শ্ৰী শ্ৰী শংকৰদেৱ । অধ্যায় ৮ । Class 8 Assamese Lesson 8 Question and Answer Assam | SCERT Class 8 Assamese Chapter 8 Solution | অষ্টম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ৮ শ্ৰী শ্ৰী শংকৰদেৱ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

শ্ৰী শ্ৰী শংকৰদেৱ

৩। উত্তৰ দিয়া….
ক) কবিয়ে  ‘ধ্যানমগ্ন যোগী’ বুলি কাক কৈছে ?

উত্তৰ:- কবিয়ে ‘ধ্যনমগ্ন যোগী’ বুলি শ্ৰী শ্ৰী শংকৰদেৱৰ কথা কৈছে ।

খ) কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে ?

উত্তৰ:- কবিয়ে তব পুণ্য কিৰণেৰে ভৃমি পবিত্ৰ কৰাৰ কথা কৈছে ।

গ) কবি কাননত কি বজোৱাৰ কথা কৈছে ?

উত্তৰ :-কবি কাননত বীণা বজোৱাৰ কথা কৈছে ।

ঘ) মৰতত কোনে কিহৰ বাতৰি আনি দিলে ?

উত্তৰ :- মৰতত শ্ৰী শ্ৰীশংকৰদেৱে স্বৰ্গৰ বাতৰি আনি দিলে ।

ঙ) কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে ?

উত্তৰ :- কবিতাটোত নিৰলে বজাই বীণা আৰু মধুৰ ঝঙ্কাৰ অসমৰ ঘৰে ঘৰে বাজি উঠাৰ কথা কোৱা হৈছে ।

৪। কবিতাটোৰ মূল কথাখিনি গদ্যৰে লিখা।

প্ৰশ্ন ৫। তলৰ আঁচটনা শব্দবোৰৰ অৰ্থ সোঁফালৰ বন্ধনীৰ ভিতৰত দিয়া আছে । সেইবোৰৰ শুদ্ধ অৰ্থ বাছি উলিয়াই লিখা । 
ক) কোন দূৰ অতীতৰ  ধ্যানমগ্ন যোগী তুমি ( তন্ময় / বিস্ময় / মহান)

উত্তৰ:- তন্ময়।

খ) গোটেই অসমভূমি  বিস্তৃত জীৱনী যাৰ ( শিপাই যোৱা / নাইকিয়া হোৱা / বিয়পি পৰা )

উত্তৰ:- বিয়পি পৰা।

গ) তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে ( যশস্যা / গঞ্জনা / লাঞ্ছনা) 

উত্তৰ:- যশস্যা।

ঘ) স্বৰ্গৰ বাতৰি আনি দিলা দেৱ  মৰতত ( পৃথিৱী / পাতাল / আকাশ)

উত্তৰ:- পৃথিৱী।

৬। বাক্য ৰচনা কৰা।

পৱিত্ৰ কৰ্মবীৰ সদাচাৰ ৰীতি-নীতি মৰত মধুৰ

৭। কবিতাটোৰ পৰা শব্দ আনি খালী ঠাই পূৰ কৰা।

মধুৰ তাৰ গভীৰ সুৰে

আজিও উঠিছে বাজি ঘৰে ঘৰে।

যি সুৰেৰেই প্ৰেম ধাৰা।

অসীম বলে নমালা পৰা।

উত্তৰ:- মধুৰ ঝঙ্কাৰ তাৰ গভীৰ উদাৰ সুৰে

আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে।

যি বীণাৰ সুৰেৰে প্ৰেম মন্দাকিনী ধাৰা।

অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা।

৮। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ::–
(ক) “নিৰলে বজাই বীণা কোন কবি কাননত

স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত ?”

উত্তৰ:- উক্ত কবিতাৰ শাৰী দুটা আমাৰ পাঠ্যপুথি “অংকুৰণ”(অষ্টম ভাগ)ৰ বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে লিখা “শ্ৰী শ্ৰী শংকৰদেৱ” নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

            ইয়াত কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱে কেনেদৰে একান্ত সাধনাৰে কাব্যসমূহ ৰচনা কৰি মানুহক ঈশ্বৰৰ জ্ঞান দিছিল সেই কথা বুজাব বিচাৰিছে। 

