উদ্যোগ | অধ্যায় ৮ । Chapter 8 | Class 9 Elective Subject Geography Lesson 8 Question and Answer Assam | SEBA Class 9 El. Geography Chapter 8 Solution | Assamese Medium Class IX Elective Subject Geography Lesson 8 Notes and Suggestion | নৱম মান শ্ৰেণীৰ ভূগোল অধ্যায় ৮ উদ্যোগ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।


অষ্টম অধ্যায়

উদ্যোগ

১। শ্রেণীবিভাজনৰ ভিত্তি উল্লেখ কৰি উদ্যোগক শ্রেণী বিভক্ত কৰা ।

উত্তৰঃ শ্ৰেণীবিভাজনৰ ভিত্তিত উল্লেখ কৰি উদ্যোগক তলত দিয়া ধৰণে বিভক্ত কৰিব পাৰি –

১/ আকাৰ অনুযায়ী উদ্যোগ প্ৰধানকৈ তিনিপ্ৰকাৰৰহব পাৰে – (ক) ঘৰুৱা উদ্যোগ, (খ) ক্ষুদ্ৰ উদ্যোগ আৰু (গ) বৃহৎ উদ্যোগ।

২/ ব্য়ৱহৃত কেঁচামাল অনুযায়ী উদ্যোগসমূহক প্ৰধানকৈ পাঁচ ভাগত ভগাব পাৰি – (ক) কৃষিভিত্তিক উদ্যোগ, (খ) খনিজ সম্পদভিত্তিক উদ্যোগ, (গ) ৰাসায়নিক দ্ৰব্যভিত্তিক উদ্যোগ, (ঘ) বনজ সম্পদভিত্তিক উদ্যোগ আৰু (ঙ) প্ৰাণাভিত্তিক উদ্যোগ।

৩/ উৎপাদিত দ্ৰব্যৰ ভিত্তিত উদ্যোগ প্ৰধানকৈ দুই প্ৰকাৰৰ হব পাৰে – (ক) মৌলিক উদ্যোগ আৰু (খ) উপভোগ্য বস্তৰ উদ্যোগ।

৪/ প্ৰতিষ্ঠানৰ মালিকানা অনুযায়ী উদ্যোগ আকৌ তিনিপ্ৰকাৰৰ হব পাৰে – (ক) ৰাজহুৱা খণ্ডৰ উদ্যোগ, (খ) ব্যক্তিগত খণ্ডৰ উদ্যোগ আৰু (গ) যৌথ খণ্ডৰ উদ্যোগ।

২। ঘৰুৱা উদ্যোগ কি ? এই উদ্যোগৰ যোগেদি সাধাৰণতে কেনে ধৰণৰ সামগ্রী তৈয়াৰ কৰা হয়।

উত্তৰঃ ঘৰুৱা উদ্যোগ  অতি ক্ষুদ্র আকাৰৰ উদ্যোগ । সাধাৰণতে ঘৰতে পৰিয়ালৰ মানুহে এই উদ্যোগ গঢ়ি তোলে। থলুৱা কেঁচামাল ব্যৱহাৰ কৰি অতি সাধাৰণ যন্ত্রপাতি বা পৰম্পৰাগত কৌশল প্রয়োগেৰে এই উদ্যোগে বস্তু উৎপাদন কৰে । উৎপাদিত বস্তু সাধাৰণতে ঘৰতে ব্যৱহাৰ কৰা হয় বা স্থানীয় বজাৰত বিক্রী কৰা হয় ।

ঘৰুৱা উদ্যোগ ৰ জৰিয়তে উৎপাদিত সামগ্ৰীসমূহ হৈছে- মাটিৰ বা ধাতুৰ সাজ-বাচন, শালত বোৱা কাপোৰ, খাদ্যবস্ত, আচবাব, আ-অলংকাৰ আদি ঘৰুৱা উদ্যোগৰ দ্বাৰা উৎপাদিত দ্রব্য।

