জনবসতি । Lesson 4 / Chapter 4 | Class 9 Elective Subject Geography Lesson 4 Question and Answer Assam | SEBA Class 9 El. Geography Chapter 4 Solution | Assamese Medium Class 9 Geography Lesson 4 Answer | নৱম মান শ্ৰেণীৰ ভূগোল অধ্যায় ৪ জনবসতি পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

(চতুৰ্থ অধ্যায়) 

  জনবসতি   

প্রশ্নাবলী

১) জন বসতি’ বুলিলে কি বুজা? ইয়াৰ সৃষ্টি আৰু বিকাশ সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ মানুহে জীৱন নিৰ্বাহ কৰিবলৈ সৃষ্টি কৰা স্থায়ী বা অস্থায়ী বসবাসৰ ঠাইকে জন বসতি বোলা হয়।

আজিৰ পৰা প্ৰায় ১২ হেজাৰ বছৰ আগলৈকে মানুহে স্থায়ী বাসস্থানৰ অভাৱত এক অঘৰী জীৱন যাপন কৰিছিল। কিন্ত মানুহৰ জ্ঞানৰ ক্ৰমবিকাশৰ লগে লগে সেই আদিম যুগৰ অঘৰী জীৱন ত্যাগ কৰি মানুহে জীৱন ধাৰণৰ বাবে প্ৰাকৃতিকভাৱে অনুকূল পৰিৱেশৰ ঠাইবোৰত স্থায়ীভাৱে বাস কৰিবলৈ আৰম্ভ কৰে। জন-বসতি আৰু পৰিৱেশৰ মাজত এক নিবিড় সম্পৰ্ক আছে। ঠাই এখনৰ জল-বসতিৰ সৃষ্টি আৰু বিকাশ ঠাইখনত থকা পানী, মৃত্তিকা, বনজ আৰু খনিজ সম্পদ আদিৰ প্ৰাচুৰ্য্য আৰু গুণাগুণ তথা বিভিন্ন সুবিধা-অসুবিধাৰ ওপৰত নিভৰ কৰে। ঠাই এখনৰ সম্পদৰ পৰিমাণ আৰু গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি জন-বসতি স্থায়ী বা অস্থায়ী হব পাৰে। বহুদিন ধৰি চলা জন-বসতি প্ৰক্ৰিয়াৰ ফলতহে এখন ঠাইত স্থায়ী বসতিৰ সৃষ্টি হয়। পানী আৰু মাটিৰ চাহিদা পূৰণ হলে বসতি স্থাপনৰ বাবে বানপানীৰ সম্ভাৱনাবিহীন উচ্চ ভূমিহে চিনাক্ত কৰা হয়। তদুপৰি ফল মূল, প্ৰাকৃতিক সম্পদেৰে প্ৰাচুৰ্য্য, উপযুক্ত জলবায়ু, প্রয়োজনীয় গৃহ নির্মাণ সামগ্রী আদি উপলব্ধ সুৰক্ষিত ঠাইবোৰকহে বসতিৰ বাবে অগ্রাধিকাৰ দিয়া হয়। 

২) বসতি ভূগোল’ কাক বোলে? ইয়াৰ মূল বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ ভূগোলৰ যি শাখাত মানুহৰ বসতি, বসতিৰ বিস্তাৰ আৰু ইয়াৰ লগত জড়িত প্ৰাকৃতিক, সাংস্কৃতিক আৰু আৰ্থ-সামাজিক কাৰকসমূহৰ অধ্যয়ণ কৰা হয় তাকে বসতি ভূগোল বোলা হয়।

এগৰাকী প্ৰখ্যাত ভূগোলবিদ ৰিচাৰ্ড হাৰ্টশ্বৰ্ণে উদ্ভাৱণ কৰা উপাদান আৰু অঞ্চলভিত্তিক পদ্ধতিৰে কৰা হয়। উপাদান-ভিত্তিক অধ্যয়নত বসতিৰ অৱস্থান, অৱস্থিতি, আকৃতি, আকাৰ-আয়তন, ক্ৰিয়াকলাপ আদি সামৰা হয়। অঞ্চলভিত্তিক অধ্যয়নত এটা অঞ্চলত বসতিৰ জন্ম আৰু বিকাশ, আকৃতি বিকাশ, বিস্তাৰ, বিতৰণ, প্ৰতিৰূপ আৰু প্ৰকাৰ, বৈশিষ্ট্য আৰু স্থানিক পাৰ্থক্য আদি অন্তৰ্ভূক্ত কৰা হয়। বসতিৰ অধ্যয়নে প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্কৰ কথা প্ৰতিফলিত কৰাৰ উপৰি উ মানুহৰ প্ৰচলিত ধৰ্মীয় আৰু সামাজিক ৰীতি-নীতিৰ বৈশিষ্ট্যৰো আভাস দিয়ে।

