মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ । Chapter 10 | Class 7 Social Science History Lesson 10 Question and Answer Assam | Assamese Medium Class 7 S.Science Chapter 10 Solution | SCERT Class 7 Social Science History Lesson 10 Answer | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ১০ মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ 

১। উত্তৰ দিয়াঃ(ক) শুঙ্গবংশৰ পিছত উত্তৰ ভাৰতত কোন বংশৰ ৰজাই ৰাজত্ব কৰিছিল?

উত্তৰঃ  শুঙ্গবংশৰ  পিছত  কান্ব নামৰ এটা ৰাজবংশৰ ৰজাই উত্তৰ ভাৰতত ৰাজত্ব কৰিছিল।

(খ)  সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল?

উত্তৰঃ  সাতবাহনসকলে ভাৰতৰ দক্ষিণ ভাৰতত ৰাজত্ব কৰিছিল।

(গ)কলিঙ্গ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায়?

উত্তৰ কলিঙ্গৰাজ্যক বৰ্তমান উৰিষ্যা নামেৰে জনা যায়।

(ঘ) ‘ত্ৰিৰাজ্য’ বুলিলে কোন কেইখন ৰাজ্যক বুজায়?

উত্তৰ চোল, চেৰা পাণ্ড্যসকলে, ৰাজত্ব কৰা তিনিওখন ৰাজ্যক ত্ৰিৰাজ্য বুলি জনা যায়।

(ঙ) কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল?

উত্তৰ কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল কণিষ্কৰ।

২। উত্তৰ লিখাঃ

(ক)  সাতবাহনসকলৰ ৰাজত্বকালত কাৰ কাৰ লগত বাণিজ্যক সম্পৰ্ক স্থাপন হৈছিল?

উত্তৰঃ সাতবাহনসকলৰ ৰাজত্বকালত ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ পূব এছিয়াৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল।

(খ) কণিষ্কৰ  শাসনকালত বৌদ্ধ ধম কেইটা ভাগত ভাগ হৈছিল?  নাম দুটা উল্লেখ কৰা?

উত্তৰ  কণিষ্কৰ শাসনকালত  বৌদ্ধ ধৰ্ম  ২ টা ভাগত ভাগ কৰা হৈছিল। আৰু ভাগকেইটা হৈছে – হীনযান আৰু মহাযান।

(গসংগম সাহিত্য কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ সংগম সাহিত্য দুই প্ৰকাৰৰ আৰু সেইকেইটা হৈছে – নীতিশিক্ষামূলক আৰু বৰ্ণনাত্মাক।

(ঘ) কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম।

উত্তৰঃ কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম- মথুৰা শিল্পকলাৰ আৰু অমৰাৱতী শিল্পকলা।

(ঙ) মৌৰ্যৰ পৰৱতী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম।

উত্তৰঃ মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম হ’ল  পুখুৰী আৰু কৃত্ৰিম জলাশয় আদি।

(চ) মৌৰ্যসকলৰ পৰৱৰ্তী গাওঁবিলাকত কি কি বৃত্তিজীৱি লোক বাস কৰিছিল? দুটা বৃত্তিৰ নাম উল্লেখ কৰা

উত্তৰঃ মৃৎশিল্পি, কমাৰ, বাঢ়ৈ, শিপিনী আদি। 

৩। ‘ক’ অংশৰ লগত  ‘খ’ অংশ মিলাই চোৱা –
 (ক) মহামেঘ বাহন – (ঙ) কলিঙ্গ   

(খ) অন্ধ্ৰৰ আন এটা নাম  – (ঘ) সাতবাহন 

(গ) ইন্দো-গীকসকলৰ বিখ্যাত ৰজা – (ক) মিনাণ্ডাৰ

(ঘ) কণিষ্কৰ দৃষ্টি আকষণ কৰিছিল  – (খ) গান্ধাৰ শিল্পই 

(ঙ) সংগম সাহিত্য   – (গ) তামিল কবি সন্মিলনৰ সাহিত্য় আছিল।

৪। শুদ্ধ উত্তৰ বাছি উলিওৱা –

(ক) সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল জয়দ্ৰথে \ সিমুকে \ বাসুদেৱে।

উত্তৰঃ সিমুকে।

(খ) যবন বুলি শুঙ্গ\ ইন্দো-গ্ৰীক\ কান্বসকলক কোৱা হৈছিল।

উত্তৰঃ ইন্দো-গ্ৰীক।

(গ) গান্ধাৰ শিল্পৰ মূল বিষয়-বস্তু আছিল হিন্দুধম\বৌদ্ধধম\জৈনধম।

উত্তৰ ঃ  বৌদ্ধধৰ্ম।(ঘ) গণ্ডোফণিছ কুষাণ \পহ্লৱ / শক বংশৰ শ্ৰেষ্ঠ ৰজা আছিল।

উত্তৰঃ পহ্লৱ।

(ঙ) জাতক হৈছে গল্প / কবিতা / উপন্যাস।

উত্তৰঃ গল্প।

৫। সত্য নে অসত্য বাছি উলিওৱা –

(ক) কাতন্ত্ৰ আছিল সাতবাহনসকলৰ দিনৰ এখন উল্লেখযোগ্য গ্ৰন্থ।

উত্তৰঃ  সত্য।

(খ) অশ্বঘোষ শক ৰাজসভাৰ এজন পণ্ডিত আছিল।

উত্তৰঃ অসত্য।

(গ) সংগম সাহিত্য সংস্কৃত ভাষাত ৰচনা কৰা  হৈছিল।

উত্তৰ ঃ অসত্য।

(ঘ) মিনাণ্ডাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল।

উত্তৰঃ অসত্য।

(ঙ) প্ৰাচীন ভাৰতলৈ ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল।

উত্তৰঃ সত্য।

৬। তলত দিয়া বিষয়বোৰৰ ওপৰত

চমু টোকা লিখা। (৫০ টা শব্দৰ ভিতৰত )

(ক) অৰ্থনীতি, সমাজনীতি, সংস্কৃতিৰ ওপৰত আলোকপাত  কৰি কণিষ্কৰ ৰাজত্বকাল বৰ্ণনা  কৰা।

উত্তৰঃ

(খ) মৌয যুগৰ পৰৱৰ্তী সময়ত সাধাৰণ মানুহৰ জীৱন ধাৰণ প্ৰণালী কেনেকুৱা আছিল বৰ্ণনা কৰা।

উত্তৰঃ