গুপ্ত সাম্ৰাজ্যৰ উত্থান । অধ্যায় ১১ । Class 7 Social Science History Lesson 11 Question and Answer Assam | SCERT Class 7 S.Science Chapter 11 Solution | Assamese Medium Class 7 S.Science Chapter 11 Answer | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ১১ গুপ্ত সাম্ৰাজ্যৰ উত্থান পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

গুপ্ত সাম্ৰাজ্যৰ উত্থান

১। উত্তৰ লিখা-

(ক) কোনে গুপ্তবংশ প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ শ্ৰীগুপ্তই গুপ্তবংশ প্ৰতিষ্ঠা কৰিছিল।

(খ) কোনজন গুপ্ত সম্রাটে প্রথম মহাৰাজাধিৰাজ উপাধি লৈছিল?

উত্তৰঃ চন্দ্রগুপ্তই প্ৰথমে মহাধিৰাজ উপাধি লৈছিল।

(গ) এলাহাবাদ প্রশস্তিৰ লেখকগৰাকীৰ নাম কি?

উত্তৰঃ এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম হৈছে-হৰিসেন।

(ঘ) গংগা-উপত্যকাত থকা বন্দৰটোৰ নাম কি?

উত্তৰঃ গংগা উপত্য়কাত থকা বন্দৰটোৰ নাম হ’ল-তাম্ৰলিপ্তি।

(ঙ) সমুদ্রগুপ্তৰ সমসাময়িক কামৰূপৰ ৰাজনৰ নাম কি আছিল?

উত্তৰঃ সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম হৈছে-পুষ্যবৰ্মণ।

২। ক্রম অনুসৰি লিখাফাহিয়ান, শ্রীগুপ্ত, হৰিসেন, পুষ্যবর্মণ, স্কন্দগুপ্ত

উত্তৰঃ শ্রীগুপ্ত, পুষ্যবর্মণ, হৰিসেন, ফাহিয়ান, স্কন্দগুপ্ত।

৩। শুদ্ধ-অশুদ্ধ নির্ণয় কৰা ।

(ক) প্রথম চন্দ্রগুপ্তই কামৰূপ, ডবাক জয় কৰিছিল।

উত্তৰঃ অশুদ্ধ।

(খ) গুপ্ত যুগত ভূমিসমূহক তিনিটা ভাগত ভাগ কৰা হৈছিল।

উত্তৰঃ শুদ্ধ।

(গ) গুপ্ত যুগত নাৰীৰ স্থান পুৰুষতকৈ উচ্চ আছিল।

উত্তৰঃ অশুদ্ধ।

(ঘ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্রদক্ষিণ কৰে’— এই ধাৰণাতো বৰাহমিহিৰে উদ্ভাৱন কৰিছিল।

উত্তৰঃ অশুদ্ধ।

(ঙ) কালিদাসে নাট্যশাস্ত্ৰ ৰচনা কৰিছিল ।

উত্তৰঃ অশুদ্ধ।

৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-‘ক’ অংশ    –    ‘খ’ অংশ(ক) চ’পৰা – (ক) এলাহাবাদ প্রশস্তি(খ) হৰিসেন – (খ) বৃহৎ সংহিতা(গ) ভৰত – (গ) চিকিৎসা শাস্ত্রবিদ(ঘ) বৰাহমিহিৰ – (ঘ) বন্দৰ(ঙ) সুশ্ৰুত – (ঙ) নাট্যশাস্ত্র

উত্তৰ- 

 অংশ অংশ
ক) চ’পৰাঘ) বন্দৰ 
খ) হৰিসেনক) এলাহাবাদ প্রশস্তি
গ) ভৰতঙ) নাট্যশাস্ত্র 
ঘ) বৰাহমিহিৰখ) বৃহৎ সংহিতা
ঙ) সুশ্ৰুতগ) চিকিৎসা শাস্ত্রবিদ

৫। চমুকৈ লিখা—

(ক) গুপ্ত ৰাজত্বকালত কি কি ধাতুৰ মুদ্ৰাৰ প্ৰচলন আছিল?

উত্তৰঃ গুপ্ত ৰাজত্ব কালত সোণ আৰু ৰূপেৰে তৈয়াৰী মুদ্ৰাৰ লগতে তাৰ আগত কড়ী মুদ্ৰাৰ প্ৰচলন আছিল।

(খ) গুপ্তসকলে ৰপ্তানি কৰা সামগ্রীবোৰৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ গুপ্তসকলে ৰপ্তানি কৰা সামগ্রীবোৰ হৈছে-1) মছলা,2) হাতী দাঁতেৰে তৈয়াৰী বস্তু,3) চন্দন কাঠ,4) মণি-মুকতা,5) ঔষধি গছ,6) সুগন্ধি দ্ৰব্য,7) জীৱজন্তু।

(গ) গুপ্ত ৰাজত্বকালত কি কি বৃত্তিধাৰীৰ লোকে বাস কৰিছিল?

উত্তৰঃগুপ্ত ৰাজত্বকালৰ বিভিন্ন বৃত্তিধাৰীৰ লোকসকল হৈছে-

1) খেতি বাতিত নিয়োজিত কৃষক, 

2) বেপাৰ বাণিজ্যৰ লগত জড়িত ব্যৱসায়ী, 

3) দেশৰক্ষাৰ কামত নিয়োজিত সামৰিক বাহিনী ,

4) পূজা-পাতল বা উপাসনা ( ব্ৰাহ্মণ, বৌদ্ধ ভিক্ষু)।

5) জ্যোৰ্তিবিদ,

6)  চিকিৎসক,

7)  দাৰ্শনিক,

8)  ভাস্কৰ্য শিল্পী।

(ঘ) গুপ্ত ৰাজত্বকালৰ পাঁচ বিধ স্থাপত্যকলাৰ নিদর্শন উল্লেখ কৰা।

উত্তৰঃ গুপ্ত ৰাজত্বকালৰ পাঁচ বিধ স্থাপত্যকলাৰ নিদর্শন হৈছে-

1) মেহৰুলিৰ লৌহ স্তম্ভ,

2) দেওগড়ৰ দশাৱতাৰ মন্দিৰ,

3) সাৰনাথৰ ধ্যানমগ্ন বৌদ্ধ,

4) আইহোলৰ দুৰ্গা মন্দিৰ,

5) সাঁচীৰ বিষ্ণু মন্দিৰ।

(ঙ) অজন্তা-ইলোৰা চিত্রাঙ্কনসমূহৰ বৈশিষ্ট্য কি?

উত্তৰঃ গুপ্তযুগৰ শিল্পী আৰু চিত্ৰকৰসকলে বিভিন্ন সময়ত অজন্তা আৰু ইলোৰাৰ গুহা আৰু মন্দিৰ সমূহত অংকন কৰা চিত্ৰই গুপ্তযুগৰ গৰিমা স্মৰণ কৰায়।

(চ) অসমৰ ক’ত ক’ত গুপ্ত স্থাপত্য-ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়?উত্তৰঃ তেজপুৰৰ দ’ পৰ্বতীয়া, নগাঁওৰ মিকিৰ আতী আৰু বৰগংগা,   গুৱাহীটীৰ কামাখ্যা, দুধনৈৰ বৰনদী পাৰা আদিত গুপ্ত স্থাপত্য়-ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়।

৬। সাহিত্য-সংস্কৃতি আৰু বিজ্ঞানলৈ গুপ্তসকলৰ অৱদানৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