Month: January 2022

খৃঃ ষষ্ঠ শতিকাত তিনিজন বৌদ্ধ সন্ন্যাসী ক’ত ক’ত বুদ্ধ ধৰ্মৰ প্ৰচাৰত ব্ৰতি আছিল?

উত্তৰঃ- খৃঃ ষষ্ঠ শতিকাত তিনিজন বৌদ্ধ সন্ন্যাসী পূব ভাৰতৰ কামৰূপ, জ্ঞানভদ্ৰ, জিনয়শচ আৰু যশুগুপ্তৰই চীনত বুদ্ধ ধৰ্মৰ প্ৰচাৰত ব্ৰতি আছিল।

অমৃত প্ৰভাই কাক কাশ্মীৰলৈ নিছিল আৰু ভিক্ষুসসকলৰ কল্যাণৰ বাবে কাশ্মীৰত অমৃত ভৱন নামৰ বিহাৰ নিৰ্মাণ কৰিছিল?

উত্তৰঃ- অমৃত প্ৰভাই তেওঁৰ পিতৃৰ বৌদ্ধ গুৰু লোহ স্নোনপাক কাশ্মীৰলৈ নিছিল আৰু ভিক্ষুসসকলৰ কল্যাণৰ বাবে কাশ্মীৰত অমৃত ভৱন নামৰ বিহাৰ নিৰ্মাণ কৰিছিল।

কিহৰ বৰ্ণনামতে কাশ্মীৰৰ ৰজা মেঘ বাহনে কামৰূপৰ ৰজা বল বৰ্মণৰ কন্যা অমৃত প্ৰভাক বিবাহ কৰাইছিল?

উত্তৰঃ- ৰাজতৰঙ্গিনীৰ বৰ্ণনামতে কাশ্মীৰৰ ৰজা মেঘ বাহনে কামৰূপৰ ৰজা বল বৰ্মণৰ কন্যা অমৃত প্ৰভাৱ বিবাহ কৰাইছিল।