শব্দ । অধ্যায় ১৩ । Class 8 General Science Lesson 13 Question and Answer Assam | SCERT Class 8 G.Science Chapter 13 Solution | Assam Class 8 Science Chapter 13 Answer | অষ্টম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৩ শব্দ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

 অধ্যায় ঃ ১৩

শব্দ

১) শুদ্ধ উত্তৰ বাছি উলিওৱা

শব্দ সঞ্চাৰিত হ’ব পৰা মাধ্যম হৈছে-

উঃ ঘ) গোটা, জুলীয়াআৰু গেছীয় পৰ্দাথ ।

২) কাৰ মাত কম কম্পনাংকৰ হ’ব ? 

উঃ গ) পুৰুষ

৩) তলৰ উক্তিসমূহত শুদ্ধ/অশুদ্ধ চিহ্নিত কৰা 

ক) বায়ুশূন্য স্থানত শব্দ সঞ্চাৰিত হ’ব নোৱাৰে । 

উঃ শুদ্ধ 

খ) এটা কম্পমান বস্ত্তৰ প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাকেই ইয়াৰ পৰ্যায়কাল বোলে । 

উঃ অশুদ্ধ

গ) কম্পনৰ বিস্তাৰ বেছি হ’লে শব্দ দুৰ্বল হয় ।

উঃ অশুদ্ধ

ঘ) মানুহৰ বাবে শ্ৰাব্যসীমা 20 Hz ৰ পৰা 20,000 Hz 

উঃ শুদ্ধ

ঙ) কম্পনৰ কম্পনাংক কম হ’লে ,তীক্ষ্ণতা বেছি হয় ।

উঃ অশুদ্ধ

চ) অবাঞ্চিত বা অস্বস্তিকৰ শব্দকেই সংগীত বুলি কোৱা হয় ।

উঃ অশুদ্ধ

ছ) শব্দ প্ৰদূষণে আংশিক শ্ৰৱন বিসংগতি সৃষ্টি কৰিব পাৰে । 

উঃ শুদ্ধ

৪) উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা —

ক) এটা দোলন সম্পূৰ্ন কৰিবলৈ প্ৰয়োজন হোৱা সময়ত বস্ত্তৰ পৰ্যায়কাল বোলে ।

খ) কম্পনৰ বিস্তাৰৰ দ্বাৰা তীব্ৰতা নিৰ্ণয় হয় ।

গ) কম্পনাংকৰ একক হৈছে হাৰ্টজ 

ঘ) অবাঞ্ছিত শব্দক কোলাহল বোলে ।

ঙ) কম্পনৰ কম্পনাংকৰ দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপন হয় ।

৫) এটা দোলকে ৪ ছেকেণ্ডত 80 টা দোলন সম্পূৰ্ন কৰে । ইয়াৰ পৰ্যায়কাল আৰু কম্পনাংক নিৰ্নয় কৰা ।

উঃ 

কম্পনাংক ঃ প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাকেই কম্পনাংক বোলে ।

পৰ্যায়কাল ঃ পৰ্যায়কাল হৈছে দোলনৰ কম্পনাংকৰ প্ৰতিলোম ।

৬) মহে প্ৰতি ছেকেণ্ডত গঢ়ে ৫০০ বাৰকৈ পাখি কঁপাই শব্দৰ সূষ্টি কৰে । এই কম্পনৰ পৰ্যায়কাল কিমান ? 

উঃ 

   = ০.০০২ ছেকেণ্ড

৭) তলৰ বাদ্যযন্ত্ৰ সমূহৰ কম্পন হৈ শব্দ উৎপন্ন কৰা অংশসমূহ চিনাক্ত কৰা-

ক) ঢোলক ঃ টানি ৰখা চামৰা ।

খ) চেতাৰ ঃ চেতাৰৰ তাঁৰ টানি দিলে কম্পনাংকৰ সৃষ্টি হয় আৰু ই কঁপিবলৈ ধৰে ।

গ) বাঁহী ঃ বায়ুস্তম্ভ ।

৮) কোলাহল আৰু সংগীতৰ মাজৰ পাৰ্থক্য কি? সংগীত কেতিয়াবা কোলাহল হ’ব পাৰেনে ? 

