প্ৰগতিৰ সোণালী বাট । অধ্যায় ৬ । Class 8 Assamese Lesson 6 Question and Answer | SCERT Class 8 Assamese Chapter 6 Solution | অষ্টম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ৬ প্ৰগতিৰ সোণালী বাট পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।


প্ৰগতিৰ সোণালী বাট 

উত্তৰ দিয়াঃ

ক) হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰ খন লোকে লোকাৰন্য হোৱাৰ কাৰণ কি ? 

উত্তৰঃ হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰ খন লোকে-লোকাৰন্য হোৱাৰ কাৰণ হ’ল- অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছে ।

খ) প্ৰদৰ্শনী কোনে পাতিছিল ? 

উত্তৰঃ প্ৰদৰ্শনী খন অঞ্চলটোৰ মহিলা সকলে পাতিছিল । 

গ) মানুহে ভিৰ কৰা বিপনী খনত কি প্ৰদৰ্শন কৰা হৈছিল ? 

উত্তৰঃ মানুহে ভিৰ কৰাৰ বিপনী খনত এড়ী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল ।

ঘ) অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে ? 

উত্তৰঃ অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ভালেমান ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে ।

ঙ) স্বাৱ লম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায় ?

উত্তৰঃ স্বৱলম্বনৰ কাৰণে গঠন হোৱা গোটবোৰক আত্মসহাযক গোট বোলে।

চ ) এই গোট বোৰে উৎপাদন কৰা সামগ্ৰী সমূহ কি কৰা হয় ? 

উত্তৰঃ এই গোটবোৰত উৎপাদন কৰা সামগীসমূহক

ছ) 2001 চনতো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল ? 

উত্তৰঃ ২০০১ চনতো আন্তৰ্জাতিক নাৰী সবলী

জ) উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্প টোৰ নাম কি ? 

উত্তৰঃ উত্তৰ পূৰ্বাঞ্চলৰ উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম হ’ল বয়ন শিল্প।

ঝ‌) প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিক ভাবে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল ? 

উত্তৰঃ প্ৰাক্-স্বাধীনকালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল।

৩। চমুকৈ বৰ্ণনা কৰাঃ

ক) আত্ম সহায়ক গোট বোৰে দুখীয়া পৰিয়ালৰ মহিলাক কেনেকৈ সহায় কৰে ? 

উত্তৰঃ আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানান আকৰ্ষণীয় সামগ্ৰী তৈয়াৰ কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। এনেকৈ আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলা সকলক আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাত সহায় কৰে।

খ) পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিনী মহিলা দুগৰাকী ৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকী হ’ল গাৰ্গী আৰু মৈত্ৰেয়ী। তেওঁলোকৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল-

গাৰ্গী:- প্ৰাচীন ভাৰতৰ এগৰাকী চিৰকুমাৰী তপস্বিনী ব্ৰহ্মবাদিনী বিদুষী নাৰী। তেওঁ গৰ্গ মাপনিৰ কন্যাৰ কাৰণে তেওঁৰ নাম গাৰ্গী কেৱল নাৰী জগততে নহয় সেই কালৰ পুৰুষ সমাজতো শ্ৰেষ্ঠ বিদুষী আৰু শ্ৰেষ্ঠ ব্ৰহ্মবাদিনী বুলি গাৰ্গীৰ সন্মান আছিল। প্ৰচুৰ জ্ঞানৰ অধিকাৰ ব্ৰহ্মবিদ যাজ্ঞবল্ক্য মুনিয়েও গাৰ্গী ওচৰত ব্ৰহ্ম সম্বন্ধে তৰ্ক আৰু প্ৰশ্নত হাৰ মানিবলগীয়া হৈছিল।

মৈত্ৰেয়ী:- এওঁ হ’ল মৈত্ৰেয় মুনিৰ কন্যা আৰু যাজ্ঞবাল্ক্য ঋষিৰ জ্যেষ্ঠ পত্নী। ঋষি যাজ্ঞবাল্ক্যই গৃহাশ্ৰম ত্যাগ কৰ সন্যাস আশ্ৰম ত্যাগ কৰিবলৈ ওলাই তেওঁৰ সম্পত্তিয়ে দুই পত্নী মৈত্ৰেয়ী আৰু কাত্য়ায়নীক ভগাই দিবলৈ ওলোৱাত সেই সম্পত্তিবোৰৰ অসাৰ্ততা সম্পৰ্কে মৈত্ৰেয়ীয়ে কৈ আত্ম সুখ কেনে, কথাৰ উত্তৰ স্বামী যাজ্ঞবাল্ক্যৰ পৰা লাভ কৰিছিল।

প্ৰাচীন ভাৰতৰ নাৰী যে কিমান চৰম জ্ঞানৰ অধিকাৰণী হৈছিল তাৰ শ্ৰেষ্ঠ উদাহৰণ মৈত্ৰেয়ী।

গ) মহিলাক স্বাৱলম্বী কৰা ৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল ? 

উত্তৰঃ মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ। 

ঘ ) মহাত্মা গান্ধীয়ে কাৰ কাৰ সহায়ত সবৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল ? 

উত্তৰঃ মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সৱৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলে।

প্ৰশ্ন নং ৫/ তলৰ শব্দ বোৰৰ অৰ্থ লিখাঃ 

বিপনি – দোকান । ক্ৰেতা – কিনুতা। সুপ্ত – লুকাই থকা । অফুৰন্ত – যাৰ শেষ নাই । টনকিয়াল – আৰ্থিক ভাবে সৱল । সমমৰ্য্যদা- সমান অধিকাৰ । প্ৰদৰ্শন – দেখুওৱা কাৰ্য্য । স্বাৱলম্বী – স্ব নিৰ্ভৰশীল । গঠনাত্মক – গঠনমূলক । পদমৰ্যাদা – বিষয় বাৰ গৌৰৱ ।পদক্ষেপ – ব্যৱস্থা গ্ৰহণ । আন্তৰ্জাতিক – বহু জাতিৰ মাজত থকা , সকলো ৰাষ্ট্ৰৰ মাজত থকা ।

প্ৰশ্ন নং ৬/ অসমীয়া শিপিনী য়ে কাপোৰত সপোন ৰচিব পাৰে । —- এই কথাষাৰ কোনে কেতিয়া আৰু কিয় কৈছিল

উত্তৰঃ অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। – এই কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কপোৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰে।

প্ৰশ্ন নং ৭ / বুজাই কোৱা আৰু লিখা ।

ক/ আত্ম সহায়ক গোট আৰু ইয়াৰ কাম কাজ । 

উত্তৰঃ দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এটি গোট। এই গোটৰ সদস্যসকলৰ আৰ্থিক অৱস্থা একে পৰ্যায়ৰ হয়। তেওঁলোকৰ মাজত মিলাপ্ৰীতি সদ্ভাৱ থাকিব লাগে। গোটবোৰ প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিষ্টিত জমা কৰি এটা সমূহীয়া পূজিঁ গঠন কৰে। প্ৰয়োজন অনুসৰি অভাৱি সদস্য লৈ এই সমূহীয়া পুজিঁৰ পৰা ঋণ দিয়ে। এই ঋমৰ বাবে গোটটোৱে এটা নিদিষ্ট হাৰত সুঁত হয়।এই আত্মসহায়ক গোটৰ মূল উদ্দেশ্য হ’ল নিয়মীয়াকৈ সঞ্চয় কৰা, সঞ্চয় পুজিঁৰ পৰা ঋণ দিয়া, গোটতো পৈণত হৈ উঠিলে বেংকৰ লগত সংযোগ স্থাপন কৰি ঋণ লোৱাৰ ব্যৱস্থা কৰা ।

খ/  নাৰী সৱলীকৰণৰ বিভিন্ন আঁচনি আৰু ইয়াৰ কাম

উত্তৰ: নাৰীৰ সবলীকৰণ বিভিন্ন আঁচনিসমূহ হ’ল – উত্তৰ-পূব উন্নয়ন আৰু বিত্তিয় নিগম, কেন্দ্ৰীয় সমাজ কল্যান পৰিষদ, ৰাষ্টীয় মহিলা আয়োগ, ইন্দিৰা মহিলা যোজনা আদি।

