প্ৰাকৃতিক  ভূগোল বতৰ  আৰু  জলবায়ু ।Chapter 1 / Lesson 1 / অধ্যায় ১ । Class 9 Elective Subject Geography Lesson 1 Solution | SEBA Class 9 El. Geography Chapter 1 Solution | নৱম মান শ্ৰেণীৰ ভূগোল অধ্যায় ১ বতৰ আৰু জলবায়ু পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

অধ্যায়ঃ১

প্ৰাকৃতিক  ভূগোল বতৰ  আৰু  জলবায়ু

১) বতৰ আৰু জলবায়ু বুলিলে কি বুজা ? বতৰ আৰু জলবায়ুৰ পাথৰ্ক্য বুজাই লিখা ।

উত্তৰঃ কোনো এখন ঠাইত কম সময়ৰ বাবে, যেনেঃ কেইঘণ্টামান বা দিনটো, অথবা কেইদিনমান বা কেইসপ্তাহমানৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে সেই ঠাইৰ বতৰ বোলে । বা কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে বতৰ বোলে ।

 প্ৰতিদিন, প্ৰতি ঋতু, আৰু প্ৰতি বছৰৰ ভিত্তিত  বতৰৰ উপাদানসমূহ নিৰীক্ষণ কৰি অতি কমেও ৩০ বছৰৰ বাবে নিৰ্ধাৰণ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে জলবায়ু বোলে । 

বতৰ আৰু জলবায়ুৰ পাথৰ্ক্যঃ

বতৰ আৰু জলবায়ুৰ পাথৰ্ক্য বুজিবলৈ হ’ল আমি সময় আৰু স্থান ভিত্তিক ধাৰণাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব ।

(ক) বতৰ বুলিলে কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাকে বুজায়।

জলবায়ু বুলিলে কোনো এখন ঠাইত দীৰ্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাক বুজোৱা হয়।

(খ) বতৰ বুলিলে কোনো এখন সৰু ঠাই বা কোনো সীমিত স্থানৰ বায়ুমণ্ডলৰ অৱস্থা বুজায়।

জলবায়ুৰ ধাৰণাটো সাধাৰণতে একোটা বৃহৎ অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয়।

২) বতৰ আৰু জলবায়ু উপাদানবোৰ উল্লেখ কৰা ।

উত্তৰঃ বতৰ আৰু জলবায়ু উপাদানবোৰ হৈছেঃ উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ আৰু অধঃক্ষেপ আদি।

৩) বতৰ আৰু জলবায়ুৰ উপাদানবোৰৰ বিষয়ে বহলাই লিখা ।

উত্তৰঃ বতৰ আৰু জলবায়ুৰ উপাদানবোৰৰ বিষয়ে তলত আলোচনা কৰা হল-

উত্তাপঃ সুৰ্যৰ তাপত বায়ুমণ্ডল উত্তপ্ত হয়। সূৰ্যৰ পৰা অহা তাপ শক্তি বায়ুমণ্ডলৰ বিভিন্ন স্তৰৰ মাজেদি পাৰ হৈ আহোঁতে বাটতে বায়ুমণ্ডলে কিছু তাপ শোষণ কৰে আৰু অৱশিষ্ট তাপ শক্তিখিনি ভূপৃষ্ঠত পৰেহি। ভূপৃষ্ঠত পৰি তাপশক্তি প্ৰতিফলিত হয় আৰু পোনপ্ৰথমে এই প্ৰতিফলিত তাপখিনি ভূপৃষ্ঠৰ লগতে লাগি থকা ট্ৰপস্ফিয়েৰৰ বায়ুৱে শোষণ কৰে। ট্ৰপস্ফিয়েৰ স্তৰত ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডলৰ মাজেৰে ওপৰলৈ প্ৰতি এক কিলোমিটাৰ বায়ুৰ উত্তাপ গড় হিচাপত ৬° চেলচিয়াছ হাৰত কমিবলৈ ধৰে। বায়ুমণ্ডলৰ মাজেৰে উচ্চতা অনুসৰি বায়ুৰ উত্তাপ হ্ৰাস হোৱা এই হাৰক ত্ৰুটি-হাৰ বুলি কোৱা হয়।

চাপঃ বায়ু এবিধ গেছীয় পদাৰ্থ। ইয়াৰ ভৰ আছে আৰু সেইবাবেই ইয়াৰ চাপো আছে। বায়ুৰ সমষ্টিয়েই হৈছে বায়ুমণ্ডল। গতিকে বায়ুমণ্ডলৰো চাপ আছে। বায়ু স্বাভাৱিকতে সংকোচনশীল আৰু সেইবাবেই তলৰ স্তৰৰ বায়ুখিনি বেছিকৈ সংকোচিত হৈ পৰে, ফলত ঘনত্বও বাঢ়ে। ঘনত্ব বাঢ়িলে চাপ বাঢ়ে। গতিকে বায়ুমণ্ডলৰ নিম্নভাগত চাপ বেছি হয়। ইয়াৰ বিপৰীতে ভূ-পৃষ্ঠৰপৰা ওপৰলৈ ক্ৰমে বায়ুমণ্ডলৰ গভীৰতা কমি আহে আৰু সেইবাবেই বায়ুমণ্ডলৰ চাপো কমি যায়।