উঃ কোলাহল হৈছে বিঙিন্ন কম্পনাংকৰ ধ্বনিৰ দ্বাৰা সৃষ্টি হোৱা এক অস্বস্তিকৰ শব্দ ।

        আনহাতে , শুনিবলৈ শুৱলা তথা সুললিত শব্দ হৈছে সংগীত ।

        উচ্চ স্বৰত তথা লাউডস্পিকাৰত বজোৱা সংগীত কেতিয়াবা অস্বস্তিকৰ হয় । এনে ক্ষেত্ৰত সংগীতে কোলাহলৰ ৰূপ লয় ।

৯) তোমাৰ চাৰিওফালে হোৱা শব্দ প্ৰদূষণৰ উসমূহৰ তালিকা এখন তালিকা এখন প্ৰস্তুত কৰা ।

উঃ 

ক) গাড়ী-মটৰৰ শব্দ 

খ) ফটকা-আওচবাজীৰ শব্দ

গ) উচ্চস্বৰত বজোৱা টেলিভিজন, ৰেডিঅ, লাউডস্পিকাৰৰ শব্দ

ঘ) পাকঘৰৰ কিছুমান সজুঁলিৰ শব্দ 

ঙ) কুলাৰ, শীত-তাপ নিয়ন্ত্ৰন যন্ত্ৰ আদিৰ দ্বাৰা সূষ্টি হোৱা শব্দ ।

১০) মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা ।

উঃ মানুহৰ জীৱনত শব্দ প্ৰদূষণে বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে । শব্দ প্ৰদূষণৰ ফলত টোপাল নোহোৱা, উচ্চ ৰক্তচাপ ,উৎকন্ঠা আৰু বহুতো স্বাস্থ্য বিসংগতিয়ে দেখা দিয়ে । উচ্চ স্বৰৰ শব্দ অবিৰতভাৱে শুনি থাকিলে মানুহৰ স্থায়ী অথবা অস্থায়ী ৰূপত শ্ৰৱন বিসংগতি ঘটিব পাৰে ।

১১) তোমাৰ মাৰা-দেউতাৰাই ঘৰ এটা কিনিবলৈ ওলাইছে । তেওঁলোকক এটা পথৰ দাঁতিৰ আৰু আন পথৰ তিনিটা উপপথ আঁতৰত থকা ঘৰ দেখুওৱা হৈছে । তুমি তোমাৰ মা-দেউতাক কোনটো ঘৰ কিনিবৰ বাবে পৰামৰ্শ আগবঢ়াবা ? কাৰণ ব্যাখ্যা কৰা ।

উঃ মই মা-দেউতাক তিনিটা উপপথ আঁতৰত থকা ঘৰটো কিনিবৰ বাবে পৰামৰ্শ আগবঢ়াম ।

        কাৰণ , মূল পথতকৈ উপপথ কেইটাত গাড়ী-মটৰৰ সংখ্যা কম হ’ব । অত্যধিক যান-বাহনৰ ফলত পথৰ দাঁতিত থকা ঘৰটোত শব্দ প্ৰদূষণৰ সৃষ্টি হ’ব । তিনিটা উপপথ আঁতৰত থকা ঘৰটোত পথৰ দাঁতিৰ ঘৰটোৰ তুলনাত শব্দ প্ৰদূষণ কমিব ।

১২) স্বৰসন্ত্ৰৰ চিত্ৰ আৰু ইয়াৰ কাৰ্যসমূহ তোমাৰ নিজৰ ভাষাত বৰ্ননা কৰা ।

উঃ

মানুহৰ ক্ষেত্ৰত স্বৰকক্ষ বা স্বৰযন্ত্ৰ ( Larynx) ৰ দ্বাৰা শব্দৰ সৃষ্টি হয় । ই আমাৰ ডিঙিৰ এটা অংশ । ই বায়ুনলীৰ ওপৰৰ অংশত অৱস্থিত । স্বৰযন্ত্ৰৰ সৈতে দুডাল স্বৰতন্ত্ৰী সংলগ্ন হৈ থাকে যাতে ইয়াৰ মাজেৰে বায়ু যাব পৰাকৈ এটা ঠেক ছিদ্ৰৰ সৃষ্টি হয় । হাওঁফাওঁৰ পৰা অহা বায়ু ছিদ্ৰৰ মাজেৰে গ’লে স্বৰতন্ত্ৰী কঁপিবলৈ ধৰে আৰু শব্দৰ সূষ্টি কৰে ।

১৩) আকাশত বিজুলী আৰু ঢেৰেকনি একেসময়ত আৰু আমাৰ পৰা আমাৰ পৰা একে দূৰত্বত সংঘটিত হয় । কিন্তু আকৌ বিজুলি দেখা যায় আৰু তাৰ পিছতহে ঢেৰেকনি কাণত পৰে । ইয়াৰ কাৰণ ব্যাখ্যা কৰিব পাৰিবানে?

উঃ বায়ুমাধ্যমত শব্দৰ দ্ৰুতিতকৈ পোহৰৰ দ্ৰুতি বেছি । সেয়েহে ,সমান দূৰত্ব হোৱা স্বত্বেও বিজুলি আগে দেখা যায় আৰু তাৰ পিছতহে ঢেৰেকনি কাণত আহি পৰে ।