এই আচঁনিবোৰৰ কাম হ’ল মহিলাক স্বাৱলম্বী কৰি গঢ়ি তোলা আৰু তেওঁলোকৰ অন্তৰৰ সুপ্ত প্ৰতিভা বিকশিত কৰিবলৈ সামাজিক স্বীকৃতি আৰু সহযোগিতা আগবঢ়োৱা।

গ/  কি কি কাম কৰি মহিলা সকল স্বাবলম্বী হব পাৰে।       

উত্তৰ : মহিলাসকলে বিভিন্ন কুটীৰ শিল্পৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰে। নিজ হাতেৰে বনোৱা বস্তু, নিজ ঘৰতে উদ্যোগ প্ৰতিষ্ঠা কৰিও স্বাৱলম্বী হ’ব পাৰে।

৮/  অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা । 

নাৰী: (মহিলা) – বৰ্তমান সময়ত নাৰী সমাজ পুৰুষৰ লগে লগে আগুৱাই যাবলৈ সক্ষম হৈছে।

নাড়ী:(নাড়ী ডুৰি) – নাটকখন চাই পেটৰ নাড়ী ডাল ডাল হ’ল।

আচল:(প্ৰকৃত) – আচল কথাটো এতিয়াহে পোহৰলৈ আহিল।

আঁচল:(চাদৰ আগ) – তাই চাদৰখনৰ আঁচলটো বৰ ধুনীয়া।

লক্ষ:(লাখ) – নিৰ্বাচনীৰ সভাখনত লক্ষ লক্ষ লোকৰ আগমণ ঘটিছিল।

লক্ষ্য:(উদ্দেশ্য) – প্ৰত্যেকৰ জীৱনতে একোটা লক্ষ্য থকা উচিত।

আচাৰ:(সামূহিক আচৰণ) – সমাজৰ প্ৰচলিত আচাৰ ৰীতি সমূহ সকলোৱে মানি চলে।

আছাৰ:(বস্তুৰ আঘাতত উফৰি দূৰত পৰা) – মানুহটো আছাৰ খাই পৰিল।

তাত:  (সৌ খিনিত) –বস্তুটো তাতে আছে।

তাঁত:(তাঁত শাল)-অসমীয়া শিপিনীয়ে তাঁত শালত সপোন ৰচে।

ফাঁকি: (মিছা)- ইমান দিনে সি আমাক ফাঁকি দি আছিল।

ফাকী:(পদ্যৰ এক চৰণ)- এই কবিতা ফাকি শুনিবলৈ বৰ শুৱলা।

প্ৰশ্ন নং ৯ / বিপৰীত অৰ্থ বুজোৱা শব্দ লিখাঃ

কঠিন = কোমল

নবীন = প্ৰবীন

পৰনিৰ্ভৰশীল = স্বাৱলম্বী

দুৰ্লভ = সুলৰ্ভ

খৰগতি = লেহেমীয়া

পূৰ্ণিমা = অমাৱস্যা

অনাধিকাৰ = অধিকাৰ

নিন্দা = প্ৰশংসা

অনাৱশ্যক = আৱশ্যক

জাগ্ৰত = সুপ্ত  

ধ্বংস = সৃষ্টি  

অসম্ভৱ = সম্ভৱ

প্ৰশ্ন নং ১০ ।  এটা শব্দত প্ৰকাশ কৰাঃ

ক। যি আনৰ ওপৰত নিৰ্ভৰ কৰে

উত্তৰ:- পৰনিৰ্ভৰশীল ।

খ। যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে

উত্তৰ:- স্বাৱলম্বী।

গ। স্থানীয় ভাবে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ় ই উঠা শিল্প

উত্তৰ:- কুটীৰ শিল্প।

ঘ। যি আনক হিংসা নকৰে

উত্তৰ:- অহিংসুক।

ঙ। যি আনৰ স্বাৰ্থৰ কথা চিন্তা কৰে

উত্তৰ:- স্বাৰ্থপৰ।

চ। যিজনে নিজৰ উপৰত বিশ্বাস ৰাখে

উত্তৰ:- আত্মবিশ্বাসী।

প্ৰশ্ন নং ১১/ সন্ধি ভাঙা আৰু গঠন কৰাঃ

ক) স্ব + অধীন = স্বাধীন

উৎ + নতি = উন্নতি

উৎ + মত্ত = উন্মত্ত

সম্ + কৃত = সংস্কৃত

জীৱ + অন্ত = জীৱন্ত

স্ব + অৱলম্বন = স্বাৱলম্বন

উৎ + ঘাটন = উৎঘাটন

উৎ+ চাৰন = উচ্চাৰণ

খ)