৩। ক্ষুদ্র আৰু বৃহৎ উদ্যোগৰ এটি তুলনামূলক আলোচনা দাঙি ধৰা।

উত্তৰঃ- ক্ষুদ্ৰ উদ্যোগঃ চীন, ভাৰত আদি ঘন বসতিৰ দেশত ক্ষুদ্ৰ উদ্যোগৰ গুৰুত্ব সৰ্বাধিক। অৱস্থান, যন্ত্ৰ-পাতিৰ প্ৰয়োগ আৰু উৎপাদনৰ ক্ষেত্ৰত এই উদ্যোগ ঘৰুৱা উদ্যোগতকৈ কিছু বেলেগ। ক্ষুদ্ৰ উদ্যোগত শ্ৰমিকৰ সংখ্যা সীমিত ওপৰত এই উদ্যোগৰ উৎপাদন নিৰ্ভৰ কৰে। ক্ষুদ্ৰ উদ্যোগে স্থানীয় লোকৰ আৰ্থিক বিকাশ আৰু ক্ৰয় শক্তি বৃদ্ধিত সহায় কৰে।

বৃহৎ উদ্যোঃ এই উদ্যোগৰ কাৰণে বৃহৎ পৰিমাণৰ মূলধন, নানা প্ৰকাৰৰ কেঁচামাল, প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিক, অত্যাধুনিক প্ৰযুক্তি, যথেষ্ট ইন্ধন আৰু বৃহৎ বজাৰৰ প্ৰয়োজন। বৃহৎ উদ্যোগসমূহ আন্তৰ্জাতিক বজাৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ কাৰণে, সেইবোৰৰ পৰিচালনাও অতি জটিল। বৃহৎ উদ্যোগক কেন্দ্ৰ কৰি অঞ্চল একোটাত অন্য বহুতো মজলীয়া আৰু সুৰা-সুৰা উদ্যোগ গঢ়ি উঠিব পাৰে। জাপান, চীন আৰু ভাৰত আদি দেশতো যথেষ্ট সংখ্যক বৃহৎ উদ্যোগ আছে। বৃহৎ উদ্যোগ প্ৰতিষ্ঠাই একোটা এলেকাক কালক্ৰমত ঔদ্যোগিক অঞ্চললৈ ৰূপান্তৰিত কৰে।

৪। কৃষিভিত্তিক উদ্যোগ কি উদাহৰণেৰে বুজোৱা ।

উত্তৰঃ কৃষিজাত শস্য বা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগকে কৃষিভিত্তিক উদ্যোগ বোলা হয়। ইয়াৰ কাৰণেই ধান কল, ঘেঁহু কল, চেনি কল, পানীয় উদ্য়োগ, তেল উদ্যোগ, মছলা উদ্যোগ আদি গঢ়ি উঠিছে। কিছুমান শস্যৰ উৎপাদন বছৰটোৰ এটা বিশেষ ঋতুত ব্য়াপক পৰিমাণে হয় কাৰণে সেইবোৰ অন্য ঠাইলৈ ৰপ্তানিৰ উদ্দেশ্য়েও কৃষিভিত্তিক উদ্যোগদ গঢ়ি উঠে।

৫। খনিজ সম্পদভিত্তিক উদ্যোগৰ এটি চমু আভাস দিয়া।

উত্তৰঃ এই উদ্যোগৰ প্ৰধান কেঁচামাল হৈছে বিভিন্ন প্ৰকাৰৰ খনিজ সম্পদ। পৃথিৱীৰ যিবোৰ অঞ্চল খনিজ সম্পদত চহকী স্বাভাৱিকতে তাতেই এনে ধৰণৰ উদ্যোগ গঢ়ি উঠে। অৱশ্যে আজিকালি পৰিবহণৰ সুবিধা বাঢ়ি অহাৰ কাৰণে খনিজ সম্পদ নথকা ঠাইতো খনিজ সম্পদভিত্তিক উদ্যোগ গঢ়ি উঠাটো সম্ভৱ হৈ উঠিছে। লো-তীখা, এলুমিনিয়াম, তাম, পেট্ৰোলিয়াম আদিৰ উৎপাদন খনিজ সম্পদ ভিত্তিক উদ্যোগৰ ভিতৰত পৰে।

