সময় । অধ্যায় ৭ । Chapter 7 | Class 9 Assamese Lesson7 Question and Answer | SEBA Class 9 Assamese Chapter 7 Solution | নৱম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ৭ সময় পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

সময়

ভাব বিষয়কঃ

১) চমু উত্তৰ দিয়াঃ
ক) সময়ক কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰ:- সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি।

খ) কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়?

উত্তৰ:- কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়।

গ) সময়ৰ ডাঙৰ ভাগবোৰ কি কি?

উত্তৰ:- সময়ৰ ডাঙৰ ভাগবোৰ হল – যুগ, কল্প আৰু শতাব্দী।

ঘ) সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়?

উত্তৰ:-সময়ৰ দণ্ড, পল, অনুপলক সময়ৰ সৰু ভাগৰ ভগ্নাংশ বোলা হয়।

ঙ) সময় কি গতিত ঘূৰে?

উত্তৰ:- সময় বৃত্তাকাৰ গতিত ঘূৰে।

২) তাৎপৰ্য বাখ্যা কৰা :

ক) এলেহুৱাৰ দিন নাযায় নুপুৱায়।

উত্তৰ:-্এলেহুৱাৰ কাৰণে এটা দিন যিমান দীঘলীয়া, দিনটো নাযায় নুপুৱায়, কর্মী মানুহৰ কাৰণে সেই দিনটো নিচেই চুটি দিনটো চকুৰ পচাৰতে গুচি যায়। ঠিক সেইদৰে মানুহৰ কাৰণে এক কল্প বা এহাজাৰ যুগ ভাবিব নােৱৰা দীঘলীয়া সময়। এই কল্প মানুহে অতিক্রম কৰা সম্ভৱেই নহয়; কিন্তু মহান কর্মী, বিশ্ব-নিয়ন্তা ব্ৰহ্মাৰ কাৰণে ই একো দীঘলীয়া সময় নহয়।

খ) মানুহৰ এক কল্পই ব্রহ্মাৰ এদিন।

উত্তৰ:- ইয়াত কৰ্মী মানুহৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে। কৰ্মীলোকৰ মনত দিনটো চকুৰ প্ৰচাৰতে গল যেন লাগে। এই কাৰণেই বোধ কৰো মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়। মানুহৰ এক কল্প বা এহেজাৰ যুগে ব্রহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি। বিশ্বব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্রহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰত পাতিব লগা হৈছে, সেইকথা মানুহৰ কল্পনাৰো অতীত। ব্রহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয় মানুহৰ দিন ৰাতিৰ কামৰ তুলনাত যথাৰ্থতে এহেজাৰ যুগৰ কাম হৈ উঠে। মানুহৰ এক কল্পই ব্রহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থ একেই।

গ) কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি।

উত্তৰ:-কামৰ মাজেদিহে সময়ৰ গতি নিৰ্ণয় কৰিব পাৰি। কৰ্মব্যস্ত মানুহৰ দিনটো চকুৰ প্ৰচাৰতে পাৰ হৈ যোৱা যেন লাগে। কিন্তু এলেহুৱা লোকৰ দিনটো নাযায় নুপুৱায়। এই কাৰণেই বোধকৰো মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়।

প্ৰশ্ন নং ৩ : পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া।

উত্তৰ:- ‘সময়’ পাঠটিৰ লেখক হল – নীলমণি ফুকন। ককা নীলমণি ফুকনদেৱৰ সাহিত্য কৃতি হল – `সাহিত্য কলা’, `চিন্তামনি’, `জ্যোতিকনা’, `মানসী’, `সন্ধানী’। তেখেত `আলোচনী’ আৰু `ন-জোন’ কাকতৰ সম্পাদকও আছিল। তেখেত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিবেশনৰ সভাপতিৰ আসন শুৱনি কৰে।

প্ৰশ্ন নং ৪ : চাৰিটা-পাচোঁটা বাক্যত উত্তৰ দিয়া।

ক) প্ৰাকৃতিক জগত বুলিলে কাক বুজায়?

উত্তৰ:- আমাৰ চাৰিওফালে থকা প্ৰকৃতিৰ সকলোবোৰ উপাদান, যেনে:- গছ-গছনি, চৰাই- চিৰিকটি, পশু- পক্ষী, নদ- নদী, অকাশ- বতাহ, জোন- বেলি- তৰা, বায়ু- পানী- মাটি, পাহাৰে-পৰ্বত- জান- জুৰি ইত্যাদি সকলোবোৰ জীৱ আৰু জড় বস্তুকে প্ৰাকৃতিক জগত বোলে।

খ) কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি?

