যুগমীয়া শৰাইঘাট । অধ্যায় ২ । Class 8 Assamese Lesson 2 Question and Answer Assam | SCERT Class 8 Assamese Chapter 2 Solution | নৱম মান শ্ৰণীৰ অসমীয়া অধ্যায় ২ যুগমীয়া শৰাইঘাট পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

যুগমীয়া শৰাইঘাট

১ । পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া ।

২ । উত্তৰ দিয়া ।

(ক) অতীতৰ শৰাইঘাটৰ সমস্যাবােৰ কি আছিল ?

উত্তৰ : অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামাজিক ।

 (খ) বর্তমান শৰাইঘাটৰ সমস্যাবােৰ কি ?

উত্তৰঃ বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হ’ল- সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহ্যিক ।

(গ) ৰামসিংহ কোন আছিল ?

উত্তৰঃ ৰামসিংহ ঔৰংজেৱ বাদছাহ ৰাজপুত ৰজা আছিল ।

(ঘ) তেওঁ কিয় অসমলৈ আহিছিল ?

উত্তৰঃ তেওঁ অসমলৈ আক্ৰমণ কৰিবলৈ আহিছিল ।

( ঙ ) শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল ?

উত্তৰঃ শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল ।

(চ ) লাচিতৰ অধীনত কিমান সৈন্য আছিল ?

উত্তৰঃ লাচিতৰ অধীনত এক লক্ষ সৈন্য আছিল ।

(ছ) মােগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি?

উত্তৰঃ মােগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম হ’ল কোৱামৃদ্ধা হাজৰিকা ।

(জ) মােগলৰ সেনাপতিক চৰাই খােজাৰ দায়ত লাচিত বৰফুকনে কাক লােৱা লগাই  থৈছিল ?

উত্তৰঃ মােগলৰ সেনাপতিক চৰাই খােজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লােৱা লগাই  থৈছিল ।

(ঝ) ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল ?

উত্তৰঃ ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত ইয়াকে বুজাবলৈ গৈছিল যে এটা টোপোলাত আফুগুটিৰ সংখ্যা যিমান ৰজা ৰামসিংহৰ সৈন্য সিমান ।

(ঞ) লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল ?

উত্তৰঃ লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল ।

৩। পাঠটোত থকা কঠিন শব্দবােৰৰ অৰ্থ শব্দসম্ভাৰ আৰু অভিধান চাই জানি লােৱা ,

৪ । পাঠত থকাৰ দৰে সংলাপবােৰ লিখা ।

(ক) কথাৰ যুদ্ধৰে বলে নােৱাৰি ৰামসিংহই ব্রহ্মপুত্র পাৰ হৈ গুৱাহাটীৰ গড় ল ’ বলৈ চেষ্টা ” * কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কি কৈছিল ?

উত্তৰঃ কথাৰ যুদ্ধৰে বলে নােৱাৰি ৰামসিংহই ব্রহ্মপুত্র পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক জ্বৰৰ গাৰে তেওঁ নাও মেলি দিলে আৰু চিঞৰি ক’লে,”অসমীয়া ৰণুৱাসকল, মই যুঁজিহে মৰিম । চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো থ’বা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোেক সুখেৰে ঘৰলৈ উভতি যোৱা এই কথা কৈছিল ।

(খ) অসম এৰি যােৱা সময়ত ৰামসিংহই অসমক প্রশংসা কৰি কি কৈছিল ?

উত্তৰঃ অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি ইয়াকে কৈ গ’ল,” ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা । অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত । মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ বুলি কৈছিল ।”

(গ) কোনােবাই যুদ্ধৰ কামত মন এৰি ইফাল – সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা | গোঁসানীলৈ সেৱা কৰি কি ঘােষণা কৰিছিল ?

উত্তৰঃ কোনােবাই যুদ্ধৰ কামত মন এৰি ইফাল – সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা | গোঁসানীলৈ সেৱা কৰি ”যুদ্ধৰ কামত পাছ হুহঁকিলে মই এই হেংদানেৰে তাক দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম বুলি ঘােষণা কৰিছিল ।

(ঘ) বৰ আই – কুঁৱৰীয়ে কাপােৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল ?

