ভয় । অধ্যায় ৯ । Class 8 Assamese Chapter 8 Question and Answer | SCERT Class 8 Assamese Chapter 8 Solution | অষ্টম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ৯ ভয় পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

পাঠ ৯

ভয় 

১। উত্তৰ দিয়াঃ
ক) ৰবীনৰ চৌবিশ ঘণ্টাৰ লগৰীয়া কোন ? 

উত্তৰঃ ৰবীনৰ চৌবিশ ঘণ্টাৰ লগৰীয়া ‘ভয়’ ।  

খ) ৰবীনৰ পৰীবাৰৰ নাম কি? 

উত্তৰঃ ৰবীনৰ পৰীবাৰৰ নাম হ’ল ৰমলা ।  

গ) ফুটবল খেলি থাকোঁতে কোন ঢুকাল ? 

উত্তৰঃ ফুটবল খেলি থাকোঁতে সত্য খুৰাৰ ল’ৰাজন ঢুকাল ।

ঘ) ৰবীন কেইটা সন্তানৰ পিতৃ? 

উত্তৰঃ ৰবীন দুটা সন্তানৰ পিতৃ আছিল ।

ঙ) জহীৰুদ্দিনৰ পেচা কি ? 

উত্তৰঃজহীৰুদ্দিনৰ পেচা হ’ল ওকালতি ।

চ) ফুৰিবলৈ ওলালে ৰবীনৰ কাৰ লগত তৰ্কাতৰ্কি হয় ? 

উত্তৰঃ ফুৰিবলৈ ওলালে ৰবীনৰ পৰিবাৰ ৰমলাৰ লগত তৰ্কাতৰ্কি হয় ।

ছ) পোনাহঁতে কি বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে ? 

উত্তৰঃ পোনাহঁতে কাঠৰ বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে ।

জ) অফিচৰ কাম- কাজত ৰবীনে কিয় মন দিব নোৱাৰে? 

উত্তৰঃ অনবৰতে ভয় লাগি থকাৰ বাবে অফিচৰ কাম-কাজত ৰবীনে মন দিব নোৱাৰে ।

প্ৰশ্ন নং -৩। চমু উত্তৰ দিয়াঃ

ক) কেনেকুৱা কথাই ৰবীনৰ মনত ভয়ৰ সৃষ্টি কৰে ? 

উত্তৰঃ ৰবীনৰ মনত ভয়ৰ সৃষ্টি কাৰণ হ’ল- বাটৰে গৈ থাকোঁতে কিবা বিপদ হ’ব বুলি । সিদিনা চাহ দোকানত ট্ৰাক এখন সোমাই দুজন মানুহ মাৰিলে । ফুটবল খেলি থাকোঁতে সত্য খুৰাৰ ল’ৰাজন ঢুকাল । কাঠৰ বলেৰে পোনাহঁতে ক্ৰিকেট খেলিবৰ ধৰিছে । যদি সিহঁতৰ কিবা বিপদ হয় । পোনাহঁতে স্কুলৰ পৰা আহোঁতে যদি আপোন পাহৰা হৈ যায় । এনেকুৱা কথাই ৰবীনৰ মনত ভয়ৰ সৃষ্টি কৰে ।

খ) এদিন আবেলি অফিচৰ পৰা আহি ৰবীন ৰ কিয় খং উঠিছিল ? 

উত্তৰঃ এদিন আবেলি অফিচৰ পৰা আহি ৰবীনে দেখিলে যে ঘৰৰ সমুখৰ দুৱাৰখন খোলা । সৰু ছোৱালীজনী অকলে বাৰান্দাত আছে । অকলে ছোৱালীজনীক বাৰান্দাত দেখি ৰবীনৰ খং উঠিছিল ।

গ) মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি কলৈ যাবলৈ ওলাইছিল ? তেওঁ ওলাই যোৱাৰ কাৰণ কি? 

উত্তৰঃ মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি জহীৰুদ্দিনৰ ঘৰলৈ যাব ওলাইছিল । তেওঁ ওলাই যোৱাৰ কাৰণটো হ’ল- ভিন ঠাইৰ মানুহে জহীৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছে ।

ঘ) গল্পটো পঢ়ি ৰবীন আৰু ৰমলা ৰ চিন্তাৰ মাজত ক’ত পাৰ্থক্য পাইছা? 