উত্তৰ:-একো একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপৰ অবলম্বন কৰিও সময়ৰ ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ- বিগ্ৰহ, ৰাজত্ব আদি বিষয় বিলাকে সময়ৰ একো একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। সংবৎ, শকাব্দ, খীষ্টাব্দ, হিজৰি, শংকৰাব্দ, চৈতন্যাব্দ, ইত্যাদি সময় বিভাগৰ গুৰিতে এনে একোটা স্মৰণীয় ঘটনা আছে।

গ) লক্ষনাক্ৰান্ত মানে কি?

উত্তৰ:- লক্ষনাক্ৰান্ত মানে হৈছে এটা নিৰ্দিষ্ট লক্ষনযুক্ত। সময়ৰ ভাগবিলাক বিশেষ লক্ষনাক্ৰান্ত। এই কাৰণে হিন্দু শাস্ত্ৰমতে চাৰি যুগৰ লক্ষনবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টিয়ান সকলৰ মতে মিলেনিয়াম বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদিৰ আগমন ইত্যাদি ঘটনাৱলীয়েই একো একো যুগৰ লক্ষন।

ঘ) বিজ্ঞানৰ আবিস্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে আৱগত হৈছিল?

উত্তৰ:-  বিজ্ঞানৰ আবিস্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একো একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিল। এঠাইলৈ যাবলৈ কিমান সময় লাগিব ৰিংটোৱে, তামোলখন খাই শেষ কৰা কথাটোৱে নিৰ্ধাৰিত কৰিছিল। বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল- চুটি হয়, টাক চাই সময় ঠিক কৰিছিল।

প্ৰশ্ন নং ৫: তলৰ প্ৰশ্নকেইটাৰ অন্তনিৰ্হিত ভাব বিশ্লেষণ কৰা।

ক) সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষনাক্ৰান্ত।

উত্তৰ:-কাৰ্যক্ৰম অনুসৰি সময় ভাগ কৰা হয়। সময়ৰ ডাঙৰ ভাগবিলাকেই যুগ, কল্প, শতাব্দী ; মজলীয়া ভাগবিলাকেই ঋতু, বছৰ, মাহ আৰু সৰু ভাগবিলাকেই দিন, ৰাতি, প্ৰহৰ। তাৰো ভগ্নাংশবিলাক হৈছে দণ্ড, পল, অনুপল। সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষনাক্ৰান্ত। এই কাৰণে হিন্দু শাস্ত্ৰমতে চাৰি যুগৰ লক্ষনবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰ পিছত সত্যযুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টিয়ান সকলৰ মতে মিলেনিয়াম বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদিৰ আগমন ইত্যাদি ঘটনাৱলীয়েই একো একো যুগৰ লক্ষন। অৰ্থাৎ সময় সদায় বৃত্তাকাৰ গতিত ঘূৰিবই লাগিছে। কাৰ্য গতিকে এই বৃত্তৰ ব্যাস আৰু পৰিধিৰ বেছ কম হয় বাবেই সময়ৰ বিভিন্ন বিভাগৰ কপ্লনা।

খ) সময়ৰ টিকনিডাল হেনো আগফালে।

উত্তৰ:- 

উক্ত কথাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তগৰ্ত নীলমণি ফুকন দেৱে লিখা `সময়’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

                      ইয়াত লেখকে সময়ক যে ধৰি ৰাখিব নোৱাৰে তাকে কব বিচাৰিছে।

        সময় বোৱতী নৈৰ দৰে। ইয়াক কোনেও ধৰি ৰাখিব নোৱাৰে। সেয়েহে নৈ ক সময়ৰ লগত তুলনা কৰা হৈছে – এবাৰ সময় পাৰ হৈ গুচি গলে আমি তাক পিছফালৰ পৰা টানি ধৰি ৰাখিব নোৱাৰো। সেয়েহে জ্ঞানী আৰু কৰ্মী লোকে সদায় নিৰ্ধাৰিত সময়তকৈ দুই – তিনি মিনিট আগেয়ে প্ৰস্তুত থাকে। পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে। সেয়েহে আমি সময়তকৈ অলপ আগে আগে চলিব লাগে আৰু কেতিয়াও অবাবত সময় নষ্ট কৰিব নালাগে। সময়ৰ মূল্য যিজনে বুজে সিয়ে জীৱনত উন্নতি কৰে।

গ) সময়ৰ জোখ কামতহে, ঘড়ীৰ কাইটকেইডালত নাই।

উত্তৰ:-

উক্ত কথাষাৰ আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তগৰ্ত নীলমণি ফুকন দেৱৰ দ্বাৰা ৰচিত `সময়’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

          সময়ৰ মাপকাঠি কামৰ যোগেদি কেনেদৰে নিৰূপণ কৰিব পাৰি সেই প্ৰসংগতে উক্ত কথাষাৰ উল্লেখ কৰিছে। বৈজ্ঞানিক যন্ত্ৰ-পাতিৰ সহায়ত সময় নিৰূপণ কৰিব পাৰি যদিও আচলতে কৰ্মৰ জৰিয়তেহে প্ৰকৃত ৰূপে সময় নিৰূপণ কৰা হয়। কৰ্মী লোক সকলে বহু কাম কৰিও আমনি অনুভৱ নকৰে। ইয়াৰ বিপৰীতে এলেহুৱা লোকৰ বাবে দিনটো নাযায় নুপুৱাই যেন লাগে। সময়ৰ সদ্ব্যৱহাৰ কৰিলে জীৱনযুদ্ধত জয়লাভ কৰিব পাৰি। সেয়েহে সময়ক অমূল্য ধন বোলা হয়। ইয়াক ঘড়ীৰ কাঁটাৰ লগত তুলনা কৰিবলৈ যোৱাটো ভূল।

ঘ) সময় অমূল্য ধন বোলা কথাষাৰ সচাঁ।

উত্তৰ:-  সময় অমূল্য ধন বোলা কথাষাৰ সচাঁ। সময় গতিশীল। ই কাৰো বাবে ৰৈ নাথাকে। সেয়েহে আমি সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগে।সময়ৰ সদ্ব্যৱহাৰ কৰিলেহে জীৱনত সফলতা লাভ কৰিব পৰা যায়। ঘণ্টাত কুৰি মাইল যোৱা ল’ৰী মটৰ এখনৰ উপাৰ্জন ঘণ্টাত দুই মাইল যোৱা গৰু গাড়ী এখনৰ সমান হব নোৱাৰে। পৰীক্ষাত প্ৰশ্নকাকত পিটিকি থকা ছাত্ৰজনতকৈ মূৰ ওপৰ কৰিব সময় নোপোৱা ছাত্ৰ জনে নম্বৰ বেছিকৈ পাব। গতিকে সময়ৰ উচিত ব্যৱহাৰে সফলতাৰ কাৰণ। কাৰণ সময় অমূল্য ধন। সময়ক কোনেও মূল্য দি কিনিব নোৱাৰে।

প্ৰশ্ন নং ৬: প্ৰাকৃতিক জগতৰ গতি বিধিবোৰ কি কি? কেনেকৈ এই গতি বিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি? 

উত্তৰ:-প্ৰকৃতি জগতৰ গতি- বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। ছয় ঋতুৰ উদ্ভৱ ইয়াতেই। জাৰত ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালে, কঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাহেঁ গাজ মেলিলে, ঢাপত কেতেকী গোন্ধালে একো একোটা ঋতুৰ সম্ভেদ পোৱা যায়।

        জীৱ- জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি। কেঁকোৰা গাতত সোমালে, মাছে কণী পাৰিলে, ভেকুলীয়ে টোৰটোৰালে একো একোটা ঋতুৰ গম পোৱা যায়। গৰুয়ে চৰা ঠাইৰ পৰা ধূলি উৰাই আহোঁতে গধুলি হোৱা দেখা যায়। শিয়ালে হোৱা দি দি প্ৰতি প্ৰহৰৰ বাতৰি দিয়ে। ফেঁচুৱে জালি দি, টঙিত পাৰই  ৰুণ দি জনায় পোহৰ হবলৈ আৰু বেছি পৰ নাই। কুকুৰাৰ ডাকত ৰাতি পুৱাল বুলি মানুহে শোৱা ঢাৰি পাটি এৰিবৰ উপক্ৰম কৰে ।

প্ৰাকৃতিক জগতৰ এনেবোৰ গতি – বিধিক লক্ষ্য কৰি সময় নিৰূপণ কৰিব পাৰি।

প্ৰশ্ন নং ৭: ভাব সম্প্ৰসাৰণ কৰা :

ক) আইৰো বাৰ্তা গংগাৰো যাত্ৰা।

উত্তৰ:- ই অসমীয়া ভাষাত সচৰাচৰ ব্যৱহৃত এটি প্ৰবচন।

    উক্ত প্ৰবচনফাঁকিয়ে মানুহে এটা কাম কৰিবলৈ গৈ লগতে আনুসাংগিক আন এটা কামো সমাধান কৰা কথাকে বুজায়।

