সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ । অধ্যায় ৫ । Class 9 Elective Subject Geography Lesson 5 Question and Answer Assam | SEBA Class 9 El. Geography Chapter 5 Solution | নৱম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ৫ সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

(পঞ্চম অধ্যায়)   

অৰ্থনৈতিক ভূগোল 

সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ

প্ৰশ্নাৱলী 

১ ǀ সম্পদ বলিলে কি বুজা?

উত্তৰঃ জীয়াই থাকিবলৈ আৰু উন্নতিৰ পথত আগুৱাবলৈ মানুহক বহুতো বস্ত লাগে। জীৱৰ বাবে প্ৰয়োজনীয় সাধাৰণ প্ৰাকৃতিক উপাদানসমূহৰ উপৰি খাদ্য, বস্ত্ৰ, বাসস্থান আদি প্ৰয়োজন পূৰাবলৈ মানুহক নানা তৰহৰ বস্ত লাগে। এই বস্তবোৰ মানুহে প্ৰধানকৈ প্ৰকৃতিৰ বুকুৰ পৰাই বিভিন্ন ধৰণে আহৰণ কৰে। প্ৰকৃতিৰ পৰা লাভ কৰা এই বস্তবোৰ মানুহে নিজৰ শক্তি, বিদ্যা-বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি ব্যৱহাৰ কৰে। এইদৰে ব্যৱহাৰৰ উপযোগী প্ৰাকৃতিক আৰু মানুহে নিজে তৈয়াৰ কৰা বস্তবোৰকে সম্পদ বুলি কোৱা হয়।

২ǀ প্রাকৃতিক উপাদানক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ কোনবোৰ সাজৰ কোনবোৰ বিষয়ে মুখ্য ভূমিকা পালন কৰে ?

উত্তৰঃ  (ক) সাংস্কৃতিক প্ৰমূল্যঃ কোনবোৰ বস্ত সমাজৰ বাবে গ্ৰহণযোগ্য আৰু কোনবোৰ গ্ৰহণযোগ্য নহয়, সেই কথা সংশ্লিষ্ট সমাজখনৰ পৰস্পৰা, ৰীতি-নীতি, ধৰ্ম আদি সাংস্কৃতিক প্ৰমূল্যসমূহে নিৰূপণ কৰে।

(খ) প্ৰযুক্তিবিদ্যাঃ মানুহে প্ৰয়োজনীয় বস্তবোৰ কি ধৰণে আহৰণ আৰু ব্যৱহাৰ কৰিব বা বস্তবোৰক ব্যৱহাৰৰ উপযোগী কৰি তুলিব, সেয়া সমাজখনে জনা বা প্ৰয়োগ কৰা প্ৰযুক্তিৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে।

(গ) অৰ্থনৈতিক ব্যৱস্থাঃ প্ৰয়োজনীয় বস্তবোৰ আহৰণ কৰাৰ ক্ষমতা আৰু সেইবোৰ ব্যৱহাৰ কৰিব পৰা বা নোৱাৰাটো সমাজখনৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। সকলো ধৰণৰ বস্ত আহৰণ আৰু ব্যৱহাৰ কৰিবৰ বাবে আৱশ্যকীয় আৰ্থিক সামৰ্থ্য সকলো সমাজৰ সমানে নাথাকে।

৩ ǀ সম্পদৰ ধাৰণাক প্ৰভাৱাহিত কৰা কাৰকবোৰ কি?

