ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন । অধ্যায় ৬ । Class 7 General Science Lesson 6 Question and Answer Assam | SCERT Class 7 Science Chapter 6 Solution | Assamese Medium Class 7 G.Science Lesson 6 Answer | সপ্তম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৬ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন 

১) তলৰ  প্রক্রিয়াবোৰত জড়িত হোৱা পৰিৱর্তনবোৰে ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন হিচাপে শ্রণীবিভাজন কৰা।

ক) সালোকসংশ্লেষণ

খ) পানীত চেনি দ্রৱীভূত কৰাটো

গ) কয়লাৰ দহন

ঘ) মমৰ গলন ।

ঙ) এলুমিনিয়াম ধাতু কোবাই এলুমিনিয়ামৰ পাত তৈয়াৰ কৰাটো।

চ) খাদ্যৰ পাচন ক্রিয়া

উত্তৰঃ

ক) ৰাসায়নিক পৰিবর্তন

খ) ভৌতিক পৰিৱর্তন

গ) ৰাসায়নিক পৰিবর্তন

ঘ) ভৌতিক পৰিৱর্তন

ঙ) ভৌতিক পৰিৱর্তন

চ) ৰাসায়নিক পৰিবর্তন

২) তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা। যদি কোনো উক্তি মিছা হয়, শুদ্ধ উক্তিটো তোমাৰ বহীত লিখা।

ক) কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ৰাসায়নিক পৰিবর্তন। (সঁচা/মিছা)

খ) পাতৰপৰা সাৰ প্রস্তুত হোৱা প্রক্রিয়াটো এটা ভৌতিক পৰির্বতন। (সঁচা/মিছা)

গ) দস্তালেপিত লোৰ নলীত সহজে মামৰে নধৰে। (সঁচা/মিছা)

ঘ) লো আৰু মামৰ একেবিধ পদার্থ। (সঁচা/মিছা)

ঙ) জলীত ভাপ ঘনীভূত হোৱাটো ৰাসায়নিক পৰিবর্তন নহয় । (সঁচা/মিছা)

উত্তৰঃ 

ক) মিছা। কাঠ এটুকুৰা কাটি টুকুৰা টুকুৰ কৰাটো ৰাসায়নিক পৰিৰ্বতন নহয়। ই ভৌতিক পৰিৰ্বতন হে কাৰণ ভৌতিক পৰিৰ্বতনত পদাৰ্থৰ আকাৰ, আকৃতি, ৰং, আৰু অৱস্থাক পৰিৱৰ্তন বোলে।

খ) মিছা । পাতৰ পৰা সাৰ প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো ৰাসায়নিক পৰিৰ্বতন । পাতৰ পৰা সাৰ প্ৰস্তুত হওঁতে পাতৰ আকাৰ আকৃতি,ৰং, আৰু আৱস্থাৰ পৰিৰ্বতন হৈছে।

গ) সঁচা

ঘ) মিছা। জলীয় বাষ্প পৰিমান অধিক হ’লে লোত মামৰে ধৰে।

ঙ) সঁচা

৩) তলত দিয়া উক্তিবোৰৰ খালী ঠাই পুৰ কৰা।

ক) চূণ-পানীৰ মাজেদি কার্বন-ডাই-অক্সাইড গেছ যাবলৈ দিলে _____ প্রস্তুত হোৱা বাবে ই গাখীৰৰ দৰে ঘোলা হয়।

উত্তৰঃ ক) কেলছিয়াম কার্বনেট।

খ) বেকিং ছ’দাৰ ৰাসায়নিক নাম হ’ল ______ ।

উত্তৰঃ- খ) ছডিয়াম হাইড্রজেন কার্বনেট।

গ) লোত মামৰে ধৰাটো প্রতিৰোধ কৰিব পৰা দুটা পদ্ধতি হ’ল ___ আৰু ____ ।

উত্তৰঃ- গ) ৰং,  দস্তালেপন।

ঘ) যিবোৰ পৰিৱর্তন মাত্র পদার্থৰ _____ ধর্মৰহে পৰিৱর্তন বোলে।

উত্তৰঃ- ঘ) ভৌতিক।

ঙ) যিবোৰ পৰিৱর্তনত নতুন পদার্থৰ উৎপন্ন হয়, সেইবোৰক ___ পৰিবর্তন বোলে।

উত্তৰঃ- ঙ) ৰাসায়নিক

৪) যেতিয়া বেকিং ছ’ডাক নেমুৰ ৰসৰ সৈতে মিহলোৱা হয়, তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে। এইটো কি প্রকাৰৰ পৰিবর্তন? ব্যাখ্যা কৰা।

