আঁহৰ পৰা কাপোৰলৈ । অধ্যায় ৩ । Class 6 Gneral Science Lesson 3 Question and Answer Assam | SCERT Class 6 G.Science Chapter 3 Solution | Assamese medium Class 6 General Science Chapter 3 Solution | ষষ্ঠ মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৩ আঁহৰ পৰা কাপোৰলৈ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

আঁহৰ পৰা কাপোৰলৈ

অনুশীলনী

১। তলত দিয়া আহঁবোৰ প্ৰাকৃতিক নে সাংশ্লেষিক শ্ৰেণীবিভাগ কৰা।

    নাইলন, ঊল, কপাহী, পাট, পলিয়েষ্টাৰ, মৰাপাট।

উত্তৰঃ প্ৰাকৃতিক আহঁবোৰ হ’ল ঊল, কপাহী, পাট আৰু মৰাপাট।

সাংশ্লেষিক আহঁবোৰ হ’ল নাইলন আৰু পলিয়েষ্টাৰ।

২। তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা।

    (ক) আঁহৰ পৰা সূতা তৈয়াৰ কৰা হয়।

উত্তৰঃ শুদ্ধ।

    (খ) সূতাকটা হৈছে আঁহ প্ৰস্তুত কৰাৰ এটা প্ৰক্ৰিয়া।

উত্তৰঃ অশুদ্ধ।

    (গ) মৰাপাট হৈছে নাৰিকলৰ ওপৰত থকা বাকলি।

উত্তৰঃ অশুদ্ধ।

    (ঘ) কপাহৰ পৰা গুটি গুচোৱা প্ৰক্ৰিয়াটোক নেওঠনি বুলি কোৱা হয়।

উত্তৰঃ শুদ্ধ।

    (ঙ) সূতা বৈ এটুকুৰা কাপোৰ তৈয়াৰ কৰা হয়।

উত্তৰঃ শুদ্ধ।

    (চ) পাটৰ আঁহ এবিধ গছৰ কাণ্ডৰ পৰা আহৰণ কৰা হয়।

উত্তৰঃ অশুদ্ধ।

    (ছ) পলিয়েষ্টাৰ হৈছে প্ৰাকৃতিক আঁহ।

উত্তৰঃ অশুদ্ধ।

৩। খালী ঠাই পূৰ কৰাঃ

    (ক) উদ্ভিদজাত আঁহ কপাহ আৰু মৰাপাটৰ পৰা আহৰণ কৰা হয়।

    (খ) প্ৰণীজাত আঁহ হ’ল ঊন আৰু পাট।

৪। কপাহ আৰু মৰাপাটৰ আঁহ উদ্ভিদৰ কোন কোন অংশৰ পৰা আহৰণ কৰা হয়?

৫। নাৰিকলৰ আঁহেৰে তৈয়াৰী ২টা সামগ্ৰীৰ নাম উল্লেখ কৰা।

৬। আঁহৰ পৰা সূতা তৈয়াৰ কৰা প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা।