নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান । অধ্যায় ৯ । Class 8 Social Science History Lesson 9 Question and Answer Assam | SCERT Class 8 S.Science History Chapter 9 Solution | অষ্টম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ৯ নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান

১) উত্তৰ দিয়া-

ক) ভক্তিবাদ বুলিলে কি বুজায় ?

উত্তৰ- ভগবানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল তাকে ভক্তিবাদ বোলে ।

খ)ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ কাৰণ দুটা কি কি ?

উত্তৰ-

গ) ‘দিব্য প্ৰবন্ধম’ কি ?

উত্তৰ- আলভাৰচ্সকলৰ গীত-মাত, মৌখিক সাহিত্যৰ কীৰ্তিৰাজি পৰৱৰ্তী কালত সংকলিত ৰূপত প্ৰকাশ পায় । আলভাৰচ্সকলৰ এই সংকলিত সাহিত্য সম্ভাৰকে দিব্য প্ৰৱন্ধম বুলি কোৱা হয় ।

ঘ) উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম লিখা ǀ

উত্তৰ- উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম হ’ল- (১) কবীৰ, (২) ৰামান্দ, (৩) শ্ৰীমন্ত শংকৰদেৱ, (৪)নানক ।

ঙ) শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে ?

উত্তৰ- শংকৰদেৱৰ মতে ঈশ্বৰৰ ওচৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে ।

২) পাঠৰ আলমত উপযুক্ত শব্দেৰে তলৰ খালী ঠাইবোৰ পূৰ কৰা-

ক) শংকৰাচাৰ্য আছিল অদ্বৈতবাদত  বিশ্বাসী ǀ

খ) খ্ৰীষ্টীয় নৱম শতিকাৰ পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী আফগানসকলৰ অৰ্বিভাৱ ঘটিছিল ǀ

গ) ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম  ǀ

ঘ) তুলসীদাসক বাল্মিকীৰ অৱতাৰ বুলি গণ্য কৰিছিল ǀ

ঙ)গীত গোবিন্দত শ্ৰীকৃষ্ণৰ লীলাৰ প্ৰশংসা  আৰু গৰিমা প্ৰচাৰ কৰা হৈছে ǀ

৩) চমু টোকা লিখা 

(ক) শঙ্কৰাচাৰ্য (খ) জ্ঞানদেৱ (গ) ৰামানন্দ (ঘ) নানক (ঙ) মীৰাবঙ্গ।

৪) আলভাৰচ্ সকল কোন ? তেওঁলোকৰ মূল ধৰ্মমত কি আছিল ? 

উত্তৰ- খৃষ্টীয় সপ্তম শতিকাৰ পৰা দাক্ষিণাত্যৰ তামিল ৰাজ্যত আলভাৰচ্ আৰু আৰু নায়নাৰ নামৰ সম্প্ৰদায় দুটাই ভক্তিবাদৰ ধাৰণাৰে সামাজিক জাগৰণ আনিবলৈ প্ৰয়াস কৰিছিল । আলভাৰচ্সকল বৈষ্ণৱ পন্থী আছিল । আহাতে নায়নাৰসকল শৈৱপন্থী আছিল । আলভাৰচ্সকল বিষ্ণু উপাসক হোৱা বাবে তেওঁলোকৰ মতে বিষ্ণু শ্ৰেষ্ঠ আৰু সৃষ্টিৰ মূল ।

৫) চুফীবাদৰ মূলমন্ত্ৰ কি আছিল ?ভাৰতত চুফীবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰা ǀ

উত্তৰ- চুফীবাদৰ মূলমন্ত্ৰ হ’ল- এক ভগৱানকে উপাসনা কৰা । ভাৰতত চুফীবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম হ’ল নিজামুদ্দিন আউলিয়া, মইনুদ্দিন চিস্তি ।

৬)  কবীৰ কিয় হিন্দু আৰু ইছলাম  ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল ?

উত্তৰ- কবীৰ মুছলমান তাঁতী পৰিয়ালত ডাঙৰ-দীঘল হৈছিল । তেওঁ এক ভগৱানৰ উপাসক আছিল । ভগৱানক তেওঁ ৰাম, হৰি,আল্লা, খোদা আদি বিভিন্ন নামেৰে অভিহিত কৰিছিল । ৰামানন্দৰ দৰে কবীৰেও কবিতাৰ যোগেদিও ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল । তেওঁ ৰচনা কৰা ভক্তি মাৰ্গৰ কবিতাসমূহক ‘দোহা’ বোলা হৈছিল । তেওঁ হিন্দু-মুছলমান উভয় ধৰ্মৰ লোকে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল । সেই বাবে কবী হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল ।

৭) ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱাৰ উদ্দেশ্য কি আছিল ?

উত্তৰ- 

৮) ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ কি ?

উত্তৰ-

৯) শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা অৰিহণাৰ বিষয়ে ৫০ টামান শব্দৰ ভিতৰত একোটি টোকা লিখা ǀ

উত্তৰ-