উত্তৰঃ 

প্ৰশ্ন নং ৪. কোনে, কাক,  কেতিয়া কৈছিল লিখা : 

ক) “ইমান ভয়াতুৰ মানুহ ম‌ই জীৱনত দেখা নাই” । 

উত্তৰঃ ৰমলাই ৰবীনক কৈছে । অফিচত কাম কৰি থাকোঁতে হঠাতে ৰবীনৰ বুকুখন ধৰফৰাই উঠে । যদি পোনাহঁতে স্কুলৰ পৰা আহোঁতে অন্যমনস্ক হৈ পৰে আৰু ৰবীনে অফিচ পৰা আহি দেখিলে ছোৱালীজনী অকলে বাৰান্দাত দেখা পায় ৰবীনৰ খং উঠিল তেতিয়াই ৰমলাই খংতে ক’লে ”ইমান ভয়াতুৰ মানুহ মই জীৱনত দেখা নাই” ।

খ) “হেৰা শুনিছা? কোনোবাই চিঞৰা যেন লাগিছে ।” 

উত্তৰঃ ৰবীনে ৰমলাক কৈছে । কোলাহল জহীৰুদ্দিনৰ এই চুবুৰীত ঘৰভাৰা লৈ থাকে । চুবুৰীৰ সকলোৰে লগত ভাল । ভিন ঠাইৰ মানুহে জহীৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছে । কথাষাৰ তেতিয়া কৈছিল ।  

গ) ‘ আজি মই তাৰ লৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগলে কালিলৈ মোৰ লৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব ?’

উত্তৰঃ 

প্ৰশ্ন নং ৫ দফাটো পঢ়া আৰু তাৰ লগত সংগতি ৰাখি প্ৰশ্ন যুগুত কৰা।’কোলাহল জহীৰুদ্দিনৰ ঘৰৰ পৰা নহয় জানো? জহীৰুদ্দিনে এই চুবুৰীত ঘৰভাৰা লৈ থাকে, ওকালতি কৰে। ভদ্ৰ আৰু বিননয়ী ডেকা। চুবুৰীৰ সকলোৰে লগত বাল। ভিন ঠাইৰ মানুহে জহীৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছে নেকি?’

প্ৰশ্ন নং ৬ । তলৰ বাক্য শাৰীৰ অৰ্থ বুজায় লিখাঃ

ক। ‘উচ্ছৃংখল  জনতা দাৱানলৰ দৰে ।’ 

উত্তৰঃ 

খ।  ‘দাবানল সৃষ্টি কৰা ৰ কাৰণে ফিৰিঙতি এটা ই যথেষ্ট । ‘ 

উত্তৰঃ

গ। ‘ বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা , বিভিন্ন সম্প্ৰদায়ৰ, কিমান জাতি আৰু উপজাতি! অসংখ্য খণ্ডিত সত্তাৰ এয়েই অমোঘ পৰিণতি ।’ 

উত্তৰঃ 

৭। ‘ভয়’ গল্পটোৰ পৰা তোমাৰ জীৱনৰ কাৰণে প্ৰয়োজনীয় কি কি কথা শিকিলা লিখা।

উত্তৰঃ

প্ৰশ্ন নং ৮ । তলৰ শব্দ বোৰেৰে একোটা কৈ বাক্য গঠন কৰাঃ

আওহতীয়াঃ সন্তৰ্পনে: লানি নিছিগা: অন্যমনষ্ক: অমোঘ: উচ্ছৃংখল: দাৱানল: ছাৰখাৰ: উৎকৰ্ন:

প্ৰশ্ন নং ৯ তলত দিয়া দফাটো য তি  চিন ব্যৱহাৰ কৰি পুনৰ লিখা । 

উত্তৰঃ 

প্ৰশ্ন নং 10ঃ তলৰ আচ টনা শব্দ বিলাকত কি কি বিভক্তি যুক্ত হৈছে লিখা :

ক. নর্দমালৈ নামি গলেহে হব ।

উত্তৰঃ নৰ্দমা + লৈ (চতুৰ্থী বিভক্তি)

খ. কিছুদিনৰ পৰা পো মাহঁতেও ক্ৰিকেট খেলত ধৰিছে ।

উত্তৰঃ কিছুদিনৰ +পৰা  পৰা (পঞ্চমী বিভক্তি) 

গ. অফিচত কাম কৰি থাকিও হঠাতে ৰবিনৰ বুকু খন ধৰফৰাই উঠে । 

উত্তৰঃঅফিচ+ত ( সপ্তমী বিভক্তি )

ঘ. আজি মই তাৰ লৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগলে কালিলৈ মোৰ কৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব ।

উত্তৰঃ ল’ৰা ছোৱালী+ক (দ্বিতীয়া বিভক্তি) কৰিব+লৈ (চতুৰ্থী বিভক্তি)

প্ৰশ্ন নং ১১।

ভাৱ বহলাই লিখা : 

ক) অতিমাত্ৰা সকলোৰে বেয়া । 

উত্তৰঃসকলো বস্তুৰে অতিমাত্ৰা আমাৰ কাৰণে বেয়া। যি ধন সম্পত্তি, মৰম আদৰ, খং আবেগ যিয়েই নহওঁক লাগে। অতি মাত্ৰা ধন-সম্প্ৰতিয়ে মানুহক অহংকাৰী কৰে। আনহাতে অতিমাত্ৰা মৰম চেনেহেও ল’ৰা-ছোৱালীক বিপথে পৰিচালিত কৰে। সেয়েহে সকলো বস্তুৱেই পৰিমিত হাৰত হ’ব লাগে।

