মৌলিক অধিকাৰ । অধ্যায় ২৩/Chapter 23 | Class 8 Social Science Lesson 23 Question and Answer Assam | SCERT Class 8 S.Science Chapter 23 Solution | Assamese Medium Class 8 Social Science Chapter 23 Answer | অষ্টম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ২৩ মৌলিক অধিকাৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

মৌলিক অধিকাৰ

১) চমু উত্তৰ দিয়া-
ক) মৌলিক অধিকাৰ বুলিলে কি বুজা ?

উত্তৰ- নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব কিকাশ কৰিবলৈ  সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহক মৌলিক অধিকাৰ বোলে ǀ

খ) কোন দেশত প্ৰথমে মৌলিক অধিকাৰ ধাৰণাৰ জন্ম হৈছিল  ?

উত্তৰ- আমেৰিকা যুক্তৰাষ্ট্ৰ ৰ (বিল অৱ ৰাইটছ্)ৰ যোগেদি প্ৰথমে মৌলিক অধিকাৰ ধাৰণাৰ জন্ম হৈছিল   ǀ

গ) সংবিদানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহ উল্লেখ আছে?

উত্তৰ- ১৮ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈ ǀ

ঘ) ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয় ?

উত্তৰ- ১৯৭৮ চনত

ঙ) কোন চনত শিশুৰ শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয় ?

উত্তৰ- ২০০৯ চনত ǀ

২)খালী ঠাই পূৰ কৰা-

ক) অস্পৃশ্যতা এক সামাজিক ব্যাধি ǀ

খ) ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ǀ

গ) মৌলিক অধিকাৰসমূহ সংবিধানৰ অবিছেদ্য অংগ ǀ

ঘ) মৌলিক অধিকাৰ নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে ǀ

৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা-

ক) দেশৰ জৰুৰীকালীন অৱস্হাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে / নোৱাৰে ǀ

উত্তৰ- নোৱাৰে ǀ

খ) মৌলিক অধিকাৰৰ পৰা নাগৰিকসকলবঞ্চিত হ’লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে নোৱাৰে ǀ 

উত্তৰ- পাৰে ǀ

গ) আইনৰ দৃষ্টিত ৰাষ্ট্ৰৰ পৰা  বনুৱালৈকে সকলো সমান হয়/ নহয় 

উত্তৰ- হয় ǀ

ঘ) চৰকাৰী সাহাৰ্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত  সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে / নোৱাৰে ǀ

উত্তৰ- পাৰে |

ঙ) সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰ / নোৱাৰে ǀ

উত্তৰ- পাৰে ǀ

৪) সংবিধানত মৌলিক অধিকাৰ অন্তভুৰ্ক্ত কৰাৰ কাৰণ কি লিখা ǀ

উত্তৰ- সংবিধানত মৌলিক অধিকাৰসমূহ হ’ল-

(ক) মৌলিক অধিকাৰসমূহৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশত বাধাৰ সৃষ্টি হয় ।

(খ) মৌলিক অধিকাৰৰ মাজেদি এখন ৰাষ্ট্ৰৰ পৰিচয় পোৱা যায় ।

(গ) মৌলিক অধিকাৰসমূহ উপভোগ কৰাৰ ক্ষেত্ৰত কোনো বৈষম্য নথকাৰ বাবে জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে নাৰী-পুৰুষ উভয়ে এই অধিকাৰসমূহ সমানে উপভোগ কৰিব পাৰে ।