পৰাধীন = পৰ + অধীন

উন্নয়ন = উ + নয়ন

সংগীত = সম্ + গীত

মহাত্মা = মহা + আত্মা

যথেষ্ট = যথা + ইষ্ট

অতীত = অতি + ইত

যথোচিত = যথা + উচিত

বিদ্যোৎসাহী = বিদ্যা + উৎসাহী

১২। বহুবচনলৈ পৰিৱৰ্তন কৰাঃ

শিক্ষক – শিক্ষকসকল

ছাত্ৰ – ছাত্ৰসকল

মানুহ – মানুহসকল

গৰু – গৰুবোৰ

গ্ৰন্থ – গ্ৰন্থসমূহ

গুৰু – গুৰুবৃন্দ

পৰ্বত – পৰ্বতবিলাক

মহিলা – মহিলা সকল

প্ৰশ্ন নংঃ ১৩। যুক্তাক্ষৰ কেইটাৰে অৰ্থ প্ৰকাশক শব্দ লিখা।

চ্ছ = বিচ্ছেদস্তু = বস্তুগ্ৰ = উগ্ৰণ্ঠ =  কণ্ঠনৃ = গ্ৰন্থদ্ধ = উদ্ধাৰণ্ট = কণ্টকঞ্চ = বেঞ্চ

প্ৰশ্ন নং- ১৪। বাক্য ৰচনা কৰাঃ

দূৰ-দূৰনিঃ বৰ্তমান সময়ত উন্নত প্ৰযুক্তি বিদ্যাৰ যোগেদি দূৰ-দূৰনিৰ খবৰ অতি সোনকালে পাব পাৰি।

সা সুবিধা: বানপীড়িত লোকসকলৰ বাবে চৰকাৰে ভিন্ন ধৰণৰ সা-সুবিধাৰ ব্যৱস্থা কৰিছে।

বিধে বিধে: ল’ৰাটোৰ বাবে মাক জনিয়ে বিধে বিধে খোৱা বস্তু বনায়।

চুকে কোনে: অসমৰ চুকে-কোণে কুটীৰ শিল্পৰ বহু জনপ্ৰিয়তা আছে।

শিপিনী: অসমীয়া শিপিনীয়ে তাতঁশালত সপোন ৰচিব পাৰে।

আত্মবিশ্বাস: কোনো কামত সফলতা অৰ্জন কৰিবলৈ হ’লে আত্মবিশ্বাসৰ অতিকৈ প্ৰয়োজন।

লোকে লুকাৰণ্য:  নৰেন্দ্ৰ মোদীৰ আগমণত খানাপাৰা ফিল্ডখন লোকে লুকাৰণ্য হৈ পৰিছিল।

দল্দোপ-হেন্দোল্দোপ্: বিয়াঘৰৰ মানুহে গোটেইখন দল্দোপ- হেন্দোলদোপ লগাইছে।

প্ৰশ্ন নং ১৫ লিং গ নিৰ্ণয় কৰা।  
নাৰী – স্ত্ৰী লিং গ , বুঢ়ী – স্ত্ৰী লিং গ , দাদা – পু লিং গ , যুৱক – পু  লিং গ , ছোৱালী – স্ত্ৰী লিং গ , দেউতা – পু লিং গ , পুৰুষ – পু লিং গ , ডেকা – পু  লিং গ , আমৈ – স্ত্ৰী লিং গ , 

প্ৰশ্ন নং ১৬ / উপসৰ্গ কেইটা লগ লগাই একোটাকৈ শব্দ গঠন কৰা । প্ৰ- প্ৰণাম , পৰা – পৰামৰ্শ , অপ – অপমান , উপ – উপকাৰ , অতি – অতিশয় , প্ৰতি- প্ৰতিদান