স্কাউট আৰু গাইড । অধ্যায় ১৪ । Class 6 Assamese Lesson 14 Question and Answer Assam | SCERT Class 6 Assamese Chapter 14 Solution | ষষ্ঠ মান শ্ৰেণীৰ অসমীয়া অধ্যায় ১৪ স্কাউট আৰু গাইড পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

স্কাউট আৰু গাইড

২। উত্তৰ লিখা।

(ক) দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত কোনখন নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল?
উত্তৰঃ
দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত পুঠিমাৰী নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল।

(খ) চৰকাৰী বাহিনীয়ে বানপিড়িত ৰাইজৰ মাজত কি কি বিতৰণ কৰিছিল?
উত্তৰঃ
চৰকাৰী বাহিনীয়ে বানপিড়িত ৰাইজৰ মাজত চাউল, চিৰা, গুৰ আদি বিতৰণ কৰিছিল।

(গ) চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতী সকল কোন?
উত্তৰঃ
চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতী সকল স্কাউট আৰু গাইডৰ সদস্য আছিল।

(ঘ) যুৱক-যুৱতী সকলে কি পোছাক পিন্ধি বান সাহাৰ্য্যৰ কাম কৰিছিল?
উত্তৰঃ
যুৱক-যুৱতী সকলে নীলা ৰঙৰ পোছাক পিন্ধি বান সাহাৰ্য্যৰ কাম কৰিছিল।

(ঙ) দৰ্শনাহঁতৰ দেউতাকে স্কাউট আৰু গাইডৰ বিষয়ে কেনেকৈ জানিলে?
উত্তৰঃ
কাৰণ তেওঁ ষষ্ঠম মান শ্ৰেণীত পঢ়োতে স্কাউট আৰু গাই়ৰ সদস্য আছিল।

৩। স্কাউট আৰু গাইড সংগঠনৰ মূল কথাখিনি চমুকৈ লিখা।

উত্তৰঃ স্কাউট আৰু গাইড হৈছে গোটেই পৃথিৱীজুৰি থকা এটা সংগঠন।এই সংগঠনটোক প্ৰধানকৈ তিনিতা পৰ্যায়ত ভাগ কৰা হৈছে। সংগঠনটোৰ একেবাৰে নিম্ন পৰ্যায়ত থকা ল’ৰাৰ গোটটোক কাব আৰু ছোৱালীৰ গোটটোক বুলবুল বোলে। মধ্য পৰ্যায়ত থকা লৰাৰ গোটটোক স্কাউট আৰু ছোৱালীৰ গোটটোক গাইড বোলা হয়। একোবাৰে উচ্চ পৰ্যায়ত থকা লৰাৰ গোটটোক ৰোভাৰ আৰু ছোৱালীৰ গোটক ৰেঞ্জাৰ বুলা হয়। স্কাউট আৰু গাইডৰ সকলো সদস্যই কিছুমান নিদিষ্ট নীতি নিয়ম মানি চলিব লাগে।প্ৰতিজন স্কাউট আৰু গাইডৰ মূল লক্ষ্য হল সৎ চৰিত্ৰৰ অধিকাৰী হোৱা। বিপদত পৰা জনক সহায় কৰা, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আৰু জনহিতকৰ কাম কৰা-এনে শিক্ষাই তেওঁলোকক লোকসেৱা, সমাজসেৱা আৰু দেশ সেৱাত ব্ৰতী হোৱাৰ লগতে স্বাৱলম্বী হবলৈ প্ৰেৰণা যোগায়।” স্কাউট সংগঠনৰ জন্মদাতা বেডেন পাৱেল আৰু তেওঁৰ ভনীয়েক এগনেচ বেডেন পাৱেল গাইডৰ জন্মদাতা।স্কাউট আৰু গাইড সংগঠনৰ মূল কথাখিনি হৈছে- সাধুতা, বন্ধুত্ব, ৰাষ্টৰ প্ৰতি অনুগত্য, জীৱ-জন্তুৰ প্ৰতি দয়া, পৰোপকাৰ, সৎ-চিন্তা, সৎ-কৰ্ম, আদিয়েই প্ৰধান।

৪। পাঠটোৰ কঠিন শব্দবোৰৰ অৰ্থ জানি লোৱা।

থাউনি – পাৱনীত তল নোযোৱাকৈ ভৰিৰে পোৱা তলৰ মাটি ।
নাজল – নাথল – অৱস্থা – আলাই আথানি ।
বিপদসংকুল – বিপদেৰে ভৰা ।
আনুগত্য – বাধ্য হৈ থকা অৱস্থা ।
জনহিকতৰ – জনসাধাৰণৰ বাবে মংগলজনক ।
স্বাবলম্বী – আপোনাক আপোনি প্ৰতিপাল কৰা ।
হস্ত শিল্প – কুটীৰ শিল্প
হুৱা – দুৱা – বিপদ আদিত কৰা চিঞৰ বাখৰ ।
জনপ্ৰিয় – জনসাধাৰণে ভাল পোৱা ।
উচ্ছৃংখল – নিয়ম নমনা ।
সংকল্প – প্ৰতিজ্ঞা ।

৬। খানী ঠাই পূৰ কৰা।
(ক)
স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ ত্যাগ স্বীকাৰ কৰিছিল।

(খ) জননী জন্মভূমিৰ প্ৰতি প্ৰতিজন মানুহৰ আনুগত্য থকা উচিত।

(গ) সদায় ভাল সংগৰ লগত বন্ধুত্ব কৰিব লাগে।

(ঘ) পৰোপকাৰ গুণে মানুহক মহান কৰে।

৭। ১০ টা গুণবাছক বিশেষ্য লিখা।

উত্তৰঃ লক্ষ্য, একতা, সংকল্প, পৰোপকাৰ, ত্যাগ, দয়া, আনুগত্য বন্ধুত্ব, ভাল, বেয়া।

৮। বিপৰীত শব্দ লিখা ।

উত্তৰঃ
ন্যায় – অন্যায়।
সৎচৰিত্ৰ – চৰিত্ৰহীনা, অসৎচৰিত্ৰ।
সাধু – অসাধু।
বিশ্বাস – অবিশ্বাস।

৯।তলৰ চিঠিখন পঢ়া আৰু প্ৰশ্নসমূহৰ উত্তৰ লিখা।

(ক) চিঠিখন মাজনীলৈ কোনে লিখিছিল?

উত্তৰঃ ছিঠিখন মাজনীলৈ দেউতাকে লিখিছিল।

(খ) মুনু আৰু মাজনীৰ মাজত কি সম্বন্ধ ?

উত্তৰঃ মুনু আৰু মাজনীৰ মাজত বায়েক ভনীয়েকৰ সম্বন্ধ আছিল।

(গ) চিঠিখন পঢ়ি মুনু লৰা নে ছোৱালী চিনাক্ত কৰা।

উত্তৰঃ চিঠিখন পঢ়ি মুনু ছোৱালী বুলি চিনাক্ত কৰিব পৰা গল।

(ঘ) চিঠিখনত কোনটো বিষয় সদায় অনুশীলন কৰাৰ কথা কোৱা হৈছে ?

উত্তৰঃ গণিত বিষয়ৰ অনুশীলন সদায় কৰাৰ কথা কোৱা হৈছে।

(ঙ) বানান লিখোঁতে কিহৰ সদায় ল’ব লাগে ?

উত্তৰঃ বানান লিখোঁতে অভিধানৰ সহায় লব লাগে।

Answer by Himashri kakati