মানৱ সম্পদ উন্নয়ন,মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা | অধ্যায় ১৭ / Chapter 17 | Class 8 Social Science Lesson 17 Question and Answer Assam | SCERT Class 8 S.Science Chapter 17 Solution | Assam Government School Class 8 Social Science Chapter 17 Answer | অষ্টম মান শ্ৰেণীৰ সামাজ বিজ্ঞান অধ্যায় ১৭ মানৱ সম্পদ উন্নয়ন,মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

মানৱ সম্পদ উন্নয়ন,মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা

১) চমু উত্তৰ লিখা-
ক) মানৱ সম্পদ কাক বোলে ?

উত্তৰ- সুস্বাস্হ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতাসম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে তেওঁৱেই মানৱ সম্পদ ǀ

খ) দেশৰ উৎপাদন কাৰ্যত কোনে অংশগ্ৰহণ কৰিব পাৰে ?

উত্তৰ- যি ব্যক্তিয়ে শাৰিৰীক আৰু মানসিক শ্ৰমৰ কৰিব পাৰে আৰু ইয়াৰ লগতে তেওঁ প্ৰয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণপ্ৰাপ্ত হোৱাটো দৰকাৰীǀ

গ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি ?

উত্তৰ- যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায়,সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বোলা হয় ǀযেনে- শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা ইত্যাদি

ঘ) বৃত্তিমূলক শিক্ষা কাক বোলে ?

উত্তৰ- আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা উপার্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে ǀ 

ঙ) মানৱ সম্পদৰ মূল চালিকা শক্তি ?

উত্তৰ- মানৱ সম্পদৰ মূল চালিকা শক্তি সমূহ হৈছে- স্বাস্হ্য,উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ ǀ

২) বহলাই আলোচনা কৰা-

ক) মানৱ সম্পদ উ্ন্নয়নৰ বাবে ল’বলগীয়া ব্যৱস্হাসমূহ

উত্তৰ-

খ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ

উত্তৰ- মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ হ’ল- শিক্ষা হাৰ, জীৱনৰ প্ৰত্যাশা, জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ, জনমূৰি আয়, বিদ্যালয়ত নামভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰ, প্ৰতিষেধক টিকাকৰণৰ হাৰ আদি ।

গ) মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমুখী শিক্ষাৰ মাজত থকা সম্পৰ্ক ǀ

উত্তৰ- মানৱ সম্পদ উন্নয়ন যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয় । আনহাতে, বৃত্তিমূলক শিক্ষা আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে ।

ঘ) বৃত্তিমুখী শিক্ষাই কিদৰে নিৱনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে ?

উত্তৰ- বৃত্তিমূলক শিক্ষাই মানুহক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰি স্বনিয়োজনত অৰিহণা যোগায় আৰু নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে ।

৩) শুদ্ধ অশুদ্ধ নিৰ্ণয়কৰা-

ক) প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হ’লেই দেশৰ উৎপাদন বৃদ্ধি হয় ǀ

উত্তৰ- অশুদ্ধ

খ) মানুহ মাত্ৰেই মানৱ সম্পদ নহয় ǀ

উত্তৰ- শুদ্ধ

গ) জনসংখ্যা বৃদ্ধিয়ে মানৱ সম্পদৰ বৃদ্ধি হোৱা নুবুজায় ǀ

উত্তৰ- শুদ্ধ

ঘ) উচ্চ জীৱন প্ৰত্যাশাই অনুন্নত মানৱ সম্পদক সূচায় ǀ

উত্তৰ- অশুদ্ধ

ঙ) ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলন্বী হোৱাত সহায় কৰে ǀ

উত্তৰ- শুদ্ধ

চ) জন্মকালীন শিশুৰ মৃত্যুৰ হাৰে মানৱ সম্পদ উন্নয়নত সহায় কৰে ǀ

উত্তৰ- শুদ্ধ

৪) খালী ঠাই পূৰ কৰা-

ক) এখন দেশৰ উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক হ’ল  শ্ৰম য’ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ  মানুহে

খ) ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে  দেশ এখন  হোৱাত স্বাৱলন্বী  সহায় কৰে ǀ

গ) উচ্চশিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে সকলো শিক্ষিত ব্যক্তিকে চাকৰি যোগান ধৰাতো সম্ভৱ নহয় ǀ

ঘ)  গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক যোগান ǀ

ঙ) বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাজর্নক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিৱনুৱা সমস্যা লাঘৱ কৰি  স্বনিয়োজনৰ পথ মুকলি হোৱাত সহায় কৰে ǀ

৫) চমু টোকা লিখা –

ক) মানৱ সম্পদ খ) মানৱ সম্পদ উন্নয়ন গ)  মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক ঘ) বৃত্তিমূলক শিক্ষা 

