কলা । অধ্যায় ৬ । Class 9 General Science Lesson 6 Question and Ansswer Assam | SEBA Class 9 General Science Chapter 6 Solution | Assamese Medium Class 9 Science Chapter 6 Answer | নৱম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় 6 কলা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।


অধ্যায়ঃ ৬

কলা

প্ৰশ্নাৱলী

1. কলা কি?

উত্তৰঃ একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি বিশিষ্ট কোষৰ কলা সমষ্টিয়ে কলা গঠন কৰে। যেনেঃ সংযোজক কলা (তেজ), পেশীকলা ইত্যাতি।

2. বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি?

উত্তৰঃ যেতিয়া একোটা নিৰ্দিষ্ট কাৰ্য সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতিৰ কোষ একগোট হয় তেতিয়া তাকে কলা বোলে। 

বহুকোষী জীৱৰ বিভিন্ন জৈৱিক কাৰ্যবোৰ বিভিন্ন ধৰনৰ কলাই সম্পন্ন কৰে। যেনে, মানৱ শৰীৰত চলন কাৰ্যৰ বাবে পেশী কলাই সংকোচন  আৰু প্ৰসাৰন কাৰ্য সম্পাদন কৰে। স্নায়ু কোষে প্ৰেৰণা স্নায়ু বহন কৰে ৰক্ত কলাই অক্সিজেন, আহাৰ আৰু বৰ্জিত পৰ্দাথ সৰবৰাহৰ কাম সম্পন্ন কৰে। উদ্ভিদৰ ক্ষেত্ৰত আহাৰ আৰু পানী পৰিবহন সংবহন কলাই সম্পন্ন কৰে। 

3. বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা।

উত্তৰঃ উদ্ভিদত পোৱা সৰল কলা সমূহক তিনি ভাগত ভাগ কৰিব পাৰি। এই তিনি প্ৰকাৰৰ কলা হ’ল-

1. পেৰেণকাইমা 

 = (প্ৰত্ৰহৰিৎ থাকিলে)

=   ক্ল’ৰেণকাইমা (জলজ উদ্ভিদৰ ক্ষেত্ৰত) 

2. ক’লেণকাইমা।

3. স্কেৰণকাইনা।

4. অগ্ৰস্থ ভাজক কলা ক’ত পোৱা যায়?

উত্তৰঃ অগ্ৰস্থ ভাজক কলা উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত পোৱা যায়।

5. কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে?

উত্তৰঃ নাৰিকলৰ বাকলিখন গঠন কৰা কলাবিধ হ’ল-  স্কেৰণকাইনা।

6. ফ্লেৱেম কলা কিহৰে গঠিত ?

উত্তৰঃ ফ্লোৱেম কলা চাৰিবিধ কোষেৰে গঠিত। এই কোষ চাৰিবিধ হ’ল- চালনি নলীকা, সংগী কোষ, ফ্লোৱেম আৰু ফ্লোৱেম পেৰেণ কাইমা।

অনশীলনীঃ

1. ‘কলাৰ সংজ্ঞা দিয়া।

উত্তৰঃ- জীৱৰ শৰীৰত বিভিন্ন ধৰণৰ জৈৱিক ক্ৰিয়া অনাবৰতে চলি থাকে। এনেকুৱা জৈৱিক ক্ৰিয়া বোৰ কৰিবলৈ একে গঠন আৰু আকৃতি বিশিষ্ট কোষবোৰ একগোট হৈ কলাৰ সৃষ্টি কৰে।

আমি সংজ্ঞা হিচাপে এনেকে ক’ব পাৰো যে, একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি প্ৰকৃতিৰ কোষৰ সমষ্টিয়ে কলা গঠন কৰে। উদাহৰণস্বৰূপে পেশী কলা স্নায়ু কলা ইত্যাদি।

2. কি কি উপাদানেৰে জাইলেম গঠিত? সেইবোৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ- জাইলেম কলা ট্ৰেকাইড, নলীকা, জাইলেম পেৰেণকাইমা আৰু কাষ্ঠ তন্ত ৰ দ্বাৰা গঠন হয়। এই আটাইবোৰ কোষৰ কোষবেৰখন ডাঠ আৰু প্ৰায়বোৰ কোষেই মৃত।

3. উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক?

উত্তৰঃ- সৰল স্থায়ী আৰু জটিল স্থায়ী মাত্ৰ এইটো কাৰণেই পৃথক যে সৰল কলাবোৰে একে আকৃতি আৰু গঠনৰ একেবিধ কোষেৰে গঠিত। ইয়াত প্ৰতিটো কোষেই ইটোৰ লগত সিটো দেখাত একেই। যেনে, পেৰেণকাইমা, ক’লেণকাইমা ইত্যাদি। আনহাতে জটিল স্থায়ী কলাবোৰে কেইবাপ্ৰকাৰৰ কোষৰে গঠিত। যেনে, জাইলেম স্থায়ী কলাবোৰ ট্ৰেকাইড, নলীকা, জাইলেম পেৰেণকাইমা আৰু কাষ্ঠ তন্ত ৰে গঠিত।

