বস্তু বিজ্ঞান অধ্যয়ন । অধ্যায় ৭ । Class 8 Assamese Lesson 7 Question and Answer | SCERT Class 8 Assamese Chapter 7 Solution | অষ্টম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ৭ বস্তু বিজ্ঞান অধ্যয়ন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

বস্তু বিজ্ঞান অধ্যয়ন 

1. উত্তৰ দিয়া ।

(ক) বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল ? 

উত্তৰ :– বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল ।

(খ) বিজ্ঞানৰ বলত মানুহে কেনে ধৰণৰ কাম কৰিবলৈ ধৰিছে ? 

উত্তৰ :- বিজ্ঞানৰ বলত মানুহে অদ্ভুত অদ্ভুত ধৰণৰ কাম কৰিবলৈ ধৰিছে ।

(গ) বিজ্ঞান চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে ?

উত্তৰ :- বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰে ।

(ঘ) উদ্গতি পথত কিহে বাধা দিয়ে ? 

উত্তৰ :- উদগতি পথত কু-সংস্কায়ে বাধা দিয়ে ।

(ঙ) ধনগুলৈক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে ? 

উত্তৰ: :- ধনগুলৈক পেটৰ মায়া বুলি মানুহে বিশ্বাস কৰে ।

(চ) হাতীয়ে গা লৰালে কি হয় বুলি ভাবে ?

উত্তৰ :- হাতীয়ে গা-লৰালে ভূমিকম্প হয় বুলি ভাবে ।

(ছ) বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায় ? 

উত্তৰ :- বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায়।

প্ৰশ্ন 2 :–  *ধনগুলৈ* কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা ।

উত্তৰ :- পানী-কাষৰীয়া ঠাইত গধুলি মলুয়ন বস্তুৰ ভাপ ওলায়, সেই ভাপ বাজৰ পৰিষ্কাৰ বায়ুত পৰিলে জ্বলি উঠে এনেদৰে ধনগুলৈ উৎপত্তি হয় ।

3 . *প্ৰতিধ্বনি* কেনেকৈ হয় চমুকৈ লিখা । 

উত্তৰ:- আমাৰ সন্মুখত নানা ৰকম ঘটনা ঘটে । যেনে- ঢোলত কোব মাৰিলে শব্দ উঠে, হাবিয়নিত চিঞৰিলে এনেদৰে প্ৰতিধ্বনি হয় ।

4 . কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয় ?

উত্তৰ :- বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। ইয়াৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে। ৰে’ল, জাহাজ, টেলিগ্ৰাফ, ফটোগ্ৰাফ, ফনোগ্ৰাফ, টেলিফোন, গ্ৰমোফন, অনুবীক্ষণ, দূৰৱীক্ষণ, সম্প্ৰতি ওলোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকমৰ চিকিৎসাৰ প্ৰণালী এই আটাইবিলাক বিজ্ঞান চৰ্চাৰ ফল। বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ব ভেদ কৰিব পাৰি, অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰমূল কাৰণ জানিব পাৰি। সেইবাবে বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়।

5 . বিজ্ঞানবিদ সকলে শব্দ তত্ব নিৰূপণ কৰি কি কি আৱিষ্কাৰ কৰিছে ?

উত্তৰ :– বিজ্ঞানবিদ সকলে শব্দ তত্ত্ব নিৰূপণ কৰি টেলিফোনোৰে এঠাইৰ শব্দ আনঠাইলৈ চলাব পাৰিছে, আৰু শব্দ ধৰি ফনোগ্ৰাফ, গ্ৰামোফন আদি যন্ত্ৰ সাজিছে।

6. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ।

(ক) কু-সংস্কাৰ উদগতি পথৰ এটা বাধা।

উত্তৰ:-এই কথাফাকিঁ আমাৰ পাঠ্যপুথি ‘বস্তু বিজ্ঞান অধ্যয়ন’ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

মানুহৰ মাজত চলি অহা সকলোবোৰ কথাই যে সঁচা নহয়, বিজ্ঞানে তাৰ সঁচা মিছা প্ৰমাণ কৰিব পাৰে এই কথা ক’বলৈ যাওঁতে এই কথা ফাকিঁ উল্লেখ কৰা হৈছে।

