আইতাক মই কিদৰে পঢ়িবলৈ শিকালো । অধ্যায় ৯ । Class 6 Assamese Lesson 9 Question and Answer Assam | SCERT Class 6 Assamese Chapter 9 Solution | ষষ্ঠ মান শ্ৰেণীৰ অসমীয়া অধ্যায় ৯ আইতাক মই কিদৰে পঢ়িবলৈ শিকালো পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

আইতাক মই কিদৰে পঢ়িবলৈ শিকালো

২। তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া-
(ক) দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা মই শব্দটোৱে কাক বুজাইছে?
উত্তৰঃ দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা মই শব্দটোৱে পাঠটোৰ লিখকজনক বুজাইছে।

(খ) সেই সময়ত যোগাযোগ ব্যৱস্থা কেনে আছিল?
উত্তৰঃ সেই সময়ত যোগাযোগ ব্যৱস্থা ইমানেই বেয়া আছিল যে ৰাতিপুৱাৰ বাতৰিকাকতখন আবেলি পৰত হে আহি পৰিছিল।

(গ) প্ৰতিদিনে কাকত-পত্ৰবোৰ চহৰৰ পৰা কিহেৰে আহিছিল?
উত্তৰঃ প্ৰতিদিনে কাকত-পত্ৰবোৰ চহৰৰ পৰা এখন বাছত আহিছিল।

(ঘ) বাছখন গাওঁ আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ কি আছিল?
উত্তৰঃ বাছখন গাওঁ আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰন আছিল কাকত-পত্ৰবোৰ পঢ়িবলৈ আৰু শুনিবলৈ।

৩। উত্তৰ দিয়া।

(ক) পাঠত উল্লেখ থকা সাপ্তাহিক কাকত খনৰ নাম কি?
উত্তৰঃ পাঠত উল্লেখ থকা সাপ্তাহিক কাকত খনৰ নাম হল ‘কৰ্মবীৰ’।

(খ) আইতাকে কাকত খন কিয় ভাল পাইছিল?
উত্তৰঃ কন্নড় ভাষাৰ জনপ্ৰিয় লেখক ত্ৰিবেণীৰ ‘কাশীযাত্ৰী’ নামৰ উপন্যাস খন ধাৰাবাহিক হিচাপে প্ৰকাশিত হৈছিল আৰু এগৰাকী বৃদ্ধাক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছিল বাবে আইতাকে ‘কৰ্মবীৰ’ কাকত খন ভাল পাইছিল।

(গ) আইতাকে লোৱা দৃঢ় সংকল্পটো কি আছিল?
উত্তৰঃ
আইতাকে কন্নড় ভাষা বৰ্ণমালা শিকিবলৈ দৃঢ় সংকল্প লৈছিল।

৫। দুজনীয়া দলত ভাগ হোৱা আৰু পাঠটোৰ কোনটো অংশত আইতাৰ মনৰ দৃঢ়তা প্ৰকাশ পাইছে, আলোচনা কৰা।

উত্তৰঃ আইতাকে কাইলৈৰ পৰা কন্নড় ভাষাৰ বৰ্ণমালা শিকিবলৈ আৰম্ভ কৰিম বুলি কোৱা কথাষাৰত আইতাকৰ মনৰ দৃঢ়সংকল্প প্ৰকাশিত হৈছে। পাঠটোৰ এই অংশতে আইতাকৰ মনৰ দৃঢ় সংকল্প প্ৰকাশ পাইছে।

৬। তলৰ বাক্যকেইটা কোনে, কেতিয়া আৰু কিয় কৈছিল?

(ক) ”ভাল কামৰ বাবে যদি প্ৰতিজ্ঞাবদ্ধ হোৱা তেন্তে অনেক বাধা-বিঘিনী অতিক্ৰম কৰি তুমি লক্ষ্যত উপনীত হ’ব পাৰিবা।”
উত্তৰঃ যেতিয়া আইতাকে এই বয়সত লিখা পঢ়া শিকিম বুলি দৃঢ় সংকল্প লৈছিল তেতিয়া নাতিনিয়েকে হাঁহি সামৰিব নোৱাৰি কৈছিল-”বাষষ্ঠি বছৰ বয়সত আপুনি লিখা পঢ়া শিকিব আইতা। আপোনাৰ আটাইবোৰ চুলি পকিছে। হাত-মুখৰ ছাল সোঁতোৰা-সোঁতোৰ হৈ পৰিছে আৰু চকুত কোন কাহানিবাই চচ্মা পিন্ধিছে। এইবোৰৰ উপৰি ৰান্ধনিঘৰৰ কাম! পাৰিব জানো আপুনি?” তেতিয়া আইতাকেও সামান্য হাঁহি মাৰি উক্ত কথাষাৰ কবলৈ ধৰিলে।