4. কোষবেৰৰ ওপৰত ভিত্তি কৰি পেৰেণকাইমা, ক’লেণকাইমা আৰু স্কেৰেণকাইমা মাজত থকা পাৰ্থক্য দাঙি ধৰা।

উত্তৰঃ- 

পেৰেণকাইমাক’লেইনকাইমাস্কেৰণকাইমা
কোষবেৰ পাতল আৰু চেলুল’জেৰে গঠিত।কোষবোৰ ডাঠ হয় আৰু কোষ মধ্যৱত্তী স্থান একেবাৰে কম বা নাথাকেই।কোষবোৰ ডাঠ হয় কাৰণ ইয়াত লিগনিন নামৰ এবিধ পদাৰ্থ পোৱা যায়।

5. প্ৰত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি?

উত্তৰঃ- প্ৰত্ৰৰন্ধ্ৰই উদ্ভিদৰ বাষ্পমোচনত সহায় কৰে। উদ্ভিদৰ আভ্যন্তৰৰ পৰা বাষ্পকাৰে পানী এৰি দিয়া প্ৰক্ৰিয়াক বাষ্পমোচন কোৱা হয়। প্ৰত্ৰৰন্ধ্ৰ বায়ুমণ্ডলীয় গেছৰ আদান প্ৰদানৰ বাবে প্ৰয়োজন।

6. প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?

উত্তৰঃ- প্ৰাণীদেহৰ চলন কাৰ্যৰ লগত জড়িত থকা কলা সমূহ হ’ল- পেশীকলা। পেশীকলাসমূহ কিছুমান দীঘলীয়া কোষৰে গঠিত, এইবোৰ পেশী তন্ত্ৰ বুলি কোৱা হয়। পেশীকলাসমূহে আমাৰ দেহৰ অংগ পৰিচালনাত সহায় কৰে। এই ক’লা- বোৰত বহুত সংকোচনশীল প্ৰ’টিন  থাকে, যাৰ ফলত পেশীৰ সংকোচন আৰু প্ৰসাৰণ কাৰ্য সম্পাদন হয়।  

কিছুমান পেশীৰ আমি ইচ্ছামতে সঞ্চালন কৰিব পাৰো আৰু আনকিছুমান আমি নিজৰ ইচ্ছামতে সঞ্চালন কৰিব নোৱাৰো। যিবোৰ পেশীকলা আমি নিজৰ ইচ্ছামতে সঞ্চালন(সংকোচন আৰু প্ৰসাৰণ) কৰিব পাৰো, তাক ঐচ্ছিক পেশী বোলে। এই পেশী-সমূহ অংন্তকংকালৰ অস্থিৰ লগত সংযুক্ত হৈ প্ৰাণীটোৰ চলনত সহায় কৰে।

7. স্নায়ুকোষ (Neuron ) দেখাত কেনেকুৱা হয়?

উত্তৰঃ- নিউৰনক স্নায়ুকোষ বুলি কোৱা হয়। ইয়াক মস্তিস্ক, স্নায়ুৰজ্জু আদিত পোৱা যায়।স্নায়ুকোষ বা নিউৰন এটা 1 মিনিটাৰ পৰ্যন্ত দীঘল হয়।

নিউৰনত প্ৰধানত দুটা গঠন পোৱা যায়-

= কোষদেহ (cell Body)

= স্বায়ু প্ৰবৰ্ধ ( Nerve Process )

কোষদেহত এটা ডাঙৰ কোষকেন্দ্ৰ থাকে। কোষকেন্দ্ৰটো কোষদেহৰ কোষপ্ৰৰসত উপঙি থাকে। কোষদেহৰ পৰা এডাল দীঘল নলীসদৃশ চাইট’প্লাজমৰ স্বায়ু প্ৰৱৰ্ধ ওলায়। ইয়াক এক্সন বোলে। ইয়াৰ উপৰি দেহৰ কোষৰ পৰা কিছুমান চুটি আৰু শাখা প্ৰশাখাযুক্ত  স্নায়ুপ্ৰৱৰ্ধ ওলায়। এইবোৰক ডেনড্ৰাইট বোলে।

এটা আদৰ্শ স্নায়ুকোষ তলত দেখুৱাৰ হ’ল-

8. হৃদপেশীৰ তিনিটা বৈশিষ্ট উল্লেখ কৰা।

উত্তৰঃ- হৃদপেশীৰ তিনিটা বৈশিষ্ট্য হ’ল- 

১. হৃদপেশী অনবৰতে সংকোচন আৰু প্ৰসাৰণ হ’ব পৰা ক্ষমতা আছে।

২. ইয়াৰ তন্ত্তবোৰ শখাবিশিষ্ট।

৩. এইবোৰ পেশী চুঙাকৃতিৰ আৰু এক কোষকেন্দ্ৰ যুক্ত।

9. এৰিওলাৰ (Areolar ) কলা কাৰ্যসমূহ কি কি?