উত্তৰঃ বৰ আই – কুঁৱৰীয়ে কাপােৰৰ আঁৰৰ পৰা স্বৰ্গদেউক ক’লে, ”বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ’ব বুলি উপদেশ দিছিল ।

৫| বহলাই লিখা ।

( ক ) যুদ্ধত জয়ী হ’বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্রয়ােজন আছে লিখা ।

উত্তৰঃ যুদ্ধত জয়ী হ’বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ আদি প্রয়ােজন আছে ।

(খ) সেনাপতি কোৱামৃদ্ধা হাজৰিকাই কি কৌশলেৰে মােগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ । সক্ষম হৈছিল বর্ণনা কৰা ।

উত্তৰঃ সেনাপতি কোৱামৃদ্ধা হাজৰিকা মোগলে নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক’লে। চাৰিওফালে মোগলৰ নাও মাজতে কোৱামৃদ্ধাৰ নাও। হাজৰিকাই ক’লে, “মই নাচিম। ঢোল-মৃদংগ-খঞ্জৰী নাই, তোমালোকে চাপৰি মাৰা।”নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোৱাই নিজৰ নাওবৈচাক টিপ গিলে নৈৱৰ মূৰ অসমীয়া নাৱৰ পিনে টোঁৱাবলৈ। নাচোনৰ চেও দেখি বঙালৰ সৈন্য মচগুল হ’ল। এই ছেগতে কোৱাৰ নাওখন সাউৎকৰে আঁতৰি গ’ল। মোগলে বৈঠা মাৰি নাও ভিৰাএ তেওঁক খেদিবলৈ যো-জা কৰোঁতেই অসমীয়াৰ নাও নিজৰ ঠাই পালেগৈ। এই দৰে সেনাপতি কোৱামৃদ্ধা হাজৰিকাই মোগল সৈন্যৰ মাজৰ পৰা হাত সাৰি আহিবলৈ সক্ষম হয়।

(গ) শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবােৰ লিখা ।

উত্তৰঃ শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবােৰ হ’ল- শৰাইঘাটৰ যুদ্ধত অসমৰ বিজয় ভুকুতে পকা কল নাছিল । ইয়াৰ মূলত আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুবৰ্তিতা, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, আমূলে দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকন্দলৰূপী বিষবৃক্ষৰ গুৰিয়ে শিপায়ে ঠালে ঠেঙুলিয়ে উৎপাটন ।

৬ । প্রসংগ সংগতি দর্শাই বুজাই লিখা ।

(ক) ‘ অগ্নি , সর্প আৰু প্রলােভন , এই তিনি একেধৰণেৰে বিষাক্ত ।

উত্তৰঃ ‘অগ্নি, সৰ্প আৰু প্ৰলোভন, এই তিনি একেধৰণৰে বিষাক্ত।’ – উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা বিৰচিত ‘ যুগমীয়া শৰাইঘাট ‘ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

অগ্নি, সৰ্প আৰু প্ৰলোভন , এই তিনিধৰণৰ বিষাক্তৰ পৰাই যে সৰ্বনাশ সংঘটিত হ’ব পাৰে তাকে বুজাবলৈ বিচৰা হৈছে।

মোগলৰ সেনাপতি ৰামসিংহই আহোমৰ কটকী ৰামচৰণ আৰু নিমক সোভ সগাবলৈ ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাই নাচ দেখুৱাইছিল। ৰামচৰণে কাঠৰ চৰাই নাচ দেখি আচহুৱা চৰাইটোলৈ ঘনে ঘনে চাইছিল। ৰামচৰণ কটকীয়ে অসমীয়াক দেখুৱাবলৈ চৰাই এটা খুজিলে, আৰু ৰামসিংহই দুটা চৰাই দিলে। লাচিত বৰফুকণে শুনি ৰামচৰণ কটকীক মোগলক চৰাই খুজাৰ দায়ত লোৱা লগাই থলে। কাৰণ লাচিত বৰফুকণে জানিছিল যে – অগ্নি. সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণৰ বিষাক্ত। প্ৰলোভন সৰ্প এবাৰ যুদ্ধৰ শিবিৰত সোমালে, সৰ্বনাশ সংঘটিত হ’ব। মোগলৰ সেনাপতিয়ে আহোমৰ শিবিৰত এই প্ৰলোভন সৰ্প মেলিব বিচাৰিছিল যদিও লাচিত বৰফুকণৰ বিচক্ষণতাত বিফল হৈছিল।

(খ) বাৰীৰ ভিতৰৰ পুখুৰী সিচোঁতেও আঠোটা – দহােটা মানুহক শিঙিয়ে বিন্ধে ।

উত্তৰঃ‘বাৰীৰ ভিতৰৰ পুখুৰী সিচোঁতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে।’

উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ সূৰ্য কুমাৰ ভূঞাৰ দ্ধাৰা বিৰচিত ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