৩) উদাহৰণসহ জন বসতিৰ শ্রেণী বিভাজন দাঙি ধৰা।

উত্তৰঃ জনসংখ্যাৰ জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰি আমি বসতিক গ্রাম্য আৰু পৌৰ বসতি এই ২ টা ভাগত ভাগ কৰা হয় ǀ

জনসংখ্যাৰ আৰ্হি বা আকাৰ অনুসৰি বসতিক বিৰল বসতি আৰু কেন্দ্ৰীভূত বসতি এই ২ টা  ভাগত ভাগ কৰিব পাৰি ǀ পানীৰ উৎস, ৰাস্তা ঘাটৰ প্ৰসাৰ , নদীৰ গতিপথ আদিৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীভূত বসতিক ৫ টা ভাগত ভাগ কৰিব পাৰি ǀ

৪) গ্রাম্য আৰু পৌৰ বসতি বুলিলে কি বুজা ? এনে বসতিৰ মাজত থকা বৈশিষ্ট্যগত পার্থক্যসমূহ লিখা ।

উত্তৰঃ এটা বসতিত বাস কৰা জনসংখ্যাৰ জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰি আমি বসতিক গ্রাম্য আৰু পৌৰ বসতি এই দুটা ভাগত ভাগ কৰো ǀ

গাওঁ এলেকাত গঢ়ি উঠা বসতিক গ্ৰাম্য বসতি বোলে ǀ

চহৰ এলেকাত গঢ়ি উঠা বসতিক পৌৰ বসতি বোলে ǀ

গ্ৰাম্য আৰু পৌৰ বসতিৰ মাজত থকা বৈশিষ্ট্যগত পার্থক্যসমূহ-

১) গাওঁ অঞ্চলৰ মানুহৰ জীৱিকা কৃষি,মাছধৰা,কাঠকটা ইত্যাদি  আনহাতে নগৰ বা চহৰৰ  অঞ্চলৰ মানুহৰ জীৱিকা চাকৰি , বেপাৰ বাণিজ্য আদি ǀ

২)গাওঁৰ তুলনাত নগৰবোৰত বজাৰ,যাতায়ত ,আমোদ-প্ৰমোদৰ সুবিধা বেছি ǀ

৩) নগৰসমূহত ভূমি আৰু বাসভূমিৰ অভিলম্বীয় প্ৰসাৰ ,ভূমিৰ ব্যৱহাৰ গাওঁতকৈ বেছি ǀ

৪)নগৰ অঞ্চলৰ জনসংখ্যা , ইয়াৰ বৃদ্ধিৰ হাৰ আৰু ঘনত্ব গাওঁ  অঞ্চলতকৈ বেছি ǀ

৫) বিৰল বসতি আৰু কেন্দ্রীভূত বসতিৰ মাজত থকা মূল পার্থক্যসহ উল্লেখ কৰা ।

উত্তৰঃ পৃথিৱীৰ কিছুমান অঞ্চলত বিৰাজ কৰা প্ৰতিকূল প্ৰাকৃতিক অৱস্থাৰ বাবে মানুহৰ বসতি বা ঘৰ-বাৰী একেবাৰে পাতল বা সেৰেঙা হয়। পাৰ্বত্য শিলাময় তথা প্ৰতিকূল জলবায়ু বিৰাজ কৰা অতিপাত গৰম বা ঠাণ্ডা ঠাইবোৰত সাধাৰণতে জনবসতি তেনেই পাতল হয়। ইয়াৰোপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ কৃষিবলয় অঞ্চল আৰু অষ্ট্ৰেলিয়াৰ কৃষিপ্ৰধান অঞ্চলবোৰতো এনে বিৰল বসতি বেছিকৈ দেখা যায়। অৱশ্যে মানুহে সাধাৰণতে থূপখাই বসবাস কৰিবলৈ ভাল পায়। এনেধৰণে মানুহে থূপ খাই স্থাপন কৰা বসতি সংগঠনক কেন্দ্ৰীভূত বসতি বোলে। কেন্দ্ৰীভূত বসতিবোৰৰ আকৃতি বা সংৰূপ অনুসাৰে এনে বসতিক কেইবাভাগতো বিভক্ত কৰিব পাৰি। সাধাৰণতে এটা বসতিৰ আকৃতি আৰু আয়তন ইয়াৰ ভৌগোলিক অৱস্থান আৰু অৱস্থিতি আৰু কেওকাষে বিৰাজ কৰা ভূ-অবয়ৱৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে। ইয়াৰোপৰি পানীৰ উৎস, ৰাস্তা-ঘাটৰ প্ৰসাৰ, নদীৰ গতিপথ ইত্যাদিয়েও কেন্দ্ৰীভূত বসতিৰ প্ৰকাৰ নিৰূপন কৰে।