প্ৰাচীন কালৰ পৰা মানুহেই মিছা কথা কিছুমান সঁচা বুলি বিশ্বাস কৰি আহিছে। এইবোৰকে কু-সংস্কাৰ বোলে। এনেধৰণৰ কু-সংস্কাৰে জাতিৰ উদ্গতি পথ আৰু ব্যক্তিৰ কু-সংস্কাৰে ব্যক্তিগত উদ্গতি পথত বাধা দি আহিছে। এই কু-সংস্কাৰবোৰ আতঁৰাবলৈ বিজ্ঞানে অহৰহ চেষ্টা কৰি আহিছে। কাৰণ বিজ্ঞানে কু-সংস্কাৰ নিৰূপন কৰি মানুহৰ ডাঙৰ উপকাৰ সাধন কৰে।

(খ) বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল।

উত্তৰ:- বাখ্যেয় কথাষাৰ আমাৰ পাঠ্য়পুথি অংকুৰণৰ পৰা সত্যনাথ বৰাদেৱৰ দ্বাৰা বিৰচিত ‘বস্তু বিজ্ঞান অধ্যয়ন’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

আমি বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰি যে সকলো জ্ঞীন আহৰণ কৰিব পাৰো তাকে লেখকে এই কথাষাৰৰ দ্বাৰা বুজাব বিচাৰিছে।

বিজ্ঞান শাস্ত্ৰ অধ্যযন কৰিলেহে আমি প্ৰকৃত জ্ঞান পাব পাৰো। বিজ্ঞান অধ্যয়নৰ দ্বাৰা মানুহে নিতে নতুন নতুন বস্তুসমুহ উদ্ভাৱন কৰিব পাৰিছে। বিজ্ঞানৰ দ্বাৰাই যিহেতু প্ৰকৃতিত ঘটি থকা প্ৰকৃত কাৰণবোৰ জানিব পাৰি সেয়েহে তাৰে আত ধৰি বিজ্ঞানীসকলে নতুন নতুন বস্তু উদ্ভাৱন কৰিব পাৰিছে। এই বিশাল বিশ্বজগতৰ যিকোনো কথা বা যিকোনো ঘটনা বিষয়ে জানিবলৈ হ’লে আমি বিজ্ঞান চৰ্চা কৰিবই লাগিব। যেনেকৈ মানুহে পথাৰৰ পৰা শস্য চপায় ভৰাঁলত জমা কৰি থয় থিক তেনেদৰে ভিজ্ঞান শাস্ত্ৰটো সকনো জ্ঞান সঞ্চিত কৰি ৰখা হয়। মাত্ৰ তাক আমি অধ্যয়ন কৰিলেই সকলো জ্ঞান অধ্যয়ন কৰিব পাৰো।

(গ) মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল।

উত্তৰ:- উক্ত বাক্যফাঁকি আমাৰ পাঠ্যপুথি অংকুৰণৰ সত্য়নাথ বৰাদেৱৰ দ্বাৰা বিৰচিত ‘বস্তু বিজ্ঞান অধ্য়য়ন’ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

কেৱল বিজ্ঞান চৰ্চাৰ ফলতহে যে আজিৰ সভ্যতা সৃষ্টি হৈছে সেই কথা বুজাবলৈকে লেখকে উক্ত কথাষাৰ উল্লেখ কৰিছে।

গুহাত বাস কৰা আদিম মানুহে ক্ৰমবিৱৰ্তনৰ বহুতো পাৰ হৈ আজিৰ অৱস্থাত উপনীত হৈছেহি। যেতিয়া তেওলোকে বিজ্ঞানৰ প্ৰথমটো ঢাপত ভৰি দিলে তেতিয়াৰ পৰাই মানুহে উত্তৰণৰ পথত ভৰি দিলে। যেতিয়াৰ পৰা মানুহে বিজ্ঞানৰ জৰিয়তে বিভিন্ন প্ৰাকৃতিক কাৰণবোৰৰ আগত থকা তত্ববোৰৰ আৰঁত থকা কাৰণবোৰ জানিব পাৰিলে তেতিয়াৰ পৰাই বিজ্ঞানীসকলে নতুন নতুন বস্তুৰ আৱিষ্কাৰ তথা উদ্ভাৱন কৰিলে। আজিৰ মানুহৰ জীৱনৰ প্ৰতিটো খোজতে বিজ্ঞানৰ এই অৱদান সমূহৰ প্ৰয়োগ অপৰিহাৰ্য। সেয়ে– চিকিৎসা বিভাগ, প্ৰতিৰক্ষা বিভাগ, শিক্ষা-সংস্কৃতি বিভাগ, যাতায়ত পৰিবহন ব্যৱস্থা, কৃষি শিল্প, দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীকে ধৰি সকলোবোৰতে বিজ্ঞানে আৱিষ্কাৰ কৰা বস্তুসমুহৰ প্ৰয়োগ হয়। গতিকে লেখকে কোৱাৰ দৰে সমগ্ৰ মনুষ্য জাতিৰ বৰ্তমান সভ্যতাটোৱেই বিজ্ঞান চৰ্চাৰ ফল।