খ) ফিৰিঙতি ৰ পৰা খাণ্ডবদাহ হয় । 

উত্তৰঃ  সৰু একোটা ভুল বুজা বুজিৰ পৰাই একো একোটা ডাঙৰ ঘটনা হব পাৰে। প্ৰায় দেখা যাই যে সৰু সৰু একোটা ঘটনাৰ পৰাই সমাজত ডাঙৰ বিশৃংখলতাৰ সৃষ্টি হয়। 

প্ৰশ্ন নং ১২ : তলত দিয়া শব্দবিলাকৰ সন্ধি  ভাঙা আৰু পাতা।

ভাবাবেগ, পৰীক্ষা, নিশব্ধ, ভয়াটোৰ, যথেষ্ট

উত্তৰ:- ভাবাৱেগ     –     ভাৱ     +     আবেগ 

পৰীক্ষা        –     পৰি     +     ইক্ষা

  নিশব্ধ         –      নিঃ     +      শব্দ

  ভয়াটোৰ     –      ভয়     +     আতুৰ

  যথেষ্ট          –      যথ     +      অষ্ট

খ)উৎ + শৃংখল, উৎ + শ্বাস, সম্+মুখ, নিঃ + চিন্ত, শিৰঃ + ছেদ

উত্তৰ:- উৎ + শৃংখল = উচ্ছৃংখল

উৎ + শ্বাস = উৎশাস

সম্ + মুখ = সন্মুখ

নিঃ + চিন্ত = নিশ্চিন্ত

শিৰঃ + ছেদ = শিৰচ্ছেদ

প্ৰশ্ন নং ১৩।

(ক) সাধুকথা আৰু চুটিগল্পৰ মাজত থকা পাৰ্থক্য লিখা ।

উত্তৰঃ সাধুকথা আৰু চুটিগল্পৰ মাজত পাথক্য হ’ল-

ক)সাধুকথা কাল্পনিক আৰু আলৌকিক। আনহাতে, চুটিগল্পৰ বাস্তৱ জীৱনৰ প্ৰতিফলন।

খ) সাধুৰ পৰিসৰ বিস্তৃত। আনহাতে, হ্ৰস্বতা চুটিগল্পৰ প্ৰধান লক্ষণ।

খ) সাধুকথা ৰ বৈশিষ্ট বোৰ লিখা । 

উত্তৰঃ সাধু কথাৰ বৈশিষ্টবোৰ হ’ল-

১) সাধু কথা কাল্পনিক আৰু অলৌকিক।

২) সাধুৰ পৰিসৰ বিস্তৃত।

৩) সাধুৰ ভাযা সহজ-সৰল আৰু মন পৰশা।

৪) সাধুত বাস্তৱ জীৱনৰ প্ৰতিফলন নঘটে।

গ) চুটিগল্পৰ বৈশিষ্ট সমূহ লিখা । 

উত্তৰঃচুটিগল্পৰ বৈশিষ্টসমূহ হ’ল-

১) চুটিগল্পৰ আধুনিক যুগৰ সৃষ্টি।

২) চুটিগল্প বাস্তৱ জীৱনৰ প্ৰতিফলন।

৩) চুটিগল্পৰ বিষয়বস্তুৰ পৰিসৰ সীমিত।

৪) হ্ৰস্বতা চুটিগল্পৰ প্ৰধান লক্ষণ।

ঘ) অসমীয়া চুটিগল্পৰ জনক কোন ? 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটি গল্পৰ জনক ।

ঙ) শীলভদ্ৰৰ প্ৰকৃত নাম কি ? 

উত্তৰঃ শীলভদ্ৰ’ৰ প্ৰকৃত নাম ৰেৱতীমোহন দত্ত চৌধুৰী ।

চ) তেখেতৰ জন্ম কত হৈছিল ? 

উত্তৰঃ তেখেতৰ ১৯২৩ চনত অবিভক্ত গোৱালপাৰা জিলাৰ গৌৰীপুৰত জন্মগ্ৰহণ কৰিছিল ।

ছ) শীলভদ্ৰই কোনখন গল্পসংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে ? 

উত্তৰঃ ১১৯৯৪ চনত ‘মধুপুৰ বহুদূৰ’ গল্প সংকলনখনৰ বাবে শীলভদ্ৰই সাহিত্য অকাদেমি বঁটা লাভ কৰে ।

জ) শীলভদ্ৰই কোন চনত মৃত্যু হৈছিল? 

উত্তৰঃ শীলভদ্ৰই ২০০৮ চনৰ ২৯ ফেব্ৰুৱাৰীত শীলভদ্ৰৰ দেহাৱসান ঘটে ।