৬) উদাহৰণ আৰু চিত্রসহ কেন্দ্রীভূত বসতিৰ অন্তৰ্গত বসতিসমূহ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ 

ক) আয়তক্ষেত্ৰাকাৰ আৰু বৰ্গক্ষেত্ৰাকাৰ বসতি

উত্তৰঃ সমগ্ৰ পৃথিৱীৰ প্ৰায় ৫০ শতাংশ মানুহ গ্ৰাম্যবসতিত বাস কৰে। এনে বসতিসমূহৰ বেছিভাগৰে আকৃতি আয়তক্ষেত্ৰাকাৰ। এনে ধৰণৰ বসতি প্ৰধানকৈ বিস্তৃত সাৰুৱা সমভূমি অঞ্চলত গঢ়ি উঠে। অনুকূল ভূ-অবয়ৱ তথা বহল সাৰুৱাভূমিৰ প্ৰাচুৰ্য্যৰ বাবে এনে আয়তক্ষেত্ৰাকাৰ বসতিত ৰাস্তা-ঘাটবোৰ প্ৰায় পোন আৰু ৰাস্তাবোৰে ইটোৱে-সিটোক সমকোণত কটাকটি কৰে। ভাৰতবৰ্ষৰ গংগা-শতদ্ৰু সমভূমি অঞ্চলৰ বিশেষকৈ ৰাস্তা সংযোগস্থলত গঢ়ি উঠা বেছিভাগ বসতিয়েই আয়ত ক্ষেত্ৰাকাৰ বসতিৰ অন্তৰ্গত। জাৰ্মানী, মালয়েছিয়া, ইজৰাইল, ফ্ৰান্স আদি উন্নত দেশসমূহত সু-পৰিকল্পিতভাৱে গঢ়ি তোলা বসতিসমূহো আয়তক্ষেত্ৰাকাৰ। ইয়াৰোপৰি ভাৰতবৰ্ষৰ চণ্ডীনগৰ আদি পৰিকল্পিত মহানগৰত গঢ়ি উঠা বসতিও আয়তক্ষেত্ৰাকাৰ।

খ) ৰৈখিক বসতি

উত্তৰঃ ৰৈখিক বসতি এবিধ চকুত লগা ধৰণৰ বসতি। এনে ধৰণৰ বসতিত ঘৰ-দুৱাৰবোৰ ৰাস্তা, ৰেললাইন আদিৰ দুয়োকাষে বা নদী, জলসিঞ্চন নলা আদিৰ পাৰত আৰু পাহাৰীয়া অঞ্চলৰ ঠেক নদী উপত্যকা অঞ্চল বা সাগৰৰ উপকূলীয় অঞ্চলত গঢ়ি উঠে। পাহাৰীয়া অঞ্চলৰ এনে ৰৈখিক বসতি অঞ্চলটোৰ ভূ-প্ৰকৃতি আৰু পানীৰ উপলব্ধতাৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে। আনহাতে নদীৰ পাৰত বসতি বিস্তাৰৰ ক্ষেত্ৰত বানপানীৰ উচ্চতাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ভাৰতবৰ্ষৰ মধ্য হিমালয় আৰু নিম্ন হিমালয় অঞ্চলৰ নদী উপত্যকা আৰু গংগা-যমুনা সমভূমিত থকা ৰাস্তা-ঘাটৰ কাষে কাষে এনে ৰৈখিক বসতি গঢ়ি উঠা দেখা যায়।

গ) বৃত্তাকাৰ বসতি

উত্তৰঃ মানুহে যেতিয়া হ্ৰদ, বিল নাইবা ডাঙৰ পুখুৰীৰ কেওকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি এক ঘূৰণীয়া আকৃতিৰ বসতি স্থাপন কৰে তাকে বৃত্তাকাৰ বসতি বোলা হয়। পানীক কেন্দ্ৰ কৰি এনেদৰে বসতি স্থাপন কৰিলে সকলোৱে পানীৰ সুবিধা সমভাৱে লাভ কৰে। মাছমৰীয়া সম্প্ৰদায়ৰ বহুলোক মাছ ধৰা বৃত্তি পালন কৰিবলৈ ডাঙৰ হ্ৰদ-বিল আদিৰ চাৰিওফালে এনে বসতি গঢ়ি তোলা দেখা যায়। নিমখ আহৰণক কেন্দ্ৰ কৰিও বহুলোকে লুনীয়া পানীৰ হ্ৰদৰ চাৰিওফালে এনে বসতি স্থাপন কৰে। ইয়াৰোপৰি একো একোটা বৃহৎ উদ্যোগ কেন্দ্ৰৰ চাৰিওফালে বহু ঠাইত ঘূৰণীয়াকৈ ঘন জনবসতি গঢ়ি উঠা দেখা যায়।

