সাগৰ-মহাসাগৰ । অধ্যায় ৫ । Class 8 Social Science Geography Lesson 5 Question and Asnwer | SCERT Class 8 S.Science Geography Chapter 5 Question and Answer | অষ্টম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ৫  সাগৰ-মহাসাগৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

 সাগৰ -মহাসাগৰ

১ । তলৰ প্রশ্নবোৰৰ উত্তৰ লিখা । 

ক ) মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ কি কি  ?

উত্তৰ- পৃথিৱীৰ আৱৰ্তন, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্য আদিয়ে সাগৰ-মহাসাগৰৰ পানীত সোঁতৰ সৃষ্টি কৰে ।

খ ) গৰম পানীৰ সোঁত বুলিলে কি বুজা ?

উত্তৰ- উষ্ণণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰজল ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহ ৰূপে শীতমণ্ডললৈ প্ৰবাহিত হয় । ইয়েই হ’ল উষ্ণ বা গৰম পানীৰ সোঁত বোলে ।

গ ) সাগৰীয় জীৱবোৰ কেইপ্রকাৰ কিহৰ ভিত্তিত এইবোৰক শ্রেণী বিভক্ত কৰা হৈছে ?

উত্তৰ- সাগৰীয় জীৱবোৰ তিনিপ্ৰকাৰৰ- প্লেংকটন বা প্লৱক, বেনথ’জ আৰু নেকটন ।

ঘ ) সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে ? 

উত্তৰ- সাগৰৰ বুকুৰ অগভীৰ অঞ্চলবোৰত মাছৰ খাদ্য প্লেংকটন বা প্লৱক যথেষ্ট পৰিমাণে পোৱা যায় । এনে অঞ্চলত মৎস্যক্ষেত্ৰ গঢ়ি উঠে ।

২ । কাৰণ দৰ্শোৱা 

ক ) নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয় ।         

উত্তৰ- পূৰ্ণিমা আৰু অমাৱস্যাৰ দিনা চন্দ্ৰ, পৃথিৱী আৰু সূৰ্য প্ৰায় একেডাল ৰেখাত পৰে । এই দুদিনত চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণত জোৱাৰৰ ঢৌ বেছি ওপৰলৈ উঠে । ইয়াক বাসন্তী জোৱাৰ বোলে । সপ্তমী আৰু অষ্টমী তিথিত পৃথিৱী, চন্দ্ৰ আৰু সূৰ্যই সমকোণত অৱস্থান কৰে । গতিকে সেই দুটা দিনত চন্দ্ৰৰ মুখামুখি হোৱা ঠাইৰ লগতে সূৰ্যৰ মুখামুখি হোৱা ঠাইতো জোৱৰ হয় । এই জোৱাৰক নাটনি জোৱাৰ বোলে । ফলত নাটনি জোৱাৰ আৰু বাসন্তী জোৱাৰ সমান শক্তিশালী নহয় ।

(খ) আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায় । 

উত্তৰ- সাগৰীয় মাছবোৰ ধৰি উপকূল অঞ্চলত লগে লগে ব্যৱহাৰ কৰা হয় আৰু শীতলীকৰণ ব্যৱস্থাৰে সংৰক্ষণ কৰি টিনত ভৰাই বিশ্বৰ বিভিন্ন প্ৰান্তলৈ পঠিওৱা হয় । আজিকালি সকলো ঠাইতে টিনত ভৰোৱা সাগৰীয় মাছ পোৱা যায় ।

গ ) জাপানত সঘনাই ছুনামি হয় ।

উত্তৰ-সাগৰৰ বুকুত জোৰেৰে বতাহ বলিলে প্ৰকাণ্ড ঢৌৰ সৃষ্টি হয় । ইয়াৰ বাহিৰেও সাগৰৰ তলিত উৎপত্তি হোৱা ভূমিকম্প, আগ্নেয় উদগিৰণ আৰু ফলত সাগৰৰ বুকুত সৃষ্টি হোৱা ঢৌক ছুনামি বুলি কোৱা হয় । ছুনামি এটা জাপানী শব্দ। জাপানী ভাষাত ছু মানে পোতাশ্ৰয় আৰু নামিমানে ঢৌ । জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত । এই বলয়টো পৃথিৱীৰ ভিতৰতে প্ৰধান ভূমিকম্প প্ৰৱণ অঞ্চল । গতিকে জাপানত সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলত ছুনামিৰ সৃষ্টি হয় ।

ঘ ) বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট ।

উত্তৰ- 

৩ । শুদ্ধ উত্তৰটোত চিন দিয়া ।

(১) সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয়  

ক ) মেৰু অঞ্চলত 

( খ ) নিৰক্ষীয় অঞ্চলত

( গ ) এটাও নহয় । 

উত্তৰ-(খ) নিৰক্ষীয় অঞ্চলত

(২) দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা – নমা কৰাকে  

(ক) সাগৰীয় সোঁত 

(খ) জোৱাৰ – ভাটা

(গ) টৌ বোলে । 

উত্তৰ-(খ) জোৱাৰ – ভাটা

(৩) ছুনামি শব্দৰ অৰ্থ হ’ল — | 

(ক) ভূমিকম্প

(খ) সাগৰৰ ঢৌ 

(গ) পোতাশ্রয়ৰ ঢৌ । 

উত্তৰ- (খ) সাগৰৰ ঢৌ

(৪) সাঁতুৰিব পৰা সাগৰীয় প্রাণীবোৰ 

(ক) নেকটন ।

(খ) বেনথ ’ 

(গ) প্লেংকটন শ্ৰেণীৰ ।  

উত্তৰ- (ক) নেকটন ।

৩ । সোঁফালৰ লগত বাওঁফাল মিলোৱা-

ক ) ডায়েটম
খ ) নিৰক্ষীয় অঞ্চলত
গ ) সাধাৰণ নিমখ
ঘ ) সপ্তমী আৰু অষ্টমী তিথিত
ঙ ) মৎস্য ক্ষেত্ৰবোৰ
ক ) উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে ।
খ ) নাটনি জোৱাৰ হয় । 
গ ) এবিধ উদ্ভিদ প্লেংকটন ।
ঘ ) মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে ।
ঙ ) পানীৰ ঘনত্ব কম হয় ।

উত্তৰ- 

ক) ডায়েটম … গ) এবিধ উদ্ভিদ প্লেংকটন ।

খ) নিৰক্ষীয় অঞ্চলত…ঙ) পানীৰ ঘনত্ব কম হয় ।

গ) সাধাৰণ নিমখ …ঘ) মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে ।

ঘ) সপ্তমী আৰু অষ্টমী তিথিত… খ) নাটনি জোৱাৰ হয় ।

ঙ) মৎস্য ক্ষেত্ৰবোৰ…ক) উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে ।