ভাৰতবৰ্ষৰ ভূগোল । অধ্যায় ৩ । Class 9 Social Science Geography Lesson 3 Question and Answer Assam | SEBA Class 9 Social Science Geography Chapter 3 Solution | নৱম মান শ্ৰেণীৰ সমাজ বিজ্ঞান ভূগোল অধ্যায় ৩ ভাৰতবৰ্ষৰ ভূগোল পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

ভাৰতবৰ্ষৰ ভূগোল

১) ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা।

উত্তৰঃ এচিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। এই মহাদেশৰ দক্ষিণাংশত ভাৰতবৰ্ষ অৱস্থিত। ইয়াৰ উত্তৰে সু-উচ্চ হিমালয় পৰ্বতমালা আৰু চীন দেশ, দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা, পূবে বংঙ্গোপসাগৰ আৰু ম্যানমাৰ আৰু পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তান। ভাৰতৰ ভূ-খণ্ড উত্তৰা- দক্ষিণাকৈ কাশ্মীৰৰ পৰা কুমাৰিকালৈ আৰু পূবা- পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে বিস্তৃত । এই দেশে ৮°৪২৮’ উত্তৰৰ পৰা ৩৭০°১৭’ ৫৩” উত্তৰ অক্ষৰেখা আৰু ৬৮°৭’ ৩৩” পূবৰ পৰা ৯৭°২৪’ ৪৭” পূব দ্ৰাঘিমাৰেখাৰ মাজত অৱস্থিত। ২৩°৩০’ উত্তৰ অক্ষৰেখা বা কৰ্কটক্ৰান্তি ৰেখা ভাৰতৰ সোঁমাজেদি গৈছে। এই ৰেখাই দেশখনক উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত বিভক্ত কৰিছে। ইয়াৰে দক্ষিণৰ ভাগটো পূবে বংগোপসাগৰ আৰু পশ্চিমে আৰৱ সাগৰৰ মাজত অৱস্থিত।

২)ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান?

উত্তৰঃ  ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৬,১০০ কিলোমিটাৰ।

৩) ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান?

উত্তৰঃ ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে ১৫,২০০ কিলোমিটাৰ ।

৪) ভাৰতৰ ভূখণ্ড সম্পৰ্কে এটি চমুটোকা লিখা।

উত্তৰঃ উত্তৰা- দক্ষিণাকৈ ভাৰতবৰ্ষৰ ভূ-খণ্ড প্ৰায় ৩,২১৪ কিলোমিটাৰ আৰু পূবা- পশ্চিমাকৈ প্ৰায় ২,৯৩৩ কিলোমিটাৰ বিস্তৃত। পূবে বংঙ্গোপসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূ-ভাগে প্ৰায় ৬,১০০ কিলিমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে। এই উপকূল অঞ্চলতে ভালেমান বন্দৰ গঢ়ি উঠিছে। সুদীৰ্ঘ উপকূল ৰেখাৰ নিচিনাকৈ ভাৰতৰ ভূ- খণ্ডই ইয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে স্থল ভাগেৰেও সীমাৰেখাৰ সৃষ্টি কৰিছে। পশ্চিমে পাকিস্তান, উত্তৰে চীন, নেপাল আৰু ভূটান, পূবে চীন, দক্ষিণ- পূবত ম্যানমাৰ আৰু বাংলাদেশৰ লগত ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে ১৫,২০০ কিলোমিটাৰ।

৫) উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পাৰ্থক্য লিখা।

উত্তৰঃ ১) উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চগতি, মধ্যগতি আৰু নিম্নগতি – এই তিনিটা গতি স্পষ্টকৈ চকুত পৰে, কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ ক্ষেত্ৰত এই তিনিটা গতি স্পষ্টকৈ দেখা নাযায়।

২)উত্তৰ ভাৰতৰ নদীবোৰ নব্য হোৱাৰ কাৰণে এইবোৰৰ পাৰত বহুতো ডাঙৰ চহৰ- নগৰ গঢ়ি উঠিছে। আনহাতে দক্ষিণ ভাৰতৰ নদীবিলাক নব্য নহয় কাৰণে এই বিলাকৰ পাৰত ডাঙৰ চহৰ- নগৰ তেনেদৰে গঢ়ি উঠা নাই।

