ভাৰতীয় সংবিধান । অধ্যায় ২২ । Class 8 Social Science Lesson 22 Question and Answer Assam | SCERT Class 8 S.Science Chapter 22 Solution | অষ্টম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ২২ ভাৰতীয় সংবিধান পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

ভাৰতীয় সংবিধান

১) চমু উত্তৰ লিখা।

ক) ভাৰতীয় সংবিধান খন ৰচনা কৰোতে কিমান সময় লাগিছিল ?

উত্তৰঃ ২ বছৰ, ১১মাহ , ১৮ দিন।

খ) কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকাৰী কৰা হয় ?

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী।

গ) কেতিয়াৰ পৰা ভাৰতবৰ্ষত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় ? 

উত্তৰঃ ১৮৯২ চনৰ ভাৰত পৰিষদ আইন মতে।

ঘ) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল ?

উত্তৰঃ স্বায়ত্ব আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা।

ঙ) সংবিধান সভাৰ খচৰা কমিটিখন কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰঃ ১৯৪৭ চনৰ ২৯ আগষ্ট ।

২) খালী ঠাই পূৰ কৰা।

ক) ভাৰতীয় সংবিধানত ৩৯৫ টা অনুচ্ছেদ,২২ টা অধ্যায় , ১২ টা অনুসূচী আছে ।

খ) সংবিধানে ক্ষমতাসমূহ কেন্দ্ৰীয়, ৰাজ্যিক, উমৈহতীয়া তালিকাত ভাগ কৰিছে ।

গ) সংবিধানৰ ৪২তম সংশোধনৰ যোগেদি সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ অন্তৰ্ভুক্ত কৰিছে।

ঘ) সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজন হৈছে ছৈয়দ মহম্মদ চাদুল্লা ।

৩) উত্তৰ দিয়া।

ক) ভাৰতীয় সংবিধানক কিয় দীৰ্ঘতম সংবিধান বুলি কোৱা হয় ?

উত্তৰঃ ভাৰতীয় সংবিধানত ৩৯৫ টা অনুচ্ছেদ, ২২ টা অধ্যায় , ১২ টা অনুসূচী আছে। পৃথিৱীৰ কেইবাখনো সংবিধানৰ পৰা বছা বছা আদৰ্শসমূহ সংগ্ৰহ কৰি আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে সংবিধানখন দীঘলীয়া হৈছে ।

খ) সংমিশ্ৰিত সংবিধান মানে কি বুজা ?

উত্তৰঃ ভাৰতীয় সংবিধানৰ কিছুমান দফা সহজে সংশোধন কৰিব পাৰি অন্যহাতে কিছুমান দফা সালসলনি কৰিবলৈ কিছুমান বিশেষ আইন প্ৰণয়ণ কৰিব লগীয়া হয়। অৰ্থাৎ ই নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ। সেয়েহে ভাৰতীয়সংবিধানক সংমিশ্ৰিত সংবিধান বোলা হয় ǀ

গ) ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্য সমূহ কি কি ?

উত্তৰঃ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্য সমূহ হৈছে- →দেশৰ সকলো শ্ৰেণীৰ লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা→অৰ্থনৈতিক সমতা স্হাপন কৰা→গাওঁ অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা →পঞ্চায়ত ব্যৱস্হা প্ৰৱৰ্তন কৰা→শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি আৰু বন্ধুত্ব স্হাপন কৰা→নিৰক্ষৰতা দূৰীকৰণৰ বাবে ৬-১৪বছৰৰ শিশুক বিনামুলীয়া       বাধ্যতামূলক শিক্ষা প্ৰদান →সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্হা কৰা→ৰাষ্ট্ৰৰ ঐতিহ্যসম্বলিত স্হান আৰু কীৰ্তিস্তম্ভ সমূহ সংৰক্ষণ কৰা→প্ৰাকৃতিক পৰিবেশ সংৰক্ষণ কৰা

ঘ) কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে ?উত্তৰঃ আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে।

৪) এটা শব্দত প্ৰকাশ কৰা।

ক) যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিক ভাৱে নহয় –

খ) যি ৰাষ্ট্ৰ বিদেশী শাসনৰ পৰা মুক্ত –

গ) যি ৰাষ্ট্ৰত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই-

ঘ) যি ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ কামনা কৰে –

উত্তৰঃ

৫) সোঁ অংশৰ লগত বাওঁ অংশ মিলোৱা-


উত্তৰঃ

৬) ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ 

৭) সংবিধান প্ৰণয়ণত অসমৰ ভূমিকা কি আছিল লিখা।

উত্তৰঃ 

৮)ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শসমূহ বৰ্ণনা কৰা ǀ

উত্তৰঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ থকা মূল আদৰ্শসমূহ হ’ল- ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ উৎস হৈছে জনসাধাৰণ । এই সংবিধানখন ভাৰতবাসীৰ দ্বাৰাই ৰচনা কৰি ভাৰতবৰ্ষৰ জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণ প্ৰদান কৰা হৈছে ।

দ্বিতীয়তে, ভাৰতবৰ্ষক এখন ‘সাৰ্বভৌম’ ৰাষ্ট্ৰ বুলি অভিহিত কৰা হৈছে । ইয়াৰ অৰ্থ হ’ল ভাৰতবৰ্ষ কোনো বিদেশী ৰাষ্ট্ৰৰ তলতীয়া নোহোৱাকৈ স্বাধীনভাৱে দেশৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি নিৰ্দ্ধাৰণ কৰিব পাৰে ।

তৃতীয়তে, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ১৯৭৬ চনৰ ৪২তম সংশোধনীৰ দ্বাৰা ‘সমাজতান্ত্ৰিক’ আৰু ‘ধৰ্ম নিৰপেক্ষ’ আদৰ্শ সংযোজন কৰা হৈছে ।

চতুৰ্থতে, ‘ধৰ্ম নিৰপেক্ষ’ শব্দটোৱে ইয়াকে বুজাইছে যে ৰাষ্ট্ৰই কোনো ধৰ্মৰ পৃষ্ঠপোষকতা নকৰে আৰু কোনো ধৰ্মকে অগ্ৰাধিকাৰ নিদিয়ে ।

পঞ্চমতে, ভাৰতবৰ্ষক এখন ‘লোকতান্ত্ৰিক’ ৰাষ্ট্ৰ হিচাপে গ্ৰহণ কৰা হৈছে । ইয়াৰ অৰ্থ হ’ল জনগণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰখনেই ৰাষ্ট্ৰ পৰিচালনা কৰে ।

ষষ্ঠতে, ভাৰতবৰ্ষক এখন গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছে । এই আদৰ্শমতে ৰাষ্ট্ৰ শাসনৰ শীৰ্ষস্থানত অধিষ্ঠিত ব্যক্তিজন বংশানুক্ৰমিক উপায়েৰে এই পদত থাকিব নোৱাৰে ।

৯) চমু টোকা লিখাঃ

(ক) ড° ভীমৰাও আম্বেদকাৰ (খ) ড° ৰাজেন্দ্ৰ প্ৰসাদ (গ) সংসদীয় চৰকাৰ।

উত্তৰঃ (ক) ড° ভীমৰাও আম্বেদকাৰঃ ড° ভীমৰাও আম্বেদকাৰ এজন সভাপতি আছিল । স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱহৰলাল নেহৰু সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিল যদিও সংবিধান ৰচনাৰ ইতিহাসত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ড° ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম বাবাচাহেব ভীমৰাও আম্বেদকাৰ । তেওঁক সন্মান সূচকভাৱে বাবা চাহেব বুলি জনা যায় । আম্বেদকাৰে ভাৰতীয় সমাজত থকা অস্পূশ্যতা দূৰীকৰণৰ বাবে সংবিধানত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰি সামাজিক সমতা প্ৰতিষ্ঠা কৰিছিল । মহিলাসকলৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা আৰু সম্পত্তিৰ অধিকাৰৰ ওপৰত অধিক গুৰুত্ব দিছিল । তেওঁ ভাৰতীয় সংবিধানখন কাৰ্যক্ষম কৰিবৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছিল ।

(খ) ড° ৰাজেন্দ্ৰ প্ৰসাদঃ ১৯৪৬ চনত কেবিনেট মিছন ভাৰতলৈ আহে আৰু ভাৰতৰ বাবে এক সুকীয়া সংবিধান ৰচনা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায় । এই প্ৰস্তাৱ অনুসৰিয়েই ভাৰতীয়ৰ সংবিধান সভা গঠিত হয় । ড° ৰাজেন্দ্ৰ প্ৰসাদক এই সভাৰ সভাপতিৰূপে নিৰ্বাচিত কৰা হৈছিল । ১৯৪৮ চনৰ জানুৱাৰী মাহত সংবিধানৰ খচৰা প্ৰকাশ পায় আৰু ইয়াৰ ওপৰত জনসাধাৰণৰ মতামত ব্যক্ত কৰিবৰ বাবে ৮ মাহ সময় দিয়া হয় । ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে খচৰা সংবিধানখনত স্বাক্ষৰ কৰে । তাৰ পিচতেই সংবিধান সভাত ভাৰতৰ সংবিধানখন গৃহীত হয় । সংবিধানখন ৰচনা কৰি ইয়াত সম্পূৰ্ণকৰালৈকে ২ বছৰ ১১ মাহ ১৮ দিন সময় লাগিছিল । ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয় । উল্লেখযোগ্য যে সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদকেই স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰূপে কাৰ্যভাৰ দিয়া হয় ।

(গ) সংসদীয় চৰকাৰঃ সংসদীয় চৰকাৰ ভাৰতীয় সংবিধানৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য । এনে ব্যৱস্থাত ৰাষ্ট্ৰৰ প্ৰধান হৈছে ৰাষ্ট্ৰপতি, যি নাম মাত্ৰ মুৰব্বী হিচাপে ৰাষ্ট্ৰৰ কাৰ্য পৰিচালনা কৰে । ভাৰতীয় সংবিধানেও কাৰ্যপালিকাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰিছে । কিন্তু ৰাষ্ট্ৰৰ সকলো ক্ষমতা প্ৰধানমন্ত্ৰীসহ মন্ত্ৰীপৰিষদে প্ৰয়োগ কৰে । মন্ত্ৰী পৰিষদ লোকসভাৰ ওপৰত দায়বদ্ধ হৈ থাকে । ৰাষ্ট্ৰপতিৰ নামত মন্ত্ৰী পৰিষদে দেশৰ সকলো কাৰ্য পৰিচালনা কৰে বাবে ইয়াক সংসদীয় চৰকাৰ বুলি কোৱা হয় ।