উদ্ভিদৰ পৰিপুষ্টি । অধ্যায় ১ । Class 7 General Science Chapter 1 Question and Answer Assam | SCERT Class 7 Science Lesson 1 Solution | Assamese Medium Class 7 General Science Lesson 1 Answer | সপ্তম মান শ্ৰেণী”ৰ বিজ্ঞান অধ্যায় ১ উদ্ভিদৰ পৰিপুষ্টি পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

উদ্ভিদৰ পৰিপুষ্টি

১. পৰিপোষক কাক ৱোলে  ? 

উত্তৰঃ সকলো জীৱকে খাদ্যৰ প্ৰয়োজন। ৰ্কাবহাইড্ৰেট, প্ৰ’টিন, চৰ্বী, ভিটামিন আৰু খনিজ দ্ৰব্য খাদ্যৰ একেটা উপাদান। খাদ্যৰ এই উপাদানসমূহ আমাৰ শৰীৰৰ বাবে আৱশ্যক আৰু ইয়াকে পুষ্টিকাৰক দ্ৰব্য বা পৰিপোষক বুলি কোৱা হয়।

২. স্বপোষী আৰু পৰপোষী জীৱ কাক বোলে ?

উত্তৰ – যিবোৰ জীৱই নিজে নিজৰ আহাৰ তৈয়াৰ কৰি ল’ব  পাৰে সেইবোৰ জীৱক স্বপোষী জীৱ বোলে । যেনে – উদ্ভিদ , গছ – গছনি আদি ।

আনহাতে যিবোৰ জীৱই নিজে নিজৰ আহাৰ তৈয়াৰ কৰি ল’ব নোৱাৰে । আৰু আন প্ৰাণী বা উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল ।সেইবোৰ প্ৰাণীক পৰপোষী জীৱ বোলে । যেনে – মানুহ ।

৩. সালোক সংশ্লেষণ কাক বোলে ? চিত্ৰৰ সহায়ত বুজাই লিখা ।

উত্তৰ – সেউজীয়া উদ্ভিদে পাতৰ সহায়ত নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লব পাৰে। পাতত থকা সেউজীয়া ৰন্জক কণিকাক পত্ৰহৰিৎ বোলা হয়। ই সূয্যৰ ৰশ্মিৰ পৰা শক্তি আহৰণ কৰাত সহায় কৰে। এই শক্তি কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ পৰা খাদ্য সংশ্লেষণ বা প্ৰস্তুত কৰাত ব্যবহৃত হয়। যিহেতু সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত খাদ্য় সংশ্লেষণ হয়, সেয়ে ইয়াক সালোক সংশ্লেষণ বুুলি কোৱা হয়।

৪.কোষ কাক বুলে ?
উত্তৰ- কোষ হল জীৱৰ দেহ গঠনৰ ক্ষুদ্ৰতম একক ।

৫. কোষ কেন্দ্ৰ কাক বোলে ? 
উত্তৰ – কোষৰ ভিতৰত থকা সুস্পষ্ট গোলাকাৰ আকূতিৰ বিন্দুটোক কোষ কেন্দ্ৰ বোলে ।

৬. কোষাবৰণ কাক বোলে ?
উত্তৰ – কোষএটাক আৱৰি থকা পাতল বেৰখনক কোষাবৰণ বোলে।

৭. কোষ প্ৰৰস কাক বোলে ?
উত্তৰ – কোষ কেন্দ্ৰক আৱৰি থকা জেলি সদৃশ পদাৰ্থ খিনিক কোষ প্ৰৰস বোলে । 

৮. পত্ৰৰন্ধ্ৰ কাক  বোলে ?
উত্তৰ – পাতত থকা সৰু সৰু ছিদ্ৰ বোৰক পত্ৰৰন্ধ্ৰ বোলে ।

৯. পত্ৰহৰিৎ কাক বোলে ?
উত্তৰ – পাতত থকা সেউজীয়া ৰঞ্জক কণিকাক পত্ৰহৰিৎ বোলে । 

১০. কাৰ্ব’ হাইড্ৰেট কিহেৰে গঠিত ?
উত্তৰ -কাৰ্বন , অক্সিজেন আৰু হাইড্ৰজেনেৰে গঠিত ।

১১. প্ৰ’টিনবোৰ কিহেৰে গঠিত ?
উত্তৰঃ প্ৰ’টিন বোৰ প্ৰধানকৈ নাইট্ৰ’জেন জাতীয় পদাৰ্থৰে গঠিত ।

অনুশীলনী-ঃ

(১)জীৱই খাদ্য় কিয় গ্ৰহণ কৰা প্ৰয়োজন  ?
 উত্তৰঃ  শৰীৰৰ বৃদ্ধি ,বিকাশ, পুনৰ গঠন আৰু নিয়মীয়া কাম- কাজ চলাবলৈ জীৱক শক্তিৰ প্ৰয়োজন আৰু এই শক্তি জীৱই খাদ্যৰ পৰাই পাই গতিকে জীৱই খাদ্য় গ্ৰহণ কৰা প্ৰয়োজন ।

(২) পাথক্য় লিখা -পৰজীৱী আৰু মৃতজীৱী  । 
 উত্তৰঃ যিবোৰ উদ্ভিদে আন উদ্ভিদৰ পৰা পুষ্টি দ্ৰব্য় লাভ কৰি জীয়াই থাকে , সেইবোৰ উদ্ভিদক পৰজীৱী উদ্ভিদ বোলে  । যেনে – অমৰলতা ।    আনহাতে যিবোৰ জীৱই (উদ্ভিদে) মৃত , গেলি – পচি , যোৱা বস্তুৰ পৰা পুষ্টি আহৰণ কৰে , সেইবোৰ উদ্ভিদক মৃতজীৱী উদ্ভিদ বোলে  ।যেনে- ভেকুঁৰ  ।

(৪) সেউজীয়া উদ্ভিদৰ খাদ্য় সংশ্লেষণ প্ৰক্ৰিয়াৰ এটা চমু বৰ্ণনা কৰা?

