মহীয়সী হেলেন কেলাৰ । অধ্যায় ১০ । Class 6 Assamese Lesson 10 Question and Answer Assam | SCERT Class 6 Assamese Chapter 6 Solution | ষষ্ঠ মান শ্ৰেণীৰ অসমীয়া অধ্যায় ১০ মহীয়সী হেলেন কেলাৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

মহীয়সী হেলেন কেলাৰ

৩। তলৰ বাক্যশাৰী পঢ়ি কোনে , কেতিয়া, কিয় আপ্ৰাণ চেষ্টা কৰিছিল কোৱা আৰু লিখা।

“বিভিন্ন ধৰণেৰে ছোৱালীজনীৰ মনত সাহস আৰু আত্মবিশ্বাস জগাই তুলিবলৈ তেখেতসকলে আপ্ৰাণ চেষ্টা কৰিছিল।”

উত্তৰঃ -হেলেন কেলাৰৰ ডেৰ বছৰ বয়সতে হোৱা মেনিনজাইটিছ্ ৰুগটোৰ বাবে তেওঁ কাণৰে নুশুনা আৰু চকুৰে নেদেখা হৈছিল আৰু বাকশক্তিও লোপ পাইছিল সন্তানৰ এনে বিষাদ পূৰ্ণ অৱস্থা দেখি মাক-দেউতাকৰ মন ভাগি পৰিছিল। বিভিন্ন ধৰণেৰে ছোৱালীজনীৰ মনত সাহক আৰু আত্মবিশ্বাস জগাই তুলিবলৈ তেওলোকে আপ্ৰাণ চেষ্টা কৰিছিল।

৪। খালী ঠাই পূৰ কৰা।
(ক) ১৯৫৪
চনত দিল্লীৰ এখন বিশেষ সভাত জৱাহৰালাল নেহেৰুৱে ভাষণ দি থাকোতে এগৰাকী মহিলাই তেওঁৰ ওঁঠ দুটি ষ্পৰ্শ কৰি সকলোকে অবাক কৰিলে।

(খ) ১৮৮০ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক মধ্যবিত্ত পৰিয়ালত জন্ম হোৱা হেলেন কেলাৰে ডেৰ বছৰ বয়সত মেনিন্জাইটিছ্ ৰোগত আক্ৰান্ত হৈছিল।

(গ) নিঃস্বাৰ্থ আৰু পবিত্ৰ প্ৰেমেৰে অন্যলোক সকলৰ কল্যাণৰ কাৰণে কাম কৰা হেলেন কেলাৰৰ মৃত্যু হয় ১৯৬৮ চনত।

(ঘ) গ্ৰাহাম বেলে ভালকৈ উপলদ্ধি কৰিছিল যে বিশেষ প্ৰয়োজন সম্পন্ন ব্যক্তিসকলৰ বাবে ধন – বিততকৈ মৰম, চেনেহ আৰু আত্মবিশ্বাসৰহে বেছি প্ৰয়োজন।