উত্তৰঃ সমাজ এখনৰ সাংস্কৃতিক প্ৰমূল্য, প্ৰযুক্তিবিদ্যা আৰু আৰ্থিক অৱস্থা সদায় একে হৈ নাথাকে। সময়ৰ গতিত সেইবোৰৰ পৰিৱৰ্তন ঘটে। ভৌগোলিক অৱস্থা ভেদেও সেইবোৰৰ মাজত প্ৰভেদ থাকে। এনে পৰিৱৰ্তন আৰু প্ৰভেদে সমাজত প্ৰচলিত সম্পদৰ ধাৰণাকো প্ৰভাৱান্বিত কৰে। আজি যিবোৰ বস্তক মানুহে সম্পদ হিচাবে গ্ৰহণ কৰিছে, বহু বছৰ পূৰ্বে তাৰে বহুতকে মানুহে হয়তো অলাগতীয়াল বস্ত বুলিয়েই বিবেচনা কৰিছিল। ইংৰাজসকল অসমলৈ অহাৰ আগতে ৰাজ্যখনত চাহ গছৰ বিশেষ ব্যৱহাৰিক মূল্য নাছিল। কোনোবা জনগোষ্ঠীয়ে ঘৰুৱাভাৱে ব্যৱহাৰ কৰিছিল যদিও অসমত চাহৰ ব্যৱসায়িক প্ৰচলন প্ৰথমে ইংৰাজসকলেহে কৰে। সম্প্ৰতি চাহ শিল্প অসমৰ অটা প্ৰধান শিল্প। সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনে একালৰ নগণ্য বস্ত এপদক অন্য সময়ত মহামূল্যৱান কৰি তুলিব পাৰে। সমাজৰ পৰিৱৰ্তন ঘটাৰ লগে লগে ক্ৰমে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে।

৪ ǀ বৰ্ধিত  জনসংখ্যাই সম্পদৰ ওপৰত কেনে ধৰণে প্ৰভাৱ পেলায় ,আলোচনা কৰা ǀ

উত্তৰঃ  জনসংখ্যা বৃদ্ধিয়েও সম্পদৰ ওপৰত ভাৱ পেলায় ǀবৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰাবলৈ কিছুমান সম্পদ বেছিকৈ বযৱহাৰ কৰিবলগীয়া হয় ।পুনৰ সৃষ্টি কৰিব নোৱাৰিলে তেনে সম্পদৰ নাটনি হয়। তেতিয়া তাৰ বিকল্প বিচৰা হয় ǀ উদাহৰণস্বৰূপে যাতায়ত ব্যৱস্হা বাহাল ৰাখিবলৈ ইন্ধন হিচাপে খাৰুৱা তেলৰ প্ৰয়োজন হয় ǀ বৰ্তমান সময়ত যি হাৰত খাৰুৱা তেলৰ উৎপাদন আৰু ব্যৱহাৰ হৈ আছে ,আশা কৰা হৈছে এটা সময়ত অদূৰ ভৱিষ্যতে খাৰুৱা তেলৰ বিৰাট নাটনিয়ে দেখা দিব ǀ বিজ্ঞানীসকলে ভৱিষ্যতৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি খাৰুৱা তেলৰ বিকল্প হিচাপে সৌৰশক্তি,বেটাৰী দ্বাৰা চালিত  চালিত যানবাহন উৎপাদনত মনোনিবেশ কৰিছে ǀ  

৫ǀ প্ৰাকৃতিক সম্পদ কাক বোলে ?

উত্তৰঃ প্ৰাকৃতিক সম্পদৰ উৎস হৈছে প্ৰাকৃতিক পৰিবেশ ǀ মাটি,পানী,উদ্ভিদ,খনিজ পদাৰ্থ, বন্যপ্ৰাণী আদি প্ৰাকৃতিক সম্পদ ǀ এইবোৰ প্ৰকৃতিৰ পোনপটীয়া সৃষ্টি ǀপ্ৰাকৃতিক সম্পদবোৰ জৈৱিক (প্ৰাণ থকা) আৰু অজৈৱিক (প্ৰাণ নথকা) দুটা ভাগত ভগাব পাৰি ǀ