ঘ) তৰাৰূপী বসতি

উত্তৰঃ যেতিয়া কিছুমান ঠাইত কেবাদিশৰ পৰা আহি সংলগ্ন হোৱা পকী বা কেঁচা ৰাস্তাৰ দুয়োকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি তৰাৰ পোহৰৰ বিচ্ছুৰণৰ দৰে জনবসতিৰ বিস্তাৰ ঘটে, তাকে তৰাৰূপী বসতি বোলে। সমভূমি অঞ্চলৰ বহু ৰাস্তাৰ সংগমকেন্দ্ৰৰ কেওকাষে এনেধৰণৰ কেন্দ্ৰীভূত বসতি গঢ়ি উঠে। এনে বসতিৰ বৈশিষ্ট্য এয়ে যে মানুহৰ ঘৰ-দুৱাৰবোৰ ৰাস্তাৰ দাঁতিয়েদি কেওকাষে সম্প্ৰসাৰিত হয়।

ঙ) ত্ৰিভূজাকাৰ বসতি

উত্তৰঃ যেতিয়া দুখন বৃহৎ নৈৰ সংগমস্থলত পানীৰ সুবিধা আৰু পলসুৱা মাটিৰ উপলব্ধতাক কেন্দ্ৰ কৰি অঞ্চলটোত এক ত্ৰিভুজ আকৃতিৰ জনবসতি গঢ়ি উঠে, তাকে ত্ৰিভুজাকাৰ বসতি বোলা হয়। উত্তৰ ভাৰতৰ নদী গঠিত সমভূমি অঞ্চল তথা পৰ্বত-পাহাৰৰ নামনি অঞ্চলৰ বোৱতি নদীৰ সংগমস্থলত এনে ধৰণৰ ত্ৰিভুজ আকৃতিৰ বসতি গঢ়ি উঠা দেখা যায়।                             

৭। নগৰীয় বসতিৰ সৃষ্টি আৰু বিকাশ সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ আৰম্ভণিতে জনবসতিসমূহ গাঁও হিচাপে সৃষ্টি হয়। পৃথিৱীৰ যিবোৰ ঠাইত কৃষিকাৰ্য সম্পাদনৰ বাবে প্ৰয়োজনীয় সাৰুৱা মাটি, সমতল ভূমি, পানী আদি অপৰ্যাপ্ত আৰু জীৱন নিৰ্বাহৰ বাবে আৱশ্যকীয় সম্পদ, ৰাস্তা-ঘাট আৰু অন্যান্য সা-সুবিধা আৰু নিৰাপত্তা আছে তেনেবোৰ ঠাইতে অতি সহজে গাঁওবোৰ গঢ়ি উঠে। এনে গাঁও সৃষ্টিত অৱশ্যে ধৰ্মীয়, সামাজিক ৰীতি-নীতি, ৰাজনৈতিক আৰু অৰ্থনৈতিক কাৰকবোৰ ওতপ্ৰোতভাৱে জড়িত। আদিম কালৰ পৰাই মানুহৰ মৃত্যুৰ পিছত দাহ-সংস্কাৰ বা কবৰ প্ৰদানৰ বাবে সকলো বসতি অঞ্চলতে ধৰ্মীয়ভাৱে নিৰ্ধাৰিত একো একোটা স্থায়ী স্থান আছে। যিবোৰ গাঁৱে কৃষি উৎপাদনকে ধৰি সকলো দিশতে প্ৰয়োজনীয় সুবিধাবোৰ লাভ কৰে তেনেবোৰ গাঁও অতি দ্ৰুতগতিত বিকাশ লাভ কৰিবলৈ সক্ষম হয়, আৰু ইয়াৰে কিছুমান কালক্ৰমত নগৰলৈ ৰূপান্তৰ হয়।নগৰসমূহৰ উৎপত্তি আৰু বিকাশত বেপাৰ-বাণিজ্য আৰু শিল্প-উদ্যোগ প্ৰতিষ্ঠাপন আৰু সম্প্ৰসাৰণ বিশেষভাৱে গুৰুত্বপূৰ্ণ।

