মধ্যযুগৰ অসম । অধ্যয় ১০ । Chapter 10 | Class 8 Social Science History Lesson 10 Question and Answer Assam | Assamese Medium Class 8 S.Science History Chapter 10 Solution | অষ্টম মান শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস অধ্যায় ১০ মধ্যযুগৰ অসম পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

মধ্যযুগৰ অসম

১) উত্তৰ দিয়া-

ক) কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল ?

উত্তৰ- ত্ৰয়োদশ শতিকা

খ) চুকাফা অসমলৈ আহোতে লগত অহা মন্ত্ৰী দুজন কোন কোন আছিল ?

উত্তৰ-বুঢ়াগোঁহাই আৰু বৰগোঁহাই

গ) মূলাগাভৰু কোন আছিল ?

উত্তৰ- ফ্ৰাচেংমুং বৰগোহাইৰ পত্নী ǀ স্বামীৰ হত্যাৰ প্ৰতিশোধ লবলৈ তুৰ্বকৰ লগত যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল ǀ

ঘ) কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে ?

উত্তৰ- ১৮৬১ খ্ৰীষ্টাব্দত ǀ

ঙ) কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্যাক্ৰমণ কৰিছিল ǀ

উত্তৰ- ১৫৬২ খ্ৰীষ্টাব্দত ǀ

ঙ) চুটিয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন ?

উত্তৰ- ৰত্নধ্বজপাল বা গৌৰী নাৰায়ণ

২) ক্ৰমানুসাৰে সজোৱা-

ক)ইয়াণ্ডাবু সন্ধি 

খ) হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ 

গ)শৰাইঘাটৰ যুদ্ধ 

ঘ) মিৰজুমলাৰ অসম আক্ৰমণ 

ঙ) স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্হাপন ǀ 

চ) ইখতিয়াৰউদ্দিন মালিক উজবেগ তুঘ্ৰিল খাঁৰ কামৰূপ আক্ৰমণ ǀ 

উত্তৰ- 

৩) শুদ্ধ অশুদ্ধ বিচাৰ কৰা-

ক) আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱা অসম বুৰঞ্জীৰ মধ্যযুগ ǀ

উত্তৰ- শুদ্ধ

খ) চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰ পৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে ǀ

উত্তৰ- অশুদ্ধ

গ) মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল ǀ

উত্তৰ-শুদ্ধ

ঘ) কছাৰী ৰজা গোবিন্দচন্দ্ৰৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনস্হ হয় ǀ

উত্তৰ-শুদ্ধ

ঙ) চুটিয়াসকল বৈষ্ণৱ ধৰ্মী আছিল ǀ

উত্তৰ- অশুদ্ধ

চ) কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকলক ভূঞাসকলে সহায় কৰিছিল ǀ

উত্তৰ-অশুদ্ধ]

৪) খালী ঠাই পূৰোৱা-
ক) আহোমসকল অসমলৈ অহা পিছৰে পৰা কামৰূপ ৰাজ্যখন  অসম নামেৰে পৰিচিত হয় ǀ

খ) আহোম সকলে চোমদেউ নামৰ দেৱতাক  পূজা সেৱা কৰিছিল ǀ

গ) স্বৰ্গ নাৰায়ণ স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গিয়া ৰজাৰ হিন্দু নাম ǀ

ঘ) সন্ধ্যাই কামৰূপ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰ লৈ স্থানান্তৰিত কৰে ǀ

ঙ) ৰত্নধ্বজপাল বা গৌৰীনাৰায়ণ চুটিয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল ǀ

চ) ভূঞা শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক ǀ

৫) ৫০টা মান শব্দৰ ভিতৰত উত্তৰ লিখা –

ক) কেতিয়া, কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল ?

উত্তৰ- ত্ৰয়োদশ শতিকাত আহোমসকলে অসমলৈ আহে । অসমত তেওঁলোকে ঊনৈশ শতিকাৰ আগবভাগলৈ প্ৰায় ৬০০ বছৰ কাল ৰাজত্ব কৰিছিল । চুকাফা আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা । আজিৰ পৰা প্ৰায় ৭৯০ বছৰ আগেয়ে মাওলুং ৰাজ্যৰ পৰা মুংকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি চুকাফাই অসমত প্ৰৱেশ কৰে । চুকাফা চতুৰ, সাহসী আৰু সুদক্ষ যোদ্ধা আছিল । অসমলৈ আহোতে লগত অনা বুঢ়াগোঁহাই আৰু বৰগোঁহাই নামৰ মন্ত্ৰী দুজনাৰ পৰামৰ্শ লৈ তেওঁ ৰাজ্য শাসন কৰিছিল । চুকাফাৰ পিচত আহোম ৰাজবংশৰ ৩৯ জন ৰজাই ৰাজত্ব কৰিছিল । আহোমসকলৰ এই ৬০০ বছৰীয়া ৰাজত্বকালত ওচৰ চুবুৰীয়া স্বাধীন ৰাজ্যবোৰৰ লগত সততে সংঘৰ্ষ হৈছিল । ফলত আহোম ৰাজ্যৰ সীমা প্ৰায়ে পূজা-অৰ্চনা কৰিছিল । তেওঁ বৰ্তমানৰ শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১৭ কিল’মিটাৰ আঁতৰৰ ‘চৰগুৱা’ নামৰ ঠাইলৈ ৰাজধনী স্থানান্তৰ কৰিছিল । আহোমৰ চতুৰ্দশ স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গিয়া ৰজাৰ দিনত মুছলমানসকলে তুৰ্বক খানৰ নেতৃত্বত কেইবাবাৰো অসম আক্ৰমণ কৰে । স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গিয়া ৰজাৰ দিনৰ পৰা আহোম ৰজাসকলে আহোম নামৰ লগতে হিন্দু নামো স্থাপন হয় ।