আৰ্দ্ৰতাঃ সূৰ্যৰ আপাতিত ৰশ্মিৰ উত্তাপৰ বাবে বৰফৰ স্তূপ, বৰফাবৃত অঞ্চল, সাগৰ-মহাসাগৰ, হ্ৰদ, নদ-নদী, জলাশয় আদিৰ পৰা প্ৰতিদিনে অবিৰতভাৱে বাষ্পীভৱন হব লাগিছে। এনেদৰে বাষ্পীভূত হোৱা জল-কণাবোৰ বায়ুমণ্ডলত মিহলি হৈ থাকে।

বতাহঃ বায়ুমণ্ডলত উত্তাপৰ বিতৰণ সকলো ঠাইতে সমান নহয় আৰু ফলস্বৰূপে বায়ুৰ চাপৰ তাৰতম্য ঘটে। এনে কাৰণতে ভূপৃষ্ঠৰ কোনো ঠাইত বায়ুৰ নিম্ন চাপ আৰু কোনো ঠাইত বায়ুৰ উচ্চ চাপৰ সৃষ্টি হয়। পানী যেনেকৈ ওখ ঠাইৰপৰা দ ঠাইলৈ বৈ যায় ঠিক তেনেদৰে বায়ুৱেও উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে। বায়ুৰ এনে গতিকে আমি বতাহ বুলি কওঁ।

অধঃক্ষেপঃ বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হয়, তেতিয়া জলকণাবিলাকৰ আকাৰ বৃদ্ধি হয়। ফলত জলকণাবোৰ মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত বায়ুমণ্ডলৰ বায়ুস্তৰৰ মাজেদি ভূপৃষ্ঠলৈ নামি আহে। তেতিয়া ইয়াকে অধঃক্ষেপ বুলি কোৱা হয়। অধঃক্ষেপ কেতিয়াবা গোটা আৰু কেতিয়াবা জুলীয়া আকাৰত সংঘটিত হয়।

৪) উত্তাপ, চাপ আৰু আৰ্দ্ৰতাৰ মাজৰ সম্পৰ্ক বুজাই লিখা ।

উত্তৰঃ উত্তাপ, চাপ আৰু আৰ্দ্ৰতা হৈছে বতৰ আৰু জলবায়ুৰ উপাদান ।

এই উপাদানবোৰ পৰিৱৰ্তনশীল আৰু ইহঁত স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে ।

              বায়ুমণ্ডলৰ উত্তাপ অনুভূমিক আৰু উলম্ব দিশত পৰিৰ্ৱতন হোৱা দেখা যায় । বায়ুৰ উত্তাপ এখন ঠাইতে সময়ে সময়ে ভিন ভিন হয় । সূৰ্যৰ ৰশ্মি দুপৰীয়া প্ৰায় কোনো এখন ঠাইত লম্বভাৱে পৰে ।

               বায়ুমণ্ডলৰ চাপ মানে হৈছে প্ৰতি একক ক্ষেএফলত বায়ুয়ে প্ৰয়োগ কৰা বল । বায়ুমণ্ডলৰ আন আন পৰিৱৰ্তনশীল চলক বিলাকৰ দৰেই ইযাৰ চাপো এটা পৰিৱৰ্তনশীল চলক । বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে । 

                বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণক বুজায় । বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়, যেনেঃ  চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা ।

৫) বায়ুমণ্ডলৰ চাপৰ তাৰতম্য কেনেকৈ হয় বুজাই লিখা | 

উত্তৰঃ বায়ুমণ্ডলত উত্তাপৰ বিতৰণ সকলো ঠাইত সমান নহয় আৰু ফলস্বৰূপে বায়ুৰ চাপৰ তাৰতম্য ঘটে । এনে কাৰনত ভূ- পৃষ্ঠৰ কোনো ঠাইত বায়ুৰ নিম্নচাপ আৰু কোনো ঠাইৰ বায়ুৰ উচ্চ চাপৰ সৃষ্টি হয় । বায়ু এ উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্নচাপৰ অঞ্চললৈ গতি কৰে । বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবেই বতাহ সৃষ্টি হয় ।

৬) বতাহ কিয় বলে ? 

উত্তৰঃ পানী যেনেকৈ ওখ ঠাইৰপৰা দ ঠাইলৈ বৈ যায়। ঠিক তেনেদৰে বায়ুৱেও উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে। বায়ুৰ এনে গতিকে আমি বতাহ বুলি কওঁ।

৭)অধঃক্ষেপ বুলিলে কি বুজা ? বিভিন্ন প্ৰকাৰৰ অধঃক্ষেপৰ নাম লিখা।  

উত্তৰঃ বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হয়, তেতিয়া জলকণাবিলাকৰ আকাৰ বৃদ্ধি হয়। ফলত জলকণাবোৰ মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত বায়ুমণ্ডলৰ বায়ুমণ্ডলৰ বায়ুস্তৰৰ মাজেদি ভূপৃষ্ঠলৈ নামি আহে। তেতিয়া ইয়াকে অধঃক্ষেপ বুলি কোৱা হয়।

অধঃক্ষেপৰ প্ৰকাৰৰবোৰ হৈছে, যেনে – নিয়ৰ, হিম, ঘনকুঁৱলী, পাতল কুঁৱলী, তুষাৰ কণা-বৃষ্টি, তুষাৰপাত, বৰষুণ, কিন্কিনিয়া বৰষুণ ইত্যাদি। 

৮) বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা কৰা কৰাকসমূহ উল্লেখ কৰা ।

উত্তৰঃ বতৰ আৰু জলবায়ুৰ নিৰ্ধাৰণ কৰা কাৰকসমূহ হৈছে – (ক) অক্ষাংশ, (খ) উচ্চতা, (গ) সমুদ্ৰৰ সান্নিধ্য, (ঘ) সমুদ্ৰ সোঁত, (ঙ) পৰ্বত-পাহাৰৰ অৱস্থান, (চ) বায়ুপ্ৰবাহ, (ছ) ভূমিৰ প্ৰকৃতি, (জ) ভূমিৰ ঢাল আৰু (ঝ) উদ্ভিদ।

৯) বতৰ আৰু জলবায়ুৰ কাৰকসমূহৰ বিষয়ে উদাহৰণসহ বহলাই লিখা । 

উত্তৰঃ (ক) অক্ষাংশঃ জলবায়ুৰ নিৰ্ধাৰণৰ অন্যতম প্ৰধান কাৰক হৈছে অক্ষাংশ। ভিন ভিন অক্ষাংশত সূৰ্যৰ কিৰণ পোন বা হেলনীয়া হৈ পৰে আৰু ফলত দিন-ৰাতি হ্ৰাস-বৃদ্ধি হয়। বিষুৱ ৰেখাৰ পৰা উত্তৰলৈ আৰু দক্ষিণলৈ অক্ষাংশ বাঢ়ি যোৱাৰ লগে লগে সূৰ্যৰ কিৰণ ক্ৰমে বেঁকা হৈ পৰে। বিষুৱ ৰেখাৰ (০°) পৰা উত্তৰ মেৰু (৯০° উঃ) আৰু দক্ষিণ মেৰুৰ (৯০° দঃ) ফালে ক্ৰমে অক্ষাংশ বাঢ়ি যোৱাৰ বাবে উত্তাপৰ মাত্ৰা কমি যায়। বিষুৱীয় অঞ্চলত অধিক উষ্ণ জলবায়ু, মধ্য অক্ষাংশ অঞ্চলত নাতিশীতোষ্ণ জলবায়ু আৰু মেৰু অঞ্চলত শীতল জলবায়ু বিৰাজ কৰা দেখা যায়।

(খ) উচ্চতাঃ ভূপৃষ্ঠৰ উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰো পাৰ্থক্য হয়। সাধাৰণতে গড় হিচাবে প্ৰতি এক কিলোমিটাৰ উচ্চতা বৃদ্ধিত প্ৰায় ৬.৫° চেণ্টিগ্ৰেড উত্তাপ কমি যায়। এই কাৰণতে একে অক্ষাংশত অৱস্থিত হলেও অধিক উচ্চতা অৱস্থিত ঠাইৰ জলবায়ু শীতল হয়। বিষুৱ অঞ্চলত অৱস্থিত হলেও উচ্চ পাৰ্বত্য অঞ্চলত শীতল জলবায়ু বিৰাজ কৰে আৰু পৰ্বতৰ শিখৰত অতি শীতল হৈ বৰফ জমা হয়। সেয়েহে, এলাহাবাদ আৰু শ্বিলং প্ৰায় একে অক্ষাংশত অৱস্থিত হলেও শ্বিলঙৰ উচ্চতা বেছি হোৱাৰ বাবে ইয়াৰ জলবায়ু এলাহাবাদতকৈ শীতল।

(গ) সমুদ্ৰৰ সান্নিধ্যঃ গ্ৰীষ্মকালত স্থলভাগৰ উত্তাপ জলভাগৰ উত্তাপতকৈ বেছি থাকে আৰু শীতকালত স্থলভাগ যেতিয়া ঠাণ্ডা হয়, তেতিয়া জলভাগ আপেক্ষিকভাৱে গৰম হৈ থাকে। গ্ৰীষ্মকালত স্থলভাগৰ বায়ু গৰম হলে সমুদ্ৰৰ পৰা প্ৰবাহিত হোৱা শীতল বায়ুৱে গা শাত কৰে। সমুদ্ৰৰ কাষত অৱস্থিত ঠাইসমূহত বেছি গৰম অথবা বেছি ঠাণ্ডা অনুভূত নহয় আৰু ফলত ইয়াত জাৰ-জহৰ তাৰতম্য কম হয়। এনে জলবায়ুকে সামুদ্ৰিক জলবায়ু বোলে।

(ঘ) সমুদ্ৰ সোঁতঃ সমুদ্ৰৰ সোঁতৰ প্ৰভাৱৰ দ্বাৰা এখন ঠাইৰ জলবায়ু নিয়ন্ত্ৰিত হয়। কিছুমান সমুদ্ৰ সোঁত গৰম আৰু কিছুমান চেঁচা হয়। উপকূলৰ যিবোৰ ঠাইৰ কাষেদি গৰম সামুদ্ৰিক সোঁত বৈ যায়, সেই ঠাইবিলাকৰ বায়ুৰ উত্তাপ বৃদ্ধি পায়। ইয়াৰ বিপৰীতে উপকূলৰ যিবোৰ ঠাইৰ কাষেদি চেঁচা সামুদ্ৰিক সোঁত প্ৰবাহিত হয়, সেইবোৰ ঠাইৰ বায়ু ঠাণ্ডা হৈ পৰে। এইদৰে গৰম আৰু চেঁচা সমুদ্ৰৰ সোঁতৰ প্ৰভাৱত উপকূল অঞ্চলত গৰম অথবা ঠাণ্ডা জলবায়ুৱে বিৰাজ কৰে।

(ঙ) পৰ্বত-পাহাৰৰ অৱস্থানঃ পৰ্বত-পাহাৰৰ অৱস্থানেও কোনো ঠাইৰ জলবায়ুত প্ৰভাৱ বিস্তাৰ কৰে। পাহাৰ-পৰ্বতৰ অৱস্থানৰ বাবে বায়ু চলা-চল বাধাগ্ৰস্ত হয়। জলীয়বাষ্প কঢ়িয়াই অনা কোনো বায়ুৰাশি যদি পৰ্বতৰ ঢালত ঠেকা খাই উৰ্ধগামী হয়, তেতিয়া পৰ্বতৰ প্ৰতিবাত ঢালত প্ৰচুৰ বৰষুণ হয়। পৰ্বতৰ সিপাৰৰ অনুবাত ঢালত বৰষুণ নহয়, ফলত তেনে অঞ্চল অনা-বৃষ্টি অঞ্চলত পৰিণত হৈ খৰাং হৈ পৰে।পৰ্বত-পাহাৰে বায়ু প্ৰবাহক বাধা দিয়াৰ বাবে পৰ্বতৰ নামনিভাগত আৰু পাৰ্বত্য অঞ্চলত জলবায়ুৰ পাৰ্থক্য দেখা যায়।

(চ) বায়ুপ্ৰবাহঃ বায়ু প্ৰবাহ বা বতাহে এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। বৈশিষ্ট্যৰ ভিত্তিত বতাহ বতাহ বিভিন্ন প্ৰকাৰৰ হব পাৰে, যেনে- শুকান বতাহ, জলীয়বাষ্পযুক্ত বতাহ, গৰম বতাহ, শীতল বতাহ ইত্যাদি। বতাহৰ এনেবোৰ বৈশিষ্ট্যৰ বাবে ঠাইবিলাক গৰম, শীতল, সেমেকা বা খৰাং হয়। বিষুৱীয় অঞ্চলৰ পৰা বৈ অহা বতাহ গৰম আৰু মেৰু অঞ্চলৰ পৰা বোৱা চেঁচা। আনহাতে, জলভাগৰ পৰা প্ৰবাহিত বতাহত যথেষ্ট জলীয়বাষ্প থাকে বাবে এই বতাহ সেমেকা হয় আৰু বৰষুণৰ সৃষ্টি কৰে। স্থলভাগৰ পৰা প্ৰবাহিত হোৱা বতাহত জলীবাষ্পৰ পৰিমাণ কম থাকে। সেয়েহে এই বায়ু শুকান হয় আৰু ইয়াৰ বৰষুণ দিব পৰা ক্ষমতা নাথাকে।