৮) উদাহৰণসহ প্রাকার্যৰ ভিত্তিত নগৰসমূহক বিভক্ত কৰা।

উত্তৰঃ নগৰসমূহ  প্রশাসনিক, প্ৰতিৰক্ষা, সাংস্কৃতিক, সংগ্রহকেন্দ্রিক, উৎপাদনকেন্দ্রিক, পর্যটনকেন্দ্রিক, বিতৰণকেন্দ্রিক, স্বাস্থ্য-আমোদকেন্দ্রিক, আৱাসকেন্দ্রিক আদি বিশেষ  বিশেষ কাৰ্যৰ লগতো জড়িত ǀ সেইবোৰ বাণিজ্য, শিল্প, প্রশাসন, প্রতিৰক্ষা, সাংস্কৃতিক আদি বিভিন্ন কার্যকাৰিতাৰ ওপৰত প্রতিষ্ঠিত। ভাৰতবৰ্ষৰ কলকাতা, মুম্বাই, গুৱাহাটী আদি মহানগৰসমূহ বহু কার্যকাৰিতাৰ ওপৰত প্রতিষ্ঠিত। আনহাতে হালদিয়া, পাৰদীপ আদি সামুদ্রিক বন্দৰ; মুছৌৰী, দার্জিলিং আদি পার্বত্য স্বাস্থ্য তথা পর্যটন নগৰী; বাৰানশী, পুৰী, ঋষিকেশ আদি তীর্থনগৰী; গান্ধীনগৰ, চণ্ডীগড় আদি প্ৰশাসনীয় মহানগৰী; জামছেদপুৰ, ভিলাই, বোকাৰো আদি ঔদ্যোগিক নগৰী হিচাপে ভাৰতবর্ষজুৰি খ্যাত।  ইংলেণ্ডৰ অক্সফৰ্ড আৰু কেমব্রিজ মহানগৰ দুয়োখন বিশ্ববিখ্যাত শিক্ষা-নগৰী।

৯। বসতি শ্রেণীক্রম’ বুলিলে কি বুজা? এই সম্পর্কে উদাহৰণ আৰু চিত্রসহ চমুকৈ লিখা।

উত্তৰঃ  গ্ৰাম্য আৰু পৌৰ সকলোধৰণৰ বসতিক আকাৰ অনুসৰি যেতিয়া সৰুৰ পৰা ডাঙৰলৈ এটা নিৰ্ধাৰিত ক্ৰমত সজোৱা হয় তাকে বসতি শ্ৰেণীক্ৰম বোলা হয়।

বসতি শ্ৰেণীক্ৰমৰ একেবাৰে নিম্নস্তৰত দুই-এক সিঁচৰিত কৃষিক্ষেত্ৰিকা ভিত্তিক বাসগৃহ আৰু শীৰ্ষস্তৰত নগৰ সংহতি থাকে। অৰ্থাৎ এটা সম্পূৰ্ণ বসতি শ্ৰেণীক্ৰমত সাধাৰণতে গ্ৰাম্য পৰ্যায়ত কৃষিক্ষেত্ৰিকা ভিত্তিক বাসগৃহৰ পৰা আৰম্ভ কৰি ক্ৰমে চুবুৰী আৰু গাঁওলৈ আৰু পৌৰ পৰ্যায়ত নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে মহানগৰ, নগৰপুঞ্জ আৰু সৰ্বোচ্চ স্থানত নগৰ সংহতি পোৱা যায়। বসতি শ্ৰেণীক্ৰমত থকা বসতিসমূহৰ পৰ্যায় বৃদ্ধিৰ লগে লগে কাৰ্যকাৰিতা, সা-সুবিধা আৰু স্থানিক প্ৰসাৰ বৃদ্ধি পায় আৰু লগতে জনসংখ্যাও বৃদ্ধি পায়। আনহাতে বসতি শ্ৰেণীক্ৰমৰ নিম্নতম স্তৰৰ পৰা পৰ্যায় ক্ৰমে বসতিৰ সংখ্যা হ্ৰাস পায়। অৰ্থাৎ এখন দেশত থকা গাঁওৰ সংখ্যা তুলনাত নগৰৰ সংখ্যা বা নগৰৰ তুলনাত মহানগৰৰ সংখ্যা যথেষ্ট কম হয়।

