Month: January 2022

কামৰূপৰ ৰজাসকলৰ ১৯ খন তামৰ ফলিৰ ভিতৰত কিমান খনে ব্ৰাহ্মণ পণ্ডিত সকলক মাটি দানৰ বিষয়ে উল্লেখ কৰিছে আৰু কিমান খনে সকলোৰে বাবে মুকলি হৈ থকা এটা অতিথি গৃহৰ পৰিচালনাৰ বাবে সাতখন গাঁও দান কৰাৰ বিষয়ে উল্লেখ কৰিছে?

উত্তৰঃ- কামৰূপৰ ৰজাসকলৰ ১৯ খন তামৰ ফলিৰ ভিতৰত ১৮ খনে ব্ৰাহ্মণ পণ্ডিত সকলক মাটি দানৰ বিষয়ে উল্লেখ কৰিছে আৰু ১ খনে সকলোৰে বাবে মুকলি হৈ থকা এটা অতিথি গৃহৰ পৰিচালনাৰ বাবে সাতখন গাঁও দান কৰাৰ বিষয়ে উল্লেখ কৰিছে।

কামৰূপৰ পৰা যোৱা ব্ৰাহ্মণ পণ্ডিত বিষ্ণুচোমাচাৰ্য্য়ক কোনে ভূমিদান কৰিছিল?

উত্তৰঃ- কামৰূপৰ পৰা যোৱা ব্ৰাহ্মণ পণ্ডিত বিষ্ণুচোমাচাৰ্য্যক গঙ্গা ৰজা অনন্তবৰ্মনে ভূমিদান কৰিছিল।