৬। মৌলিক উদ্যোগ বুলিলে কি বুজা উদাহৰণ দি লিখা।

উত্তৰঃ এই প্ৰকাৰৰ উদ্য়োগে মূলতঃ অন্য উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামাল উৎপাদন কৰে। লো-তীখাৰ উদ্যোগক মৌলিক উদ্যোগ বুলি কোৱা হয়, কাৰণ এই উদ্যোগে যন্ত্ৰ-পাতি তৈয়াৰ কৰা উদ্যোগবোৰক কেঁচামাল যোগান ধৰে। যন্ত্ৰ-পাতিবোৰে আকৌ অন্য বস্ত বা সামগ্ৰী উৎপাদনত সহায় কৰে। সেয়ে লো-তীখাৰ উদ্যোগ এবিধ মৌলিক উদ্যোগ।

৭। উদ্যোগৰ অৱস্থান নিয়ন্ত্রণকাৰী কাৰকসমূহৰ এটি আভাস দিয়া।

উত্তৰঃ  উদ্যোগ নিয়ন্ত্ৰণকাৰী কাৰকসমূহ হৈছে- শক্তি, অনুকূল প্ৰাকৃতিক পৰিবেশ, শ্ৰমিক, বজাৰ আৰু  পৰিবহনৰ সু-ব্যৱস্থা ǀ

ক) শক্তিঃ- উদ্যোগ এটা চলিবলৈ শক্তি অপৰিহাৰ্য ǀ যিবোৰ অঞ্চলত শক্তি সহজলভ্য সেইবোৰ অঞ্চলত উদ্যোগ  সহজে স্হাপন কৰিব পাৰি ǀ  সেয়ে- কয়লা, খাৰুৱা তেল, জলবিদ্যুত উৎপাদন হোৱা অঞ্চলৰ আশে পাশে উদ্যোগৰ অৱস্হান দেখা যায় ǀ

খ)  অনুকূল প্ৰাকৃতিক পৰিবেশঃ-  উদ্যোগ এটা বৰ্তি থাকিবলৈ অনুকূল প্ৰাকৃতিক পৰিবেশৰ প্ৰয়োজন হয় ǀ অতি উষ্ণ বা শীত প্ৰধান অঞ্চল, বানপানী বা ভূঁইকপ জৰ্জৰিত অঞ্চলবোৰত উদ্যোগৰ অৱস্হান কম হোৱা দেখা যায় ǀ অনুকূল প্ৰাকৃতিক পৰিবেশ (নাতিশীতোষ্ণ অঞ্চল)ৰ বাবে ইউৰোপৰ ৰাষ্ট্ৰবোৰ উদ্যোগিক দিশত অন্য ৰাষ্ট্ৰতকৈ আগবঢ়া   ǀ

গ) শ্ৰমিকঃ- উদ্যোগৰ বাবে শ্ৰমিক অপৰিহাৰ্য ǀ উন্নত বৈজ্ঞানিক প্ৰযুক্তিৰ জৰিয়তে আজিৰ দিনত বহুতো কাম সমাধা কৰিব পাৰি যদিও সেইবোৰে শ্ৰমিকৰ স্হান ল’ব পৰা নাই ǀ 

ঘ) বজাৰঃ- উদ্যোগ এটাত উৎপাদিত সামগ্ৰীসমূহ বজাৰৰ আৱশ্যক হয় ǀ সেই বজাৰ উদ্যোগটোৰ আশেপাশে নাইবা দূৰৈতো থাকিব পাৰে ǀ এসময়ৰ ইউৰোপৰ ইংলেণ্ড, নেদাৰলেণ্ড, ফ্ৰান্স আদি দেশবোৰে বজাৰ দখলৰ বাবে বিশ্বজুৰি নিজ নিজ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ দৌৰত লিপ্ত হৈছিল ǀ 

