বতৰ, জলবায়ুৰ সৈতে প্ৰণীৰ অভিযোজন । অধ্যায় ৭ । Class 7 General Science Lesson 7 Question and Answer Assam | SCERT Class 7 G.Science Chapter 7 Solution | Assamese Medium Class VII Lesson 7 Answer | সপ্তম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৭ বতৰ, জলবায়ুৰ সৈতে প্ৰণীৰ অভিযোজন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

বতৰ, জলবায়ুৰ সৈতে প্ৰণীৰ অভিযোজন

১।  ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম লিখা।

উত্তৰঃ ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম হৈছে আদ্ৰতা, উষ্ণতা , বতাহৰ গতি, বৰষুণৰ পৰিমাণ, আদি ।

২। দিনটোৰ ভিতৰত কেতিয়া উচ্চতম আৰু নিম্নতম উষ্ণতা আশা কৰা যায়?

উত্তৰঃ দিনটোৰ ভিতৰত উচ্চতম উষ্ণতা আশা কৰা যায় পিছবেলা আৰু নিম্নতম উষ্ণতা হয় পুৱাৰ ভাগত।

৩) খালী ঠাই পূৰ কৰা।

ক) সুদীৰ্য সময় ধৰি লোৱা বতৰৰ গড়ক ____বোলে।

খ) এখন ঠাই য’ত বৰষুণৰ পৰিমাণ কম আৰু উষ্ণতা গোটেই বছৰ ধৰি বেছি ,সেই ঠাইৰ জলবায়ু_____আৰু_____।

গ) জলবায়ুৰ চৰম অৱস্থাত থকা পৃথিৱীৰ দুটা অঞ্চল হ’ল ___আৰু____।

উত্তৰঃ  ক) জলবায়ু ।

             খ) গৰম আৰু শুকান ।

    গ) মেৰু অঞ্চল আৰু বিষুৱ অঞ্চল ।

৪) তলৰ অঞ্চলবোৰৰ জলবায়ুৰ প্ৰকাৰ আভাস দিয়া-

ক) জম্মু আৰু কাশ্মীৰ__।

খ) কেৰেলা__।

গ) ৰাজস্থান__।

ঘ) উত্তৰ-পূৱ ভাৰত__।

উত্তৰঃ 

ক) মধ্যমীয়া গৰম আৰু সেমেকা ।

খ) গৰম সেমেকা ।

গ) গৰম আৰু শুকান ।

ঘ) সেমেকা ।

৫) বতৰ আৰু জলবায়ু এই দুটাৰ কোনটো সঘনে সলনি হয়?

উত্তৰঃ বতৰ সঘনে সলনি হয় ।

৬) তলত উল্লেখ কৰাবোৰ প্ৰাণীৰ কিছুমান বৈশিষ্টঃ

ক) খাদ্য হিচাপে সৰহ সময় ফলৰ ওপপৰত নিৰ্ভৰশীল।

খ) বগা নোমযুক্ত ছাল।

গ) প্ৰব্ৰজন হ’ব বিচাৰে।

ঘ) ডাঙৰ মাত।

ঙ) ভৰিৰ পতাত আঠাজাতীয় আৱৰণ।

চ) ছালৰ তলত চৰ্বীৰ তৰপ।

ছ) বহল আৰু ডাঙৰ হাতোৰা।

জ) উজ্বল ৰং।

ঝ) শক্তিশালী নেজ।

ঞ) দীঘল আৰু ডাঙৰ ঠোঁট।

প্ৰত্যেকটো বৈশিষ্ট্যৰ বাবে সিহতৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বাবে নে মেৰু অঞ্চলৰ বাবে তাক নিৰ্ণয় কৰা। তোমালোকে এই বৈশিষ্ট্যবোৰৰ কিছুমান দুয়োটা অঞ্চলৰ বাবে অভিযোজন হ’ব পাৰে বুলি ভাবানে?