(ছ) ভূমিৰ প্ৰকৃতিঃ গঠন অনুসৰি ভূমিৰ প্ৰকৃতি বেলেগ বেলেগ হোৱা দেখা যায়, যেনে – বালিময়, শিলাময়, পলসুৱা ইত্যাদি। শিলাময় আৰু বালিময় মাটি সূৰ্যৰ তাপত সোনকালে গৰম হয় আৰু পিছত তাপ বিকিৰণ কৰি সোনকালে চেঁচাও হয়। সেইবাবেই মৰুভূমিত দিনৰ ভাগত উত্তাপ যথেষ্ট বেছি হয় আৰু পিছত ক্ৰমে চেঁচা হৈ নিশা অতি ঠাণ্ডা অনুভূত হয়। আনহাতে, পলসুৱা মাটিয়ে পানী শোষণ কৰি সেমেকা হৈ থাকে বাবে এনে মাটিৰ উত্তাপৰ তাৰতম্য বেছি নহয়। উদ্ভিদৰ আৱৰণ নথকা মাটি শুকান হয় আৰু সোনকালে গৰমো হয়। সেয়েহে উদ্ভিদ নথকা ঠাইৰ জলবায়ু সাধাৰণতে শুষ্ক হৈ জলবায়ু আপেক্ষিকভাৱে গৰম হয়।

(জ) ভূমিৰ ঢালঃ বতৰ আৰু জলবায়ুৰ কাৰক হিচাবে ভূমিৰ ঢালৰ গুৰুত্ব মন কৰিবলগীয়া। কোনো ভূমিভাগ সূৰ্যৰ কিৰণৰ মুখে এঢলীয়া হলে তাত সূৰ্যৰ কিৰণ লম্বভাৱে পৰে আৰু ফলত উত্তাপ বেছি হয়। যি ভূমিভাগৰ ঢাল সূৰ্যৰ কিৰণৰ বিপৰীতমুখী হয়, তেনে ভূমিভাগত সূৰ্যৰকিৰণ বেণকা হৈ পৰে আৰু ফলত উত্তাপ কম হয়। সাধাৰণতে, উত্তৰ গোলাৰ্ধত দক্ষিণমুখী ঢালত আৰু দক্ষিণ গোলাৰ্ধত উত্তৰমুখী ঢালত উত্তাপ অনুভূত হয়। এনে কাৰণতে হিমালয় আৰু আল্পচ্ পৰ্বতৰ উত্তৰমুখী ঢালৰ তুলনাত দক্ষিণমুখী ঢালত উত্তাপ বেছি। উত্তাপৰ তাৰতম্যৰ উপৰিও ভূমিৰ ঢালে বৃষ্টিপাতৰ বিতৰণৰ ক্ষেত্ৰতো তাৰতম্য ঘটায়। কিয়নে জলীয়বাষ্পপূৰ্ণ বায়ুৰ গতিৰ দিশে মুখ কৰি থকা ভূমিৰ ঢালত বৃষ্টিপাত হয় আৰু ইয়াৰ বিপৰীত দিশৰ ভূমিৰ ঢালত অনাবৃষ্টি হয়। বৃষ্টিপাতৰ বিতৰণৰ এনে তাৰতম্যৰ বাবে জলবায়ুৰো তাৰমত্য ঘটে।

(ঝ) উদ্ভিদঃ উদ্ভিদে জলবায়ুৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। উদ্ভিদৰেপূৰ্ণ অৰণ্য অঞ্চলে বৃষ্টিপাত হোৱাত সহায় কৰে। অৰণ্য অঞ্চলৰ বায়ুৰাশি চেঁচা হোৱাৰ বাবে ই ঘনীভৱন প্ৰক্ৰিয়াত সহায় কৰে আৰু ফলত এনে অঞ্চলত সঘনে বৰষুণ হয়। কিন্ত উদ্ভিদ নথকা অঞ্চলত বৃষ্টিপাতৰ হোৱাৰ বাবে সেইবোৰ ঠাইত বৃষ্টিপাত কমি গৈছে আৰু ফলস্বৰূপে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পাইছে।

১০) জলবায়ু প্ৰকাৰবোৰ কি কি  ? 

উত্তৰঃ- জলবায়ু প্ৰকাৰবোৰ হৈছে – (ক) বিষুৱীয় জলবায়ু, (খ) মৌচুমী জলবায়ু, (গ) ছাভানা জলবায়ু, (ঘ) উষ্ণ মৰু জলবায়ু, (ঙ) নাতিশীতোষ্ণ মৰু জলবায়ু, (চ) ভূমধ্যসাগৰীয় জলবায়ু, (ছ) নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু, (জ) নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু, (ঝ) নাতিশীতোষ্ণ সাগৰীয় জলবায়ু, (ঞ) পূব উপকূলীয় আৰ্দ্ৰ জলবায়ু, (ট) উপ-মেৰুদেশীয় (টাইগা) জলবায়ু আৰু (ঠ) তুন্দ্ৰা জলবায়ু।

১২) চমুটোকা লিখাঃ

ক) আপেক্ষিক আৰ্দ্ৰতাঃ

উত্তৰঃ বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয় । যেনে- চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা । আপেক্ষিক আৰ্দ্ৰতা হৈছে এক অনুপাত যাক শতকৰা হিচাপত প্ৰকাশ কৰা হয় । কোনো নিৰ্দিষ্ট উষ্ণতাত নিৰ্দিষ্ট আয়তনৰ বায়ুত থকা জলীয়বাষ্পৰ ভৰৰ যি অনুপাত তাকে আপেক্ষিক আৰ্দ্ৰতা বোলে ।

