সন্মান। অধ্যায় ১৬ । Chapter 16 | Class 9 Assamese Lesson 16 Question and Answer Assam | SEBA Class 9 Assamese Chapter 16 Solution | Class 9 Assamese Answer | নৱম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ১৬ সন্মান পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

 সন্মান 

১। অতি চমু উত্তৰ দিয়াঃ

(ক) অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে ।

উঃ অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনত মানুহে স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে ।

খ) ছাতৰে শিক্ষকৰ ধাৰ গুজিব পাৰেনে ? 

উঃ ছাতৰে শিক্ষকৰ ধাৰ গুজিব  নোৱাৰে ।

গ)ৰজা  তেওঁ দেৱতাৰো দেৱতা , বিধাতাৰো বিধাতা , ৰজাৰো  ৰজা – তেওঁ কোন ? 

উঃ ৰজা  তেওঁ দেৱতাৰো দেৱতা , বিধাতাৰো বিধাতা , ৰজাৰো  ৰজা  – ইয়াত তেওঁ বুলি ইশ্বৰক বুজোৱা হৈছে ।

ঘ) হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল ? 

উঃ হেমচন্দ্ৰ বৰুৱা আসাম নিউজ কাকতৰ সম্পাদক আছিল ।

ঙ) হেমকোষ কি ? 

উঃ হেমকোষ হৈছে অসমীয়া ভাষাৰ প্ৰথম বৃতপত্তিগত অভিধান ।

চ) কানীয়াৰ কীৰ্তন ৰচক কোন  ? 

উঃ  কানীয়াৰ কীৰ্তন ৰচক  হল – হেমচন্দ্ৰ বৰুৱা  ।

২) ঈশ্ৱৰৰ পাচতে পিতৃ – মাতৃ আমাৰ মাননীয় – কথাষাৰ বুজাই লিখা ? 

উঃ আমাৰ এই সমাজত এজনে আনজনৰ প্ৰতি দেখুওৱা আদন বা শ্ৰদ্ধাই হৈছে সন্মান । কোনো এজন লোকে তেওঁৰ নিজৰ গুন , পদমযাৰ্দা আদিৰ ভিক্তিত  সমাজ এখনত সন্মান লাভ 

                      আমাৰ পাঠ্য়পুথিত অন্তগৰ্ত সন্মান পাঠটিৰ প্ৰকৃত সন্মানৰ ৰাত্ৰ কোন , কাক আমি সন্মান প্ৰদান কৰিব লাগে আৰু কেনেকৈ সন্মান কৰিব লাগে সেই কথাৰ বিষয়ে এটি আভাস দিয়াৰ বাবে যত্ন কৰা হৈছে । সন্মান পাঠটিত লিখকে সকলোকে পোন প্ৰথমে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি ৰাখিবলৈ অনুৰোধ কৰিছে । ইয়াত কোৱা হৈছে যে আমি এই পৃথিৱী মনত পোহৰ দেখাৰ মূলতে যি কাৰণ , সেই কাৰণৰ নাম হৈছে ঈশ্ৱৰ । তেওঁ এই বিশ্ৱব্ৰহ্মাণ্ডখনৰ সৃষ্টিকৰ্তা । তেওঁ সকলোৰে আদি, কিন্তু তেওঁৰ কোনো আদি – অন্ত নাই । তেওঁ সকলোকে   সৃষ্টিকৰ্তা আৰু পালনকৰ্তা । গতিকে আমি সকলোৱে ঈশ্বৰক শ্ৰদ্ধা ভক্তি কৰিব লাগে । 

