জীৱৰ মৌলিক একক । অধ্যায় ৫ । Class 9 General Science Lesson 5 Question and Answer Assam | SEBA Class 9 General Science Chapter 5 Solution | Assamese Medium Class 9 Science Chapter 5 Answer | নৱম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৫ জীৱৰ মৌলিক একক পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

অধ্যায় – 5

জীৱৰ মৌলিক একক

(The Fundamental Unit of Life)

প্ৰশ্নাৱলী

1. কোষ কোনে আৰু কেনেকৈ আবিষ্কাৰ কৰিছিল?

উত্তৰঃ কোষ 1665 খ্ৰীৰ্ষ্টাব্দত ৰবাৰ্ট হুকে পোন প্ৰথমে কোষ আৱিষ্কাৰ কৰিছিল ।

  ৰবাৰ্ট হুকে সৰল অণুবীক্ষন যন্ত্ৰৰ সহায়ত কৰ্কত পাতৰ লিউৱেনহুক এ কিছু উন্নত অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পুখুৰীৰ পানী নিৰীক্ষণ কৰি পোন প্ৰথমে কিছুমান মুক্তভাৱে চলাচল কৰি থকা জীৱ দেখা পাইছিল ।

2. কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়?

উত্তৰঃ কোষ বোৰ ইটোৰ লগত সিটো লগ হৈ একোটা অংগ আৰু পিছত অংগবোৰ লগ হৈ এটা বহুকোষী জীৱৰ দেহ গঠন হয় । ঠিক তেনেদৰে এককোষী প্ৰণী দেহৰ গঠনত সেই কোষটোয়ে বুজায় 

  আমি যেতিয়া এটা পিয়াঁজৰ কান্দ অণুবীক্ষণ যন্ত্ৰত নিৰীক্ষন কৰো তেতিয়া দেখিবলৈ পাও যে কিছুমান সৰু সৰু গঠন ইটোৰ লগত সিটো লগ হৈ ডাঙৰ পিয়াঁজৰ কান্দ গঠন হয়। এই গঠন বোৰ দেখিবলৈ একে।আমি দেখিবলৈ পোৱা এই সৰু সৰু গঠন বিলাকেই হ’ল পিয়াজৰ কান্দটোৰ গঠনৰ মৌলিক একক। এই গঠনবিলাকেই কোষ হয়। কেৱল পিয়াঁজেই নহয়, আমাৰ চাৰিওপাশে দেখিবলৈ পোৱা সকলোবিলাক জীৱই এনে কোষৰ সমষ্ঠিৰে গঠিত।

কোষ যেনেকে গঠনৰ একক ঠিক তেনেকে কোষক কাৰ্যৰও মৌলিক একক বুলি কোৱা হয কাৰণ এটা জীৱই জীয়াই থাকিবলৈ যিবোৰ কাম কৰিব লগাহয় সকলোবোৰ কোষ এটাৰ ভিতৰত কিছুমান অংগাণু থকে এইবোৰক কোষাংগাণু বোলা হয়। প্ৰত্যেকবিধ অংগাণুয়ে কোনো এক নিদিষ্ট কাম সম্পন্ন কৰে, যেনে, কোষত নতুন পদাৰ্থ উৎপন্ন কৰা, কোষৰ বৰ্জিত পদাৰ্থ নিষ্কাষণ কৰা ইত্যাদি। এই কোষ অংগাণুবিলাকৰ বাবেই কোষ জীয়াই থকিব পাৰে আৰু নিদিষ্ট কাম সম্পন্ন কৰিব পাৰে। এইবিলাক কোষ অংগাণু একেলগে হৈ যি মৌলিক একক গঠিত হয় তাকে কোষ বুলি কোৱা হয়।

3. CO₂ আৰু পনীৰ দৰে পদাৰ্থবিলাকৰ কোষৰ ভিতৰলৈ বাহিৰলৈ কোনে দৰে চলাচল কৰে আলোচনা কৰা ।

উত্তৰঃ CO2 দৰে গেছীয় পদাৰ্থ বোৰ ব্যাপণ প্ৰক্ৰিয়াৰে কোষৰ ভিতৰলৈ বা বাহিৰলৈ চলাচল কৰে।