উত্তৰঃ  উদ্ভিদৰ পাতবোৰই খাদ্য প্ৰস্তুতকৰণৰ কাৰখানা। মাটিত থকা পানী আৰু খনিজ দ্ৰব্য় শিপাই শুহি লয় আৰু পাতলৈ পৰিবহন কৰে। পাতত কিছুমান সৰু সৰু ছিদ্ৰ থাকে এই ছিদ্ৰ বোৰক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। এই পত্ৰৰন্ধ্ৰবোৰে বায়ুৰ পৰা কাৰ্বন-ডাই-অক্সাইড আহৰণ কৰে। পাতত থকা সেউজীয়া ৰন্জক কণিকাক পত্ৰহৰিৎ বোলে। ই সূৰ্যৰ ৰশ্মিৰ পৰা শক্তি আহৰণ কৰাত সহায় কৰে। এই শক্তি কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ পৰা খাদ্য সংশ্লেষণ বা প্ৰস্তুত কৰাত ব্যবহৃত হয়। যিহেতু সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত খাদ্য় সংশ্লেষণ কৰা হয়, সেয়ে ইয়াক সালোক সংশ্লেষণ বুলি কোৱা হয় ।

This image has an empty alt attribute; its file name is Untitled.png

৬) খালী ঠাই পূৰ কৰা –

(ক) সেউজীয়া উদ্ভিদক  স্ৱপোষী জীৱ     বোলা হয় , যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে  প্ৰস্তুত কৰে  ।      

(খ) উদ্ভিদৰ দ্ৱাৰা সংশ্লেষিত খাদ্য় সমূহ  কাৰ্বহাইড্ৰেট  হিচাপে সঞ্চিত হৈ থাকে  ।

(গ) সালোক সংশ্লেষণত সৌৰশক্তিক আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থক পত্ৰহৰিৎ   বোলা হয় ।

(ঘ) সালোকসংশ্লেষণৰ সময়ত উদ্ভিদে কাৰ্বন- ডাই – অক্সাইড   লয় আৰু অক্সিজেন  এৰি দিয়ে ।

৭) তলত দিয়া সমূহৰ নাম লিখা ।

(ক)  এবিধ পৰজীৱী উদ্ভিদ যাৰ কাণ্ড হালধীয়া  , মিহি আৰু নলীসদৃশ ।
উত্তৰঃ
 অমৰলতা ।

(খ) এবিধ উদ্ভিদ যি স্বপোষী আৰু পৰপোষী বা উভয়  ধৰণে পৰপুষ্টি  গ্ৰহণ কৰে ।
উত্তৰঃ
 কলচী উদ্ভিদ।      

(গ) পাতত থকা  যিটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে ।

উত্তৰঃ পত্ৰৰন্ধ্ৰ ।

  ৮) শুদ্ধ উত্তৰত চিন দিয়া। 
  ক)   অমৰ লতা  
     ১)  স্বপোষী    ২) পৰজীৱী       ৩) মৃতজীৱী  ৪) পোষকৰ উদাহৰণ

উত্তৰঃ   ২) পৰজীৱী ।

২)  এবিধ উদ্ভিদ যি পোক- পতংগ  খাদ্য় হিচাপে গ্ৰহণ কৰে  ।
   ১) অমৰ লতা  ২) জৱাফুল ৩) কলচী উদ্ভিদ  ৪) গোলাপ 

উত্তৰঃ  ৩) কলচী উদ্ভিদ ।

৯) ১নং স্তম্ভৰ লগত ২নং স্তম্ভ মিলোৱা ।

উত্তৰঃ

১ নং স্তম্ভ২ নং স্তম্ভ
পত্ৰহৰিৎ পাত
নাইট্ৰজেনবেক্টেৰিয়া
অমৰলতাপৰজীৱী
প্ৰাণীপৰপুষ্ট জীৱ
পোক-পতংগকলচী উদ্ভিদ

১০) শুদ্ধ বাক্য়ত (শু) আৰু অশুদ্ধ বাক্য়ত (অ) লিখা ।

১)  সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন- ডাই- অক্সাইড নিগত কৰে  ।

উত্তৰঃ  (অ)  ।

২) যিবোৰ উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইবোৰক মৃতজীৱী বোলা হয় ।
উত্তৰঃ (অ)


৩) সালোকসংশ্লেষণত  প্ৰ’টিন উৎপন্ন নহয় ।

উত্তৰঃ (শু)

৪) সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সৌৰসক্তি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তিত হয় ।

উত্তৰঃ (শু) 

১১) তলত দিয়া বোৰৰ পৰা শুদ্ধ টো বাছি  লিখা ।
  সালোক সংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ু মণ্ডলৰ পৰা কাৰ্বন- ডাই- অক্সাইড গ্ৰহণ কৰে?

(i) মুলৰোম    (ii) পত্ৰৰন্ধ্ৰ     (iii) পাতৰ সিৰা    (iv) বৃতি।

উত্তৰঃ  ২)পত্ৰৰন্ধ্ৰ   ।

১২) উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড তলৰ কোনটো অংশৰ জৰিয়তে গ্ৰহণ কৰে?

(i) শিপা       (ii) কাণ্ড         (iii) ফুল       (iv) পাত।

উত্তৰঃ ৪)  পাত  ।