           শ্ৰী শ্ৰী শংকৰদেৱে নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বহুতো গ্ৰন্থ ৰচনা কৰিছিল। তেখেতে সাধাৰণ মানুহে বুজিব পৰাকৈ ঈশ্বৰৰ মহিমা প্ৰকাশক এই গ্ৰন্থসমূহ লিখিছিল। সেই সময়ত এনেদৰে সাহিত্য- সংস্কৃতিৰ চৰ্চা কৰা বৰ বেছি মানুহ নাছিল । তেখেতে প্ৰায় অকলেই সাহিত্যৰ জগতখনত অশেষ কষ্ট কৰি মানুহৰ মাজলৈ ঈশ্বৰৰ বাতৰি আনি দিছিল। মানুহে তেওঁৰ লেখনিৰ যোগেদি ঈশ্বৰৰ জ্ঞান লাভ কৰিব পাৰিছিল। 

(খ)  “তোমাৰ জীৱনী দেৱ ! লিখে এনে সাধ্য কাৰ

গোটেই অসমভূমি বিস্তৃত জীৱনী যাৰ ।”

উত্তৰ :-উক্ত বাক্যফাঁকি আমাৰ পাঠ্যপুথিৰ যতীন্দ্ৰ নাথ দুৱৰাৰ দ্বাৰা বিৰচিত ‘শ্ৰী শ্ৰী শংকৰদেৱ’নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

ইয়াত কবিয়ে গুৰুজনৰ প্ৰতিভা তথা অসমৰ সাহিত্য সমাজ সংস্কৃতিত থকা তেখেতৰ অৱদানৰ কথা ক’বলৈ গৈ এনেদৰে উল্লেখ কৰিছে।

শ্ৰী শ্ৰী শংকৰদেৱ কেৱল ধৰ্ম গুৰুৱে নাছিল। তেখেতে অসমৰ সমাজ সংস্কৃতি সকলো দিশলৈকে নতুন চিন্তাৰ প্ৰবাহ বোৱাই আনি অসমখনক নতুন কৈ সজালে। অসমৰ প্ৰতিটো দিশতে তেখেতৰ প্ৰভাৱ অসীম। সেয়েহে কবিয়ে কৈছে যে এনে এজন বিশাল ব্যক্তিত্বৰ মহাপুৰুষৰ বিষয়ে আৰু তেখেতৰ অৱদানৰ বিষয়ে কেৱল মাত্ৰ এখন জীৱনীতে লিখি সীমাবদ্ধ কৰিব নোৱাৰি। কাৰণ অসমৰ প্ৰতিজন মানুহৰ অন্তৰতে, প্ৰতিজন মানুহৰ ঘৰতে,আৰু সমাজৰ প্ৰতিটো দিশতে তেখেতৰ জ্ঞান আৰু অৱদান বিস্তৃত হৈ আছে।

প্ৰশ্ন ৯। শেষ ধ্বনি মিল থকা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা ।

উদাহৰণ- তুমি – ভূমি ধাৰা- ………… সাজে-…………….

সুৰে- ………. জ্ঞান- ………. সদাচাৰ- …………

উত্তৰ:- ধাৰা – পৰা

সাজে – বাজে

সুৰে – ঘৰে

জ্ঞান – দান

সদাচাৰ – ব্যৱহাৰ

১০। চমুকৈ লিখা।

(ক) ‘স্বৰ্গৰ বাতৰি আনি দিলা মৰতত?’…………ইয়াত উল্লেখ কৰা ‘স্বৰ্গৰ বাতৰি’ কি, বুজাই লিখা।

উত্তৰঃ ইয়াত ‘দেৱ’ শব্দই মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক বুজাইছে। মৰত’ শব্দৰ অৰ্থ যদিও পৃথিৱী ইয়াত অসমভূমিক বুজাইছে। স্বৰ্গৰ অমৰ কাহিনী মহাপুৰুষ জনাই ভক্তি-ধৰ্ম সাহিত্য সংস্কৃতি অমৃত ধাৰা বোৱাই অসম ভূমিক প্ৰৱিত্ৰ কৰাৰ কথা কৈছে।

(খ) কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে ?

উত্তৰঃ কবিয়ে উল্লেখ কৰাৰ মতে শংকৰদেৱে অসমক ভক্তি ধৰ্ম, ভাষা, সাহিত্য সংস্কৃতি ৰীতি নীতি দান দি অসমৰ সকলোকে নতুন সাজেৰে সজালে।

(গ) ‘কত যতনেৰে দেৱ!গাঁথিলা এই মালাধাৰি ।’- ইয়াত কোনে কি মালা গাঁথাৰ কথা কৈছে বুজাই লিখা।

উত্তৰঃ ‘কত যতনেৰে দেৱ ! গাঁথিলা এই মালাধাৰি।’

  • ইয়াত মহাপুৰুষ শংকৰদেৱে মালা গাঁথাৰ কথা কৈছে।

(ঘ) শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি কি আঁতৰালে?

উত্তৰঃ শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্ৰস্বাথ, হীনভাৱ, সৰু-বৰ এনেবোৰ ভাৱ আঁতৰালে।