উত্তৰঃ

ক) গ্ৰীষ্মমন্ডলীয় বৰ্ষাৰণ্য অঞ্চলত ।

খ) মেৰু অঞ্চলত।

গ) মেৰু অঞ্চলত ।

ঘ) গ্ৰীষ্মমন্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

ঙ) গ্ৰীষ্মমন্ডলীয় বৰ্ষাৰণ্য অঞ্চলত ।

চ)  মেৰু অঞ্চলত।

ছ) মেৰু অঞ্চলত ।

জ) মেৰু অঞ্চলত ।

‍ঝ) গ্ৰীষ্মমন্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

ঞ) গ্ৰীষ্মমন্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

৭।  গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্ৰাণী পোৱা যায়। কিয় এনে হয় বাখ্যা কৰা।

উত্তৰঃ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য় অঞ্চল সাধৰণতে গৰম হয়। এইবোৰ অঞ্চলত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। অধিক বৰষুণৰ ফলত এই অঞ্চলত বিভিন্ন ধৰণৰ উদ্ভিদ পোৱা যায়। বৰ্ষাৰণ্য় অঞ্চলৰ জলবায়ু বহু সংখ্য়ক আৰু বিভিন্ন প্ৰকাৰৰ প্ৰণীৰ বাবে উপযোগী। এই অঞ্চলত গছ-গছনি বেছি হোৱা বাবে ইয়াত আহাৰৰ পৰিমান বেছি গতিকে এই অঞ্চলবোৰত বৃহৎ সংখ্য়ক প্ৰাণী পোৱা যায়।

৮। কিয় আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অঞ্চলত পাওঁ। উদাহৰণসহ বৰ্ণনা কৰা।

উত্তৰঃ আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অঞ্চলত পাওঁ কাৰণ ঠাই ভেদে বিভিন্ন অঞ্চলত জলবায়ু বেলেগ বেলেগ। যদি এখন ঠাইৰ উষ্ণতা বেছিভাগ সময়ৰ বাবে বেছি থাকে, তেন্তে সেই ঠাইৰ জলবায়ু গৰম। যদি সেই ঠাইত বৰষুণৰ পৰিমাণো বেছি হয় তেন্তে সেই ঠাইৰ জলবায়ু গৰম আৰু সেমেকা।এনেকুৱা অঞ্চলত বৰষুনৰ কাৰণে বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণী পোৱা যায় কাৰণ এনেকুৱা অঞ্চলত প্ৰাণীৰ বাবে খাদ্য় অভাৱ নাথাকে।বৰ্ষাৰণ্য় অঞ্চলত বহু প্ৰাণী গছৰ ওপৰত বাস কৰাৰ অভ্য়স্ত্য় হয়। ৰঙা চকুৱা ভেকুলীৰ ভৰিৰ পতাত থকা আঠা জাতীয় পৰ্দাথৰ তৰপে এই প্ৰাণীবোৰক ইহঁতে বাস কৰা গছত বগাবলৈ সহায় কৰে। ঠিক তেনেদৰে বান্দৰবোৰৰ নেজ দীঘল আছে আৰু এই নেজে গছৰ ডালত সাৱটি ধৰাত সহায় কৰে।

মেৰু অঞ্চল অতিশয় শীতল। এই অঞ্চলসমূহ বৰফে আৱৰি থাকে। এনে চৰম অৱস্থাত বাস কৰাৰ বাবে তাৰ প্ৰাণীবোৰে নিজকে খাপ খুৱাই লয়। উদাহৰণস্বৰূপে- বগা ভালুকৰ নোমাল ছাল বোৰ বগা,সেয়ে সিঁহতক বগা বৰফৰ পশ্চাদভূমিত সহজে দেখা পোৱা নাযায় ইয়ে সিহঁতক হিংস প্ৰাণীৰ পৰা ৰক্ষা কৰে আৰু চিকাৰ ধৰাতো সহায় হয়। অতিশয় ঠাণ্ডাৰ পৰা ৰক্ষা পাবৰ বাবে সিহঁতৰ দেহত দুই তৰপীয়া নোম থাকে আৰু সিহঁতৰ ছালৰ তলত চৰ্বিৰ এটা তৰপো থাকে। গৰমৰ দিনত কাম কাজ কৰিবৰ বাবে ঠাণ্ডাৰ প্ৰয়োজন সেয়েহে বগা ভালুকে সাঁতুৰিবলৈ যায় ইহঁত সাঁতোৰাত বৰ পাৰ্গত, ইহঁতৰ হাতোৰাবোৰ বহল আৰু ডাঙৰ,সেয়ে সাঁতোৰা কাৰ্যত সহায় কৰাৰ উপৰিও বৰফত খোজ কাঢ়িবলৈও সহায় কৰে। প্ৰাণীবোৰে জীয়াই থাকিবলৈ নিজকে পৰিৱেশৰ লগত খাপ খুৱাই লয়। অতি ঠাণ্ডা আৰু অতি গৰমৰ ঠাইত বাস কৰা প্ৰাণীবোৰে নিজকে অভ্য়ন্ত ঠাণ্ডা আৰু গৰমৰ পৰা ৰক্ষা কৰিবলৈ কিছুমান বৈশিষ্ট আহৰণ কৰে। প্ৰাণীবোৰে সিহঁতৰ চাৰিওফালৰ পৰিবেশৰ লগত খাপ খুওৱাত যিবোৰ বৈশিষ্ট আৰু আচৰণে সহায় কৰে সেইবোৰ জৈৱ-বিৱৰ্তন প্ৰক্ৰিয়াৰ ফল। গতিকে সকলো ধৰণৰ প্ৰাণী সকলো অঞ্চলত পোৱা নাযায়। ঠাই ভেদে প্ৰাণীৰ আকাৰ আকৃতি খাদ্য় গ্ৰহণৰ প্ৰক্ৰিয়া বেলেগ বেলেগ।

৯। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে কেনেদৰে নিজকে অভ্যস্ত কৰে?

উত্তৰঃ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য় অঞ্চলত বাস কৰা হাতীয়ে একাধিক অভিনৱ উপায়েৰে বৰ্ষাৰণ্য় অঞ্চলৰ জলবায়ুৰ লগত নিজকে খাপ খুৱাই লয। সিহঁতে শুঁৰডালক নাকৰ দৰে ব্য়ৱহাৰ কৰে, যাৰ বাবে হাতীৰ ঘ্ৰাণ শক্তি সবল। শুঁৰডালক আহাৰ সংগ্ৰহ কৰাত ব্য়ৱহাৰ কৰে। সিঁহতৰ মুখৰপৰা বাহিৰলৈ ওলোৱা দাঁতবোৰ ৰূপান্তৰিত দাঁত। এইবোৰেৰে হাতীয়ে খাই ভাল পোৱা গছৰ বাকলি ছিঙিব পাৰি। সেয়ে হাতীয়ে খাদ্য়ৰ বাবে হোৱা প্ৰতিযোগিতা সহজে প্ৰতিহত কৰিব পাৰে। হাতীৰ কাণ ডাঙৰ হোৱা বাবে অতি সৰু শব্দও শুনিব পাৰে। কাণ দুখনে হাতীক গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য় অঞ্চলত গৰম আৰু আৰ্দ্ৰ জলবায়ুত শৰীৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে।

তলত দিয়া প্রশ্নবোৰৰ পৰা কোনটো শুদ্ধ উত্তৰ বাছি উলিওৱা:

১০। শৰীৰত আঁচ টনা মাংসহাৰী প্ৰাণী এটাই যেতিয়া খাদ্যৰ বাবে চিকাৰ কৰে তেতিয়া বৰ খৰকৈ গতি কৰে । ইয়াক পোৱা যায়।

ক। মেৰু অঞ্চলত ।

খ। মৰুভূমিত ।

গ। সাগৰত।

ঘ।গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

উত্তৰঃ (ঘ) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য় অঞ্চলত ।

১১। বগা ভালুকে অত্যন্ত ঠাণ্ডা জলবায়ুত বাস‌ কৰিব ৰ বাবে কি বৈশিষ্ট্যৰে অভ্যস্ত হয়?

ক। বগা নোমাল ছাল ,ছালৰ তলৰ চৰ্বী, তীক্ষ্ণ ঘ্ৰাণ শক্তি।

খ। পাতল ছাল, ডাঙৰ চকু, বগা নোমাল ছাল।

গ। এডাল দীঘল নেজ, তীক্ষ্ণ আকোৰা নখ ,বগা ডাঙৰ হাতোৰা।

ঘ। বগা শৰীৰ , সাতুৰিবলৈ হাতোৰা , উশাহ-নিশাহৰ ফুল।

উত্তৰঃ (ক) বগা নোমাল ছাল, ছালৰ তলৰ চৰ্বী, তীক্ষ্ণ ঘ্ৰাণ শক্তি।

১২। গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ বৰ্ণনা দিবৰ বাবে আটাইতকৈ কোনটো ভাল?

ক। গৰম আৰু আৰ্দ্ৰ।

খ। মধ্যমীয়া উঞ্চতা , প্ৰচুৰ বৃষ্টিপাত ।

গ। ঠাণ্ডা, আৰু আৰ্দ্ৰ।

ঘ। গৰম আৰু শুকান।

উত্তৰঃ (ক) গৰম আৰু আৰ্দ্ৰ ।