১০।  গ্রাম্য আৰু পৌৰ বসতিৰ ভূমি ব্যৱহাৰৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ গ্রাম্য আৰু পৌৰ বসতিৰ ভূমি ব্যৱহাৰৰ ভিন্নতা আছে ǀগ্রাম্যাঞ্চলত ভূমি বসতিৰ বাবে ব্যৱহাৰ কৰাৰ উপৰিও বিভিন্ন  ধৰণৰ কৃষিকাৰ্য যেনে- খেতি, পশুপালন, মীনপালন আদিৰ বাবে ব্যৱহাৰ কৰা হয় ǀ আনহাতে  পৌৰ এলেকাত  ভূমি বসতিৰ উপৰিও ব্যৱসায় বাণিজ্য, উৎপাদনৰ লগত জড়িত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান স্থাপনৰ বাবে ব্যৱহৃত হয়ǀ গ্ৰাম্য আৰু পৌৰ ভূমি দুয়োবিধ অঞ্চলত আজিকালি উন্নত যাতায়ত আৰু পৰিবহন ব্যৱস্থা দেখা যায়, যত ভূমিৰ বহুল ব্যৱহাৰ  হয় ǀ 

গাওঁ অঞ্চলৰ তুলনাত পৌৰ এলেকাৰ ভূমিৰ সৰ্বাধিক ব্যৱহাৰ দেখা যায়ǀ কাৰণ পৌৰ এলেকাৰ ভূমি দিনক দিনে বাঢ়ি অহা জনসংখ্যা, উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰসাৰতাৰ বাবে বসতি বাবে কম হৈ অহা পৰিলক্ষিত হয় ǀ তাৰোপৰি পৌৰ এলেকাৰ নলা নৰ্দমা, আৱৰ্জনা নিষ্কাষণৰ বাবে যিদৰে ভূমিৰ ব্যৱহাৰ হয়, গাওঁ এলেকাত সেইয়া প্ৰায়ে দেখা নাযায় ǀ

১১) ‘কেন্দ্ৰীয় ব্যৱসায় এলেকা’  বুলিলে কি বুজা ? ইয়াৰ মূল বৈশিষ্টসমূহ আলোচনা কৰা  ǀ

উত্তৰঃ নগৰসমূহৰ অন্তৰ্ভাগৰ ভূমিৰ ব্যৱহাৰ আৰু কার্যকাৰিতা প্রায় সকলোতে এক নির্দিষ্ট প্রতিৰূপৰ হোৱা দেখা যায় । নগৰ এখনৰ কেন্দ্রীয় অঞ্চলটোত ব্যৱসায়-বাণিজ্যৰ প্রাধান্য থাকে ǀইয়াত বিভিন্ন প্ৰকাৰৰ ব্যৱসায় ,প্রতিষ্ঠান, বেংক; কার্যালয়, পাইকাৰী -খুচুৰা বিক্ৰীকেন্দ্ৰ আদিৰে অঞ্চলটো ঠাহ খাই থাকে। এনে এলেকাবোৰক কেন্দ্ৰীয় ব্যৱসায় এলেকা  বোলে ǀ 

ইয়াৰ মূল বৈশিষ্টসমূহ হৈছে- 

1) কেন্দ্ৰীয় অংশটো ব্যৱসায়-বাণিজ্যিক প্ৰতিষ্ঠানেৰে ভৰপূৰ  হৈ  থাকে ǀ

2) জনবসতি যথেষ্ঠ ঘন ǀ নতুন বসতি স্থাপনৰ বাবে ঠাইৰ অভাৱ ঘটে ǀ

3) উন্নত যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰে  এই ঠাইবিলাক সংযোজিত হৈ থাকে ǀ

১২) গ্ৰাম্য বসতি আৰু  পৌৰ বসতিৰ মজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা 

