মনোৰম মাজুলী । অধ্যায় ১২ । Class 6 Assamese Lesson 12 Question and Answer Assam | SCERT Class 6 Assamese Chapter 12 Solution | ষষ্ঠ মান শ্ৰেণীৰ অসমীয়া অধ্যায় ১২ মনোৰম মাজুলী পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

মনোৰম মাজুলী

২। বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা, সবাহ আদিৰ ওপৰি মাজুলীত আৰু কি কি পালন কৰে?

উত্তৰঃ আলি-য়াই-লৃগাং, বাথৌ পূজা, ৰাজকৃবাং আদি উৎসৱ পালন কৰা হয়।

৩। পাঠটো পঢ়া আৰু লিখা।
(ক) কি ক’বা! ইয়াত মানুহৰ সপোনে পোখা মেলে, কিন্তু বানপানী আৰু গৰাখহনীয়াই সেই পোখা মোহাৰি পেলায়। কথাষাৰ কোনে কি প্ৰসংগত আৰু কিয় কৈছিল?

উত্তৰঃ ছাত্ৰ-ছাত্ৰী সকলে সত্ৰখন পৰিভ্ৰমণ কৰি অহাৰ পাছত ছাৰক আহি সুধিলে-”ছাৰ, মাজুলিত মুঠতে কিমান খন সত্ৰ আছে?” তেতিয়া ছাৰে অলপ দুখেৰে ক’বলৈ ধৰিলে-“বৰ্তমান মাজুলীত সৰু-বৰ বাইশখন সত্ৰ আছে । আগতে অৱশ্যে পঁয়ষষ্ঠিখন সত্ৰ আছিল। তেতিয়া ছাৰৰ কথা শুনি ছাত্ৰ এজনে তৎক্ষনাত সুধিলে-“ছাৰ পয়ঁষষ্ঠিখনৰ ভিতৰত বাইশখনহে আছেগৈ, বাকীকেইখন কি হল। তেতিয়া ছাৰে উক্ত কথাষাৰ কবলৈ ধৰিলে।

(খ) ”বুজিছা মাজুলীৰ সত্ৰসমূহৰ ভিতৰত দক্ষিণপাট, গড়মূৰ, আউনীআটি, কমলাবাৰী, বেঙেনাআটি, চামগুৰি আদি প্ৰতিখন সত্ৰৰে সুকীয়া-সুকীয়া বৈশিষ্ট্য আছে।” – কোনখন সত্ৰৰ কি কি বৈশিষ্ট্য আছে?
উত্তৰঃ
ওপৰত দিয়া সত্ৰ সমূহৰ বৈশিষ্ট্য বোৰ হল-পালনাম আৰু অপ্সৰা নৃত্য আউনাআটি সত্ৰৰ অসমীয়া সংস্কৃতিলৈ বিশিষ্ট্য অৱদান। ইয়াৰ উপৰি অসমীয়া ঠাঁচৰ আ-অলংকাৰ আৰু বাচন-বৰ্তনৰ বাবেও ই বিখ্যাত। কমলাবাৰী সত্ৰ আকৌ শিল্প, সাহিত্য আৰু নানান সত্ৰীয় শৈলীৰ সংৰক্ষণ থলী। বেঙেনাআটিকে ধৰি মাজুলীৰ প্ৰায়বোৰ সত্ৰতেই সাঁচিপাটৰ পুথি আৰু হাতীদাঁতৰ বিভিন্ন অলংকাৰ, হাতীদাঁতৰ পাটী আদিও সংৰক্ষিত হৈ আছে।”

৬। মাজুলীৰ বিষয়ে ১০ টা বাক্য লিখা ।

উত্তৰঃ
১) মাজুলী গোটেই পৃথিৱীৰ ভিতৰতে বৃহৎ নদীদ্বীপ।
২) মাজুলীত বৰ্তমান ২২ খন সত্ৰ আছে।
৩) মাজুলীত থকা সত্ৰখমূহৰ প্ৰত্যকখন সত্ৰৰে সুকীয়া-সুকীয়া বৈশিষ্ট্য আছে।
৪) মাজুলীৰ বেলগুৰী সত্ৰত মহাপূৰুষ দুজনাৰ মিলন হৈছিল। এই মিলনকে মণিকাঞ্চন সংযোগ বোলে।
৫) মাজুলীত আগতে ৬৫ খন সত্ৰ আছিল। কিন্তু বানপানী আৰু গৰাহনীয়াই বহু সত্ৰ উটুৱাই নিলে।
৬) মাজুলীৰ সত্ৰসমূহৰ নাম হ’ল- দক্ষিণপাট সত্ৰ, আউনিআটি সত্ৰ, কমলাবাৰী সত্ৰ, চামগুৰি সত্ৰ, বেলগুৰী সত্ৰ, বেঙেনাআটি সত্ৰ গড়মূৰ সত্ৰ আদি।
৭) মাজুলীলৈ যাতায়ত কৰিবলৈ মাত্ৰ দুটা পথ আছে এটা নিমাটীঘাটৰ পৰা আৰু আনটো উত্তৰ লক্ষীমপুৰৰ পৰা লুইত খাবলু হৈ মাজুলীলৈ।
৮) মাজুলীত প্ৰধান উৎসৱসমূহ হ’ল- বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা, সবাহৰ উপৰি আলি-য়াই-লৃগাং, ৰাজকৃবাং, বাথৌপূজা।
৯) মাজুলীৰ সত্ৰসমূহে মহাপূৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেবৰ সুমধুৰ স্মৃতি বহন কৰে।
১০) মাজুলীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত এই জলাশয়বোৰৰ বিশেষ ভূমিকা আছে।