                    ঈশ্বৰৰ পিছতে দ্ৱিতীয় শ্ৰেষ্ঠজন হৈছে আমাৰ পিতৃ – মাতৃ । কাৰণ তেওঁলোকে আমাক জন্ম দিছে , লালন – পালন কৰি ডাঙৰ – দীঘল কৰিছে , জ্ঞান – বিদ্যা শিক্ষা আদি দি এজন ভাল মানুহ কৰি   তুলিবলৈ যত্ন কৰিছে । আমাৰ দুখত দুখী আৰু সুখত সুখী হবলৈ  পিতৃ – মাতৃ অহৰহ সাজু হৈ থাকে সদাই । আমাৰ প্ৰতিটো সুনামে তেওঁলোকক নতুন জীৱন দিয়ে আৰু দুযৰ্শে তেওঁলোকক মনোকষ্ট দিয়ে । তেওঁলোকে আমাৰ বাবে বহুত দুখ – কষ্ট সহিও আমাক জীৱন যাত্ৰাৰ সফল সৈনিক ৰূপে গঢ়ি তুলিবলৈ চেষ্ট কৰে আৰু তেওঁলোকৰ সেই কষ্টৰ বাবে আজি তেওঁলোক আমাৰ সকলোতকৈ মান্য় বা সন্মানীয় ।

৩) শিক্ষকৰ প্ৰতি ছাত্ৰই মান – সতকাৰ কিয় ৰাখিব লাগে ? 

উঃ আমি সদায় শিক্ষকসকলৰ প্ৰতি মান সতকাৰ ৰাখিব লাগে । কাৰণ পিতৃ – মাতৃয়ে আমাক জন্ম দিয়ে , লালন পালন কৰে , জ্ঞান -বিদ্যা শিকাই সত লোক এঝন কৰিবলৈ চেষ্টা কৰে । শিক্ষকসকলে আমাক জ্ঞান দিয়ে । আমাৰ জীৱনত এনে কিছুমান কথা যাক আমি সহজে বুজিব নোৱাৰো । শিক্ষকসকলে আমাক জ্ঞান দি সাধাৰণ চকুৰে নেদেখা , নুৱুজা কথাবোৰ বুজি পোৱাত সহায় কৰে । শিক্ষক সকলে আমাক জীৱনৰ সঠিক বাটৰ নিৰ্দেশনা দিয়ে । শিক্ষকৰ ঋন কোনো ছাত্ৰ – ছাত্ৰীয়ে কেতিয়াও পূৰ কৰিব নোৱাৰে । আমাৰ শাস্ত্ৰত লিখা আছে যে অধ্য়াপকে যদি মাত্ৰ এটি আখৰো ছাত্ৰক সিকাই , তেন্তে ছাত্ৰজনে পৃথিৱীৰ একোবস্তোৰেই অধ্যাপকজনৰ ধাৰ পৰিশোধ কৰিব নোৱাৰে  কেতিয়াও । গতিকে আমি সকলোৱে শিক্ষকৰ প্ৰতি মান – সতকাৰ সদাই ৰাখিব লাগে । 

৪) সন্মান পাঠটোৰ পৰা কি কি শিকিলা ,  চমুকৈ লিখা  । 

উঃ উত্তৰৰ বাবে ২ নং আৰু ৩ নং প্ৰশ্নউত্তৰ গৈ চোৱা ।

ভাষা – বিষয়ক ঃ  

১) তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা  ? 

 নৰিয়া , জগত, লোতক , চকু , হেতু , মান ।

উঃ  নৰিয়া  – ৰোগ , বেমাৰ , অসুখ ।

     জগত – ধৰিত্ৰী , বখুমতী , কৃথিৱী ।

     লোতক – অশ্ৰু , চকুপানী , চকুলো ।

      চকু – নেত্ৰ , নয়ন , অক্ষি ।

      হেতু – কাৰণ , বাবে ।

       মান – শ্ৰদ্ধা , সন্মান । 

২) বিপৰীত শব্দ লিখা ।

 শ্ৰদ্ধা , শলাগ , আদি , দুষ্ট , জ্যেষ্ঠ , ন্যায় ।

উঃ  শ্ৰদ্ধা – ঘৃনা , অশ্ৰদ্ধা ।

   শলাগ – অশলাগ ।

 আদি – অন্ত ।

  দুষ্ট – সান্ত , সত ।

জ্যেষ্ঠ – কনিষ্ঠ ।

 ন্যায় – অন্যায় ।

Answer by Bhargov jyoti Narth