খ) বায়ুমণ্ডলীয় চাপঃ

উত্তৰঃ বায়ুমণ্ডলৰ চাপ মানে হৈছে প্ৰতিএকক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বল । সাগৰপৃষ্ঠত বায়ুমণ্ডলৰ চাপ হৈছে গড় হিচাপে প্ৰতি বৰ্গ  ইঞ্চিত ১৪.৭ পাউণ্ড । বেৰিমিটাৰ পাৰাস্ত্তম্ভৰ উচ্চতাৰ দ্বাৰা বায়ুমণ্ডলৰ চাপ জোখা হয় । বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে সলনি হৈ থাকে । বায়ুমণ্ডলৰ চাপৰ তাৰতম্য প্ৰধানকৈ দুটা কাৰণত সংঘটিত হয়, যেনেঃ-  1) বায়ুৰ উষ্ণতা  2) পৃথিৱী পৃষ্ঠৰ উচ্চতা । 

গ) চাপ- বলয়ঃ 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত বায়ুৰ চাপৰ তাৰতম্যৰ ভত্তিত উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত কেইটামান বায়ুৰ চাপ- বলয় চিনাক্ত কৰা হৈছে , যেনেঃ ক) নিৰক্ষীয় নিম্ন চাপ বলয়  খ) উপ- ক্ৰান্তীয় উচ্চ চাপ বলয়  গ) উপমেৰু দেশীয় নিম্ন চাপ বলয়  ঘ) মেৰুদেশীয় উচ্চ চাপ বলয় । 

ঘ) ভিন্ন প্ৰকাৰৰ বৃষ্টিপাতঃ 

উত্তৰঃ বৃষ্টিপাত ভিন্ন প্ৰকাৰৰ হয় । যেনেঃ  পৰিচলনা বৃষ্টি, শৈলোতক্ষেপ বৃষ্টি, ঘূৰ্ণী বৃষ্টি, অক্ষীয় বৃষ্টি, অৰণ্য বৃষ্টি ।

ঙ) জলবায়ুৰ ওপৰত অক্ষাংশৰ প্ৰভাৱঃ  

উত্তৰঃ জলবায়ু নিৰ্ধাৰণৰ অন্যতম প্ৰধান কাৰক হৈছে অক্ষাংশ । ভিন ভিন অক্ষাংশত সূৰ্যৰ কিৰন পোন বা হৈলনীয়া হৈ পৰে আৰু ফলত দিন-ৰাতি হ্ৰাস- বৃদ্ধি হয় । সূৰ্যৰ ৰশ্মি পোন অথবা লম্বভাৱে পৰিলে উত্তাপৰ তীব্ৰতা বাঢ়ে । ইয়াৰ বিপৰিতে বেকাঁ বা হেলনীয়াকৈ পৰা সূৰ্যৰ ৰশ্মিৰ তীব্ৰতা কম হয় অৰ্থাত উত্তাপ কমে । 

চ) জলবায়ুৰ ওপৰত উদ্ভিদৰ প্ৰভাৱঃ 

উত্তৰঃ উদ্ভিদে জলবায়ুৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় । উদ্ভিদৰেপূৰ্ণ অৰণ্য অঞ্চলে বৃষ্টিপাত হোৱাত সহায় কৰে । অৰণ্য অঞ্চলৰ বায়ুৰাশি চেচাঁ হোৱাৰ বাবে ই ঘনীভৱন প্ৰক্ৰিয়াত সহায় কৰে আৰু এনে অঞ্চলত সঘনে বৰষুণ হ’য় । কিন্ত উদ্ভিদ নথকা অঞ্চলত বৃষ্টিপাত পৰিমান কম হ’য় ।

ছ) মৌচুমী জলবায়ুঃ

উত্তৰঃ এই জলবায়ু ১০° উঃ আৰু ৪০° উঃ অক্ষাংশৰ মাজত অৱস্থিত দেশবোৰৰ প্ৰধানকৈ পূব অংশত আৰু দক্ষিণ গোলাৰ্ধৰ অঞ্চল বিশেষে বিৰাজ কৰে। উত্তৰ গোলাৰ্ধৰ বিশেষকৈ ভাৰতবৰ্ষ, বাংলাদেশ, দক্ষিণ-পূব এছিয়া, দক্ষিণ-চীন, দক্ষিণ জাপান, উত্তৰ-পূব আফ্ৰিকা, মেক্সিকো আৰু ফ্লৰিডাত এই জলবায়ু অনুভূত হয়। মৌচুমী জলবায়ুৰ প্ৰভাৱত গ্ৰীষ্মকালত অধিক উত্তাপ আৰু বৰষুণ আৰু শীতকালত সাধাৰণতে ২৭° ৰ পৰা ৩২° চেণ্টিগ্ৰেড পৰ্যন্ত উত্তাপৰ তাৰতম্য ঘটে। এই জলবায়ু বিৰাজ কৰা যিবোৰ অঞ্চলত বছৰি গড়ে ২০০ ছে.মি.ৰ অধিক বৰষুণ হয়, সেইবিলাক অঞ্চলত চিৰসেউজীয়া উদ্ভিদ গজে আৰু যিবোৰ ঠাইত ১০০ ৰ পৰা ২০০ ছে.মি. বৰষুণ হয় সেইবোৰ ঠাইত পৰ্ণপাতী উদ্ভিদ পোৱা যায়। আনহাতে, কম বৰষুণ হোৱা ঠাইবোৰত ঘাঁহ আৰু জোপোহা উদ্ভিদ গজে।