দেশ ৰক্ষাৰ ক্ষেত্ৰত কৰা যুদ্ধত কিছু লোকৰ যে প্ৰাণহানী হ’বই সেই সংক্ৰান্ততে উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে।

আলাবৈৰী ৰণত এইকেইদিন দহ হেজাৰ অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণে অসংখ্য সৈন্য নিহত হ’বলগীয়া হৈছিল। লাচিতে তেওঁৰ একোজন সৈন্যক এটা হাতীৰ সমান বুলি ভাৱে আৰু তেনে দহ হেজাৰ সৈন্য হেৰুৱাবলগীয়া হোৱাত সেই বতৰা তেওঁ স্বৰ্গদেৱক জনাব বিচাৰিলে। কিন্ত সু বিবেচক মন্ত্ৰী আতন বুঢ়াগোহাঁই লাচিতক হাক দি ক’লে যে বাৰীৰ ভিতৰৰ পুখুৰী সিচোঁতেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিন্ধে।এইখন যুদ্ধহে হৈছে ইয়াত কিছুলোকৰ মৃত্যু হোৱাতো স্বাভাৱিক। এনেদৰে সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহন আৰু সম্পাদন, এই দুইৰ সমাবেশ শৰাইঘাতৰ ৰণত অসমীয়াক কাৰণে আৱশ্যক আছিল আৰু আগলৈকো আৱশ্যক হ’ব।

(গ) সেয়ে শৰাইঘাট নাই , কিন্তু শৰাইঘাট আছে ।

উত্তৰঃ ‘সেয়ে শৰাইঘাত নাই, কিন্ত শৰাইঘাট আছে।’

উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা বিৰচিত ‘যুগমীয়া শৰাইঘাত’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই, কিন্ত আন এখন শৰাইঘাট হ’লে আছে। এইখন শৰাইঘাটত সংবদ্ধ হৈ সদৌ অসমীয়াই দেশ -ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়াৰ সমস্যাবোৰ হ’ল সামাজিক, অথনৈতিক, ৰাজনৈতিক আৰু আৰু ঐতিহ্যিক। অসমৰ সমস্যা অন্ত নাই আৰু অন্ত নপৰে। এক শ্ৰেণীৰ সমস্যা সমাধান হ’লে আন এক সমস্যাই মূৰ দাঙি উঠে। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰ ভালদৰে সমাধান নহ’লে অসমৰ অস্তিত্ব লৈ টনাটনি হ’ব। সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন, দুইৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণো আৱশ্যক আৰু আগলৈকো আৱশ্যক হ’ব। সেয়ে শৰাইঘাট নাই কিন্ত শৰাইঘাট আছে।

(ঘ) ” আফুগুটি পঠিয়াইছা পটাত পিহিলে পানী হ’ব ।

উত্তৰঃ ” আফুগুটি পঠিয়াইছা পটাত পিহিলে পানী হ’ব।”

উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা বিৰচিত ‘ যুগমীয়া শৰাইঘাট ‘ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

মোগলৰ সেনাপতি ৰামসিংহই নিজৰ বৃহৎ সৈন্যৰ সংখ্যা বুজাবলৈ আহোমৰ সেনাপতি লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াইছিল। তেতিয়া লাচিত বৰফুকনেও ৰামসিংহলৈ এচুঙা বালি পঠিয়াই কৈ পঠিয়াইছিল তোমালোকে আফুগুটি পঠিয়াইছা যি পটাত পিহিলে পানী হৈ যাব। কিন্ত আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবল বালিৰ নিচিনা টান। অৰ্থাৎ যাক সহজে গুৰি কৰিব নোৱাৰি।

(ঙ) এই সমস্যাবােৰৰ ভালৰূপে সমাধান নহ’লে অসমৰ অস্তিত্ব লৈ টনাটনি হ’ব ।

উত্তৰঃ‘ এই সনস্যাৰ সমাধান ভালৰূপেসমাধান ন’হলে অসমৰ অস্তিত্ব লৈ টনাটনি হ’ব। ‘

উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা বিৰচিত ‘যুগমীয়া শৰাইঘাট ‘নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

বছৰি বানপানীৰ দুৰ্যোগ,ভূঁইকঁপ,ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেন-দেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কু-প্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্য সুচাৰৰূপে সম্পাদন, এনে ধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি থাকিব, আৰু এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ’লে আন শ্ৰেনীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্য়াবোৰ ভালদৰে লমাধান নহ’লে অসমৰ অস্তিত্বক লৈ টনাটনি হ’ব।