উত্তৰঃ জনবসতি এটা পোনপ্ৰথমে গ্ৰাম্য বসতি হিচাপে  আত্মপ্ৰকাশ কৰে  ǀ কালক্ৰমত লাহে লাহে  জনসংখ্যা বৃদ্ধি, উদ্যোগ প্ৰতিস্থান স্থাপনৰ, যাতায়ত আৰু যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ ফলত সেইবোৰ অঞ্চলত চাকৰি আৰু জীৱিকাৰ সন্ধান বিচাৰি ন ন ঠাইৰ পৰা মানুহৰ আগমন ঘটেǀ অৱশ্যে দুটাৰে ক্ষেত্ৰত কিছু পাৰ্থক্য নথকা নহয়ǀ গ্ৰাম্য বসতিৰ তুলনাত পৌৰ এলেকাত জনসংখ্যাৰ বৃদ্ধিহাৰ  আৰু  ঘনত্ব বেছি ǀগ্ৰাম্যাঞ্চলৰ তুলনাত পৌৰ এলেকাত বাসগৃহৰ  অভিলম্বীয় প্ৰসাৰ বেছি ǀ ঠিক তেনেদৰে পৌৰ এলেকাত ভূমিৰ ব্যৱহাৰো বেছিǀ গ্ৰাম্যএলেকাত সাধাৰণতে ভূমি দৃশ্য অধিক প্ৰাকৃতিক আৰু ইয়াৰ বসতি প্ৰকৃতিৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰশীল ǀ সাধাৰণতে পৌৰ এলেকাবোৰ গ্ৰাম্য ভূমিৰ কাষতে লাগি থাকে বুলি কলেও ভূল কোৱা নহব ǀ গ্ৰাম্য এলেকাত বাস কৰা জনসংখ্যা বহু সময়ত কৰ্মসংস্থাপনৰ বাবে পৌৰ এলেকাবোৰলৈ আহিব লগীয়া হয় ǀঠিক তেনেদৰে গ্ৰাম্য এলেকাত উৎপাদিত খাদ্যশস্যই পৌৰ এলেকাৰ জনগণৰ চাহিদা পূৰণ কৰেǀ পৌৰ এলেকাত ভূমিৰ তীব্ৰ নাটনিৰ বাবে পাৰ্শ্ববৰ্তী অঞ্চল (উপনগৰ. নগৰীয় উপকণ্ঠ) আৰু গাওঁ লৈয়ো জনবসতি সম্প্ৰসাৰিত হোৱা  দেখা যায় ǀ

১৩) চমু টোকা লিখা

ক) জনবসতি আৰু বসতি ভূগোল

উত্তৰঃ মানুহে জীৱন নিৰ্বাহ কৰিবলৈ সৃষ্টি কৰা স্থায়ী বা অস্থায়ী বসবাসৰ ঠাইকে জনবসতি বোলা হয়।

ভূগোলৰ যি শাখাত মানুহৰ বসতি, বসতিৰ বিস্তাৰ আৰু আৰ্থ-সামাজিক কাৰকসমূহৰ অধ্যয়ন কৰা হয় তাকে বসতি ভূগোল বোলা হয়।

খ) ৰৈখিক বসতি 

উত্তৰঃ ৰৈখিক বসতি এবিধ চকুত লগা ধৰণৰ বসতি। এনে ধৰণৰ বসতিত ঘৰ-দুৱাৰবোৰ ৰাস্তা, ৰেললাইন আদিৰ দুয়োকাষে বা নদী, জলসিঞ্চন নলা আদিৰ পাৰত আৰু পাহাৰীয়া অঞ্চলৰ ঠেক নদী উপত্যকা অঞ্চল বা সাগৰৰ উপকূলীয় অঞ্চলত গঢ়ি উঠে। পাহাৰীয়া অঞ্চলৰ এনে ৰৈখিক বসতি অঞ্চলটোৰ ভূ-প্ৰকৃতি আৰু পানীৰ উপলব্ধতাৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে। আনহাতে নদীৰ পাৰত বসতি বিস্তাৰৰ ক্ষেত্ৰত বানপানীৰ উচ্চতাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ভাৰতবৰ্ষৰ মধ্য হিমালয় আৰু নিম্ন হিমালয় অঞ্চলৰ নদী উপত্যকা আৰু গংগা-যমুনা সমভূমিত থকা ৰাস্তা-ঘাটৰ কাষে কাষে এনে ৰৈখিক বসতি গঢ়ি উঠা দেখা যায়।

গ) বৃত্তাকাৰ বসতি

উত্তৰঃ মানুহে যেতিয়া হ্ৰদ, বিল নাইবা ডাঙৰ পুখুৰীৰ কেওকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি এক ঘূৰণীয়া আকৃতিৰ বসতি স্থাপন কৰে তাকে বৃত্তাকাৰ বসতি বোলা হয়। পানীক কেন্দ্ৰ কৰি এনেদৰে বসতি স্থাপন কৰিলে সকলোৱে পানীৰ সুবিধা সমভাৱে লাভ কৰে। মাছমৰীয়া সম্প্ৰদায়ৰ বহুলোক মাছ ধৰা বৃত্তি পালন কৰিবলৈ ডাঙৰ হ্ৰদ-বিল আদিৰ চাৰিওফালে এনে বসতি গঢ়ি তোলা দেখা যায়। নিমখ আহৰণক কেন্দ্ৰ কৰিও বহুলোকে লুনীয়া পানীৰ হ্ৰদৰ চাৰিওফালে এনে বসতি স্থাপন কৰে। ইয়াৰোপৰি একো একোটা বৃহৎ উদ্যোগ কেন্দ্ৰৰ চাৰিওফালে বহু ঠাইত ঘূৰণীয়াকৈ ঘন জনবসতি গঢ়ি উঠা দেখা যায়।

ঘ) তৰাৰূপী বসতি

উত্তৰঃ যেতিয়া কিছুমান ঠাইত কেবাদিশৰ পৰা আহি সংলগ্ন হোৱা পকী বা কেঁচা ৰাস্তাৰ দুয়োকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি তৰাৰ পোহৰৰ বিচ্ছুৰণৰ দৰে জনবসতিৰ বিস্তাৰ ঘটে, তাকে তৰাৰূপী বসতি বোলে। সমভূমি অঞ্চলৰ বহু ৰাস্তাৰ সংগমকেন্দ্ৰৰ কেওকাষে এনেধৰণৰ কেন্দ্ৰীভূত বসতি গঢ়ি উঠে। এনে বসতিৰ বৈশিষ্ট্য এয়ে যে মানুহৰ ঘৰ-দুৱাৰবোৰ ৰাস্তাৰ দাঁতিয়েদি কেওকাষে সম্প্ৰসাৰিত হয়।

ঙ) শিক্ষা আৰু সাংস্কৃতিক নগৰী

উত্তৰঃ বেছিভাগ নগৰ পোনপ্ৰথমে  কোনো বিশেষ কাৰ্য সম্পাদনৰ বাবে সৃষ্টি হয় ǀ শিক্ষা আৰু সাংস্কৃতিক দিশত অগ্ৰণী ভূমিকা লোৱা নগৰবোৰকে শিক্ষা আৰু সাংস্কৃতিক নগৰী বোলে ǀ যেনে-ব্ৰিটেইমৰ অক্সফৰ্ড আৰু কেমব্ৰীজ মহানগৰ দুখন বিখ্যাত শিক্ষা নগৰীǀ ঠিক তেনেদৰে সাংস্কৃতিক দিশত অগ্ৰণী অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰখনক সাংস্কৃতিক নগৰ বুলিব পাৰি ǀ

চ) গ্ৰাম্য নগৰ সান্তত্যক 

উত্তৰঃ বসতি শ্রেণীক্ৰমত থকা বিভিন্ন আকাৰৰ বসতিসমূহৰ মাজত যেনে—গাঁও আৰু নগৰ আদিৰ অন্তৱৰ্তী অংশত তেনে বিশেষ পার্থক্য দেখা নাযায়। ইয়াকে বসতিৰ গ্ৰাম্যনগৰ অবিচ্ছিন্নতা বা গ্রাম্যনগৰ সান্তত্যক বোলা হয়। 

ছ) বসতি শ্ৰেণীক্ৰম

উত্তৰঃ গ্ৰাম্য আৰু পৌৰ সকলোধৰণৰ বসতিক আকাৰ অনুসৰি যেতিয়া সৰুৰ পৰা ডাঙৰলৈ এটা নিৰ্ধাৰিত ক্ৰমত সজোৱা হয় তাকে বসতি শ্ৰেণীক্ৰম বোলা হয়।

ঝ) উপনগৰ

উত্তৰঃ বহু সময়ত নগৰ অঞ্চলৰ পৰা  কিছু ব্যৱসায় বাণিজ্য , উদ্যোগ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান  বা বসতিস্থাপনৰ বিকেন্দীকৰণ ৰ ফল ত  প্ৰধান নগৰসমূহৰ পৰা কিছু আতঁৰত দুই এখন উপনগৰ গঢ়ি উঠে ǀউদাহৰণস্বৰূপে দিল্লী মহানগৰৰ নিকটবৰ্তী গুৰগাওঁ, নইডা, গাজিয়াবাদ ইত্যাদি উপনগৰ ǀ

জ) নগৰীয় উপকণ্ঠ 

উত্তৰঃ ডাঙৰ নগৰ বা মহানগৰৰ  কাষৰীয়া অঞ্চল যেতিয়া নগৰীয় কাৰ্যকলাপৰ প্ৰভাৱত ভূমিদৃশ্যসলনি হৈ  নগৰীয় অস্থা ফালে ঢাল খায় ,তেতিয়া সেই অঞ্চলটো নগৰীয়  উপকণ্ঠ অঞ্চল বোলে ǀ এনেবোৰ অঞ্চল যদিও গ্ৰাম্য জনবসতিৰ অন্তৰ্গত তথাপি ভূমি দৃষ্য আু মানুহৰ কাৰ্যকলাপবোৰ গাওঁ আৰু নগৰৰ সংমিশ্ৰিত ৰূপ ǀ