উত্তৰঃ- এৰিওলাৰ কলাৰ কাম হৈছে- আভ্যন্তৰীম অংগবোৰক সুৰক্ষা প্ৰদান কৰা আৰু কলাৰ ক্ষত অংশ মেৰামতি কৰা। এইবিধকলা ছাল, উপস্থিৰ, পেশীৰ মাজত, ৰক্তনলীৰ স্বায়ুৰ চাৰিওফালে আৰু অস্থিমজাত পোৱা যায়।

10. চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীতন্ত্তসমূহৰ মাজত পাৰ্থক্য দেখুওৱা।

উত্তৰঃ-

11. হৃদপেশীসমূহৰ বিশেষ কাম কি?

উত্তৰঃ- হৃদপেশীসমূহ হৃদযন্ত্ৰত পোৱা যায়। ইয়াৰ তন্ত্ৰবোৰ শাখাবিশিষ্ট চুঙাকৃতিৰ আৰু এক কোষকেন্দ্ৰযুক্ত। ই একপ্ৰকাৰৰ অনৈচ্ছিক পেশী। হৃদপেশী সমূহৰ কাৰণে হৃদযন্ত্ৰটো অনবৰতে সংকোচন আৰু প্ৰসাৰণ হৈ থাকে ফলত হৈ থাকে ফলত আমাৰ শৰীৰিত ৰক্ত সঞ্চালন হয়।

12. গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা।

উত্তৰঃ- ৰেখিত পেশী, অৰখিত আৰু  হৃদপেশীৰ মাজৰ পাৰ্থক্য তলত আলোচনা কৰা হ’ল-

ৰেখিতপেশীঅৰখিতপেশীহৃদপেশী
1.কোষবোৰ দীঘলীয়া, চুঙাকৃতি আৰু শাখাহীন।1. কোষবোৰ দীঘল মাকো-সদৃশ।1. কোষ তন্ত্তবোৰ শাখাবিশিষ্ট চুঙাকৃতিৰ
2.বহুকোষকেন্দ্ৰ যুক্ত2. এটা মাত্ৰ কোষকেন্দ্ৰ পোৱা যায়।2. এক কোষকেন্দ্ৰযুক্ত।
3. পেশীসমূহত কিছুমান অনুপ্ৰস্থ স্বচ্ছ আৰু অস্বচ্ছ পথালি ৰেখা থাকে।3. কোনো অনুপ্ৰস্থীয় ৰেখা পোৱা নায়ায়।3. অনুপ্ৰস্থীয় ৰেখা থাকে কিন্ত্ত কম পৰিমাণে।
4. হাত, ভৰি, জিভা ডিঙি আদিত থাকে।4. চকুৰ আইবিছ, খাদ্যনলী, জৰায়ু, ব্ৰংকাই (Bronchi ) আদিত পোৱা যায়।4. হৃদযন্ত্ৰত পোৱা যায়।

13. এটা আদৰ্শ স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আকাঁ।

উত্তৰঃ-

14. তলত দিয়া কলাসমূহৰ নাম লিখা।

(a) আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?

উত্তৰঃ- সৰল ছুটীয়া আচ্ছাদক কলা (Simple  Squamous epithelium )

(b) পেশি আৰু অস্থিক কি কলাই সংযোগ কৰে?

উত্তৰঃ- টেগুন (Tendon ) সংযোজক কলাই পেশী আৰু অস্থিক সংংযোগ কৰে। 

(c)  উদ্ভিদত কি কলাৰে খাদ্য পৰিবহন কৰে?

উত্তৰঃ- উদ্ভিদত ফ্ল’ৱেম কলাৰে খাদ্য পৰিবহন কৰে।

(d) আমাৰ দেহত চৰ্বী থকা সংযোজক কলাৰ বিধৰ নাম কি?

উত্তৰঃ- আমাৰ দেহত চৰ্বী থকা সংযোজক কলাৰ বিধৰ নাম হৈছে মেদকলা।

(e) জুলীয়া আধাৰ দ্ৰব্যৰ থকা সংযোজক কলাবিধৰ নাম কি?

উত্তৰঃ-  জুলীয়া আধাৰ দ্ৰব্যৰ থকা সংযোজক কলাবিধৰ নাম তেজ।

(f) মস্তিষ্কত কি কলা থাকে?

উত্তৰঃ- মস্তিষ্কত স্নায়ুকলা থাকে।

15. আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?

উত্তৰঃ- আমাৰ মুখৰ ভিতৰৰ বেৰখন সৰল ছুটীয়া আচ্ছাদক কলাৰে গঠিত।

16. তলত দিয়া প্ৰাণী অংগৰসমূহত থকা কলাবোৰৰ নাম লিখাঃ

উত্তৰঃ- ছাল- আচ্ছাদক কলা

অস্থি- অস্থিৰ কলা, এডাল অস্থিক আনডালৰ লগত সংযোগ কৰিবলৈ লিগামেণ্ট আৰু আস্থিক পেশীৰ লগত সংযোগ কৰিবলৈ টেগুন।

বৃক্কৰ আৱৰণ- ঘনাকাৰ আচ্ছাদক কলা।

17. তলত দিয়া তালিকাখন সম্পূৰ্ণ কৰাঃ

উত্তৰঃ- 

Answer Type – Boby Bora