৮। পাঠৰ পৰা যুৰীয়া শব্দবোৰ বিচাৰি লিখা।

উত্তৰঃ খেল-পথাৰ, ছাৰ-বাইদেউ, ছাত্ৰ-ছাত্ৰী, নীৰৱে-নিতালে, বয়-বস্তু, গৰু-ম’হ, লুকা-ভাকু, মুকুতা-মণি, আহ-যাহ, সৰু-বৰ, জিৰাই-শঁতাই, আটোম-টোকাৰিকৈ, উঠা-নমা, খলা-বমা, গছ-লতা, হাত-ভৰি, খোৱা-লোৱা, বাচন-বৰ্তন, আ-অলংকাৰ, মহো-হো ।

৯। বাক্য সাজা।

উত্তৰঃ
পৰিভ্ৰমীঃ
মাজুলীলৈ বিশেষকৈ শৰৎ কালত পৰিভ্ৰমী চৰাই বোৰ আহে।

ৰহণঃ আবেলিৰ বেলিয়ে মাজুলীক ৰহন সানে।

সংৰক্ষণঃ মাজুলীৰ গড়মূৰ সত্ৰত আহোমৰ দিনৰ বৰটোপ বোৰ সংৰক্ষণ হৈ আছে।

মণিকূটঃ ৰহিমহঁতে সত্ৰত মণিকূটৰ পৰা আৰম্ভ কৰি চাৰি প্ৰসংগ অনুষ্ঠিত কৰা বিশেষ স্থানলৈকে সকলোবোৰ চালে।

সীৰলুঃ ব্ৰহ্মপুত্ৰত ফেৰী খনে নাঙলৰ সীৰলু ৰ দৰে পানী কাটি কাটি আগুৱাই গ’ল।

মায়াময়ঃ ব্ৰহ্মপুত্ৰৰ মায়াময় দৃশ্য চালে চকুৰুৱা।

কিৰীলিঃ ভাওনাৰ মুখাবোৰ দেখি ৰিমাই কিৰীলি পাৰি উঠিল।

১০। সমাৰ্থক শব্দ লিখাঃ

উত্তৰঃ
পৃথিৱী – ধৰিত্ৰী।
সুচল – সুবিধা ফটফটীয়া।
আনন্দ – সুখ।
লেখীয়া – লিখনী লিখা।
চুই – স্পৰ্শ।
শেষ – অন্ত।
বেছি – বহুত।
বিখ্যাত – প্ৰখ্যাত।
নিশা – ৰাতি।

১১। ভ্ৰমন কিয় কৰিব লাগে ? এই ভ্ৰমণৰ পৰা মানুহৰ কি কি লাভ হয় পাঠৰ আধাৰ।

উত্তৰঃ মানুহৰ জীৱনৰ কৰ্মময় সময়খিনিৰ এলাহ অতৰাই মনটো ভাল লগাবলৈ ভ্ৰমন কৰিব লাগে। ভ্ৰমন কৰি নতুন উদ্যমেৰে কাম কৰা শক্তি পাবলৈ , আনন্ন লাভ কৰিবলৈ নতুন নতুন অভিজ্ঞতা তথা শিকনি লাভ কৰিব পাৰি। ভ্ৰমন কৰা ফলত বিভিন্ন ঠাই, বিভিন্ন মানুহ, আৰু বিভিন্ন পৰিৱেশৰ লগত চিনাকি হব পাৰি।

ভ্ৰমনৰ পৰা মানুহৰ কি কি লাভ হয় তলত আলোচনা কৰা হল-

(ক) ভ্ৰমনৰ ফলত আমি বিভিন্ন নজনা কথা জানিব পাৰো আৰু বিভিন্ন ঠাইৰ বিষয়েও জানিব পাৰো।

