গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম । Chapter 24 | Class 7 Social Science Lesson 24 Question and Answer Assam | SCERT Class 8 S.Science Chapter 24 Solution | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ২৪ গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম

১। চমু উত্তৰ লিখা-

(ক) প্ৰচাৰ মানে কি?

উত্তৰঃ প্ৰচাৰ বুলিলে যিকোনাে খবৰ, আদেশ, অনুদেশ, উপদেশ আদি এজনৰ পৰা আনজনলৈ, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সম্প্রসাৰিত হােৱাকে বুজায়।

(খ) প্রচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি?

উত্তৰঃ প্ৰচাৰ মাধ্যম দুই প্রকাৰৰ- মুদ্রিত আৰু ইলেকট্রনিক।মুদ্রিত প্ৰচাৰ মাধ্যম সমূহ হ’ল- বাতৰিকাকত, আলােচনী, কিতাপ আদি।ইলেকট্রনিক মাধ্যমসমূহ হ’ল- ৰেডিঅ’, টেলিফোন, ম’বাইলফোন, দূৰদৰ্শন, কম্পিউটাৰ, কৃত্রিম উপগ্রহ আদি।

(গ) গণমাধ্যম কাক কয়? উদাহৰণ দিয়া।

উত্তৰঃ প্ৰচাৰ মাধ্যমৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক যিবােৰে অতি কম সময়ৰ ভিতৰত বহুলােকৰ মাজত খবৰ বাতৰিসমূহ সম্প্রচাৰ কৰিব পাৰে। সেইবােৰক গণমাধ্যম বুলি কোৱা হয়। 

(ঘ) প্রাচীন কালত ব্যৱহৃত দুই প্রকাৰৰ প্ৰচাৰ মাধ্যম কি কি?

উত্তৰঃ 

১) অতীজত দুর্গম অৰণ্য পাৰ হৈ বাতৰি পঠিয়াব লগা হ’লে পাৰ চৰাইৰ ঠেঙত চিঠি বান্ধি দি উৰুৱাই দিছিল।

২) প্রয়ােজনীয় জাননী দিব লগা হ’লে ঢােলপিটি, কাঁহ-ঘণ্টা বজাই প্রজাক গােট খুৱাই জাননী দিছিল।

(ঙ) ছপাশাল পােন প্রথমে কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ১৬ শ শতিকাত জার্মানীৰ জোহান গুটেনবার্গে ছপাশাল আৱিষ্কাৰ কৰিছিল ।

২। উত্তৰ লিখা-

(ক) প্রচাৰ মাধ্যমসমূহ কেইপ্ৰকাৰ আৰু কি কি? সেই মাধ্যমসমূহে জনসাধাৰণক কেনেধৰণে সহায় কৰে?

উত্তৰঃ 

(খ) গণতন্ত্র সবলীকৰণত প্ৰচাৰ মাধ্যমে কেনেধৰণে প্ৰভাৱ পেলায়?

উত্তৰঃ 

৩। খালী ঠাই পূৰ কৰা

(ক) যোগাযোগ ব্যৱস্থাৰ লগত জড়িত সকলাে উপাদানেই প্রচাৰৰ একোটা একোটা মাধ্যম।

(খ) মানুহৰ মাজত অন্তৰ্নিহিত হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়।

(গ) জোহান গুটেনবার্গে ছপাশাল আৱিষ্কাৰ কৰিছিল।

(ঘ) কম্পিউটাৰক অসমীয়াত পৰিকলন যন্ত্ৰ বুলি কোৱা হয়।

(ঙ) গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ, যোগসূত্ৰ হৈছে প্ৰচাৰ মাধ্যম।

৪।  শুদ্ধ উত্তৰটো বাছি উলিওৱা—

(ক) জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ / সৈনিক শিল্পী বুলি কোৱা হয়।

উত্তৰঃ ৰূপকোঁৱৰ।

(খ) অতীজত ৰজাই প্রজাক বাতৰি দিবৰ বাবে মাইক / ঢােলৰ সহায় লৈছিল।

উত্তৰঃ ঢােলৰ।

(গ) মুদ্রিত মাধ্যমসমূহ হ’ল ৰেডিঅ’/ কিতাপ।

উত্তৰঃ কিতাপ।

(ঘ) অনাতাঁৰ ৰ যন্ত্ৰৰ আৱিষ্কাৰক আর্কিমিডিছ / মার্কনি।

উত্তৰঃ মার্কনি।

(ঙ) ইলেকট্রনিক মাধ্যম হ’ল বাতৰিকাকত / কম্পিউটাৰ।

উত্তৰঃ কম্পিউটাৰ।