খ) শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ? ইয়াৰ ফলাফল কি হ’ল ? 
উত্তৰ- জয়ধ্বজ সিংহৰ পৰৱৰ্তী ৰজা স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলক কৰ দিবলৈ অমান্তি হোৱাক লৈ আকৌ আহোম-মোগলৰ সংঘৰ্ষ হয় । মোগল সম্ৰাট ঔৰংদেৱে ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়ায় । বীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই ১৬৭১ খ্ৰীষ্টাব্দৰ শৰাইঘাটৰ যুদ্ধত অসীম পৰাক্ৰমেৰে যুঁজি ৰামসিংহক পৰাস্ত কৰি অসমৰ যশ, মান, গৌৰৱ উদ্ধাৰ কৰিছিল । ইয়াৰ ফলাফল বীৰ লাচিত আৰু তেওঁ সেনাই ৰামসিংহক পৰাজয় কৰে ।

গ) বীৰ চিলাৰায় কোন আছিল ? তেওঁ কি কি ৰাজ্য জয় কৰিছিল ?

উত্তৰ- শুক্লধ্বজে চিলাৰ দৰে অতৰ্কিতে আক্ৰমণ কৰি ৰাজ্য জয় কৰিছিল বাবে বুৰঞ্জীত তেওঁ চিলাৰায় নামে খ্যাত। বীৰ চিলাৰায় আছিল তেওঁ সুদক্ষ সেনাপতি । তেওঁ মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা, শ্ৰীহট্ট আদি ৰাজ্যবোৰ জয় কৰিছিল ।

ঘ) বাৰভূঞাসকল কোন ?

উত্তৰ- অসমৰ বাৰভূঞাসকলৰ উত্থান সম্পৰ্কে আৰু বহুতো কাহিনী আছে । কামৰূপ ৰাজ্যৰ পূৰ্বৰ শাসন ব্যৱস্থাত ৰজাৰ পৰা ৰাজহ মুক্ত হোৱা শক্তিশালী সামন্তসকলেই পৰৱৰ্তী সময়ত ভূঞা হিচাপে প্ৰতিষ্ঠাত হয় । পৰ্যাপ্ত পৰিমাণৰ ধন আৰু সৈন্যবল থকাৰ বাবে ভূঞাসকললে কামৰূপৰ দুৰ্বল ৰজাসকলৰ শাসন কালত স্বাধীন ৰজা হিচাপে মূৰ দাঙি উঠিছিল । ‘ভূঞা’ শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক । অসমৰ ভূঞাসকল মূলত কায়স্থ, দৈবজ্ঞ আৰু ব্ৰাহ্মণ ভূঞা । অসমৰ ভূঞাসকলক বাৰভূঞা নামে জনা যায় ।

ঙ) কছাৰীসকল কোন ?

উত্তৰ- কাছৰীসকল অসমৰ অতি পুৰণি অধিবাসী। ইতিহাসবিদসকলে বিশ্বাস কৰে যে অতি প্ৰাচীন কালত কছাৰীসকলে কামৰূপ ৰাজ্যত শাসন কৰিছিল । তেওঁলোকৰ এই শাসন বৰ্তমান বাংলাদেশৰ চিলেট, মৈমনসিং আদিকে ধৰি সাগৰৰ পাৰলৈকে বিস্তৃত আছিল । চুটিয়া, কোচ, ত্ৰিপুৰী, শৰণীয়া, গাৰো, ৰাভা, লালুং, ডিমাচা জনগোষ্ঠীসকল আদিতে এই কছাৰী জাতিৰ অন্তৰ্ভুক্ত আছিল । কছাৰীসকলৰ প্ৰাচীন ইতিহাস লিখিত ৰূপত পাবলৈ একেবাৰে কঠিন। ত্ৰয়োদশ শতিকাত আহোমসকলে অসমলৈ অহাৰ পিছত আৰু উত্তৰ-পূব ভাৰত ইংৰাজসকলৰ অধীনলৈ অহাৰ পিছতহে কছাৰীসকলৰ বিষয়ে কিছু তথ্য লিখিতৰূত পোৱা যায় । কছাৰীসকলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বিতাৰিত হৈ ডিমাপুৰত ৰাজধানী পাতে । আহামসকলে পুনৰ কছাৰী ৰাজ্য আক্ৰমণ কৰি দখল কৰাৰ পিছত কছাৰীসকলে ৰাজধানী মাইবঙলৈ স্থানান্তৰিত কৰে ।