উত্তৰ- (ক) মানৱ সম্পদঃ প্ৰাকৃতিক সম্পদ প্ৰচুৰ পৰিমাণে থাকিলে বা জনসংখ্যা বৃদ্ধি হ’লেই উৎপাদন বৃদ্ধি নাপায় । এজন বিশেষ ভাবে সক্ষম মানুহো মানৱ সম্পদ হিচাপে বিবেচিত হ’ব পাৰে যদিহে শিক্ষা বা প্ৰশিক্ষণৰ জৰিয়তে তেওঁ কোনো উৎপাদন কাৰ্যত নিয়োজিত হয় । সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতাসম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে তেওঁকেই মানৱ সম্পদ বুলি কোৱা হয় ।

(খ) মানৱ সম্পদ উন্নয়নঃ মানৱ সম্পদ উন্নয়ন হ’ল আমাৰ দেশৰ চৰকাৰে প্ৰবৰ্তন কৰা আধুনিক আৰু বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা, স্বাস্থ্য নীতি, বিভিন্ন আঁচনি, জলপানীৰ ব্যৱস্থা, উন্নত মানৰ প্ৰক্ষিণ তথা বিভিন্ন সা-সুবিধাৰ ফলত বৰ্তমান দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো যথেষ্ট সবল হৈছে । কিন্তু পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাবলৈ আমাৰ দেশৰ চৰকাৰেও উল্লিখিত দিশসমূহত যথেষ্ট মনোনিৱেশ কৰিছে । সেয়েহে আগৰ তুলনাত দেশত শিক্ষিত মানুহৰ হাৰ বৃদ্ধি পাইছে আৰু তাৰ লগে লগে মানুহ সম্পদলৈ উন্নিত হৈছে ।

(গ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকঃ যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয় । মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ হ’ল- শিক্ষা হাৰ, জীৱনৰ প্ৰত্যাশা, জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ, জনমূৰি আয়, বিদ্যালয়ত নামভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰ, প্ৰতিষেধক টিকাকৰণৰ হাৰ আদি ।’

(১) শিক্ষাৰ হাৰঃ গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক কাৰক । শিক্ষা ব্যৱস্থা সঠিক হ’লেহে উন্নত মানৱ সম্পদ তৈয়াৰ হোৱা সম্ভৱ হয় । প্ৰকৃত শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে । যি দেশত শিক্ষিতৰ হাৰ উচ্চ সেই দেশৰ মানৱ সম্পদৰ মানো উন্নত । উদাহৰণ স্বৰূপে জাপান, ইংলণ্ড, আমেৰিকা আদি দেশত শিক্ষিতৰ হাৰ অধিক আৰু সেইবিলাক দেশৰ মানৱ সম্পদো উন্নত ।

(২) জীৱনৰ প্ৰত্যাশাঃ মানৱ সম্পদ উন্নয়নৰ আন এটি নিদেৰ্শক হৈছে জীৱনৰ প্ৰত্যাশা । এটি শিশু জন্মৰ পিছৰ পৰা কিমান বয়সলৈ সুস্থ, সবলভাৱে জীয়াই থাকে তাক জীৱন প্ৰত্যাশাই নিৰ্ণয় কৰে ।

(৩) জন্মকালীন শিশুৰ মৃত্যু হাৰঃ এখন দেশত জন্মকালীন শিশু মৃত্যুৰ হাৰ হ্ৰাস হোৱাটো সেই দেশখনৰ মানৱ সম্পদ উন্নয়নৰ আন এটি প্ৰধান নিদেৰ্শক হিচাপে বিবেচিত হয় ।

(৪) জনমূৰি আয়ঃ দেস এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি আয় উপলদ্ধ হয় তাক জনমূৰি আয় বোলা হয় ।

(৫) বিদ্যালয়ত নামভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰঃ প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষাৰ স্তৰ পৰ্যন্ত বিদ্যালয়, মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ ভৰ্তিকৰণৰ হাৰ উচ্চ আৰু বিদ্যালয় বা মহাবিদ্যালয় এৰাৰ হাৰ নিম্ন হোৱাটো মানৱ সম্পদ উন্নয়নৰ আন এটি উল্লেখযোগ্য নিৰ্দেশক ।

(৬) প্ৰতিষেধক টিকাকৰণৰ হাৰঃ এখন দেশৰ প্ৰতিষেধক টিকাকৰণৰ হাৰেও দেশখনৰ মানৱ সম্পদ সাক্ষ্য বহন কৰে । সেয়েহে প্ৰতিষেধক টিকাকৰণৰ হাৰকো মানৱ সম্পদৰ নিৰ্দেশক হিচাপে বিবেচনা কৰা হয় ।

ঘ) বৃত্তিমূলকঃ আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে । বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘব কৰি স্বনিয়োজনৰ পথ মুকলি হোৱাত সহায় কৰে । মানুহক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰাত বৃত্তিমূলক শিক্ষাই সবল ভূমিকা লয় । সেয়েহে আমাৰ চৰকাৰে বৰ্তমান এই শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপ্ৰদান কৰিছে ।