ঙ) পৰিবহনৰ সু-ব্যৱস্হাঃ- উদ্যোগৰ বাবে পৰিবহনৰ সু-ব্যৱস্হা থকাতো প্ৰয়োজনীয় ǀ উন্নত পৰিবহন ব্যৱস্হা থাকিলে উদ্যোগত উৎপাদিত সামগ্ৰীসমূহ দূৰ দূৰণিলৈ সহজে প্ৰেৰণ কৰিব পাৰি তাৰোপৰি প্ৰয়োজনীয় কেঁচামাল ওচৰত উপলব্ধ নহলেও অন্য ঠাইৰ পৰা অনাত অসুবিধা নহয় ǀ

৮। উদ্যোগৰ অৱস্থানত কেঁচামালৰ ভূমিকা সম্বন্ধে উদাহৰণ দি লিখা।

উত্তৰঃ সকলো উদ্যোগতে  কেঁচামাল প্ৰয়োজন হয় । কেঁচামাল বহুতো উৎসৰ পৰা পাব পাৰি । কিছুমান কেঁচামাল গধুৰ । অন্য কিছুমান আপেক্ষিকভাবে পাতল, কিন্তু সোনকালে নষ্ট হয় । অন্য কিছুমানৰ উৎপাদন প্রক্রিয়াৰ মাজেদি যাওঁতে পূর্বৰ ওজন বহু পৰিমাণে কমি যায় । এইবোৰক ওজন কমা (weight loosing) কেঁচামাল বুলি ক’ব পাৰি।  সেয়েহে কেঁচামালৰ উৎসস্থানে উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্রণ কৰে। লো-তীখাৰ প্ৰধান কেঁচামাল গধূৰ লোৰ আঁকৰ হোৱাৰ কাৰণে ইয়াৰ উদ্যোগ সাধাৰণতে লােৰ আঁৰৰ উৎসস্থানৰ ওচৰতে প্রতিষ্ঠা কৰা হয়। ইয়াৰ ফলত কেঁচামাল পৰিবহণৰ ব্যয় যথেষ্ট কমি থাকে। আনহাতে বয়নশিল্পৰ প্রধান কেঁচামাল কপাহৰ ওজন লঘূ হোৱাৰ লগতে উৎপাদন প্রক্রিয়াত কপাহৰ দৰে কেঁচামালে বিশেষ ওজন নেহেৰুৱায়। সেই বাবে কপাহ উদ্যোগ কেঁচামালৰ উৎসস্থানত অৱস্থিত নহ’বও পাৰে। সেইদৰে চেনী শিল্পৰ প্রধান । কেঁচামাল কুঁহিয়াৰ হোৱাৰ কাৰণে এইবিধ শিল্প কুঁহিয়াৰ উৎপাদন ক্ষেত্ৰৰ ওচৰতে অৱস্থিত হলে সুবিধা বেছি । 