জ) টাইগা জলবায়ুঃ 

উত্তৰঃ পৃথিৱীৰ ৫০° আৰু ৬৫° অক্ষাংশৰ মাজৰ উপ মেৰু অঞ্চলবোৰত এই জলবায়ু বিৰাজ কৰে। গ্ৰীষ্মকালত এই জলবায়ুৰ অন্তৰ্গত অঞ্চলসমূহত উত্তাপ ১০° ৰ পৰা ৩০° চেণ্টিগ্ৰেডৰ ভিতৰ আৰু শীতকালত উত্তাপ সাধাৰণতে ২.৫° চেণ্টিগ্ৰেডৰো কম হয়। কিছুমান ঠাইত উত্তাু প্ৰায়ে ০° চেণ্টিগ্ৰেডৰ তলত থাকে। বছৰি গড় হিচাপত ২৫ৰ পৰা ৩০ ছে. মিটাৰৰ ভিতৰত বৰষুণ হয়। এই জলবায়ুত সৰলবৰ্গীয় উদ্ভিদ বিস্তৃতভাৱে গজে। এই সৰলবৰ্গীয় উদ্ভিদক চাইবেৰিয়াত টাইগা বুলি জনা যায়। সেয়েহে উপমেৰু দেশীয় জলবায়ুক টাইগা জলবায়ু বুলিও কোৱা হয়।

ঝ) ভূমধ্যসাগৰীয় জলবায়ুঃ

উত্তৰঃ ভূমধ্যসাগৰীয় জলবায়ু বিষুৱৰ উত্তৰ আৰু দক্ষিণৰ ৩০° ৰ পৰা ৪৫° অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ পশ্চিম উপকূল অঞ্চলসমূহত দেখা যায়। উত্তৰ গোলাৰ্ধত এই জলবায়ু ভূমধ্যসাগৰৰ কাষৰীয়া অঞ্চলত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত অনুভূত হয় আৰু দক্ষিণ গোলাৰ্ধত চিলেন উপকূলত, আফ্ৰিকাৰ দক্ষিণ উপকূলত আৰু অষ্ট্ৰেলিয়াৰ দক্ষিণ-পশ্চিম উপকূলত। ভূমধ্যসাগৰীয় জলবায়ুত উত্তাপ কম। ভূমধ্যসাগৰৰ কাষৰীয়া অঞ্চলত এই জলবায়ু বিৰাজ কৰে বাবে এই এই জলবায়ুক ভূমধ্যসাগৰীয় জলবায়ু বোলা হয়।

ঞ) ছাভানা জলবায়ুঃ

উত্তৰঃ ছাভানা জলবায়ুক ছুডান জলবায়ু বুলিও কোৱা হয়। এই জলবায়ু প্ৰধানকৈ ছুডান, মধ্য ভাৰত, আফ্ৰিকাৰ উত্তৰ আৰু মধ্য ভাগ, ব্ৰাজিলৰ দক্ষিণাংশ, আৰ্জেণ্টিনা, ভেনিজুৱেলা আৰু অষ্ট্ৰেলিয়াৰ মধ্যভাগত কিছুমান অঞ্চলত পোৱা যায়। ছাভানা জলবায়ু বিৰাজ কৰা অঞ্চলবোৰত গ্ৰীষ্মকালৰ গড় উত্তাপ হৈছে – ২৭°-২৮° চেণ্টিগ্ৰেড আৰু শীতকালৰ উত্তাপ হৈছে ১০° ৰ পৰা ১৫° চেণ্টিগ্ৰেড। বাৰ্ষিক গড় হিচাপত ২৫ৰ পৰা ৪০ ছে.মি. বৰষুণ হয় আৰু বৰষুণ সাধাৰণতে গ্ৰীষ্মকালৰ শেষভাগত হোৱা দেখা যায়।