৩)উত্তৰ ভাৰতৰ নদী- অৱবাহিকাসমূহ পলসুৱা আৰু সাৰুৱা হোৱাৰ বাবে ঘন বসতিপূৰ্ণ, কিন্তু দক্ষিণ ভাৰতৰ নদী অৱবাহিকাসমূহ সিমান সাৰুৱা নহয়। সেয়ে তাত জনবসতি সেৰেঙা হোৱা দেখা যায়।

৪) উত্তৰ ভাৰতৰ নদীবিলাকৰ দৈৰ্ঘ্য বেছি আৰু ইহঁতৰ মোহনাত বিস্তৃত ব- দ্বীপ অঞ্চলৰ সৃষ্টি হৈছে। কিন্তু দক্ষিণ ভাৰতৰ নদীবিলাক তুলনামূলকভাৱে ছুটি আৰু ইহঁতৰ কিছুমানৰ মোহনা অঞ্চলত সৰু সৰু ব- দ্বীপ গঠিত হৈছে।

৬)ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা কি কি?

উত্তৰঃ ভূ-প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক মুঠ চাৰিটা ভূ-প্ৰাকৃতিক ভাগত ভগাব পাৰি। সেইকেইটা হ’লঃ

ক) উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল

খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল

গ) দক্ষিণাত্য মালভূমি অঞ্চল

ঘ) উপকূল অঞ্চল

    ইয়াৰ উপৰি বংগোপসাগৰ আৰু আৰৱ সাগৰত থকা ভাৰতৰ অন্তৰ্গত দ্বীপসমূহক বেলেগ ভূ-প্ৰাকৃতিক গোট হিচাপে বিবেচনা কৰিব পাৰি।

৭) উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’লঃ

 হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত। এই পৰ্বতৰ বহুতো ঠাল- ঠেঙুলি আছে। এই পৰ্বতমালা ভাৰতৰ বাহিৰেও নেপাল, ভূটান আৰু চীন দেশলৈকে বিস্তৃত হৈ আছে। হিমালয়ৰ উচ্চ শিখৰবোৰ বৰফেৰে আবৃত হৈ থাকে। এই বৰফৰ পৰা তুষাৰ নৈৰ সৃষ্টি হয়। হিমালয় অঞ্চলত এনেকুৱা অসংখ্য তুষাৰ নৈ দেখা যায়।

৮) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’লঃ
এই সমভূমিৰ প্ৰস্হ ঠাই ভেদে বেলেগ বেলেগ হোৱা দেখা যায়। এই সমভূমি দক্ষিণলৈ ঢাল খোৱা আৰু ইয়াৰ মাটি সাৰুৱা হোৱাৰ বাবে ইয়াত জনবসতি ঘন। এই সমভূমি অঞ্চলটোৱে ১.৭৫ লাখ বৰ্গ কি মি আগুৰি আছে। সাৰুৱা মাটি আৰু সুচল যাতায়ত ব্যৱস্থাৰ বাবে এই সমভূমি জনবসতিপূৰ্ণ আৰু কৃষি ক্ষেত্ৰত আগবঢ়া।

৯) দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহ হল – ই আকৃতিত ত্ৰিভুজ এটাৰ দৰে। এই মালভূমি অঞ্চলটো পুৰণি কঠিন শিলাৰে গঠিত। দাক্ষিণাত্য মালভূমি পশ্চিমঘাট পৰ্বতৰ ফালে ক্ৰমে ওখ আৰু পূৰ্বঘাট পৰ্বতৰ ফালে চাপৰ আৰু এঢলীয়া। এই ঢাল অনুসৰি দক্ষিণ ভাৰতৰ প্ৰায় আটাইবোৰ নদী পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বংগোপসাগৰত পৰিছে।

১০) উপকূল অঞ্চলৰ বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ উপকূল অঞ্চলৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হল –
ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক। ই দক্ষিণ ভাৰতৰ আটাইবিলাক প্ৰধান নদীয়ে সৃষ্টি কৰা সমভূমি আৰু ব- দ্বীপৰ দ্বাৰা গঠিত। সেয়েহে ই পশ্চিম উপকূলতকৈ বেছি বহল আৰু সাৰুৱা। এই উপকূলত চিলকো, কোলাৰ আৰু পলিকত নামে তিনিটা হ্ৰদ আছে।

১১) ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ ভাৰতবৰ্ষ এখন বিশাল দেশ। দেশখনৰ অঞ্চলভেদে জলবায়ুৰ প্ৰধান উপাদান, যেনে – উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আৰ্দ্ৰতাৰ তাৰতম্য ঘটে। সেইবাবে এই দেশত নানা প্ৰকাৰৰ জলবায়ু অনুভূত হয়। প্ৰধানকৈ দেশখনৰ বিশালতা, বিষুৱৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰতেই ইয়াৰ জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে। অক্ষাংশ ভেদে ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটাৰ বাবেই জলবায়ু বেলেগ বেলেগ হয়। ভাৰতৰ ভূ- খণ্ড পৰ্বত- পাহাৰ, মালভূমি, মৰুভূমি, সমভূমি আদি ভূ- প্ৰকৃতিৰে গঠিত। এনে ভূ- প্ৰকৃতিয়েই ঠাইবিলাকৰ মাজত উচ্চতাৰ পাৰ্থক্য আনি দিছে। একে অক্ষাংশত অৱস্থিত হলেও উচ্চতাৰ পাৰ্থক্যৰ বাবে ঠাইসমূহত উত্তাপ, বায়ুৰ চাপ, বৰষুণ আৰু আৰ্দ্ৰতাৰ পৰিমাণ কম বেছি হয়। ফলত জলবায়ু বেলেগ বেলেগ হয়।

১২)ভাৰতৰ মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে এটা টোকা লিখা।

উত্তৰঃ ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। বছৰৰ ভিন ভিন ঋতুত বিশেষকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে। গ্ৰীষ্মকালত দক্ষিণ- পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ- পূৱ মৌচুমী বতাহ প্ৰবাহিত হয়। দক্ষিণ- পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হৈ ভাৰতত সোমায়। এই বতাহ দক্ষিণ- পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ- পশ্চিম মৌচুমী বতাহ বোলে। আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাপ কঢ়িয়াই অনা এই বতাহে প্ৰথমে পশ্চিমঘাট পৰ্বতত বাধা পায়। তেতিয়া ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে। এইদৰে পশ্চিম উপকূল অঞ্চলৰ কংকন আৰু মালৱাৰ উপকূলত বছৰি ৩০০ ছেন্টিমিটাৰতকৈ অধিক বৰষুণ হয়। এই বায়ুৰে এটা অংশ পশ্চিমঘাট পৰ্বত পাৰ হৈ বংগোপসাগৰৰ ফালে আগবাঢ়ে। বংগোপসাগৰৰ ওপৰেদি আহোঁতে পুনৰ অধিক জলীয় ভাপ আহৰণ কৰি ই অসম তথা উত্তৰ- পূৰ্বাঞ্চলত প্ৰৱেশ কৰে। এই বতাহে মেঘালয় মালভূমিত বাধাপ্ৰাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে। এনেকৈয়ে মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি প্ৰায় ১২৫০ ছেন্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। এই দক্ষিণ- পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয়। উত্তৰ- পূব মৌচুমী বতাহ বংগোপসাগৰৰ ওপৰেদি অগ্ৰসৰ হওঁতে ই কিছু জলীয় ভাপ আহৰণ কৰে। জলীয়ভাপযুক্ত এই বতাহ আহি যেতিয়া পূৰ্বঘাট পৰ্বতত ঠেকা খায় তেতিয়া ভাৰতৰ পূব উপকূলত বিশেষকৈ কৰমণ্ডল উপকূলত বৰষুণ হয়। মৌচুমী বতাহৰ ফলত হোৱা বৰষুণৰ বাবে শস্যৰ উৎপাদন বৃদ্ধি হয় আৰু খেতি- বাতি ভাল হয়।

১৩) ভাৰতৰ বৰষুণ বিতৰণ সম্পৰ্কে এটা আভাস দিয়া।

উত্তৰঃ বৰষুণ বিতৰণ ভাৰতৰ সকলো ঠাইতে একে নহয়। ভাৰতৰ বাৰ্ষিক গড় বৰষুণৰ বিতৰণ উত্তৰ- পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ, মেঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢালত অধিক বৰষুণ হয়। অৰুণাচল প্ৰদেশৰ বহিঃ হিমালয় অঞ্চলত বৰষুণ যথেষ্ট হোৱা দেখা যায়। ইয়াৰ বিপৰীতে ৰাজস্থানৰ থৰ মৰুভূমি আৰু ইয়াৰ দাঁতি- কাষৰীয়া অঞ্চলত বছৰি গড়ে ৫০ ছেন্টিমিটাৰৰো কম বৰষুণ হয়। কিন্তু ব্ৰক্ষ্মপুত্ৰ সমভূমিকে ধৰি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণ মধ্যমীয়া।

১৪)ভাৰতৰ উদ্ভিদসমূহক কেইভাগত ভগোৱা হৈছে লিখা।

উত্তৰঃ ভাৰতৰ উদ্ভিদসমূহক সাধাৰণতে ছয় ভাগত ভগাব পাৰি। চিৰসেউজীয়া উদ্ভিদ, মৌচুমীয় উদ্ভিদ, কাঁইটীয়া মৰু উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, ব- দ্বীপীয় উদ্ভিদ আৰু পাৰ্বত্য উদ্ভিদ।

১৫) ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য কি?

উত্তৰঃ  চিৰসেউজীয়া বননি সাধাৰণতে ওখ গছ-গছনিৰ সমষ্টি। এনে বনে ডাঠ অৰণ্য সৃষ্টি কৰিছে। ইয়াৰ গছবিলাক ৪৫ মিটাৰ পৰ্যন্ত ওখ হয়। ওখ গছৰ উপৰি বেত, বাঁহ, ঢেঁকীয়া আৰু লতাজাতীয় চাপৰ উদ্ভিদো দেখা যায়। বছৰে কোনো ঋতুতে এইবিলাকৰ পাত নসৰে। এই অৰণ্যত শিশু, চন্দন, ৰবৰ আদি ভালেমান মূল্যৱান গছ পোৱা যায়।

১৬) ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হল –
ইয়াত শাল গছকে ধৰি ভালেমান মূল্যবান গছ আছে। এই অঞ্চলত বাঁহজাতীয় উদ্ভিদ বেছিকৈ দেখা যায়।ইয়াৰ ঠিক উত্তৰৰ ১০০০ মিটাৰৰ পৰা ২০০০ মিটাৰ উচ্চতাৰ পাৰ্বত্য অঞ্চলত বহল পাতৰ ওক আৰু সৰলজাতীয় সেউজীয়া উদ্ভিদ পোৱা যায়। উত্তৰ- পূৰ্বাঞ্চলৰ পাৰ্বত্য অঞ্চলত অৱেশ্যে সৰল গছ বেছিকৈ দেখা যায়। তাৰোপৰি ১৬০০ মিটাৰৰ পৰা ৩০০০ মিটাৰ উচ্চতাত কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাঞ্চল, দাৰ্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেৱদাৰুকে ধৰি বিভিন্ন প্ৰজাতিৰ সৰল গছৰ অৰণ্য আছে।

১৭) ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান? ইয়াৰ ঘনত্ব কিমান?

উত্তৰঃ ভাৰতৰ বৰ্তমান জনসংখ্যা ১,২১০,৭২৬,৯৩২ জন। ইয়াৰে ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ৩৮২ জন।

১৮) জনপ্ৰব্ৰজন কেইপ্ৰকাৰ আৰু কি কি?

উত্তৰঃ জনপ্ৰব্ৰজনক আভ্যন্তৰীণ প্ৰব্ৰজন আৰু বাহ্যিকপ্ৰব্ৰজন হিচাপে ভাগ কৰা হয়। ভাৰতত সংঘটিত হোৱা আভ্যন্তৰীণ প্ৰব্ৰজন আন্তঃৰাজ্যিক প্ৰব্ৰজন আৰু ৰাজ্যৰ আভ্যন্তৰীণ প্ৰব্ৰজন হিচাপে ভাগ কৰিব পাৰি। 

১৯) জন প্ৰব্ৰজন ফলত ভাৰতৰ প্ৰভাৱ পৰিছে ? 

উত্তৰঃ প্ৰব্ৰজন প্ৰভাৱ  সুদূৰপ্ৰসাৰি। প্ৰব্ৰজন বিশেষকৈ আন্ত: ৰাষ্ট্ৰীয় প্ৰব্ৰজন ভাৰতবৰ্ষৰ এটা অন্যতম প্ৰধান সমস্যাৰূপে পৰিগণিত হৈছে। প্ৰব্ৰজন ফলত দেশৰ সামাজিক , আথ্নৈতিক, পাৰিৱেশিক  আৰু ৰাজনৈতিক ক্ষেএসমূহৈল কিছুমান অ‌ৎপযপূণ পৰিবৰ্তন আনিছে। প্ৰব্ৰজন কেইটামান বিশেষ প্ৰভাৱ তলত দিয়া হ’লঃ

ক) প্ৰব্ৰজন ফলত দেশৰ জাতি , ধৰ্ম আৰু ভাষাৰ ভিন্নতা বাঢ়িছে আৰু ফলত বাৰেচহৰীয়া সংস্কৃতি গঢ় লৈ উঠিছে। 

খ) প্ৰব্ৰজন ফলত দেশৰ অৰ্থনৈতিক খগুৰ পৰিবৰ্তন হৈছে আৰু বেপাৰ-বাণিজ্য প্ৰসাৰ ঘটিছে। 

গ) প্ৰব্ৰজন দেশৰ তথা ইয়াৰ বিভিন্ন অঞ্চলৰ জনগাঁথনি সলনি কৰিছে। প্ৰব্ৰজন ফলত জনসংখ্যা বৃদ্ধি , ঘনত্ব শিক্ষিতৰ হাৰ সলনি হৈছে।  

ঘ) প্ৰব্ৰজন পত্যক্ষভাৱে দেশৰ জনসংখ্যা বৃদ্ধিত অৰিহনা যোগাই আহিছে। জনসংখ্যা বৃদ্ধিৰ ফলত দেশৰ নানা সমস্যাৰ সৃষ্টি হৈছে। দেশৰ ভূমিসম্পদৰ ওপৰত অত্যধিক হেঁচা পৰিছে ,অৰণ্য আৰু আদ্ৰভূমিৰ  পৰিৱেশতম্ৰ বিঘ্নিত হৈছে আৰু নিয়োগৰ সমস্যাৰ লগতে স্বাস্থ্য আৰু শিক্ষাখগুতো সমস্যাৰ সৃষ্টি হৈছে। 

ঙ) প্ৰব্ৰজন ফলত কেতিয়াবা উদ্ভৱ হোৱা ধৰ্মীয় আৰু সামাজিক সংঘাতে সামাজিক আৰু ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। 

চ) প্ৰব্ৰজনকাৰীসকলে নতুন ঠাই আৰু সমাজত কেতিয়াবা মিলি যাব নোৱাৰি মানসিক চাপত ভোগে।

ছ) প্ৰব্ৰজনৰ ফলত বিশেষকৈ নগৰ অঞ্চলত কিছুমান বস্তি অঞ্চল গঢ়ি উঠিছে। এনে বস্তি অঞ্চলসমূহত অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰাৰ ফলত নগৰিয়া পৰিৱেশ প্ৰদূষিত হৈ পৰিছে। 

২০) ভাৰতৰ অৰ্থনৈতিৰ মূল বৈশিষ্ট্যসমূহ লিখা। 

উত্তৰঃ (ক)নিম্ন জনমূৰি আয় 

(খ) জনমূৰি আয় মন্থৰ বৃদ্ধি

(গ) অত্যধিক জনসংখ্যাৰ চাপ

(ঘ) দৰিদ্ৰতা 

(ঙ) কৃষি – নিৰ্ভৰশীলতা 

(চ) বৰ্ধিত নিবনুৱা সমস্যা আৰু 

(ছ) পৰিকল্পনা ভিত্তিক উন্নয়ন। 

(২১) ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা কি কি ?

উত্তৰঃ ১) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ,

২) চণ্ডীগড়,

৩) দিল্লী 

৪) দাদ্ৰা আৰু নগৰ হাভেলি , 

৫) ডমন আৰু ডিউ ,

৬) লাক্ষাদ্বীপ ,

৭) পণ্ডিচেৰী। 

(২২) ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন আৰু কি কি নাম লিখা। 

উত্তৰঃ ভাৰতৰ বৰ্তমান ৰাজ্য ২৯ খন আৰু সেইবোৰ হ’ল – অন্ধ্ৰপ্ৰদেশ , অৰুণাচল প্ৰদেশ , অসম,  বিহাৰ, চত্তিশগড়, গোৱা , গুজৰাট , হাৰিয়ানা , হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড , কৰ্ণাটক , কেৰেলা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয় , মিজোৰাম, নাগালেণ্ড, ওড়িশা পঞ্জাৱ, ৰাজস্থান, ছিকিম, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা, উওৰাখনণ্ড, উত্তৰ প্ৰদেশ, পশ্চিমবংগ। 

(২৩) ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি ? ইয়াৰ সৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান? 

উত্তৰঃ তেলেংগানা হ’ল ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্য। ইয়াৰ সৰ্ৱমুঠ মাটিকালি- ১,১৪,৮৪০ বৰ্গ কিলোমিটাৰ। ইয়াৰ জনসংখ্যা=৩,৫২,০০,০০০ জন।

Answer Type – Boby Bora