উত্তৰঃ- যেতিয়া বেকিং ছ’ডাক নেমুৰ ৰসৰ সৈতে মিহলোৱা হয়, তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে। এইটো এটা ৰাসায়নিক পৰিৰ্বতন।

৫) মমবাটি এডাল জ্ৱলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰির্বতনেই সংঘটিক হয়| এই পৰিবর্তনবোৰ চিনাক্ত কৰা। সচৰাচৰ দেখি থকা আন উদাহৰণ দিয়া য’ত ভৌতিক আৰু ৰাসায়নিক দুয়োটা পৰিবর্তনেই সংঘটিত হয়।

উত্তৰঃ- মমবাটি এডাল জ্বলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰিৰ্বতন সংঘটিত হয়। এই পৰিৰ্বতন কেইটা হৈছে–

ভৌতিক পৰিবর্তনটো হৈছে গলি যোৱা মমখিনি।

ৰাসায়নিক পৰিবর্তনটো হৈছে জ্ৱলি যোৱা ম’মৰ পৰা ওলোৱা কার্বনডাই-অক্সাইড আৰু পোহৰ ।

সচৰাচৰ দেখি থকা আন এটা উদাহৰণ হৈছে- খাদ্য হজম

ইয়াৰ ভৌতিক পৰিবর্তনটো হৈছে ডাঙৰ খাদ্য অনুবোৰ সৰললৈ ভাঙি যোৱা।

আৰু ৰাসায়নিক পৰিবর্তন হৈছে এইচ. চি. এল আৰু এনজাইমৰ কার্যৰ দ্ৱাৰা খাদ্য হজম।

৬) তুমি কেনেকৈ দেখুৱাবা যে দৈ প্রস্তুত হোৱাটো এটা ৰাসায়নিক পৰিবর্তন।

উত্তৰঃ- প্রস্তুত হোৱা দৈ এটা ৰাসায়নিক পৰিবর্তন হয় কাৰণ দৈ গাখীৰলৈ ঘূৰাই নিব নোৱাৰি। আৰু গাখীৰ আৰু দৈ’ৰ ৰাসায়নিক ধর্ম বেলেগ বেলেগ হয়।

৭) কাঠৰ দহন আৰু কাঠক কাটি সৰু টুকুৰালৈ পৰিণট কৰাক দুটা বেলেগ প্রকাৰৰ পৰিবর্তন বুলি ধৰা হয় কিয়? ব্যাখ্যা কৰা।

উত্তৰঃ কাঠ কটা হৈছে  ভৌতিক পৰিবর্তন কাৰন ইয়াত কাঠৰ প্রকৃতি সলনি নকৰে অকল আকাৰ আৰু আকৃতিৰ পৰিবর্তন হয় আৰু একো নতুন পদার্থ সৃষ্টি নকৰে।

আনহাতে কাঠ জ্ৱলা টো ৰাসায়নিক পৰিবর্তন যিহেতু কাঠ কয়লালৈ ৰূপান্তৰিত হয় আৰু কার্বন ডাইঅক্সাইডৰ মুক্তি হয়।

৮) কপাৰ ছালফেটৰ স্ফটিক  কেনেকৈ প্রস্তুত কৰা হয় বর্ণনা কৰা।

উত্তৰঃ- কপাৰ ছালফেটৰ স্ফটিক স্ফটিকীকৰণ পদ্ধতিৰে তৈয়াৰ কৰা হয় ।

এটা বিকাৰত একাপ পানী লোৱা আৰু তাত কেইটোপালমান পনীয়া ছালফিউৰিক এছিড ঢালা। পানীখিনি গৰম কৰা। পানীখিনি উতলিবলৈ আৰম্ভ কৰিলে কপাৰ ছালফেট পাউদাৰ লাহে লাহে একেৰাহে মিহলাই লৰাই থাকা। অধিক পাউদাৰ দ্ৰৱীভূত কৰিব নোৱাৰা অৱস্থালৈকে কপাৰ ছালফেট পাউদাৰ মিহলাই থাকা দ্ৰৱটো পৰিস্ৰাবণ (ফ্লিটাৰ) কৰা আৰু চেঁচা হ’বলৈ দিয়া । চেঁচা হ’বৰ সময়ত দ্ৰৱখিনি লৰচৰ নকৰিবা। কিছু সময়ৰ পিছত দ্ৰৱখিনি চোৱা দেখিবা কপাৰ ছালফেট স্ফটিক প্ৰস্তুত হৈছে।

৯) লোৰ গেট এখন ৰং কৰিলে ই কেনেকৈ মামৰে ধৰা প্রক্রিয়া বোধ কৰে, বুজাই লিখা।

উত্তৰঃ- লোৰ সামগ্ৰীবোৰ যেতিয়া দলীয় বাষ্প, পানী, আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া মামৰে ধৰে। লোৰ গেট এখন ৰং কৰিলে এই ৰঙে লোৰ ওপৰত প্ৰলেপ বা আৱৰণৰ দৰে কাম কৰে আৰু পানী,জলীয় বাস্পৰ পৰা লোক আতৰাই ৰাখে ফলত মামৰে নধৰে ।এনেদৰেই ৰং কৰি লোৰ গেট এখনত মামৰে ধৰাৰ পৰা ৰোধ কৰিব পাৰি ।

১০) মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লোৰ সামগ্ৰী বেছি সোনকালে মামৰে ধৰে কিয় ? ব্যাখ্যা কৰা ।

উত্তৰঃ-লোৰ সামগ্ৰীবোৰ যেতিয়া দলীয় বাষ্প, পানী, আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া মামৰে ধৰে। মৰুভূমি অঞ্চলতকৈ সাগৰৰ উপকূলীয় অঞ্চলত আদ্ৰতা বেছি হয় অৰ্থাৎ বায়ুত জলীয় বাষ্পৰ পৰিমাণো অধিক হয় সেয়েহে লোৰ সামগ্ৰীবোৰত বেছি সোণকালে মামৰে ধৰে ।

১১) পাকঘৰত আমি ব্যৱহাৰ কৰা গেছ বিধৰ নাম হ’ল তৰলীকৃত পেট্রলিয়াম গেছ (এল. পি. জি) । চিলিণ্ডাৰত ই জুলীয়া অৱস্থাত থাকে। যেতিয়া চিলিণ্ডাৰৰ পৰা ওলাই তেতিয়া ই, গেছলৈ পৰিবর্তন হয় (পৰিবর্তন-  A ) আৰু তেতিয়া ই জ্ৱলে (পৰিবর্তন-  B )। এই পৰিবর্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে। শুদ্ধ উক্তিটো বাছি উলিওৱা

অ) প্রক্রিয়া- A  এটা ৰাসায়নিক পৰিবর্তন।

আ) প্রক্রিয়া-  B এটা ৰাসায়নিক পৰিবর্তন।

ই) প্রক্রিয়া-  A আৰু B   উভয়ে ৰাসায়নিক পৰিবর্তন।

ঈ) এইবোৰৰ এটা প্রক্রিয়াও ৰাসায়নিক পৰিবর্তন নহয়।

উত্তৰঃ- শুদ্ধ উক্তিটো হৈছে- আ) প্রক্রিয়া-  B এটা ৰাসায়নিক পৰিবর্তন।

১২) অবায়ৱীয় বেক্টেৰিয়াই প্রাণীৰ পেলনীয়া বস্তুৰ পচন ঘটাই জৈৱ গেছ (Biogas)  উৎপন্ন কৰে (পৰিবর্তন-  A) । এই জৈৱ গেছ ইন্ধন হিচাপে জ্ৱলোৱা হয় (পৰিবর্তন-  B )। এই পৰিবর্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে।

শুদ্ধ উক্তিটো বিচাৰি উলিওৱা-

অ) প্রক্রিয়া- A টো কেৱল ৰাসায়নিক পৰিবর্তন।

আ) প্রক্রিয়া-  B টো কেৱল ৰাসায়নিক পৰিবর্তন।

ই) প্রক্রিয়া-  A আৰু B   উভয়ে ৰাসায়নিক পৰিবর্তন।

ঈ) এইবোৰৰ এটা প্রক্রিয়াও ৰাসায়নিক পৰিবর্তন নহয়।

উত্তৰ শুদ্ধ উক্তিটো হৈছে –

ই) প্রক্রিয়া-  A আৰু B   উভয়ে ৰাসায়নিক পৰিবর্তন।