নিয়ৰ । অধ্যায় ১ । Class 8 Assamese Lesson 1 Question and Answer | SCERT Class 8 Assamese Lesson 1 Solution | অষ্টম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ১ নিয়ৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

চন্দ্ৰকুমাৰ আগৰৱালা

নিয়ৰ

২। উত্তৰ দিয়া

(ক) মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে?

উত্তৰঃ মুকুতা মণিটি বুলি কবিয়ে নিয়ৰ টোপালক বুজাইছে । 

(খ) নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে?

উত্তৰঃ নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুটা মণিৰ লগৰ তুলনা কৰিছে ।

(গ) নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?

উত্তৰঃ নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱা কথা কৈছে ।

(ঘ) ফুলনিত কি ছিগি ৰৈ গল?

উত্তৰঃ ফুলনিত মণি ছিগি ৰৈ গ’ল ।

(ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে?

উত্তৰঃ কবিয়ে নিশাৰ তৰা এটি সৰি থকা কথা কৈছে ।

৩। কবিতাটোৰ মূলভাব চমুকৈ লিখা।

উত্তৰঃ  প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত ‘নিয়ৰ’ এটা ৰোমান্তিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান ‘নিয়ৰ’ ক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহন সানি সুন্দৰ ভাৱে উপস্থাপন কৰিছে।

প্ৰকৃতিৰ ৰূপ-বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা। এই বর্ণময় বাৰ্তাৰ অন্যতম বাহক হ’ল ‘নিয়ৰ’। মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ-বনৰ ওপৰত কাহিলি পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাব অহাটোৱেই স্বাভাৱিক। ফটিক পানীৰে ধোৱা এই নিয়ৰৰ কণাবোৰ যেন নিশাৰ আকাশৰ পৰা সৰি পৰা তৰাৰ এক অনবদ্য ৰূপ। কবিৰ কল্পনাত নিয়ৰ নৃত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটি মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা একোটোপাল চকুপানী ।

৪। শব্দ-সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অথ লিখা

শব্দ অৰ্থ

ফটিক               পৰিষ্কাৰ

শোভে           শুৱনি কৰি তোলা

হেঙুলি      হেঙুল বৰণীয়া

নিজম নীৰৱ

নিচুক কান্দোন সামৰি স্থিৰ হ

৫। প্ৰসংগ সংগতি দশাই ব্যাখ্যা  কৰা।

”নিজম আকাশৰ নিচুক কথাটি

              হিয়াত থৈছে সাঁচি

কোন কাহানিৰ সপোন দেখিছে

             কোনে হাঁহিছিল নাচি।”

উত্তৰ : “নিজম আকাশৰ নিচুক কথাটি

হিয়াত থৈছে সাঁচি

কোন কাহানিৰ সপোন দেখিছে

কোনো হাঁহিছিল নাচি।”

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অন্তৰ্গত প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত ‘নিয়ৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

ৰাতিপুৱা ৰ’দৰ পোহৰ পৰি জিলিকি উঠা নিয়ৰৰ টোপালটোক কল্পনাৰ ৰহণ সানি কবিয়ে নিশাৰ আকাশৰ পৰা সৰি পৰা তৰাৰৰ লগত তুলনা কৰিছে। নিস্তব্ধ আকাশত কোনোবাই যেন হাঁহি হাঁহি নাচিছিল আৰু এই নাচোনত ছিগি পৰা মুকুটা মণিয়ে নিয়ৰ।

উত্তৰঃ ” নিজম আকাশৰ নিচুক কথাটি

৬। পাঠৰ পৰা অন্ত্য মিল থকা শব্দৰবোৰ লিখা ।

                      উদাহৰণ- ধোৱা-যোৱা

উত্তৰ : সাঁচি = নাচি

মণি = কণি

ভাহি = পাহি

খ – ভাষা অধ্য়য়ন (ব্য়াৱহাৰিক ব্য়াকৰন )

৭ / উল্লিখিত শব্দবোৰৰ সমাথক শব্দ লিখা।

টোপনি

বেলি

পানী

ফুল

নিশা

সপোন

আকাশ

চকু

উত্তৰ : টোপনি = নিদ্ৰা

বেলি = সূৰ্য

পানী = জল

ফুল = পুষ্প

নিশা = ৰাতি

সপোন = স্বপ্ন

আকাশ = গগণ

চকু = নয়ন

৮/  বিপৰীত অথ  শব্দ  লিখা ।

ছিগা

পুৱা

নিজম

সৰগ

দিন

হাঁহি

উত্তৰ : ছিগা = জোৰা

পুৱা = গধূলি

নিজম = কোলাহল

সৰগ = নৰক

দিন = ৰাতি

হাঁহি = কান্দোন

পুৱা

৯/ বাক্য ৰচনা কৰা ।

উত্তৰ :

মুকুতা : পুৱাৰ সূৰ্যৰ পোহৰত নিয়ৰৰ কণাবোৰ মুকুতাৰ দৰে জিলিকি উঠিছিল ।

পাহি : গোলাপ ফুলৰ পাহিবোৰ দেখিবলৈ বৰ মৰমলগা ।

শোভে: গছজোপাত পৰি থকা নিয়ৰৰ টোপালবোৰে গোটেই গছজোপাকে শোভে

নিচুক : নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাচি থৈছিল।

ফুলজুপি: গোলাপ ফুলজুপিয়ে গোটেই বাগিছাখনতে শোভাৰ্বদ্ধন কৰি আছে।

ফটিক: ফটিক পানীয়ে ধোৱা নিয়ৰ কণাবোৰ নিশা আকাশৰ পৰা সৰি পৰা তৰাৰ সদৃশ।

One thought on “নিয়ৰ । অধ্যায় ১ । Class 8 Assamese Lesson 1 Question and Answer | SCERT Class 8 Assamese Lesson 1 Solution | অষ্টম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ১ নিয়ৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।”

Comments are closed.