৬ǀ মানবসৃষ্ট সম্পদৰ দুটামান উদাহৰণ দিয়া।

উত্তৰঃ  মানবসৃষ্ট সম্পদবোৰ হৈছে- ঘৰ দুৱাৰ, দলঙ, ৰাস্তা, যন্ত্ৰ পাতি, গাড়ী মটৰ,উৰাজাহাজ,নাও ইত্যাদি ǀ

৭ǀ মানব সম্পদ কাক বোলে লিখা ।

উত্তৰঃ  নিজৰ লগতে আনৰো প্ৰয়োজন পূৰাবলৈ মানুহৰ যি যোগ্যতা বা দক্ষতা থাকে তাকে মানৱ সম্পদ বোলা হয়।

৮ǀ পুনঃসৃষ্টিক্ষম সম্পদ বুলিলে কি বুজা ? ইয়াৰ দুটামান উদাহৰণ দিয়া ǀ

উত্তৰঃ   যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায় সেইবোৰক পুনঃসৃষ্টিক্ষম সম্পদ বোলে ǀ পুনঃসৃষ্টিক্ষম সম্পদবোৰ উপযুক্ত প্ৰাকৃতিক পৰিবেশ অটুট থাকিলে পুনৰ সৃষ্টি হব পাৰে ǀ

যেনে- বায়ু, পানী, মাটি, উদ্ভিদ, প্ৰাণী ইত্যাদি 

৯ǀ দুবিধমান পুনঃ সৃষ্টিহীন সম্পদৰ নাম লিখা।

উত্তৰঃ  দুবিধমান পুনঃসৃষ্টিহীন সম্পদৰ নাম হল – কয়লা, পেট্ৰলিয়াম, লো, সোণ, ৰূপ আদি।

১০ǀ সম্পদৰ অপচয়  কিয় ৰোধ কৰিব লাগে ।

উত্তৰঃ জনসংখ্যা বৃদ্ধি আৰু সম্পদৰ বাঢ়ি অহা চাহিদা অনুপাতে সম্পদৰ পৰিমাণ নাবাঢ়ে ।আনহাতে কিছুমান প্রাকৃতিক সম্পদৰ পৰিমাণ তেনেই সীমিত । সেইবোৰৰ বহুতৰে পুনৰ সৃষ্টি ও সহজ নহয়। সেয়েহে সম্পদৰ অপব্যয় ৰোধ কৰাৰ লগতে যথোপযুক্ত ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগে ।

১১ǀ সম্পদৰ  আহৰণ আৰু ব্যৱহাৰে পৰিবেশ কেনেকৈ বিনষ্ট কৰিব পাৰে  নিজে চিন্তা কৰি লিখা ।

উত্তৰঃ  জনসংখ্যা বৃদ্ধি আৰু সম্পদৰ বাঢ়ি অহা চাহিদা অনুপাতে  সম্পদৰ পৰিমাণ নাবাঢ়ে ǀ তাতে কিছুমান প্ৰাকৃতিক সম্পদ কম পৰিমাণে উপলব্ধ ǀ সেইবোৰৰ বহুতৰে পুনৰসৃষ্টি সহজ নহয় ǀ সেয়েহে সম্পদৰ অপচয় ৰোধ কৰাৰ লগতে যথোপযুক্ত ব্যৱহাৰ সুনিশ্চত কৰাতো দৰকাৰ ǀউদাহৰণস্বৰূপে আমি খাবলৈ নিৰ্মল জল ব্যৱহাৰ কৰো ǀ এই জল আকৌ ভূ-ভাগৰ কিছু নিৰ্দিষ্ট অঞ্চলতহে পোৱা যায় ǀ খোৱাৰ উপৰিও আমি ঘৰুৱা অন্য সকলো ধৰণৰ কামকাজ চলাবলৈ নিৰ্মল জলৰ প্ৰয়োজন হয় ǀ গতিকে এই জলৰ চাহিদা বহুত বেছি ǀ মানুহে ইয়াৰ ব্যৱহাৰত সদা সচেতন হোৱা উচিত ǀ