(খ) ”যি শিক্ষাই আজি মোক পঢ়াৰ স্বাধীনতা দিলে, সেই শিক্ষা দান কৰা শিক্ষয়ত্ৰীক মই কিয়বা সন্মান নকৰিম!”
উত্তৰঃ
যেতিয়া আইতাকে পঢ়া-শুনা শিকি নিজকে স্বাধীন অনুভৱ কৰিলে আৰু সাৱলীল ভাৱে উপন্যাস পঢ়িব পৰা হল তেতিয়া আইতাকে উক্ত কথাষাৰ নাতিনিয়েকৰ আগত ব্যক্ত কৰিছিল।

৮। উপযুক্ত স্থানত যতি চিহ্ন বহুৱাই তলৰ দফাটো পুনৰ লিখা।

আইতাৰ দৃঢ় সংকল্প দেখি মই হাঁহি সামৰিব নোৱাৰিলো হাঁহি হাঁহি ক’লো বাষষ্ঠি বছৰ বয়সত আপুনি লিখা-পঢ়া শিকিব আইতা আপোনাৰ আটাইবোৰ চুলি পকিছে হা-মুখৰ ছাল সোঁতোৰা সোঁতোৰ হৈ পৰিছে আৰু চকুত কোন কাহানিবাই চচ্মা পিন্ধিছে এইবোৰৰ উপৰি ৰান্ধনি ঘৰৰ কাম পাৰিব আপুনি

উত্তৰঃ আইতাৰ দৃঢ় সংকল্প দেখি মই হাঁহি সামৰিব নোৱাৰিলোঁ। হাঁহি হাঁহি ক’লো- “বাষষ্ঠি বছৰ বয়সত আপুনি লিখা পঢ়া শিকিব আইতা ? আপোনাৰ আইতাবোৰ চুলি পকিছে। হাত-মুখৰ ছাল সোঁতোৰা সোঁতোৰ হৈ পৰিছে চকুত কোন কাহানিবাই চচ্মা পিন্ধিছে। এইবোৰৰ উপৰি ৰান্ধনি ঘৰৰ কাম ! পাৰিব আপুনি ?”

৯। পাঠটোৰ পৰা পাঁচটা বিশেষণ পদ বাছি উলিয়াই লিখা।

উত্তৰঃ সুন্দৰ, প্ৰচলিত, স্থানীয়, ৰচিত, বিকশিত।

১০। পাঠটোত থকা যুৰিয়া শব্দবোৰ চিনাক্ত কৰা।

উত্তৰঃ ককাদেউতা-আইতা, কাকত-পত্ৰ, কাম-কাজ, লুকা-চুৰি, ভাইতি-ভণ্টি, শিক্ষা-দীক্ষা, লেখা-পঢ়া, মনে-প্ৰাণে, সোঁতোৰা-সোঁতোৰ, বাধা-বিঘিনি, ছাত্ৰ-ছাত্ৰী, মৰম-চেনেহ।

১১। তলৰ বাক্যকেইটাৰ পদৰ লগত যুক্ত বিভক্তিবোৰ বাছি উলিওৱা আৰু কোনবোৰ ক্ৰিয়া বিভক্তি আৰু কোনবোৰ শব্দ বিভক্তি লিখা।

(ক) ৰামে লক্ষ্মণ আৰু সীতাৰ সৈতে বনবাস খাটিছিল।

উত্তৰঃ ৰামে = ৰাম + এ ——— শব্দবিভক্তি

সীতাৰ = সীতা + ৰ ——-শব্দবিভক্তি

(খ) বনত তেওঁলোকে ফল-মূল খাই জীৱন নিৰ্বাহ কৰিলে।

উত্তৰঃ বনত = বন + অত ——– শব্দবিভক্তি

তেওঁলোকে = তেওঁলোক + এ ——- শব্দবিভক্তি

খাই = খা + ই ——– ক্ৰিয়াবিভক্তি

কৰিলে = কৰ্ + ইল্ + এ ——- ক্ৰিয়াবিভক্তি

(গ) চৈধ্য বছৰৰ পাছত তেওঁলোক অযোধ্যালৈ উভতি আহিল।

উত্তৰঃ বছৰৰ = বছৰ + ৰ ——- শব্দবিভক্তি

অযোধ্যালৈ = অযোধ্যা + লৈ ——- শব্দবিভক্তি

Answer by Himashri kakati