৫। মহীয়সী নাৰীগৰাকীৰ জীৱন বৃতান্ত তোমাৰ কথাৰে লিখা।

উত্তৰঃ মাৰ্কিন যুক্তৰাষ্টৰ এক মধ্যবিত্ত পৰিয়ালৰ সন্তান আছিল হেলেন কেলাৰ। ১৮৮০ চনত জন্মগ্ৰহন কৰা হেলেন কেলাৰ ডেৰ বছৰ বয়সত মেনিনজাইটিছ্ ৰোগত আক্ৰান্ত হৈ তখেতে কানেৰে নুশুনা আৰু চকুৰে নেদেখা হৈছিল আৰু বাক্শক্তিও লোপ পাইছিল। সন্তানৰ এনে বিষাদপূৰ্ণ অৱস্থা দেখি মাক-দেউতাকৰ মন ভাগি পৰিছিল।বিভিন্ন ধৰনেৰে ছোৱালীজনীৰ মনত সাহস আৰু আত্মবিশ্বাস জগাই তুলিবলৈ তেখেতসকলে আপ্ৰাণ চেষ্টা কৰিছিল।সামৰিক বিষয়া দেউতাকে হেলেন কেলাৰক বিভিন্ন চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল। কিন্তু চিকিৎসকলৰ চিকিৎসাই কোনো কাম দিয়া নাছিল। তেতিয়া দেউতাকে হেলেন কেলাৰক গ্ৰাহাম বেলৰ ওচৰলৈ গল। গ্ৰাহাম বেলে হেলেন কেলাৰৰ শাৰীৰিক সমস্যাৰ কথা মন দি শুনিলে। আৰু এনি চুলিভান নামৰ এগৰাকী শিক্ষয়িত্ৰী ওচৰলৈ হেলেন কেলাৰক লৈ গল। এনি চুলিভানে হেলেন কেলাৰক অতি মৰমেৰে ওঁঠৰ কপনি অনুভৱ কৰি মনৰ ভাৱ বুজি পোৱাৰ কৌশল শিকাই দিলে। অতি কম দিনৰ ভিতৰতে হেলেন কেলাৰে এই কৌশল আয়ত্ত কৰিলে। আঠ বছৰ বয়সত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰি ১৯০৪ চনত তেখেতে কলা শাখাৰ স্নাতক ডিগ্ৰীও ল’লে। পাছত তেখেতে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ শিক্ষাৰ বিকাশ আৰু উন্নতিৰ বাবে প্ৰতিষ্ঠিত এখন শিক্ষা প্ৰতিষ্ঠানত হেলেন কেলাৰ অধ্যক্ষ ৰূপে নিযুক্ত হ’ল।হেলেন কেলাৰে বহুতো গ্ৰন্থ ৰচনা কৰি উলিয়াইছিল। দ্বিতীয় মহাযুদ্ধত আহতসকলৰ প্ৰতিও হেলেন কেলাৰে নিঃস্বাৰ্থ সেৱা আগবঢ়াইছিল। আৰু ১৯৬৮ চনত আঠাশী বছৰ বয়সত এইগৰাকী মহীয়সী নাৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে। নিঃস্বাৰ্থ, মানৱপ্ৰেমী, শিশুপ্ৰেমী, প্ৰকৃতি প্ৰেমী হিচাপে হেলেন কেলাৰৰ নাম বিশ্ব ইতিহাসত চিৰদিন জিলিকি থাকিব।

৬। দলত আলোচনা কৰি উত্তৰ লিখা।
”চলিভানে গ্ৰাহাম বেলৰ পৰা শিকা কৌশলটো অতি মৰমেৰে হেলেন কেলাৰকো শিকাই দিলে।”
(ক) চুলিভান বুলি ইয়াত কাৰ কথা কোৱা হৈছে?

উত্তৰঃ হেলেন কেলাৰক শিক্ষা দান কৰা শিক্ষয়ত্ৰী গৰাকীৰ কথা কোৱা হৈছ।

(খ) চুলিভানে গ্ৰাহাম বেলৰ পৰা কি শিকিছিল?
উত্তৰঃ চুলিভানে গ্ৰাহাম বেলৰ পৰা ওঠৰ কঁপনি অনুভৱ কৰি মনৰ ভাব বুজি পোৱাৰ কৌশল শিকিছিল।

(গ) চুলিভানে হেলেন কেলাৰক কি শিকাইছিল ?
উত্তৰঃ চুলিভানে হেলেন কেলাৰক ওঠৰ কপনি অনুভৱ কৰি মানুহৰ মনৰ ভাব বুজি পোৱাৰ কৌশল শিকাইছিল ।

৭। তলৰ শব্দবোৰ সন্ধি ভাঙি পঢ়ো আহা।

হিমাচলঃ হিম + অচল

বিদ্যালয়ঃ বিদ্যা + আলয়

হিমালয়ঃ হিম + আলয়

মণিন্দ্ৰঃ মণি + ইন্দ্ৰ

অতীন্দ্ৰিয়ঃ অতি + ইন্দ্ৰিয়

পৰীক্ষাঃ পৰি + ঈক্ষা

অত্যাচাৰঃ অতি + আচাৰ

যথেষ্টঃ যথা + ইষ্ট

যথোপযুক্তঃ যথা + উপযুক্ত

নাৱিকঃ নৌ + ইক

Answer by Himashri kakati