ট) তুন্দ্ৰা জলবায়ুঃ

উত্তৰঃ সুমেৰু আৰু কুমেৰু বৃত্তৰ অন্তৰ্গত অঞ্চলবোৰত তুন্দ্ৰা জলবায়ু বিৰাজ কৰে। এই জলবায়ু এছিয়া, কানাডা আৰু এণ্টাৰ্কটিকাত পোৱা যায়। ইয়াত ছমাহ অতি ক্ষীণ সূৰ্যৰ পোহৰ পৰে আৰু বাকী ছমাহ ৰাতি হয়। গ্ৰীষ্মকালত উত্তাু কেৱল ১০° চেণ্টিগ্ৰেড পৰ্যন্ত হয়, কিন্ত শীতকালত উত্তাপ ০° চেণ্টিগ্ৰেডতকৈ কম থাকে। ইয়াত ভূপৃষ্ঠভাগ বছৰৰ ৯ মাহ ধৰি বৰফেৰে আবৃত হৈ থাকে বাবে ইয়াত কেৱল শেলুৱৈজাতীয় উদ্ভিদহে গজে। ইয়াৰ জনবসতি অতিকৈ সেৰেঙা।

১৩) চমকৈ উত্তৰ দিয়াঃ- 
ক) বায়ুমণ্ডল ভূ- পৃষ্ঠৰ কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে ? 

উত্তৰঃ বায়ুমণ্ডল ভূ-পৃষ্ঠৰ ১০,০০০ কি.মি. উচ্চতালৈ প্ৰসাৰিত হৈ আছে।

খ) ক্ৰটি- হাৰ কি ?  

উত্তৰঃ বায়ুমণ্ডলৰ মাজেৰে উচ্চতা অনুসৰি বায়ুৰ উত্তাপ হ্ৰাস হয় এই হাৰক ক্ৰটি- হাৰ বোলে ।

গ) সাগৰপৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে কিমান ? 

উত্তৰঃ প্ৰতি বৰ্গ ইঞ্চিত ১৪.৭ পাউণ্ড ।

ঘ) বায়ুৰ আৰ্দ্ৰতা বুলিলে কি বুজা ? 

উত্তৰঃ বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমানক বুজায় । 

ঙ) সংপৃক্ত বায়ু কাক বোলে ? 

উত্তৰঃ কোনো নিৰ্দিষ্ট আয়তনৰ বায়ুৱে নিৰ্দিষ্ট উত্তাপত যিমানখিনি জলীয়বাষ্প ধাৰণ কৰিব পাৰে, ঠিক সিমানখিনি জলীয়বাষ্পই যদি বায়ুখিনিত থাকে, তেন্তে সেই বায়ুক সংপৃক্ত বায়ু বোলে । 

চ) বিষুৱীয় জলবায়ুৰ অক্ষাংশ বিস্তৃতি কিমান? 

উত্তৰঃ বিষুৱৰেখাৰ পৰা ১০ ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষৰেখাৰ মাজৰ অঞ্চলত বিৰাজ কৰে ।

ছ) কেম্প’চ ঘাঁহনি অঞ্চল কোন জলবায়ু অঞ্চলৰ অন্তগৰ্ত ? 

উত্তৰঃ- ছাভানা জলবায়ুৰ অন্তৰ্গত ।

জ) নাতিশীতোষ্ণ মৰু জলবায়ু অঞ্চলৰ অক্ষাংশ বিস্ত্তৃ উল্লেখ কৰা ।

উত্তৰঃ নাতিশীতোষ্ণ মৰু জলবায়ু বিষুৱৰ উত্তৰ আৰু দক্ষিণে ৩০ ডিগ্ৰী ৰ পৰা ৪০ ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ মধ্যভাগত পোৱা যায় । 

ঝ) চীনদেশীয় জলবায়ুক কি জলবায়ু বুলি কোৱা যায় ? 

উত্তৰঃ চীনদেশীয় জলবায়ুক নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু বুলি কোৱা হয়। 

ঞ) অনিয়মিত বতাহৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ পছোৱা বতাহ। 

ট) উষ্ণ বায়ুৰাশিৰজলীয় বাষ্প ধাৰণ ক্ষমতা কিয় বেছি ? 

উত্তৰঃ  সকলো ঠাইতে বা সকলো সময়তে বায়ুত জলীয়বাষ্পৰ পৰিমান একে নাথাকে। বায়ুৰ জলীয়বাষ্প ধাৰণ ক্ষমতা বায়ুৰ উত্তাপৰ ওপৰত নিৰ্ভৰ কৰে। 

ঠ) বায়ুমণ্ডলৰ নিম্নভাগত বায়ুৰ চাপ কিয় বেছি ? 

উত্তৰঃ বায়ু স্বাভাৱিকতে সংকোচনশীল আৰু সেইবাবেই তলৰ স্তৰৰ বায়ুখিনি বেছিকৈ সংকোচিত হৈ পৰে, ফলত ঘনত্ব বাঢ়ে। ঘনত্ব বাঢ়িলে চাপ বেছি হয়।