Month: January 2022

কি কি নামবোৰে কামৰূপত সূৰ্য্য় পূজাৰ পৌৰাণিক ইতিহাসৰ কথাকে প্ৰকাশ কৰে?

উত্তৰঃ- প্ৰাগজ্যোতিষ, নৱগ্ৰহ আৰু সূৰ্য্য়পাহাৰ নামবোৰে কামৰূপত সূৰ্য্য় পূজাৰ পৌৰাণিক ইতিহাসৰ কথাকে প্ৰকাশ কৰে।

খোনামুখি ফলিত কি শব্দৰ প্ৰয়োগে প্ৰমাণ কৰে যে পৰৱৰ্তী বুদ্ধ ধৰ্মৰ প্ৰভাৱ কামৰূপত পৰিছিল?

উত্তৰঃ- খোনামুখি ফলিত ‘শাক্য’ শব্দৰ প্ৰয়োগে প্ৰমাণ কৰে যে পৰৱৰ্তী বুদ্ধ ধৰ্মৰ প্ৰভাৱ কামৰূপত পৰিছিল।

পালবংশৰ ৰজা ইন্দ্ৰপালৰ গুৱাহাটী তামৰ ফলিত কি শব্দৰ প্ৰয়োগে প্ৰমাণ কৰে যে পৰৱৰ্তী বুদ্ধ ধৰ্মৰ প্ৰভাৱ কামৰূপত পৰিছিল?

উত্তৰঃ- পালবংশৰ ৰজা ইন্দ্ৰপালৰ গুৱাহাটী তামৰ ফলিত ‘তথাগত’ শব্দৰ প্ৰয়োগে প্ৰমাণ কৰে যে পৰৱৰ্তী বুদ্ধ ধৰ্মৰ প্ৰভাৱ কামৰূপত পৰিছিল।