পৃথিৱীৰ প্ৰধান ভূ-অৱয়ব । অধ্যায় ৬/Chapter 6 । Class 6 Social Science Lesson 6 Question and Answer Assam | SCERT Class 6 S.Science Chapter 6 Solution | Class 6 S.Science Lesson 6 Answer | ষষ্ঠ মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ৬ পৃথিৱীৰ প্ৰধান ভূ-অৱয়ব পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

পৃথিৱীৰ প্ৰধান ভূ-অৱয়ব

(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ লিখা-

(ক) প্ৰধান ভূ-অৱয়ব কেইটা আৰু কি কি?

উত্তৰঃ প্ৰধান ভূ-অৱয়ব চাৰিটা। আৰু সেইকেইটা হ’ল- পৰ্বত, পাহাৰ, মালভূমি আৰু সমভূমি।

(খ) পৰ্বত আৰু মালভূমিৰ মাজত পাৰ্থক্য় কি কি?

উত্তৰঃ পৰ্বত আৰু মালভূমিৰ মাজত পাৰ্থক্য় হ’ল- 

    পৰ্বতৰ থিয় শিখৰ থাকে। আনহাতে মালভূমিৰ শিখৰৰ পৰিৱৰ্তে এপৰভাগ বহল আৰু সমতল।

(গ) উৎপত্তিৰ ফালৰ পৰা পৰ্বত-পাহাৰক কি কি ভাগত ভাগ কৰা হয়?

উত্তৰঃ উৎপত্তিৰ ফালৰ পৰা পৰ্বত-পাহাৰক তিনিটা ভাগত ভাগ কৰা হৈছে- আগ্নেয় পৰ্বত, ভংগিল পৰ্বত আৰু স্তূপ পৰ্বত। 

(ঘ) পৰ্বত-পাহাৰ মানুহৰ কি কি কামত আহে?

উত্তৰঃ পৰ্বত পাহাৰত থকা খনিজ সম্পদ মানুহে বিভিন্ন কামত খটুৱাইছে। পৰ্বত-পাহাৰৰৰ মাটিবোৰ কিছুমান খেতিৰ বাবে উপযোগী। পৰ্বত-পাহাৰত বিভিন্ন ধৰণৰ ঔষধি উদ্ভিদ পোৱা যায়।

(ঙ) সমভূমি কেনেকৈ গঠন হয়?

উত্তৰঃ নৈ, জান-জুৰিৰ বোৱতী পানীয়ে উচ্চ ভূমিৰ পৰা শিল, বালি, মাটি আদি উটুৱাই আনি নিম্নভূমি অঞ্চলত জমা কৰাৰ ফলত উচ্চ ভূমি ক্ষয়প্ৰাপ্ত হৈ সমভূমিৰ গঠন হয়।

(চ) নদী উপত্য়কা কিয় ঘন জনবসতিপূৰ্ণ?

উত্তৰঃ নদী উপত্য়কাত পানী সহজলভ্য় হোৱাৰ বাবে এই অঞ্চল ঘন জনবসতিপূৰ্ণ।

(ছ) পাৰ্বত্য় অঞ্চলসমূহত কিয় জনবসতি সেৰেঙা?

উত্তৰঃ এই অঞ্চলত পানী সহজলভ্য় নোহাৱাৰ বাবে মানুহে দূৰ-দূৰণিৰ পৰা পানী সংগ্ৰহ কৰিবলগীয়া হয়। তাৰোপৰি ইয়াত বাস কৰা লোকৰ জীৱন-যাপনৰ উপায় সীমিত হোৱাৰ বাবে এই অঞ্চলত জনবসতি সেৰেঙা।

(২) শুদ্ধটোত শুদ্ধ চিন দিয়া-

(ক) পাহাৰতকৈ পৰ্বত বেলেগ হোৱাৰ মূল কাৰণ হ’ল-

    (১) উচ্চতা        (২) ঢাল        (৩) গঠন প্ৰক্ৰিয়া

উত্তৰঃ উচ্চতা।

(খ) হিমবাহ থকা স্থান হ’ল- 

    (১) সমভূমি        (২) পৰ্বত        (৩) মৰুভূমি

উত্তৰঃ পৰ্বত।

(গ) দাক্ষিণাত্য মালভূমিৰ অৱস্থান- 

    (১) চীনত        (২) নেপালত        (৩) ভাৰতবৰ্ষত

উত্তৰঃ ভাৰতবৰ্ষত।

(৩) খালী ঠাই পূৰ কৰা-

(ক) ৰ’দ, বতাহ, বৰষুণ আদিৰ ফলত ভূ-আকৃতিৰ পৰিৱৰ্তন হ’লে তাক বাহ্য়িক প্ৰক্ৰিয়াৰ দ্বাৰা পৰিবৰ্তন হোৱা বুলি কোৱা হ’ব।

(খ) হিমালয় আৰু আল্পচ একোখন ভংগিল পৰ্বত।

(গ) মালভূমিসমূহ সাধাৰণতে খনিজ সম্পদত চহকী।

(ঘ) সমভূমি অঞ্চলত যাতায়ত ব্য়ৱস্থা অতি সহজসাধ্য়।

(ঙ) বোৱতী পানীৰ সোঁতে সমভূমিৰ সৃষ্টিত বিশেষ ভূমিকা লয়। 

(৫) মানুহে পৰ্বত-পাহাৰ, গছ-গছনি, শিল-মাটি আদি অপৰিকল্পিতভৱে কাটি থাকিলে এদিন আমাৰ কি কি অসুবিধা হ’ব পাৰে, পাঠৰ আধাৰত এটি টোকা লিখা-

উত্তৰঃ