পানীৰ ক্ষেত্ৰটো ব্যাপণৰ নীতি প্ৰযোজ্য। অৰ্ধভেদ আৱৰণৰ মাজেদি পানীৰ অণুৰ ব্যাপণ হোৱা প্ৰক্ৰিয়াক আসৃতি বুলি কোৱা হয়। ব্যাপণ প্ৰক্ৰিয়া সদায় এটা পদাৰ্থৰ গঢ়তাৰ তাৰতম্য ফলক হয়।

যেতিয়া কোষৰ ভিতৰত থকা CO2 ৰ গাঢ়তা কোষৰ বাহিৰত থকা CO2 গাঢ়তাতকৈ বেছি হয় তেতিয়া CO2 ব্যাপন প্ৰক্ৰিয়াৰে কোষৰ বাহিৰলৈ ওলাই আহে। ঠিক তেনেকে পানীও গাঢ়তাৰ তাৰতম্যৰ কাৰণে কোষৰ ভিতৰত ওলোৱা সোমোৱা কৰে কিন্তু পানীৰ ব্যাপন প্ৰক্ৰিয়াটোকে আমি আসৃতি নামেৰে জানো।

4. কোষবৰণখনক কিয় অৰ্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়?

উত্তৰঃ কোষস্থ দ্ৰব্যক আগুৰি থকা বহিঃ আৱৰণ খনে হ’ল কোষাবৰণ। কোষাবৰণ খনে এটা কোষৰ ভিতৰলৈ (লাগতিয়াল) আৰু বাহিৰলৈ (অলাগতিয়াল) দ্ৰব্যবোৰ অহা যোৱা কৰাত সহায় কৰে। আনহাতে ই আকৌ কিছুমান দ্ৰব্য সৰকি যোৱাত বা ভেদ কৰাত বাধা দিয়ে। সেইবাবে কোষাবৰণষণক অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয়।

5. প্ৰকোষকেন্দ্ৰীয় কোষ আৰু সংকোষকেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকা খন পূৰ্ণ কৰা।

উত্তৰঃ

6. তুমি অধ্যয়ন কৰি অহা কোষ অংগাণুবিলাকৰ ভিতৰত এনে দুটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটাত অংগাণুৰ নাম উল্লেখ কৰা যি দুটাত আণুবংশিক পদাৰ্থ (Genetic material) থাকে।

উত্তৰঃ আণুবংশিক পদাৰ্থ থকা কোষ আংগানু কেইটা হ’ল মাইট’কন্দ্ৰিয়া আৰু প্লাষ্টিত (উদ্ভিদকোষত পোৱা যায়)।

7. যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগছনৰ ক্ষতি হয় তেতিয়া কি হ’ব?

উত্তৰঃ যদি ভৌতিক বা ৰাসয়নিক কাৰকৰ প্ৰভাৱত কোষৰ সংগঠনৰ ক্ষতি হয় তেতিয়া কোষটো মৰি যায়। কোষ এটা মৰি গ’লে কোষত থকা লাইচ’জ’নে সিহঁতৰ ভিতৰত থকা জলবিয়োজক উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটো ধংস কৰি দিয়ে। সেয়েহে লাইচ’জ’মক কোষৰ আত্মমাটি মোনা বোলা হ’য়।

8. লাইছ’জ’মক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়?

উত্তৰঃ  যেতিয়া কোষ এটা মৰি যায় তেতিয়া তাত থকা লাইচ’জ’নে সিহঁতৰ ভিতৰত থকা জলবিয়োক উৎসেচক নিঃসৰণ কৰি নিজে থকা কোষটো ধ্বংস কৰি পেলাই। সেইবাবে ইয়াক কোষৰ আত্মমাতী মোনা বোলে।

9. কোষৰ অভ্যন্তৰৰ ক’ত প্ৰ’টিন সংশ্লষণ সংঘটিত হয়?

উত্তৰঃ কোষৰ অভ্যন্তৰৰ ৰাইব’জ’মত প্ৰটিন সংস্লেষণ হয়।কিন্ত কোষস্থ আংগানু মাইট’ কন্দ্ৰিয়া আৰু উদ্ভিদকোষৰ প্লাষ্টি়ড নিজা নিজা ৰাইব’জ’মত থাকে। সেয়েহে মাইট’কন্দ্ৰিয়া আৰু প্লাষ্টিড ভিতৰত ও প্ৰটিন সংশ্লেষণ হয়।

অনুশীলনী:-

Q. 1. উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা।

উত্তৰ:- উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰি তলত পাৰ্থক্যবোৰ দেখুওৱা হ’ল-


Q. 2. কি কি ক্ষেত্ৰত প্ৰকোষকেন্দ্ৰীয় কোষবিলাক সংকোষকেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা।

উত্তৰ:-

Q. 3. কোষৰ কোষাবৰণ ফাটি গলে কি হব?

উত্তৰ:- কোষৰ কোষাবৰণখনৰ ফাটি গ’লে কোষস্থ পৰ্দাথ বোৰ মুক্ত হৈ পৰিব। লগতে কোষত হ’ব লগা জৈৱিক কাৰ্যবোৰ নহব যেনে ব্যাপনৰ সহায়ত গেছৰ চলাচল, আসৃত্তিৰ সহায়ত পানী চলাচল ইত্যাদি। ফলত কোষটো মৰি ষাব।

Q.4. কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব?

উত্তৰ:- অন্তঃপৰসীয় জালিকাৰ গাতে সংশ্লেমিত হোৱা পদাৰ্থসমূহ গলগি সংঘই কোষৰৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত অংশ গ্ৰহণ কৰে। গলগি সংঘৰ কাৰ্য হ’ল সঞ্চয়, উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন আৰু ৰূপান্তৰ কোনো কোনো ক্ষেত্ৰত গলগি সংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰিব পাৰে। গলগি সংঘই ল’ইছ’জম গঠন কৰাতো সহায় কৰে গতিকে গলগি সংঘ নাথাকিলে কোষটোৰ এইবোৰ কাৰ্য বন্ধ হ’ব আৰু ফলত কোষটো মৰি যাৱ। 

Q. 5. কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়?

উত্তৰ:- কোষৰ শক্তি ভঁৰাল বুলি মাইট’কন্দ্ৰিয়াক আখ্যা দিয়া হয়।

কাৰণ-জীৱৰ জীৱন নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থকা এ.টি.পি (A.T.P) ৰ অনুবিলাক মাইট’কন্দ্ৰিয়াই উৎপন্ন কৰে। এ.টি.পি (A.T.P) অণুক কোষীয় শক্তি মুদ্ৰা বুলিও কোৱা হয়।

Q. 6. কোষাৱৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰ’টিনবিলাক কত সংশোধিত হয়।

উত্তৰ:- কোষাবৰণ গঠনৰ বাবে প্ৰয়োজনীয় লিপিড আৰু প্ৰ’টিন বিলাক অন্ত প্ৰৰসীয় জালিকাত সংশোধিত হয়। ইয়াৰে প্ৰ’টিন সংশ্লেষন হয় ৰাইব’জ’মত যিবোৰ অমসৃণ অন্ত প্ৰৰসীয় জালীকাত লাগি থাকে। আনহাতে লিপিড আৰু সংশ্লেষণ হয় মসৃণ অন্চত প্ৰৰসীয় জালিকাত। 

Q.7. এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে?

উত্তৰ:- এমিবাই অন্ত কোষীয় ভক্ষণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে। কোষাবৰণ নমনীয়া গুণবিশিষ্ট হোৱা বাবে কোষে বহিঃপৰিৱেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব পাৰে।এনে প্ৰক্ৰিয়াক অন্তকোষীয় ভক্ষণ বুলি কোৱা হয়।

Q. 8. আসৃতি কি?

উত্তৰ:- গতিৰ তাৰতম্যৰ ফলত যেতিয়া পানীৰ অণুৰ অৰ্ধভেদ্য আৱৰণৰ মাজেৰে চলাচল হয় তেতিয়া তাক আসৃতি বোলে। আসৃতি সদায় উচ্চ গাঢ়তাৰ পৰা অৰ্ধভেদ্য আৱৰণে নিম্ন গাঢ়তালৈ হয়। 

Answer Type – Boby Bora