কাৰণ পানীৰ কণিকাবোৰ গোট মাৰি বৰফ সৃষ্টি হয় যদিও বৰফৰ কণিকাবোৰৰ মাজত বহুতো খালী ঠাই থাকি যায় যাৰ ফলত বৰফৰ ঘনত্ব কম হয় আৰু পানীত ওপঙে।

প্ৰশ্নাৱলীঃ

1. তলত দিয়া উষ্ণতাবোৰ ছেলছিয়াছ স্কেলত প্ৰকাশ কৰা- (a) 300 k (b) 573 k

উত্তৰঃ

2. তলৰ উষ্ণতাবিলাক পানীৰ ভৌতিক অৱস্থা কি হব?

উত্তৰঃ

3. কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় ?

উত্তৰঃ  ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থকাৰ কাৰণ হ’ল- উষ্ণতা পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনৰ কাৰমে আৱশ্যক হয়, যাক পদাৰ্থৰ লীনতাপ বুলি কোৱা হয়।

4. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা।

উত্তৰঃ উচ্চ চাপত অথবা নিম্ন উষ্ণতাত বায়ুমণ্ডলীয় গেছক জুলীয়া বা তৰল অৱস্থালৈ আনিব পাৰি।

প্ৰশ্নাৱলীঃ

1. Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়?

উত্তৰঃ শুষ্ক গৰম দিনত উষ্ণতা বেছি আৰু আৰ্দ্ৰতা কম হয়, যাৰ ফলত বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায় আৰু সেয়েহে Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে।

2. গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়?

উত্তৰঃ মাটি কলহত পানী থলে তাত থকা সৰু সৰু ছিদ্ৰবোৰেৰে পানীৰ বাষ্পীভৱন হয়। আৰু পানীৰ বাষ্পীভৱনত  যি তাপৰ প্ৰয়োজন হয় সেইয়া পাত্ৰটোৰ পৰা আহৰণ কৰে যাৰ ফলত গ্ৰীষ্মকালত মাটি কলহৰ পানী ঠাণ্ডা হৈ থাকে।

3. হাতৰ তলুৱাত এচিট’ন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি ল’লে ঠাণ্ডা অনুভৱ হয় কিয় ?

উত্তৰঃ হাতৰ তলুৱাত ঠাণ্ডা অনুভৱ কৰাৰকাৰণ হ’ল- এচিট’ন পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি দিলে এইবোৰ বাষ্পীভূত হয় আৰু বাষ্পীভৱনত প্ৰয়োজন হোৱা তাপ হাতৰ তলুৱাৰ পৰা লয় ফলত ঠাণ্ডা অনুভৱ হয়।

4. গৰমচাহ বা গাখীৰ কাপতলৈ কোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয় ?

উত্তৰঃ কাৰণ প্লেটত ললে গাখীৰ বা চাহৰ পৃষ্ঠকালি বাঢ়ে ফলত বাষ্পীভৱনৰ মাত্ৰা বাঢ়ে আৰু সোন কালে ঠাণ্ডা হয়।

5. গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে ?

উত্তৰঃ  গ্ৰীষ্মকালত আমি কপাহী কাপোৰ পিন্দিব লাগে কাৰণ কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে। বাষ্পীভৱনৰ লীন-তাপৰ পৰিমাণৰ সমান তাপ-শক্তি আমাৰ দেহৰ পৰা শোষণ কৰি লয় বাবে আমাৰ দেহটো শীতল পৰি যায়।

অনুশীলনীঃ

1. তলৰ উষ্ণতাবিলাক ছেলছিয়াছত প্ৰকাশ কৰা- (a) 293 k (b) 470 k

উত্তৰঃ   

2. তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা-

উত্তৰঃ

3. কাৰণ দৰ্শোৱা-

(a) খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়।

উত্তৰঃ নেফথেলিন বল এটা কেইদিনমান থৈ দিলে নাইকিয়া হোৱাৰ কাৰণ হ’ল উৰ্ধপাতন। উৰ্ধপাতনৰ ফলত নেফথেলিনৰ বলটো কঠিন অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থাপ্ৰাপ্ত হয় ফলত এটা সময়ত নাইকিয়া হৈ পৰে।

(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।

উত্তৰঃ দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায় কাৰণ আতৰৰ কণিকাবোৰে ক্ষিপ্ৰভাৱ বায়ুৰ কণিকাৰ লগত মিহলি হৈ বহু দূৰলৈকে বিয়পি পৰে আৰু আমাৰ নাকত লাগে। সেয়েহে দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।

4. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা- পানী, চেনি আৰু অক্সিজেন।

উত্তৰঃ অক্সিজেন < পানী < চেনি।

5. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি ?

উত্তৰঃ

6. যুক্তি দৰ্শাই ব্যাখ্যা কৰা-

(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া।

(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন।

উত্তৰঃ (a) সাধাৰণ উষ্ণতাত পানীৰ নিৰ্দিষ্ট আয়তন আছে যদিও নিজা আকৃতি নাই লগতে প্ৰবাহিতা দেখুৱায়। সেয়েহে সাধাৰণ উষ্ণতাত পানী জুলীয়া।

(b) সাধাৰণ উষ্ণতাত লো দৃঢ় আৰু নিৰ্দিষ্ট গঢ় বা আকৃতি আছে কাৰণে লোৰে নিৰ্মিত আলমাৰিটো কঠিন।

7. 273 k উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেচি ঠাণ্ডা কৰে কিয় ?

উত্তৰঃ 273k উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কাৰণ 273k উষ্ণতাত থকা বৰফৰ তুলনামূলক ভাৱে একে উষ্ণতাৰ পানীতকৈ কম শক্তি নিহিত হৈ থাকে।

8. উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব ?

উত্তৰঃ পানীৰ ভাপে বেছিকৈ পুৰিব কাৰণ একে উষ্ণতাত থকা জলীয় ভাপৰ কণিকাবোৰৰ শক্তি পানীৰ কণিকাবোৰৰ শক্তিতকৈ বেছি। জলীয় ভাপৰ কণিকাবোৰে অতিৰিক্ত লীনতাপ ধৰি ৰখাৰ বাবে এনে হয়।

9. অৱস্থাৰ পৰিবৰ্তন দেখুওৱাই তলৰ চিত্ৰত A, B, C, D, E আৰু F ৰ নাম দিয়া।

উত্তৰঃ  [A] = গলন

[B] = বাষ্পীভৱন

[C] = ঘণীভৱন

[D] = স্ফটিকীকৰণ

[E] = উৰ্ধপাতন

[F] = উৰ্ধপাতন

Answer Type – Boby Bora