         সাধাৰণ দূৰণিত থকা পুত্ৰলৈ মাকৰ যিদৰে মৰম বেছি মাকলৈকো পুত্ৰৰ সমানে মৰম থাকে। যদি মাক থকা গাঁওখন বা চহৰখন গংগাৰ পাৰত অৱস্থিত হয় মাকৰ ওচৰলৈ অহাৰ সুযোগতে গংগাতো স্নান কৰি পৰম পুণ্য লাভ কৰিব পাৰে। অৰ্থাৎ এটা কামৰ বাবে আহি লগতে আন এটা কামো সমাধান কৰা হল ।থিক তেনেদৰে এটা কামত ওলাই আহোঁতে কেতিয়াবা আন এটা কামো সমাধান কৰি যোৱা হয়। তেতিয়াই কোৱা হয় আইৰো বাৰ্তা গংগাৰো যাত্ৰা।

খ) ৰাইজে নখ জোকাৰিলে নৈ বয়।

উত্তৰ:- অসমীয়া ভাষাত ব্যৱহৃত এক বচন।

উক্ত বচনফাঁকিৰ জৰিয়তে মানুহৰ দলবদ্ধ শক্তি বা একতাৰ জৰিয়তে যে অসাধ্য সাধন কৰিব পাৰি তাকেই বুজাইছে।

       কোনো এজনে অকলে কৰিব নোৱাৰা কামত আন দহজনৰ সহায় সহযোগিতা পালে সেই কাম সহজে কৰিব পৰা যায়। অৰ্থাৎ ৰাইজৰ সামান্য বৰঙণি লগ লগাই আমি সমাজৰ মহৎ উদ্দেশ্য সমাধান কৰিব পাৰোঁ, যিটো ব্যক্তিগতভাৱে কৰা সম্ভৱ নহয়। ৰাইজৰ লগত মাৰ বান্ধি কাম কৰিলে সকলো কামেই সমাধান কৰিব পাৰি।

গ) সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা।

উত্তৰ:-শৰ মানে হৈছে এবিধ কাঁড়। ইয়াক ধনুত গুণ লগাই জীৱ- জন্তু নিধন কৰা কাৰ্যত ব্যৱহাৰ কৰা হয়। শৰ পহু হল এক শ্ৰেণীৰ তীব্ৰবেগী পহু। ইয়াৰ মঙহ খাবলৈ বৰ সোৱাদ লগা। এই শৰ পহুৰ মঙহ খাবলৈ আশা কৰি ইয়াক বধ কৰিব খুজিলে ঠিক সময়ত শৰ মাৰিব নােৱাৰিলে সেই শৰে শৰ পহুক আঘাত কৰিব নােৱাৰে। সেই সোৱাদ লগা অৰ্থাৎ ভাল লগা বা কামত অহা লাভদায়ক কোনো এটা ঘটনা ঘটিবলৈ হলে উচিত সময়ত কাম কৰিব পাৰিব লাগিব। অৰ্থাৎ সময়ৰ যথোপযুক্ত ব্যৱহাৰৰ কথা কবলৈ গৈ এই উপমাটি প্ৰয়োগ কৰা হৈছে।

প্ৰশ্ন নং ৮: সন্ধি ভাঙা :

 শকাব্দ – শক + অব্দ

খ্ৰীষ্টাব্দ – খ্ৰীষ্ট + অব্দ

শংকৰাব্দ – শংকৰ + অব্দ

চৈতন্যাব্দ – চৈতন্য + অব্দ

লক্ষনাক্ৰান্ত – লক্ষন + আক্ৰান্ত

কল্পান্তৰ – কল্প + অন্তৰ

কৰায়ত্ত – কৰ + আয়ত্ত

মনস্তাপ – মনঃ + তাপ

প্ৰশ্ন নং ৯: পাঠটিত থকা কেইটামান যুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য সাজা।

উত্তৰ:-

দিন-ৰাতি : দেউতাকে ল’ৰা- ছোৱালী কেইটাৰ ভৱিষ্যতৰ বাবে দিন-ৰাতি একাকাৰ কৰি কাম কৰিছে।

কাৰ্য-কলাপ : তাৰ কাৰ্য-কলাপ বোৰ বৰ আচহুৱা।

ঢাৰি-পাটী: ৰাতিপুৱা সোনকালে ঢাৰি-পাটী এৰি পঢ়া- শুনা কৰিব লাগে।

যন্ত্ৰ-পাতি : আজিকালি বেছিভাগ কামেই যন্ত্ৰ-পাতিৰ সহায়ত কৰা হয়।

নাযায়-নুপুৱায় : বিপদৰ দিনবোৰ নাযায়-নুপুৱায় যেন লাগে।

দেশ-বিদেশ : ঘৰতে বহি আজিকালি দেশ-বিদেশৰ বা- বাৰ্তা পোৱা যায়।

Answer by Bhargov jyoti Nath