(খ) ভ্ৰমনে আমাক ব্যৱহাৰিক শিক্ষা প্ৰদান কৰে।

(গ) ভ্ৰমন কৰা ফলত আমি বিভিন্ন পৰিৱেশৰ প্ৰাকৃতিক পটভূমিৰ লগত চিনাকি হব পাৰো।

(ঘ) ভ্ৰমনে আমাৰ জীৱনৰ কৰ্মব্যস্ততা সময় খিনিত নতুন আনন্দ প্ৰদান কৰে।

(ঙ) ভ্ৰমন কৰাৰ ফলত আমি বিভিন্ন ভাষা-ভাষী, কৃষ্টি-সংস্কৃতিৰ লগত চিনাকি হব পাৰো।

(চ) ভ্ৰমনৰ ফলত আমি বহুতো সৰ্ন্দয্যময় ঠাই উপভোগ কৰিব পাৰো।

১২। অসমৰ এখন প্ৰসিদ্ধ তীৰ্থস্থান বৰদোৱা। বৰদোৱা কিয় প্ৰসিদ্ধ, দলত আলোচনা কৰি লিখা।

উত্তৰঃ অসমৰ একশৰণ নামধৰ্মৰ প্ৰৱৰ্তক গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হল বৰদোৱা। সেয়েহে বৰদোৱা এখন প্ৰসিদ্ধ তীৰ্থস্থান। এই পবিত্ৰ স্থান খন দৰ্শন কৰিবৰ বাবে বহু দূৰ দূৰনিৰ পৰা তীৰ্থ সকল অহা দেখা যায়। সেইসূত্ৰে এই স্থান অতি প্ৰসিদ্ধ আৰু বৈষ্ণৱ সকলৰ বাবে অতিশয় পবিত্ৰ।

১৩। ভাওনাৰ উপৰি মুখা অন্য কি কি কামত ব্যৱহাৰ হয়, দুজনে লগ হৈ আলোচনা কৰি লিখা।

উত্তৰঃ ভাওনাৰ উপৰিও মুখা মহো-হো উৎসৱত ব্যৱহাৰ কৰা হয়। খেতিয়কে খেতি কৰিলে খেতিডৰাৰ মাজত মুখা উলমাই থই, যাতে কু দৃষ্টিৰ পৰা খেতিডৰা ৰক্ষা পৰে। ভূটান,চীনদেশ, যাপান আদি দেশৰ লোকসকলে বিভিন্ন উৎসৱ-পাৰ্বনত মুখা ব্যৱহাৰ কৰে।দক্ষিন আমেৰিকাটো মুখা ব্য়ৱহাৰ কৰা হয়।

১৪। তলৰ কবিতাংশ পঢ়া আৰু প্ৰশ্নসমূহৰ উত্তৰ লিখা।

অসমৰ কাশীপুৰী দ্বাৰকা মথুৰাপুৰী

অসমৰ বৰপেটা ধাম,

চাই যোৱা বাটৰুৱা পৰাণ জুৰাই যোৱা

শুনি যোৱা হৰিগুণ নাম।

চউপাশে তাল-খোল মৃদঙ্গৰ মহাৰোল

থানে থানে হৰি সংকীৰ্ত্তন,

সুখী দুখী পাপী তাপী চাই যোৱা কাষ চাপি

মানৱৰ ই মহামিলন।

নাই পূজা আৱাহন নাই বুলি বিসৰ্জন

উচ্চ-নীচ ভেদাভেদ জ্ঞান,

নাই কৰো উচ্চাসন নাই কাৰো নীচাসন

হৰিভক্ত সকলো সমান।

(ক) বৰপেটা ধামক কিহৰ লগত তুলনা কৰিছে ?

উত্তৰঃ বৰপেটা ধামক অসমৰ কাশীপুৰী, দ্বাৰকা মথুৰাপুৰী লগত তুলনা কৰিছে।

(খ) কবিয়ে বাটৰুৱাক কি শুনি যাবৰ বাবে কৈছে ?

উত্তৰঃ কবিয়ে বাটৰুৱাক হৰিগুনৰ নাম শুনি যাবৰ বাবে কৈছে।

(গ) কবিয়ে কাক কাক কাষ চাপি কি চাই যাবলৈ কৈছে ?

উত্তৰঃ কবিয়ে সুখী দুখী পাপী তাপী সকলোকে মানৱৰ মহামিলন চাই যাবলৈ কৈছে।

(ঘ) কবিয়ে ক’ত সকলো সমান বুলি কৈছে ?

উত্তৰঃ কবিয়ে বৰপেটাৰ দৰে পবিত্ৰ স্থানত সকলো সমান বুলি কৈছে।

Answer by Himashri kakati