( ঘ ) সকলোৰে কিঞ্চিত কিঞ্চিত তেহে এটাৰ সমুচিত ।

উত্তৰ :– উক্ত বাক্যফাঁকি আমাৰ পাঠ্যপুথি সত্যনাথ বৰাদেৱৰ দ্বাৰা বিৰচিত ‘বস্তু বিজ্ঞান অধ্যয়ন’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

বিজ্ঞানৰ অনেক বিভাগ আছে, আৰু আমাৰ তাৰে সকলোবোৰৰে সামান্য হ’লেও জ্ঞান থকা উচিত- এই কথাষাৰ বুজাবলৈ উক্ত বাক্যফাঁকি উল্লেখ কৰা হৈছে।

বিজ্ঞান শাস্ত্ৰ নানা বিধ আছে, সকলো বিধৰ জ্ঞান লাভ কৰা বৰ দুষ্কৰ কথা, সেই দেখি মানুহে এবিধ বিজ্ঞানৰ মাথো চৰ্চা কৰে । আগৰ বিজ্ঞানবিদ্ পণ্ডিতসকলৰ একোজনে একোটা বিষয়ৰ বিজ্ঞান হে চৰ্চা কৰিছিল। কিন্ত এটা বিষয়ৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ সকলো বিষয়ৰ অলপ অলপ জানিব লাগে, সকলোৰে কিঞ্চিৎ কিঞ্চিৎ তেহে এটাৰ সমুচিত। এতেকে আগেয়ে সকলো বিষয়ৰ অলপ অলপ জ্ঞান গোটাই লৈ, পাছত এক বিষয়ত ভালকৈ লাগিব লাগে।

৭। বহলাই লিখা

(ক) পাঠৰ আমলত কু-সংস্কাৰৰ দৃষ্টান্ত কেইটামান উল্লেখ কৰা আৰু কি কৰিলে সমাজৰ পৰা কু-সংস্কাৰবোৰ দূৰ কৰিব পৰি লিখা।

উত্তৰঃ পাঠত উল্লেখ কৰিছে যে বহুতো চহা মানুহে ধনগুলৈক প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে।আৰু কিছুমান মানুহে পৃথিৱীখন হাতীৰ পিঠিত থকা বুলি বিশ্বাস কৰে আৰু ভাৱে সেই হাতীয়ে গা লৰালে ভূমিকম্প হয়। ইয়াতকৈও গুৰুত্ব বিষয়ত মানুহৰ কু-সংস্কাৰ আছে।

  ইয়াৰে এটা দৃষ্টান্ত হ’ল আগৰদিনৰ কিছুমানৰ মাজত থকা সতীদাহ প্ৰথা কু-প্ৰথা। বিজ্ঞান শিক্ষা লাভ কৰিলে সমাজৰ পৰা এই কু-সংস্কাৰবোৰ দূৰ কৰিব পাৰি। বিজ্ঞানে মানুহৰ মনত জ্ঞান জন্মায় আৰু ইয়াৰ দ্বাৰা সঁচা-মিছা ভাল-বেয়া ন্যায়-অন্যায় বুজিব পাৰি ।

(খ) ‘বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয়’- যুক্তিৰে তোমাৰ মতামত দাঙি ধৰা।

উত্তৰঃ বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয়- এই কাৰণেই যে ইয়াক অধ্যয়ন কৰিলে প্ৰকৃতিৰ গুপ্ত তত্বভেগ কৰিব পাৰি, অথাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণবোৰ জানিব পাৰি।