৯। ভাৰতৰ লো-তীখা উদ্যোগৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ লো-তীখাৰ উদ্যোগ এবিধ মৌলিক উদ্যোগ। লো-তীখাৰ বৃহৎ উদ্যোগবোৰ সাধাৰণতে ইয়াৰ কেঁচামাল, যেনে – লোৰ আঁকৰ, কয়লা, মেংগানিজ আৰু চূণশিলৰ উৎস স্থানৰ ওচৰতে প্ৰতিষ্ঠা কৰা হয়। অৱশ্যে লো-তীখাৰ ক্ষুদ্ৰ উদ্যোগবোৰ বজাৰৰ ওচৰতো গঢ়ি উঠিব পাৰে। এই উদ্যোগ প্ৰতিষ্ঠানৰ বাবে বৃহৎ পুঁজিৰ প্ৰয়োজন হয় আৰু সেই কাৰণেই লো-তীখাৰ উদ্যোগবোৰ পৃথিৱীৰ উন্নত দেশবোৰত কেন্দ্ৰভূত হৈ আছে। ভাৰতত লো-তীখাৰ শিল্পৰ ইতিহাস দীঘলীয়া। পুৰণিকালত থলুৱা পৰম্পৰাগত পদ্ধতিৰে লৌহ সামগ্ৰী প্ৰস্তত কৰাৰ প্ৰমাণ পোৱা যায়। অৱশ্যে দেশখনত ইয়াৰ আধুনিক ঔদ্যোগিক উৎপাদন আৰম্ভ হয় ১৯০৭ চনত। ভাৰতৰ লো-তীখাৰ উদ্যোগ প্ৰধানকৈ বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, উৰিষ্য়া আৰু ছাট্টিছগড়ক সামৰি থকা প্ৰখ্যাত মণিক অঞ্চলটোতে সিচৰিত হৈ আছে। লো-তীখা শিল্পৰ বাবে আৱশ্যকীয় কেঁচামালবোৰ এই অঞ্চলটোত সহজে পোৱা যায় কাৰণে ইয়াতে এইবিধ উদ্যোগ কেন্দ্ৰভূত হৈছে। লো-তীখাৰ ঔদ্যোগিক কেন্গ্ৰবোৰ হৈছে – দুৰ্গাপুৰ, বাৰ্ণপুৰ, জামছেদপুৰ, আছানশোল, বোকাৰো, ৰুৰকেলা আৰু ভিলাই।

১০। ভাৰতৰ কপাহী বয়ন শিল্পৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ বয়ন উদ্যোগবোৰৰ ভিতৰত কপাহী বয়ন উদ্যোগৰ বিশেষ স্হান আছে । অৱশ্যে বৰ্তমান সময়ত কৃত্রিম সূতা ব্যৱহাৰ কৰি কাপোৰ প্ৰস্তুত কৰা উদ্যোগবোৰে এই উদ্যোগক গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন কৰিছে। কপাহী বয়ন উদ্যোগৰ প্রধান কেঁচামাল হৈছে উচ্চমানসম্পন্ন কপাহ । কপাহ হৈছে এবিধ ওজন নেহেৰুওৱা কেঁচামাল । সেয়ে ইয়াৰ উদ্যোগৰ অৱস্থান কেচাঁমালৰ উৎস স্থানতেই হওঁক বা বজাৰৰ ওচৰতেই হওঁক পৰিবহন ব্যয়ৰ বিশেষ পাৰ্থক্য নঘটে ǀ অন্যান্য কাৰক যেনে—শক্তি, শ্রমিক, অনুকূল প্রাকৃতিক পৰিৱেশ, বজাৰ, পৰিবহণৰ সুব্যৱস্থা আদিয়ে এই উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্রণ কৰে । ভাৰতৰ বিভিন্ন ৰাজ্য যেনে- গুজৰাটৰ- আহমেদাবাদ, ৰাজকোট, চুৰাট, পোৰবন্দৰ; মহাৰাষ্ট্ৰৰ- পুনে, মুম্বাই, কোলাহপুৰ, ঔৰঙ্গাবাদ; মধ্যপ্ৰদেশৰ- উজ্জয়িনী, ইন্দোৰ, নাগপুৰ ; পশ্চিমবঙ্গৰ- কলকতা,হাওৰা,হুগলী,মুৰ্চিদাবাদ; তামিলনাডুৰ –হালেম, চেন্নাই, মাদুৰাই; কৰ্ণাটকৰ –বেংগলুৰু, মহীশূৰ; অন্ধপ্ৰদেশৰ –হায়দৰাবাদ ত কপাহী বয়ন উদ্যোগ অৱস্থিত ǀ

১১। ভাৰতৰ মানচিত্র এখন আঁকি তাত তিনিটা লো-তীখাৰ উদ্যোগ আৰু তিনিটা কপাহী বয়ন উদ্যোগৰ অৱস্থান দেখুওৱা।

উত্তৰঃ